বাবুল শৰ্মা
সোমবাৰৰ পৰা শনিবাৰলৈকে পুৱা ন’বজাৰ পৰা সন্ধিয়া ছয় বজালৈকে সপ্তাহটোৰ ছটা দিন ঘড়ীৰ কাঁটাৰ সমানে ব্যস্ততাৰে পাৰ কৰাৰ পিছত দেওবাৰটো একান্ত নিজৰ দৰে অলসভাৱে পাৰ কৰিব বিচাৰে ৰাগিণী নাথে। আঠ বজাত শুই উঠি মুখ-হাত ধুই এগিলাচ মৌ মিহলি কুহুমীয়া পানী খাই উঠি কাণত হেডফোন লগাই গান শুনি-শুনি তাই কিছু সময় ‘এৰোবিক’ কৰিলে। কলেজত বি.এ ফাৰ্ষ্ট ছেমিষ্টাৰত এড্মিচন লৈ প্ৰথম দিনা ক্লাছ কৰিয়েই অলকাৰ ইমান দিনে নিজৰ বিষয়ে থকা ধাৰণা সলনি হৈছিল। অ’ত-ত’ত জুম বান্ধি থিয় হৈ থকা ল’ৰাবোৰলৈ তাই দৃষ্টি নিদিলেও সিহঁতবোৰে পাতি থকা দুই এটা শব্দ উফৰি আহি তাইৰ কাণত পৰিছিল, ‘ছোৱালীজনী গাঁৱৰ পৰা অহা যেন পাওঁ! হ’লেও বৰ ধুনীয়া ভাই!’ এটা সাধাৰণ চৰকাৰী চাকৰি কৰা ৰাগিণীৰ পিতৃয়ে তাই আৰু ভায়েকৰ পঢ়াৰ বাবে যত্নৰ ক্ৰটি কৰা নাছিল । হৰেন নাথৰ সৌভাগ্য যে তেওঁৰ দুই সন্তানে তেওঁৰ দুখ বুজিছিল, দুয়োটা সন্তানে তেওঁ আশা কৰা ধৰণে পঢ়াত আগবাঢ়িছিল। গাঁৱৰ স্কুলৰ পৰাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰালৈকে ৰাগিণীয়ে পঢ়া আৰু ঘৰুৱা কামৰ বাহিৰে আন কথাত সময় খৰচ কৰা নাছিল। তাই স্কুললৈ ওলাবৰ সময়ত গা ধুই আহি দিনটোত এবাৰহে আইনাত নিজৰ মুখখন চাইছিল। কিন্তু সিদিনা আবেলি কলেজৰ পৰা উভতি আহি মুখ-হাত ধুই ৰাগিণীয়ে সৰু আইনাখন হাতত লৈ বহু সময় চাই ৰৈছিল নিজৰ মুখখন। গুৱাহাটীলৈ আহি চাকৰি কৰাৰ অভিজ্ঞতাৰে তাই বুজি উঠিছে শিক্ষাগত অৰ্হতাৰ লগতে ছোৱালীৰ শাৰীৰিক সৌন্দর্যও যোগ্যতাৰ মাপকাঠী।
ইক’নমিকচত মেজৰসহ ছেকেণ্ড ক্লাছত বি.এ পাছ কৰি ৰাগিণী গুৱাহাটীলৈ গুচি আহিছিল। উদ্দেশ্য আছিল চাকৰি কৰাৰ লগতে প্রাইভেটকৈ এম এ পঢ়া। দূৰসম্পৰ্কীয় মোমায়েক এজনৰ ঘৰত থাকি ৰাগিণীয়ে পুৱাই চাৰ্টিফিকেট, মার্কশীটৰ বেগটো বুকুত বান্ধি ওলাই গৈছিল আৰু গধূলি মুখত মহানগৰীৰ ধূলি-বালি সানি বিমৰ্ষিত মনৰে ঘৰলৈ উভতিছিল। কিছুদিনৰ অপেক্ষাৰ পিছত ৰাগিণী গাড়ী ‘ডীলাৰৰ শ্ব’ৰুম’ এটাত সংস্থাপিত হৈছিল। তিনি মাহ মান কাম কৰাৰ পিছত ৰাগিণীয়ে জানিব পাৰিছিল ‘কোম্পানী ছেক্রেটেৰী ক’ৰ্ছ’ কৰাসকলৰ দৰমহা তাইৰ দৰে সাধাৰণ কৰ্মচাৰীতকৈ বেছি।
এদিন আবেলি কামৰ পৰা বাহিৰে বাহিৰে অলকা শিলপুখুৰীত থকা ‘গুৱাহাটী কমার্চিয়েল ইনষ্টিটিউট’ত সোমাল। অধ্যক্ষজনৰ লগত কথা পাতি তাই সেই দিনাই ‘কোম্পানী ছেক্রেটেৰী ক’ৰ্ছত এড্মিচন লৈ পেলাইছিল। অধ্যক্ষগৰাকীৰ লগত আলোচনা কৰি ৰাগিণীয়ে সিদ্ধান্ত লৈছিল, তাই পুৱা সাত বজাৰ পৰা ন বজালৈকে হোৱা প্রথম ‘বেচ্চটে’ ক্লাছ কৰিব আৰু বাহিৰে বাহিৰে ডীলাৰৰ কামলৈ যাব। কোম্পানী ছেক্রেটেৰী ক’ৰ্ছ শেষ কৰাৰ পিছতে অলকাই বাতৰিকাকতত প্রকাশিত বিজ্ঞাপন অনুসৰি বহুজাতিক কোম্পানী এটাৰ কোম্পানী ছেক্রেটেৰীৰ ৰিক্ত পদত আবেদন কৰিছিল। দহজনী ছোৱালী প্ৰাৰ্থীৰ ভিতৰত ৰাগিণী নাথ নিৰ্বাচিত হৈছিল পদটোৰ বাবে। মাহৰ শেষত জীৱনত প্ৰথমবাৰৰ বাবে পাঁচটা অংকৰ দৰমহা হাতত লৈ ৰাগিণী বহু সময়লৈ আত্মহাৰা হৈ আছিল। তাই মাক- বাপেকক জনাই দূৰ সম্পৰ্কীয় মোমায়েক জনৰ ঘৰ এৰি বেলতলাৰ ‘পেয়িং গেষ্ট হাউছ’ এটাত থাকি চাকৰি কৰিবলৈ লৈছিল। কিন্তু ভাস্কৰ বৰুৱা নামৰ ডেকাজন ৰাগিণীৰ জীৱনলৈ অহাৰ পিছত তাইৰ ‘পেয়িং গেষ্ট’ৰ অধ্যায়ৰ অন্ত পৰিল ৷ ভাস্কৰে প্ৰায় এমাহ ধৰি অনুসন্ধান কৰি জোনালী পথৰ ‘আকাশ এপার্টমেণ্ট’ৰ পঞ্চম মহলাৰ এটা শোৱাকোঠাৰ এই ফ্লেটটো তাইৰ বাবে ভাৰাত লৈ দিছিল। ৰাগিণীৰ প্ৰবল আপত্তি সত্ত্বেও ঘৰভাৰাৰ অর্ধেক সি নিয়মিত পৰিশোধ কৰি আহিছে।
বিছনা চাদৰখন টানি-টুনি ৰত্নাৰ ফালে নোচোৱাকৈ ৰাগিণীয়ে প্রশ্ন কৰিলে, “কি বেয়াকৈ কৈছে।’
‘কৈছে, ‘ভুকি নাথাকিলে কি হ’ব কুকুৰটোৱে কেতিয়াবা মানুহ খেদি আহে।’
যোৱা দুটা বছৰে ফ্লেটত অকলে থকা ৰাগিণীৰ সংগী হৈ আছে ‘পমেৰেনিয়ান’কুকুৰটো। ভাস্কৰে কুকুৰটো দি কৈছিল, ‘এতিয়াৰে পৰা অকলে থাকিব নালাগে, ইয়াক দিলোঁ সংগী কৰি । ভাস্কৰৰ হাতৰ পৰা কুকুৰটো নিজৰ হাততলৈ ৰাগিণীয়ে তাৰ নোমাল গাটোত আলফুলে হাত বুলাই দিয়াৰ মুহূৰ্তৰে পৰা সি অলকাৰ একান্ত বিশ্বস্ত, অনুৰক্ত হৈ পৰিল। ৰাগিণী অফিচলৈ ওলাই ঘৰৰ দুৱাৰ বন্ধ কৰালৈকে সি তাৰ চুটি নেজডাল জোকাৰি জোকাৰি তাইৰ লগে লগে লাগি থাকে। সন্ধিয়া অফিচৰ পৰা ঘূৰি আহি দুৱাৰ খোলাৰ লগে লগে দ্ৰুত দৌৰি আহি তাইৰ ওপৰত জাঁপিয়াই পৰে। তাই কিছু সময় কোঁচত তুলি লৈ তাৰ নোমাল গাটোত আলফুলে হাত বুলাই নিদিয়ালৈকে সি অস্ফুটভাৱে ‘কুঁ-কুঁ’ শব্দ কৰি থকিব। বনকৰা ‘বাই’ ৰত্না আনদিনাৰ দৰে আজিও কুকুৰটো বাহিৰ ফুৰাই আনি তাৰ বাবে ৰখা নির্দিষ্ট বাটিটোত কুকুৰৰ খাদ্যৰ বিশেষ ব্ৰেণ্ডৰ বিস্কুট পেকেটটোৰ পৰা অলপ বিস্কুট বাকি দি আহি কথাৰ পাতনি মেলিছিল।
পাকঘৰত সোমাই ৰাগিণীয়ে চাহ বনাই দুকাপ চাহ আৰু খোৱাবস্তু লৈ আহি একাপ চাহ ৰত্নাক দি ক’লে, ‘মই আবেলি অলপ ওলাই যাম ৷ তই সন্ধিয়া হাজৰিকাহঁতৰ ঘৰলৈ আহোঁতে জিমিক এবাৰ চাই যাবিহি।’
‘হ’ব বাইদেউ।’ হাতৰ বিস্কুটত কামোৰ মাৰি তাই ক’লৈ, ‘পোন্ধৰ নম্বৰৰ দত্তছাৰ মানুহজন ভাল নহয় বুলি তেওঁৰ ঘৰত কাম কৰা বাসন্তীয়ে মোক কৈছিল। বাসন্তীয়ে ঘৰ মচি থাকোঁতে মানুহজনে বোলে তাইৰ বুকুখনলৈ লুভীয়া মানুহৰ দৰে চাই থাকে।’
ৰত্নাই চাৰি বছৰ ধৰি ‘আকাশ এপার্টমেণ্ট’ৰ দহটা ফ্লেটত ঘৰ সৰা-মচা কাম কৰি আহিছে। যোৱা দুবছৰে ৰত্নাই ৰাগিণীৰ সৰু ঘৰটোৰ সৰা- মচাৰ লগতে কুকুৰটোৰ চোৱা-চিতা কৰি আহিছে। আনৰ ঘৰত মানুহজনীয়ে কেনেদৰে কাম কৰে ৰাগিণীয়ে নাজানে, কিন্তু ৰাগিণীৰ ঘৰত ৰত্নাই ৰাগিণীয়ে খুঁত উলিয়াব নোৱাৰাকৈ কামবোৰ কৰে। ৰত্নাই ৰাগিণীক ভাল পায়, সেয়ে আনৰ ঘৰত খৰধৰকৈ কামবোৰ কৰি ওলাই যাব বিচৰা ৰত্নাই কামৰ পৰা আজৰি হৈ কিছু সময় বহে ৰাগিণীৰ ঘৰত। ব্যস্ততাৰ মাজতো কেতিয়াবা কেইমিনিটমান সময় উলিয়াই লৈ দুয়োজনীয়ে দুআষাৰমান কথা পাতে ।
গা ধুই আহি ৰাগিণী পাকঘৰত সোমাল। ৰন্ধা-বঢ়াৰ আয়োজন কৰাৰ সমান্তৰালকৈ ৰাগিণীয়ে ভাস্কৰৰ সৈতে কটাব লগিয়া আজিৰ সন্ধিয়াটোৰ বিষয়ে গুণাগঁথা কৰিব ধৰিলে। যোৱাকালি তাই অফিচত থাকোঁতেই ভাস্কৰে ফোন কৰি অনুৰোধ কৰিছিল দেওবাৰৰ সন্ধিয়াটো তাৰ সৈতে কটাবলৈ। সি কৈছিল, ‘গাড়ীখন লৈ সোণাপুৰলৈ যাম, গোটেই সন্ধিয়াটো মহানগৰীৰ কোলাহলৰ পৰা আঁতৰি থাকি কোনোবা এখন ধাবাত নিশাৰ ভাতসাঁজ খাই ঘূৰি আহিম।
যোৱা দুটা বছৰ ধৰি ভাস্কৰ বৰুৱাৰ সৈতে ৰাগিণীৰ ভালপোৱা। ষ্টেট্ বেংকৰ দিছপুৰ ব্ৰান্সত এদিন লগপোৱা ল’ৰা জনৰ সৈতে এনেদৰে ভালপোৱা গঢ়ি উঠিব বুলি একুৰি পাঁচটা বসন্ত পাৰ কৰা ৰাগিণীয়ে কল্পনাও কৰিব পৰা নাছিল ৷ জালুকবাৰীত ইঞ্জিনীয়াৰিং পঢ়ি থকা ভায়েকৰ একাউণ্টত টকা জমা কৰিবলৈ গৈছিল ৰাগিণী । চাংসাৰিৰ পৰা আহি মহানগৰীত থাকি চাকৰি কৰা ৰাগিণীৰ মানুহ চিনি পাবলৈ বাকী নাই। ভাস্কৰৰ সৈতে এসপ্তাহ ঘূৰা-পকা কৰিয়েই তাই বুজি উঠিছিল ল’ৰাজনক। ভাস্কৰে নিজৰ গাড়ীৰে ৰাগিণীক কেইবাবাৰো লৈ গৈছে তাৰ পাণ্ডুত থকা ঘৰলৈ ৷ ভাস্কৰৰ দেউতাক ঢুকোৱা দহ বছৰ হ’ল, দেউতাক থাকোঁতেই ভাস্কৰৰ একমাত্র বায়েকজনীৰ বিয়া দিলে। ঘৰখনত এতিয়া কেৱল মাক আৰু পুতেক। ভাস্কৰে অসম সচিবালয়ত চাকৰি কৰা পাঁচ বছৰ হ’ল, মাকৰ তাগিদা সত্ত্বেও সি ঘৰ-সংসাৰ কৰাত মন দিয়া নাই। চকুৱে-মুখে সম্ভ্ৰান্তৰ ৰেশ থাকিলেও ভাস্কৰৰ মাকে প্রথম সাক্ষাততে ৰাগিণীক সদৰী কৰিছিল কথাবোৰ।
এটা দেওবাৰে আবেলি অপ্সৰা হলত চিনেমা চাই ওলাই আহি ওচৰৰ ৰেষ্টুৰেণ্ট এখনৰ দুজনীয়া টেবুল এখনত মুখামুখিকৈ বহিছিল ভাস্কৰ আৰু ৰাগিণী। ধূমায়িত চাহৰ কাপত প্ৰথমটো চুমুক দিয়ে ভাস্কৰে কৈ উঠিছিল, ‘মায়ে আমাৰ কথাবোৰ বুজি পাইছে, সোনকালে বিয়াখন পতাৰ কথা কৈ আছে।’
চিঙৰাত কামোৰ মাৰি ৰাগিণীয়ে কৈছিল, —ভাইটি ইঞ্জিনীয়াৰিং কলেজৰ পৰা নোলোৱালৈকে মই মোৰ বিয়াৰ কথা ভাবিব নোৱাৰোঁ।’ ভাস্কৰৰ চকুত চকু থৈ তাই কৈছিল, ‘আমি দুটা বছৰ অপেক্ষা কৰিব নোৱাৰিম নে।’
ভাস্কৰে ৰাগিণীৰ সমস্যা বুজি উঠিছিল। মাকক সি পতিয়ন নিয়াব পাৰিছিল তাৰ বিয়াখন দুটা বছৰ পিছুৱাই নিয়াৰ বাবে।
ভাত খাই উঠি ৰাগিণীয়ে ৱাৰড্ৰ’ব খুলি এইবাৰ পূজাত ভাস্কৰে দিয়া চুৰিদাৰ-কামিজযোৰ উলিয়াই ল’লে। তাৰ পিছত তাই ডাইনিং টেবুলখন মোহাৰি ‘ব্লেংকেট’ এখন পাৰি চুৰিদাৰ – কামিজযোৰ ইস্ত্ৰি কৰিবলৈ আয়োজন কৰিলে। ইস্ত্ৰিৰ কৰ্ডডাল প্লাগত লগাবলৈ লওঁতেই কলিং বেলটো বাজি উঠিল। দুৱাৰখন খোলাৰ পূৰ্বে ৰাগিণীয়ে অভ্যাস অনুসৰি দুৱাৰৰ ‘কী হ’লে’ৰে জুমি চাব খুজিলে আগন্তুকক। তাইৰ বুকুখন ধক্ কৰি উঠিল। তাইৰ অফিচৰ ‘ছেকেণ্ড ব’চ’বিজয় শংকৰ কাকতি দুৱাৰৰ বাহিৰত দণ্ডায়মান। অফিচৰ যুৱতী-মহিলা কৰ্মচাৰীসকলৰ মাজত একপ্ৰকাৰ ত্রাসস্বৰূপ মানুহজন। সিদিনা অফিচ কেন্টিনত আটাইকেইজনী একেলগে বহি চাহ খাই থকাৰ পৰত সদ্যবিবাহিতা ৰাখী চক্ৰৱৰ্তীয়ে কৈ উঠিছিল, ‘কাকতি ছাৰ মানুহটো এক নম্বৰ লম্পট, মোক ‘ডিক্টেশন দি থাকিলে মোৰ মুখলৈ চোৱাতকৈ মোৰ বুকুতহে তাৰ চকু দুটা ৰৈ থাকে।’ নিভা বৰুৱাই কৈছিল, ‘এদিন জাননে মই কৰিড’ৰত থিয় হৈ থাকোঁতে মানুহটোৱে মোৰ তপিনাত জোৰৰে থপৰিয়াই থৈ গৈছিল।’ কথা কম কোৱা কাবেৰী বৰাই মন্তব্য কৰিছিল, ‘মানুহটো দেখিলেই কিবা কামুক পুৰুষ যেন লাগে।’ অলকাৰ তেনে কোনো অবাঞ্ছিত অভিজ্ঞতা নোহোৱাৰ বাবে তাই একো মন্তব্য কৰা নাছিল যদিও মনে মনে শংকাবোধ নকৰা নহয় ।
ৰাগিণীৰ সৌভাগ্য যে, ব্রাঞ্চহেড্ৰ পিএ হিচাপে হেডৰ সংলগ্ন তাইৰ নিৰ্দিষ্ট সৰু চেম্বাৰটোতে দিনটো বাহিৰ ওলাব নোৱৰাকৈ ব্যস্ত হৈ থাকিব লাগে। ব্ৰাঞ্চহেড্ অশোক মালহোত্রা মানুহজন এশ শতাংশই কৰ্তব্যনিষ্ঠ মানুহ। পুৱা ন বজাত অফিচৰ নিজৰ চেম্বাৰত সোমোৱাৰ পিছত মালহোত্রাই সংসাৰৰ সকলো চিন্তা বাদ দি কোম্পানীৰ শ্ৰীবৃদ্ধিত মনোনিৱেশ কৰে। কথা কম কোৱা পঞ্চাশোৰ্ধ্বৰ মানুহজনক অফিচটোৰ সকলো কৰ্মচাৰীয়ে সমীহ কৰাৰ সমানে তেওঁৰ ব্যক্তিত্বক শ্রদ্ধা কৰে। এনে এজন বিষয়াৰ অধীনত ৰাগিণীয়েও নিশ্চিন্তে পাঁচটা বছৰ পাৰ কৰিলে। কিন্তু যোৱা কিছুদিনৰ পৰা তাইৰ মনত সংশয়ে বাহ লৈছেহি। অশোক মালহোত্রা অচিৰেই গুৱাহাটী এৰি লক্ষ্ণৌ ব্ৰাঞ্চলৈ বদলি হৈ যাব বুলি শুনাৰে পৰা অলকাই কামত ভালকৈ মনোযোগ দিব পৰা নাই। মালহোত্ৰাৰ ঠাইত বিজয় শংকৰ কাকতিয়ে ‘অফিচৰ চার্জ’ লোৱাটো নিশ্চিত। এজন লম্পট চৰিত্ৰৰ মানুহৰ সৈতে তাই কেনেকৈ চাকৰি কৰিব।
কেইছেকেণ্ডমান গুণাগঁথা কৰি ৰাগিণীয়ে দুৱাৰখন খুলি দিলে। ভিতৰলৈ সোমাই অহা বিজয় শংকৰ কাকতিয়ে শ্বৰ্ট আৰু টিছাৰ্ট পিন্ধি থকা অলকাক মূৰৰ পৰা ভৰিলৈকে দুচকুৰে চেলেকি কৈ উঠিল, ‘কাম এটাত এই ফালেদি যাওঁতে এপার্টমেণ্টটো দেখি তোমাৰ কথা মনত পৰিল।’ ক্ষণিক ৰৈ মানুহজনে ক’লে, ‘তুমিনো কেনেকৈ থাকা, এবাৰ চাই যাবৰ মন গ’ল।’
শংকা মিহলি আড়ষ্ট কণ্ঠেৰে
ক’লে, ‘বহক ছাৰ।’
সৰুকোঠাটোৰ চাৰিওফালে চকু ফুৰাই কাকতি দুজনীয়া ছোফাখনত বহি পৰিল ।
“ছাৰ, চাহ খাব নে কফি খাব’— দেৱালত পিঠি লগাই থিয় হৈ ৰাগিণীয়ে অভ্যাগতক প্রশ্ন কৰিলে।
‘মই চাহ হে খাওঁ।’ অলকাৰ শৰীৰত চকু থৈ বিজয় শংকৰ কাকতিয়ে ক’লে।
পাকঘৰত সোমাই চাহ বনাই দুকাপ চাহ আৰু প্লেট এখনত কেক্ দুডোখৰ লৈ ৰাগিণী ওলাই আহিল। প্লেটখন আৰু চাহ একাপ টিপয়খনত থৈ আনটো কাপ নিজৰ হাতত লৈ অলকাই পুনৰ দেৱালৰ কাষত থিয় হৈ কাকতিৰ মুখলৈ নোচোৱাকৈ ক’লে, ‘খাওক ছাৰ।’
চাহৰ কাপ হাতত লৈ আঁতৰি থিয় হৈ থকা ৰাগিণীক উদ্দেশ্যি কাকতিয়ে ক’লে, “কিয় থিয় হৈ আছা’। মুখত হাঁহি বিৰিঙাই কাকতিয়ে ক’লে, ‘অফিচতহে মই তোমাৰ ‘বচ’, ঘৰত কিয় ‘ফৰ্মেলিটী’। বহাচোন ওচৰতে৷ ঘৰটোত দ্বিতীয় এখন ছোফা নথকাত উপায়ান্তৰ অলকাই কাকতিৰ কাষতে বহি পৰিল। হাতৰ কাপৰ চাহ একেঢোকে গলাধঃকৰণ কৰি কাপটো টিপয়খনত থৈ কাকতিয়ে শর্ট পিন্ধি থকা অলকাৰ উদং কলাফুলত ৰাখি ক’লে, ‘অহা মাহত মালহোত্রা যাবগৈ। তেওঁ তোমাৰ ‘এফিচিয়েঞ্চি’ৰ কথা কৈ থাকে, তোমাক মোৰ লগতে ৰাখিব লাগিব।’
বিজয় শংকৰ কাকতিৰ অশিষ্ট হাতখন সজোৰে আঁতৰাই ৰাগিণীয়ে থিয় হৈ ক’লে, ‘ছ’ৰী ছাৰ। মালহোত্রা ছাৰ গ’লে, মই ‘কাষ্টমাৰকেয়াৰ ছেকচন’ত জইন কৰিম বুলি মালহোত্রা ছাৰক কৈয়ে থৈছোঁ।’
“মোৰ লগত থকাতনো আপত্তি কিয়’ বুলি কৈ বিজয় শংকৰ কাকতি বহাৰ পৰা উঠি আহি ৰাগিণীক সজোৰে নিজৰ গাৰ কাষলৈ টানিবলৈ উদ্যত হ’ল।
‘জিমি, জিমি।’
ৰাগিণীৰ মাত শুনি বিছনাৰ তলৰ পৰা ওলাই আহিল কুকুৰটো। মুহূৰ্ততে সি জঁপিয়াই পৰিল বিজয় শংকৰ কাকতিৰ ওপৰত ৷ ৰাগিণীৰ মৰমৰ জিমিয়ে ক্রোধান্বিত হৈ ফালি পেলালে কাকতিৰ পেণ্টৰ সন্মুখৰ ফালে উৰ্দ্ধাংশৰ এছোৱা। ৰাগিণী, প্লীজ, প্লীজ টাই দি ডগ (Please, please tie the dog)
জিমিক কোঁচত তুলি ল’লে ৰাগিণীয়ে । বীৰৰ দৰে অহা বিজয় শংকৰ কাকতি পৰাজিত সৈনিকৰ দৰে নতঃমস্তক হৈ ৰাগিণীৰ ফ্লেটৰ পৰা ওলাই গ’ল ।
ফোন : ৯৮৩৫৩-৫০৪৬৭
Comments are closed, but trackbacks and pingbacks are open.