ভোটাই ডেকা

33

নিজৰা ৰাজকুমাৰী

দেশৰ কথা তুমি ভাবিব নালাগে। দেশৰ কথা ভাবিবলৈ বহুতো ডা-ডাঙৰীয়া, বিষয়া আছে। কথাষাৰ শুনি যিকোনো দেশ-জাতিপ্রেমী মানুহৰ অন্তৰত আঘাত লগাটো, ক্ষোভৰ উদ্‌গীৰণ হোৱাটো স্বাভাৱিক কথা। সেয়ে বন্দী বুলি জানিও ভোটাই ডেকাই কৈছিল— সঁচা! সঁচা। দেশৰ কথা ভাবিবলৈ আমাৰ কোনো অধিকাৰ নাই। আমি মাথো দেহক মাটি, তেজক পানী কৰি হাল বাই খেতি কৰি ৰাজভঁৰাল চহকী কৰিবৰ আৰু প্ৰয়োজনত হাল-কোৰ এৰি ৰণুৱা হৈ জীৱন আহুতি দিব লাগে, নহয় জানো ?

পদবী, ক্ষমতাক লৈ হোৱা যুঁজখন জানো নতুন? মানুহ মাত্রেই যুগ বা শতিকা বুলি কথা নাই— এই যুঁজ নিৰন্তৰ চলি আহিছে। ইতিহাসৰ পাতৰ পৰা অসমীয়া নাটকৰ মাধ্যমেৰে যিসমূহ চৰিত্ৰ উঠি আহি আছে তাৰ ভিতৰত লালুকসোলা, জয়মতী, আতন বুঢ়াগোহাঁই আদি অনেকৰ নাম মনলৈ আহে। কেতিয়াবা কোনো এখন বুৰঞ্জীমূলক নাটকত এনে একো একোটি চৰিত্ৰ লগ পাই যাওঁ যে সেই চৰিত্ৰটিৰ উহ বিচাৰি বুৰঞ্জী পঢ়িব লগা হয়। নাটকত কেতিয়াবা হয়তো ইতিহাসৰ সঁচা চৰিত্ৰ এটিকে তুলি ধৰা হয়, আন কেতিয়াবা বুৰঞ্জীয়ে প্ৰায় আন্ধাৰত ৰখা চৰিত্ৰ এটিৰ আলমত কাহিনী ৰচা যায়, কেতিয়াবা হয়তো ইতিহাসত সঁচাকৈয়ে ঘটি যোৱা ঘটনা-পৰিস্থিতিৰ আলমত কাল্পনিক চৰিত্ৰ কিছুমানৰ সৃষ্টিৰে নাটক কৰা হয় ।

নিজৰ কল্পনা শক্তিক নাটকৰ ৰূপ দিবলৈ নাট্যকাৰ স্বাধীন। মই আৰম্ভণিতে উল্লেখ কৰা সংলাপ দুটি নাট্যপ্ৰৱৰ সাৰদাকান্ত বৰদলৈয়ে লিখা ভোটাই ডেকা নামৰ নাটকখনৰ পৰা লোৱা । ভোটাই ডেকা মই প্ৰথম ৰেডিঅ’ নাটক হিচাপেহে শুনিছিলোঁ। অত্যাচাৰী, জাতিদ্ৰোহী লালুকসোলা বৰফুকনৰ স্বেচ্ছাচাৰিতাৰ অৱসান ঘটাবলৈ কৃষকৰ পুত্ৰ বলী- সাহসী ভোটাই ডেকাই বৰফুকনক হত্যা কৰাৰ কাহিনী বর্ণিত হৈছে নাটকখনত। নাটকখন শুনি ভোটাই ডেকাৰ অসমপ্ৰেমত আপ্লুত হৈছিলোঁ। শেষত ভোটাই ডেকাই তেওঁক বন্দী কৰিবলৈ অহা ডেকাফুকনক প্রশ্ন কৰিছিল এইবুলি- বাৰু ডেকাফুকন, শইত খাই কোৱাচোন, তোমালোকে অসম আইক ভালপোৱানে ? নামাতা? মই জানো! তোমালোকে ভাল নোপোৱা । তোমালোকে সদায় ব্যস্ত হৈ থাকা বৰুৱা কেনেকৈ বৰবৰুৱা হ’ব, ফুকন কেনেকৈ বৰফুকন হ’ব, বৰফুকন কেনেকৈ ৰাজমন্ত্ৰী হ’ব, ৰাজমন্ত্রী কেনেকৈ স্বৰ্গদেউ হ’ব, নহয়নে ?

ভোটাই ডেকাক ইতিহাসৰ পৰা তুলি অনা হৈছে যদিও ক্ষমতাৰ যুঁজ, মানুহৰ চিৰন্তন লোভ-লালসাৰ কথাবোৰ আজিৰ সময়তো একেই। সেয়ে নাটকখনৰ ঘটনাবোৰ যেন আমাৰ চিনাকি। সমাজত এতিয়াও লালুকসোলাৰূপী অনেকজন আছে, সেয়ে আমাক ভোটাই ডেকাৰো প্রয়োজন। ডা-ডাঙৰীয়াসকলে একোটা খিতাপ লৈ কুকুৰা যুঁজ-ম’হ যুঁজ আদি চাই ফুৰিলেই নহ’ব নহয়, দেশৰ ভাল-বেয়া সিহঁতৰ ওপৰত। ভোটাই ডেকাৰ ভিতৰৰ মানুহজনক জগাই তোলাগৰাকী আছিল আকৌ বকুলী। বকুলীয়ে নিৰক্ষৰ ভোটাইক আখৰ চিনোৱাই নহয়, তেওঁৰ বীৰত্বক সৎকামত লগাবলৈ অনুপ্ৰাণিত কৰিছিল। ভোটাইৰ বাঘ চিকাৰৰ পাছত বকুলীয়ে দেশত হৈ থকা দুৰ্নীতি-অনাচাৰৰ ইংগিত দিয়াত ভোটায়ে ওলোটাই তাইক প্রশ্ন কৰিছিল যে বনৰ বাঘ যাঠী- তৰোৱালেৰে মাৰিব পাৰি, থলৰ বাঘ কিহেৰে মাৰিব পাৰি। ইয়াত বকুলীয়ে বুদ্ধিৰে জাতিদ্রোহী লালুকসোলাৰ কথাই কৈছিল। ভোটাইৰ প্ৰশ্নত তাই গেঙেৰি মাৰি উঠিছিল— কিয়? তহঁত পোন্ধমৰা ডেকা নহয়! উপায় বিচাৰিলেই উপায় ওলায়। তহঁতে জানো কেতিয়াবা উপায় বিচাৰিছ? খাইছ, শুইছ আৰু গৰু-ম’হৰ নিচিনাকৈ আছ। দেশখনত কি হৈছে এবাৰ চকু মেলি চাইছ জানো ?

আকাশবাণীৰ হৈ নীলু চক্ৰৱৰ্তীৰ দ্বাৰা প্রযোজিত নাটকখনত ভোটাই ডেকাৰ চৰিত্ৰত অভিনয় কৰিছিল ধ্বজেন দাসে। বকুলীৰ চৰিত্ৰত অৰুন্ধতী দেৱী, লালুকসোলাৰ চৰিত্ৰত দিলীপ শৰ্মা, পদুমীৰ চৰিত্ৰত প্ৰণতি গোস্বামী, বৰফুকনৰ চৰিত্ৰত অৰূপ চক্ৰৱৰ্তীয়ে অভিনয় কৰিছিল। এইখন ভোটাই ডেকা আছিল সাৰদাকান্ত বৰদলৈৰ অনাতাঁৰ নাটক। ভোটাই ডেকাক লৈ অসম বুৰঞ্জীৰ এটা সময়ৰ ৰাজনৈতিক আৰু সামাজিক পটভূমিৰ আধাৰত হেম শৰ্মাই লিখিছিল আন এখন ভোটাই ডেকা। অলপতে নাট পৰিচালক- আবৃত্তিকাৰ অনুপজ্যোতি চৌধুৰীৰ পৰিচালনাত গুৱাহাটীৰ উজান বজাৰ কুমাৰ ভাস্কৰ নাট্যমন্দিত মঞ্চস্থ হৈ গ’ল হেম শৰ্মাৰ ভোটাই ডেকা। কামৰূপ নাট্য সমিতি নিবেদিত এইখন ভোটাই ডেকাত অভিনয় কৰিলে ৰাজ শৰ্মা, নৱজ্যোতি কোঁৱৰ, উৎপল পাঠক, মিলী দাস, গীতিকা শর্মা, তীর্থ নাথ আদিয়ে। দৃশ্যসজ্জা মিলন দাসৰ আৰু সাজসজ্জা গীতাৰাণী গোস্বামীৰ। দৃশ্যসজ্জা আৰু সাজসজ্জাৰ কথা এইবাবেই উল্লেখ কৰিলো কাৰণ এনেবোৰ নাটকত পৰিচালনাৰ লগতে দৃশ্যসজ্জা আৰু সাজসজ্জাৰ ক্ষেত্ৰত প্ৰচুৰ অধ্যয়ন আৰু পৰিশ্ৰমৰ দৰকাৰ হয় । বুৰঞ্জীমূলক নাটকৰ ক্ষেত্ৰত সত্যপ্ৰসাদ বৰুৱাই কৈছে— বুৰঞ্জীমূলক নাট লিখোঁতাৰ কোনোবাই হয়তো দেশপ্রেমত উদ্বুদ্ধ হৈ দেশৰ বুৰঞ্জীত অনুপ্ৰেৰণাৰ উৎস বিচাৰে, কোনোবাই হয়তো সাম্প্রতিক এনে কাহিনীক ট্ৰেজেডীৰ ৰস সৃষ্টিৰ বাবে উপযুক্ত বুলি ভাবে, কোনোবাই হয়তো বৰ্তমানৰ বিষয়ে অতীতৰ উদাহৰণেৰে নিজৰ মতামত ব্যক্ত কৰে । কৃতী নাট্যকাৰ আৰু সহৃদয় সমালোচক-দর্শকসকলে জানে যে বুৰঞ্জীমূলক নাট মূলতে নাটহে, ৰসৰাজ বেজবৰুৱাই ক’বৰ দৰে ই উকা বুৰঞ্জীৰ জঁকা নহয়, কোনো সহৃদয় দর্শকে এনে নাট চাই বুৰঞ্জীৰ পৰীক্ষা দিবলৈ নাযায় যদিও অৱশ্যে বুৰঞ্জীৰ ঘটনাৰ এটা থূলমূল আভাস এনে নাটকৰ পৰা পাবলৈ আশা কৰিব পাৰি।

অনুপজ্যোতি চৌধুৰীয়ে পৰিচালনা কৰা হেম শৰ্মাৰ ভোটাই ডেকাত থকা চৰিত্ৰকেইটি হ’ল স্বৰ্গদেউ, লালুকসোলা বুঢ়াফুকন, ভোটাই, সোণপাহী, কটকী আৰু চাৰিজন মানুহ। এইখনৰ প্ৰথম প্ৰচাৰৰ সময় ১৯৫৬। ইয়াত লালুকসোলাৰ মুখত দিয়া এটি সংলাপ এনেধৰণৰ (লালুকৰ কণ্ঠৰ পটভূমিত ঘটনাসমূহৰ শব্দও শুনা যাব । প্রথমে শোকৰ এটা ক্ষীণ সুৰ বাজি আছে)— কাম সিজিছে, আধা হৈছে আধা বাকী। ৰাজ্যৰ ধৰণী আতন বুঢ়াগোহাঁই। কলিয়াবৰত তেওঁক সিলীয়া কৰা হ’ল। ৰাজ্যৰ বৰখুঁটা বাগৰি পৰিল । পৰ্বতীয়া ৰজাও নামনিত বিষয়াসকল লৈ ব্যস্ত থাকক। উজনিত এতিয়া মোৰ প্ৰভুত্ব। হস্তক্ষেপ কৰোঁতা কোনো নাই। এতিয়া বাকীবোৰ গতি লগাব লাগিব। ওঁ নামৰূপীয়া সেই কোঁৱৰ (তাৰ চকু কাঢ়ি আক্ৰমণ কৰাৰ শব্দ আৰু চিঞৰ)।

লালুকসোলাৰ মুখৰ এই সংলাপেৰেই অনুমান কৰি ল’ব পাৰি নিজ স্বাৰ্থ পূৰণৰ অৰ্থে লালুকে কিদৰে অন্যায়-উৎপীড়ন আৰম্ভ কৰি দিছিল। সেয়ে সোণপাহীয়ে (সাৰদাকান্ত বৰদলৈৰ ভোটাই ডেকাত বকুলী) ভোটাই ডেকাক বনৰ ভালুক সকলোৰে চকুত পৰে, ঘৰৰ ভালুকটোহে কেৱে নমনে বুলি কটাক্ষ কৰিছিল। ভোটায়েও প্ৰত্যুত্তৰত কৈছিল— এৰা, এইটো ভালুকেহে ৰাইজৰ অশেষ ক্ষতি কৰিছে। আৰু ক্ষতি কৰিছে আনে ধৰিব নোৱাৰাকৈ। ৰাজ্যৰ গুৰি ধৰোঁতা বুঢ়াগোহাঁই ডাঙৰীয়াক ষড়যন্ত্ৰ কৰি কলিয়াবৰত বধ কৰালে। তাৰ পিছত এইবাৰ বৰঘৰত সিন্ধি খানিছে। লেখি লেখি নজন কোঁৱৰ। উঃ মনত পৰিলেই গাটো তপত হৈ আহে। জয়মতী কুঁৱৰীক প্ৰাণে মাৰিলে। নিজৰ জোঁৱাই পাতি ল’ৰাৰজাক পাটত তুলি লৈছে। ইও এক ষড়যন্ত্র। বুঢ়াফুকনৰ চকু সিংহাসনৰ ফালেহে। ভাবিছে ৰাইজে বুজা নাই। —বুৰঞ্জীৰ বহু ঘটনাত, চৰিত্ৰত আমাৰ বৰ্তমান আৰু ভৱিষ্যতৰ ছবিও দেখা যায় ৷ এনেধৰণৰ নাটকৰ মঞ্চায়নে আমাক কেৱল বুৰঞ্জীৰ আভাসেই নিদিয়ে, দিয়ে সাম্প্রতিক ৰাজনৈতিক বা সামাজিক ঘটনাৱলীক বিশ্লেষণৰ সুযোগো। নিঃসন্দেহে ভোটাই ডেকাৰ মঞ্চায়ন বাবে পৰিচালক অনুপজ্যোতি চৌধুৰী ধন্যবাদৰ পাত্ৰ। ২০০৮ চনত পিয়লি ফুকন নাটকেৰে নাট পৰিচালনাত হাত দিয়া চৌধুৰীয়ে পৰৱৰ্তী সময়ত ফণী শৰ্মাৰ ভোগজৰা, প্রবীণ ফুকনৰ লাচিত বৰফুকন, লক্ষ্যধৰ চৌধুৰীৰ ৰক্ষ কুমাৰ, ঠিকনা, ড° অমৰজ্যোতি চৌধুৰীৰ টঙীঘৰ, জাতিংগা, অৰুণ শৰ্মাৰ আহাৰ, আজাদী কী অমৃত মহোৎসৱ উপলক্ষে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ বেনাৰত তৰিলে দেশ, মৰিলে স্বর্গ, জ্যোতিপ্রসাদ আগৰৱালাৰ ৰূপালীম, চন্দন শৰ্মাৰ আই ডি প্রুফ আদি নাটকৰ পৰিচালনাৰে অসমীয়া নাট্যমঞ্চক সমৃদ্ধ কৰিছে। লগতে মণিকা দেৱী, গীতালি বৰা, নিজৰা ৰাজকুমাৰী আদি গল্পকাৰৰ গল্পৰে মঞ্চস্থ কৰা গল্প-নাটসমূহেৰেও অনুপজ্যোতি চৌধুৰীয়ে নাট্যপ্রেমী দর্শকৰ মন জয় কৰি থৈছে।

You might also like

Comments are closed, but trackbacks and pingbacks are open.