ড°শান্তনা বৰদলৈ
নিজৰ ঘৰখনেই অৱসাদৰ অন্তত বিশ্ৰামৰ এক অপৰিহাৰ্য স্থান ৰূপে গণ্য কৰা হয়। সময় বাগৰাৰ লগে লগে মানৱৰ চিন্তা-চেতনাৰ জাগৃতিৰ ফলশ্ৰুতিত আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ মহাপয়োভৰৰ সময়ত ‘গৃহসজ্জা’ এক অন্যতম চখ বা ৰুচি হৈ পৰিছে। প্ৰধানতঃ সৌন্দর্যপিপাসু তথা প্রকৃতিপ্রেমী মানুহে বিভিন্ন কৃত্রিম উপাদানৰ বিপৰীতে গৃহসজ্জাত সাধাৰণতে প্রাকৃতিক উপাদান হিচাপে ব্যৱহাৰ কৰা লতাজাতীয় উদ্ভিদবিধেই হ’ল মানী প্লান্ট। বৈজ্ঞানিক পৰিভাষাত ইয়াক এপিপ্রেমনাম আউৰিয়াম (Epipremnum aureum) নামেৰে জনা যায়। উদ্ভিদ জগতৰ এৰেচি (Araceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এই এপিপ্রেমনাম জাতিৰ উদ্ভিদৰ বৰ্তমানলৈকে প্রায় ৪০বিধ বিভিন্ন প্ৰজাতিৰ চিনাক্তকৰণৰ তথ্য পোৱা গৈছে। ইংৰাজীত ইয়াক গ’ল্ডেন প’থ’ছ (Golden pothos), চেইলন ক্ৰিপাৰ (Ceylon creeper), হাণ্টাৰ্ছৰ’প (Hunter’s rop), ছিলভাৰ ভাইন (Silver vine), আইভি অৰাম (Ivy arum), ছিলভাৰ ছাটিন (Silver satin), ছ’ল’মান আইলেণ্ড আইভি (Soloman Island ivy), টাৰ’ ভাইন (Taro vine) আদি নানান নামেৰে জনা যায় যদিও সমগ্ৰ বিশ্বত ইয়াক সাধাৰণভাৱে মানী প্লান্ট (Money plant) নামেৰে অধিক জনপ্রিয়। স্থানীয়ভাৱে ইয়াক ‘কুবেৰৰ গছ’ বুলিও কোৱা হয়। কাৰণ ইয়াক ঘৰত লগালে আর্থিক উন্নতি হয় বুলি বিশ্বাস কৰা হয় । এই বিশ্বাসৰ আঁৰত আছে মানৱ জীৱনৰ সুস্বাস্থ্যৰ বতৰা । কিয়নো মানী প্লান্টে ‘বায়ু বিশুদ্ধ কাৰক (Air purifier)” ৰূপে মানৱ স্বাস্থ্য ৰক্ষাত সুপ্ৰভাৱ পেলায়।
মানী প্লাণ্টৰ জন্মস্থান ফ্ৰান্সৰ পলিনেচিয়া ছ’চাইটী দ্বীপপুঞ্জৰ মৰিয়া বুলি জানিব পৰা গৈছে। বৰ্তমান সময়ত এইবিধ উদ্ভিদ উত্তৰ আফ্ৰিকা, অষ্ট্ৰেলিয়া, দক্ষিণ-পূব এছিয়া, দক্ষিণ এছিয়া, প্রশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ আৰু ৱেষ্ট ইণ্ডিজকে ধৰি সমগ্ৰ বিশ্বৰ গ্ৰীষ্মমণ্ডল আৰু উপ-গ্ৰীষ্মমণ্ডলৰ অৰণ্যত বিস্তাৰিত হৈ পৰিছে। এইবিধ উদ্ভিদ নিঃশেষ কৰাটোও অসম্ভৱ আৰু পোহৰ অবিহনেও ই চিৰসেউজ হৈ থকাৰ বৈশিষ্ট্যৰ বাবে ইয়াক ‘ডেভিলছ ফিন’ (Devil’s fin) বা ‘ডেভিলছ আইভি’ (Devils ivy) বুলিও জনা যায় । সাধাৰণতে এইবিধ উদ্ভিদৰ ফুল ফুলা দেখা নাযায় যদিও প্রাকৃতিকভাৱে বহুবছৰৰ মূৰত ইয়াৰ ফুল ফুলে। যোৱা শতিকাত ১৯৬৪ চনত ইয়াৰ শেষবাৰৰ বাবে ফুল ফুলাৰ তথ্য এৰইডিয়ানা (AROIDEANA vol 27) ত পোৱা গৈছে। ১৮৮০ চনতহে প্ৰথমবাৰৰ বাবে ইয়াৰ বৈজ্ঞানিক গৱেষণাত্মক তথ্য প্ৰকাশ হৈছিল। ক্ষেত্ৰ ভিত্তিক অধ্যয়নাত্মক প্ৰতিবেদনত প্রকাশিত তথ্য অনুসৰি মানী প্লাণ্টৰ বিভিন্ন প্রজাতিসমূহৰ বিষয়ে বৰ্তমান অধ্যয়ন অব্যাহত আছে আৰু কৃষি বিজ্ঞান প্ৰযুক্তিৰ প্রয়োগেৰে ইয়াৰ চিনাক্তকৰণ হোৱা প্রজাতিসমূহৰ পৰা বিভিন্ন জাতৰ (Variety) মানী প্লাণ্ট উদ্ভাৱন কৰা হৈছে। এইবিধ উদ্ভিদে ৰয়েল হর্টিকালচাৰেল ছ’চাইটীৰ ‘গার্ডেন মেৰিট’ (Garden Merit) বঁটাও লাভ কৰিছে।
চিৰসেউজ এই মানী প্লান্ট উদ্ভিদজোপা প্রায় ২০ মিটাৰ (৬৬ ফুট) পর্যন্ত বৃদ্ধি হয় আৰু কাণ্ডৰ ব্যাসার্ধ ৪ চেণ্টিমিটাৰলৈকে হয় । লতাজাতীয় উদ্ভিদজোপাই বায়ৱীয় শিপাৰে অন্য গছত আশ্ৰয় লৈ বৃদ্ধি হয়। পৰস্পৰ বিপৰীতমুখী আৰু হৃদয় আকাৰৰ পত্ৰসজ্জাৰে বৃদ্ধি হৈ ই এক জোপোহা উদ্ভিদৰ আকাৰ লয়। পাতল বা গাঢ় সেউজীয়া, বগা আৰু হালধীয়া ৰঙৰ বিচিত্ৰ পত্রসজ্জা, পৰিৱেশঅনুকূল বৈশিষ্টতা আৰু মাটি-পানী উভয় মাধ্যমতে কৰিব পৰা প্ৰকৃতিৰ বাবেই বর্তমান সময়ত সমগ্ৰ বিশ্বতে ই অতি জনপ্রিয় ইনড’ৰ তথা আউটড’ৰ উদ্ভিদ (Indoor or Outdoor plant) ৰূপে পৰিগণিত হৈছে তথা ইয়াৰ মূল্য আৰু ব্যৱহাৰো অধিক বৃদ্ধি হৈছে। মুখ্যতঃ মানী প্লান্টক দুটা প্রধান ভাগত বিভক্ত কৰিব পাৰি।
একৰঙী (Wholely unique money plants): এইবিধ মানী প্লাণ্টৰ পাত সেউজীয়া, সোণালী, ৰঙা, ক’লা বা হালধীয়া ৰঙৰ হয়।
বহুৰঙী (Variegated money plant): এইবিধ মানী প্লাণ্টৰ পাত দুটা বা তিনিটা ৰঙৰ মিশ্ৰণত দেখা যায়। এইবিধ উদ্ভিদ মাটি, পানী, টাবতো কৰিব পাৰি। ইয়াৰ প্ৰতিখিলা পাতৰ গুৰিৰ পৰা ওলোৱা বায়ৱীয় শিপাৰ দ্বাৰাই ইয়াৰ বংশ বিস্তাৰ হয়। বছৰৰ সকলো সময়তে কৰিব পৰা মানীপ্লাণ্টৰ প্ৰত্যক্ষ সূৰ্যৰ পোহৰৰ পৰিৱৰ্তে আংশিক পোহৰ পৰা ঠাইত বা ঘৰৰ ভিতৰতো কৰিব পাৰি। ইয়াৰ পাত বৃদ্ধিৰ বাবে মাজে মাজে জুলীয়া সাৰ প্ৰয়োগ কৰিব পাৰি। উদ্ভিদ বিজ্ঞান প্ৰযুক্তিৰ সফল প্ৰয়োগেৰে মানী প্লান্ট বহু জাত বা ভেৰাইটী (Variety) উদ্ভাৱন কৰা হৈছে। এই জাতসমূহ মুখ্যতঃ ইয়াৰ পত্ৰ ৰং আৰু পত্রসজ্জাৰ ওপৰত ভিত্তি কৰিয়েই উদ্ভাৱন কৰা হৈছে। কেইবিধমান জনপ্রিয় জাত বা ভেৰাইটী হৈছে—
অউৰিয়াম(Aureum): ইয়াত গাঢ় সেউজীয়া ৰঙৰ পত্ৰফলকত হালধীয়া ৰঙৰ তালি বা পেটছেছ (Patches) থাকে।
গ’ল্ডেন প’থছ(Golden Pothos): ইয়াৰ পত্রসজ্জা সোণালী হালধীয়া ৰঙৰ হয়।
হাউৱাইন(Hawaiian): সেউজীয়া পত্রফলকত গাঢ় হালধীয়া তালি বা পেটছেছ থাকে।
জাৰে(Jade): গাঢ় সেউজীয়া ৰঙৰ পত্ৰসজ্জা হয়।
জ’হানা কুইন(Johana Queen): গাঢ় সেউজীয়া পত্রফলকত ধূসৰ সেউজীয়া গোলাকাৰ তালিযুক্ত সজ্জা হয়।
মার্বল কুইন(Marble Queen): সেউজীয়া পত্রফলকত ধূসৰ ক্ৰীম বা বগা ৰঙৰ মাৰ্বলৰ দৰে তালি হয়।
মেয়ন গ‘ল্ড(Mayon Gold): পত্রফলক হালধীয়া ৰঙৰ হয়।
নিয়ন(Neon): পত্রফলক সেউজীয়া-হালধীয়া হয়।
ট্রপিক গ্রীন(Tropic Green): পত্রফলক কেৱল সেউজীয়া ৰঙৰ হয় ।
উইলকক্স ২(Wilcox II): হালধীয়া পত্রফলক খণ্ডযুক্ত হয়।
মনষ্টেৰা(Monstera): ইয়াত সেউজীয়া পত্রফলক সমান্তৰাল খণ্ডযুক্ত হয়।
ছিলভাৰ ছালিন(Silver Salin): পত্রফলক গাঢ় সেউজীয়া আৰু বগা ৰঙৰ মিশ্রণ হয়।
এন জয়(N Joy): পাতবোৰ সৰু সৰু, পাতৰ মাজৰ ৰং সেউজীয়া আৰু চাৰিওকাষৰ ৰং ক্রীম ৰঙৰ হয়।
ত্ৰিৰংগা(Tricolor): পাতৰ ৰং সেউজীয়া, হালধীয়া আৰু বগা ৰঙৰ হয়।
Manjula: মাৰ্বল কুইনৰ দৰে পত্রফলকৰ ৰং কিন্তু পাতৰ আকাৰ তাতকৈ ডাঙৰ হয়।
পেৰু(Peru): পাতল সেউজীয়া পত্রফলকৰ মাজত গাঢ় সেউজীয়া ৰঙৰ তালিযুক্ত।
চুইছ চীজ(Suiz cheeze): সেউজীয়া পত্রফলকৰ মাজত কেইবাটাও ফুটা হয় ।
গ্ল’বেল গ্রীন(Global green): সেউজীয়া সৰু সৰু পাতৰ।
জেছিনিয়া(Jessinia): সৰু সৰু বগা-সেউজীয়া পাত হয়। গৃহসজ্জাৰ অন্যতম আকর্ষণীয় প্রাকৃতিক উপাদান হিচাপে ইয়াক ব্যৱহাৰ কৰাৰ ভেটি মুখ্যতঃ ভাৰতীয় স্থপতিবিদ্যা পদ্ধতি অনুসৰি (ফেংছুই আৰু বাস্তুশাস্ত্ৰ) সম্পত্তি আৰু সৌভাগ্যৰ প্ৰতীক ৰূপে বিবেচনা কৰা হয় । হৃদয়াকাৰ পত্রসজ্জাই সৌহার্দ্যতা বৃদ্ধি আৰু ইতিবাচক শক্তি প্ৰদান কৰে। সুখ, উন্নতি তথা শুভ ইচ্ছাৰ প্ৰতীক ৰূপে ইয়াক বিশ্বাস কৰা হয়।
মানী প্লাণ্টৰ উপকাৰিতাৰ দিশলৈ লক্ষ্য কৰিলে দেখা যায় যে প্রকৃতি জগতৰ ই এক উত্তম বায়ু বিশুদ্ধকাৰক ৰূপে প্ৰমাণিত হৈছে। বায়ুত যুক্ত হৈ থকা টক্সিন বা বিষাক্ত পদার্থ যেনে- বেনজিন, ফৰমেল ডি হাইড আৰু জাইলিনক শুহি লৈ চৌপাশৰ পৰিৱেশ প্ৰদূষণমুক্ত কৰাত অৰিহণা যোগায়। ইয়াৰ লগতে ই সালোক সশ্লেষণৰ দ্বাৰা বায়ুমণ্ডললৈ বিশুদ্ধ অক্সিজেন যোগান ধৰে। ১৮৮৯ চনত নাছাৰ এক অধ্যয়নৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে যে ঘৰৰ ভিতৰত বৃদ্ধি হোৱা মানী প্লান্টে ভিতৰৰ বিভিন্ন জৈৱ প্ৰদূষক যেনে- বেনজিন, ফৰমেল ডি হাইড, ট্ৰাই ক্ল’ৰ’ইথিলিন, টল ইন, জাইলিন আদি দূৰীকৰণত সহায় কৰে। সেয়েহে ইয়াক প্ৰধানকৈ ইনড’ৰ প্লাণ্ট হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ লগতে মানুহৰ মানসিক চাপ হ্রাসকৰণ আৰু মনোযোগ বৃদ্ধিত সহায় কৰাৰো তথ্য পোৱা গৈছে। ইয়াৰ বাহিৰেও মানীপ্লান্টে ভূমিপৃষ্ঠৰ পানীত থকা ফ্লাইড, চালফেট আদিৰ সংক্ৰমণ ৰোধতো সহায় কৰে। আনহাতে পেলনীয়া পানীৰ পৰা উদ্ভিদৰ অত্যাৱশ্যকীয় খনিজ উপাদান নাইট্ৰ’জেন আৰু ফছফৰাছ আহৰণতো ই সহায় কৰে। গৱেষণাত্মক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে মানী প্লান্ট পোক- পতংগ প্ৰতিৰোধী হোৱাৰ লগতে বেক্টেৰিয়া আৰু ভেঁকুৰ প্ৰতিৰোধী ৰূপেও ক্ৰিয়া কৰে। মানী প্লাণ্টত নিহিত হৈ থকা জৈৱ ৰাসায়নিক পদার্থ যেনে- এলকালয়ডছ, ফ্লেভিনয়ডছ, টেনিন, ফিনল আদি যুক্ত হৈ থকাৰ বাবেই ই অণুজীৱ প্ৰতিৰোধী ৰূপে ক্ৰিয়া কৰে। এণ্টিবায়’টিক, এন্টিঅক্সিডেন্ট, এণ্টিইনফ্লেমেটৰী ঔষধ উৎপাদনত ইয়াক ব্যৱহাৰ কৰাৰ তথ্য পোৱা গৈছে। এইবিধ উদ্ভিদৰ পৰিৱেশ অনুকূল বৈশিষ্টতাৰ বাবেই বর্তমান সময়ত ই সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰিছে আৰু ইয়াৰ সংৰক্ষণ আৰু সচেতনতাৰ বাবে ব্ৰিটিছ মিউজিয়াম আৰু চি এ বি আই ডিজিটেল লাইব্ৰেৰীয়ে ইয়াৰ তথ্যচিত্ৰ প্ৰকাশ কৰিছে। আনহাতে নেচনেল মিউজিয়াম অৱ নেচাৰেল হিষ্ট’ৰী, স্মিথচেনিয়াম ইনষ্টিটিউট আৰু অকলেণ্ড মিউজিয়ামে এই মানী প্লাণ্টৰ অধিক তথ্য সংগ্ৰহত মনোনিৱেশ কৰিছে। লণ্ডনৰ কিউৰ ৰয়েল বটানিকেল গার্ডেন বিভিন্ন জাতৰ মানী প্লাণ্টৰ বাবেই বিখ্যাত।
সঁচাকৈয়ে মানীপ্লাণ্টৰ ভিন্নৰূপী পত্রসজ্জা তথা ইয়াৰ উপকাৰী গুণাগুণৰ বাবে গৃহসজ্জাৰ অন্যতম আকর্ষণীয় প্রাকৃতিক উপাদান হিচাপে মানৱ সমাজে ইয়াক যুগ যুগান্তৰলৈ আদৰি ৰাখিব।
Comments are closed, but trackbacks and pingbacks are open.