বাক বেং আৰু মাছৰ সাধু

33

নিজৰা ৰাজকুমাৰী

মঞ্চৰ মাজভাগত এডাল বনচাইলেখীয়া ধুনীয়া জলজ গছ । গছডালত এখন জাল। গছডালৰ গুৰিত জলজ উদ্ভিদ।— এই মঞ্চসজ্জাৰ নিৰ্দেশনা নাট্যকাৰ নৰেন পাটগিৰিৰ ২০০১ চনত ৰচিত বাক নামৰ নাটকখনৰ । আঁৰ কাপোৰ আঁতৰাৰ আগতে মেঘৰ গাজনি, বৰষুণৰ শব্দৰ লগতে জলজ পোক-পতংগৰ মাত ৷ মঞ্চৰ মাজভাগত মাগুৰা আৰু সেন্দূৰী। মাগুৰা আৰু সেন্দূৰীয়ে পানীৰ তলত শৰীৰ সঞ্চালন কৰাৰ নিচিনাকৈ অভিনয় কৰিব।

কথাখিনি পঢ়ি যাওঁতে মঞ্চৰ মায়াময় পৰিৱেশত যেন মাগুৰা আৰু সেন্দূৰীক দেখিহে গৈছিলোঁ। কাৰণ মই বাকৰ মঞ্চায়ন চোৱা নাছিলোঁ, ড° সুব্রতজ্যোতি নেওগে সংকলন আৰু সম্পাদনা কৰা তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰকাশন কেন্দ্রই অলপতে প্ৰকাশ কৰা একবিংশ শতিকাৰ নির্বাচিত অসমীয়া একাংক নাটক (২০০০-২০২০) শীর্ষক গ্ৰন্থখনত পঢ়িছোঁহে। মাগুৰা আৰু সেন্দূৰী জলাশয়ৰ দুটি মাছ। উভচৰ বেঙৰ বিশ্বাসঘাতকতাৰ ফলত দুয়ো পিশাচ বাকৰ কবলত পৰে। নাটকখনত এই উভচৰ শব্দটো অৰ্থপূৰ্ণভাৱে ব্যৱহাৰ কৰিছে দুমুখীয়া চৰিত্ৰৰ ক্ষেত্ৰত । মাছৰ বাবে সন্ত্রাস বাঁক। সেই কথা মাছতকৈ ভালকৈ আৰু কোনে জানে। অথচ সিহঁতৰ সুগন্ধি টোপৰ লোভত সেন্দূৰীয়ে আগ-পাছ নাভাবি গিলিবলৈ আগবাঢ়িছিলেই।

সেন্দূৰী— মাগুৰা অ’, বৰশীৰ টোপটো গোন্ধে আমোলমোল, লোভত জিভাখনে দেখোন কৰে টলমল। লোভ নকৰিবি, লোভে পাপ পাপে মৃত্যু বুলি মাগুৰাই তাইক অহৰহ সকীয়নি দি থাকে।

পিছে সুবিধাবাদী-বিশ্বাসঘাতক বেঙে তাইক উচটাই থাকে—
বেং- সেন্দূৰীবাই নুশুনিবি মাগুৰাৰ কথা, টোপটো গিল পাবি বৰ মিঠা।

ইফালে বাঁকৰ হাতত ধৰা দিবলৈ বাঁকেও সেন্দূৰীক খাব দিম, শুব দিম, পিন্ধিব দিম ৰিহা। খাৰু দিম, চৰু দিম, দিম টকা সিকা বুলি নানান প্রলোভন দিয়ে। মাগুৰাৰ হস্তক্ষেপত সেন্দূৰীয়ে টোপ গিলাৰ পৰা বাচে। দুয়োৱে বেঙৰ চৰিত্ৰও চিনি পায়। সেয়ে মাগুৰাই কয়— পুৰিলে চিনি পায় বেয়া ৰূপ-সোণ, বিপদত চিনি মিত্র কেনে কৰে গুণ। সেন্দূৰীয়ে বেঙক ছল-চাতুৰী নকৰিবলৈ কওঁতে কপটীয়া বেঙে আকৌ ওলোটাই সেন্দূৰী অ’, কেলেই কৰ খং, চাচোন চকুহাল মোৰ হৈছে চলচল বুলি অভিনয় কৰি দেখুৱায়। ইফালে বাঁকৰ দলটোক বেঙেই লোভ দি মাতি আনিছে বিলত মাছ উভৈনদী বুলি । বেঙৰ প্রতি মাগুৰাৰ এটি সুন্দৰ সংলাপ— বেটা, খাই পাতফলা উভচৰ, মিতিৰালি পাত এৰি জাত-ঘৰ ৷

নাটকখনত মোৰ সকলোতকৈ ভাল লাগিল বেঙৰ চৰিত্ৰটো । আমাৰ সমাজ জীৱনত, ৰাজনৈতিক আৱহাৱাত এই উভচৰ বেঙৰ দৰে কিছুমান চৰিত্ৰ লগ পোৱা যায়েই, যিয়ে নিজৰ স্বার্থসিদ্ধিৰ বাবে আনৰ ক্ষতিতো বাদেই প্রাণ কাঢ়িবলৈও কুণ্ঠবোধ নকৰে। এনে লোকৰ আত্মসন্মানবোধো নাথাকে। নাটকখনতো বেঙে কঁকালত বাঁকৰ গোৰ খায়ো মাগুৰা-সেন্দূৰীৰ লগত বিশ্বাসঘাতকতা কৰিবলৈ নেৰিলে।

বাঁক ১– ৰহ— থুই থুই থুই আঠি গাঁঠি বৰশী মাছে আহিবি গাঁঠি, যাৰ যাৰ মুখ লাগিছে তাক সাতকুৰি লাথি। (বেঙক লথিয়ায়)
বেং-বিনাদোষত কঁকালত লাথি ।

বেঙে বাঁকৰ হাতত ধৰা দিবলৈ মাগুৰা-সেন্দূৰীক কিমান যে ছলাহী কথাৰে ভোলাবলৈ চেষ্টা কৰে। মাগুৰা-সেন্দূৰীক বাঁকৰ হাতত তুলি দিবলৈ তাৰ ষড়যন্ত্ৰৰ শেষ নাই। এবাৰতো শুনাচোন মাগুৰা, শুনাচোন সেন্দূৰী, বাঁকক দিলো চকু পকাই মস্ত খং কৰি, বাঁক মাৰিলে লৰ, ওলাই আহি ডৰিকনাৰ গীতটোকে ধৰ বুলি বেঙে ছলেৰে মাছ দুটাক উলিয়াই আনিবলৈও চেষ্টা কৰিলে। বাঁকক মাছ ধৰিবলৈ অনুপ্ৰাণিত কৰি ক’লে— হতাশ নহ’ব, নিঢিলাব মুঠি, ব্যর্থতাই হ’ল সাফল্যৰ খুঁটি। মাগুৰা আৰু সেন্দূৰীক ধৰিব নোৱাৰি বাঁকৰ খং উঠাত বেঙে আন এবাৰ ক’লে— খং নামে চণ্ডাল, নকৰিব গণ্ডগোল, যত্ন কৰিলে ৰত্ন পায়, তেহে লোকে লোণে মাছে খায় ।

বাঁকৰ সাধু অনেক শুনিছোঁ । অসমীয়া গ্ৰাম্য সমাজ জীৱনত বাঁক এটি চিনাকি আৰু বৰ্তমানো শিশুসকলৰ মনত ত্রাস সৃষ্টিকাৰী চৰিত্ৰ। আগৰ কালত বাঁকক লৈ জ্যেষ্ঠসকলৰ মাজতো অনেক সৰস কাহিনী প্রচলিত আছিল। এই বাঁকক বহু গল্প-নাটকত দেখিছোঁ প্ৰতীকৰ ৰূপত। বাঁকক আধাৰ কৰি সমাজৰ বহু কথা কৈ যাব পাৰি ৷ বাঁকৰ নাট্যকাৰে অতি বুদ্ধিদীপ্ততাৰে বাঁকৰ জৰিয়তে কৈ পেলালে আমাৰ সমাজত দেখি থকা অনেক কথা, যোগ্য ভোগ্য বসুন্ধৰাৰ কথা। বাকৰ মুখত এটি সংলাপো দিছে এনেদৰে —

বাঁক ২– ঐ মাছ, নহ’বি অবুজন, যোগ্য ভোগ্য বসুন্ধৰা তেৰাৰ সৃজন ৷

দুৰ্বলীৰ ওপৰত বৰজা বাঁক। অথচ মাকবোৰৰ হৃদয়ে জানো সেয়া মানি ল’ব পাৰে! সন্তানৰ কল্যাণৰ বাবে মাকে সকলো কৰিব পাৰে । সন্তানৰ সুৰক্ষাৰ বাবে মাকবোৰে নিজক ভালে ৰাখিব খোজে ৷ সেন্দূৰীৰ মুখত দিয়া দুটি সংলাপে মন চুই গ’ল ৷

সংলাপ ১– পিশাচৰ দল, তহঁতৰ মূৰ নাইকিয়া হ’ল, যাওঁ যদি তহঁতৰ পেটত, দলনিত মেলা পোনাজাকক কৰিব কোনে ডাঙৰ— দীঘল ।

সংলাপ ২– আমাৰো আছে জীয়াই থকাৰ অধিকাৰ, মাকক হেৰুৱালে পোনাহঁতে লগাব হাহাকাৰ, নিদিওঁ তহঁতক ধৰা, নিধক বেঙক গিলি আঁতৰ হ ইয়াৰ পৰা

পাছে দুর্ভাগ্যজনকভাবে মাগুৰা-সেন্দূৰী বাকৰ জালত বন্দী হয়। শেষ দৃশ্য বাঁকৰ হাঁহি আৰু সেন্দূৰীৰ কান্দোনৰ দৃশ্য ৷

নাটকখনত ফকৰা-যোজনা, লোকগীত- মাত-কথাক ব্যৱহাৰ কৰা হৈছে। নামনি অসমত আঘোণমাহত হোৱা মহ খেদোৱা উৎসৱ মহোহো আৰু নগা লোকসুৰত বাকে গোৱা গীত দিয়া হৈছে। বিশিষ্ট নাট্যকাৰ-পৰিচালক নৰেন পাটগিৰি ৰচিত অন্যান্য নাটকসমূহ হৈছে কৰ্ণ কথা, আলাপ অস্তৰাগ, ৰজা আহে, সেউজীয়া খামৰ চিঠি, ন, সুৰমাৰ গংগাচিলনী, সপোনৰ কাৰেং চাপৰি ইত্যাদি। তেওঁৰ সপোনৰ কাৰেং চাপৰি নামৰ নাটকখনৰ দুটিমান সংলাপ পঢ়ি হাঁহিত ৰ’ব নোৱাৰা হৈছিলোঁ। কাহিনীটোত মানুহৰ টকা লুটি ৰাতিৰ ভিতৰতে পলায়ন কৰা প্রাইভেট চিটফাণ্ড কোম্পানী এটাৰ কথা আছে। মেডিকেল চিটফাণ্ড ইঞ্চিওৰেঞ্চৰ বাবে জোৱায়েকে শহুৰেকৰ হতুৱাই নিজৰ দুৰ্ঘটনা ঘটোৱাই ল’ব বিচাৰে। হাঁহিত ৰ’ব নোৱাৰা সংলাপখিনিৰ আগৰ ঘটনাটো আছিল শহুৰেকে জোঁৱায়েকক গালি পাৰি কয় যে জোঁৱায়েক ইমান বেয়া বুলি জনা হ’লে তেওঁ নিজৰ বুদ্ধিমতী ছোৱালীজনীক কদাপি বিয়া নিদিলেহেঁতেন। লগে লগে জোঁৱায়েকে গৰগৰাই উঠে, বুদ্ধিমতী শব্দটো উঠাই ল’বলৈ। ইফালে জীয়েক বিদ্যাই দেউতাকক তাইৰ বাবে ব্যৱহাৰ কৰা বুদ্ধিমতী শব্দটো নুঠাবলৈ শপত দিয়ে ।

কৃষ্ণ— আপোনাৰ ছোৱালী যে বুদ্ধিত চমচম, প্রথম কইনা চাবলৈ যোৱাৰ দিনাই ম‍ই হাড়ে হাড়ে গম পাই গৈছিলোঁ। হিউৱেন চাং কোন আছিল বুলি সোধাত আপোনাৰ বুদ্ধিমতী ছোৱালীয়ে কি কৈছিল জানে ?

ৰতি—নাজানো।

কৃষ্ণ— কি কৈছিল জানে— হিউৱেন চাং হেনো আপোনাৰ ছোৱালীতকৈ দুই ক্লাছ ছিনিয়ৰ । তেওঁৰ বহুদিনৰ চিনাকি ৷ এদিন দবাপিটা বৰষুণত পথাৰৰ মাজত আপোনাৰ ছোৱালীক অকলশৰে পাই সেই হিৰো হিউৱেন চাঙে চাইকেলৰ আগত উঠাই আনি আপোনাৰ ছোৱালীক গাঁৱৰ বকুলজোপাৰ তলত থৈ গৈছিল। সেইখন এডাল্ট চিনেমাৰ কথা মই নক’লোঁৱেই যেনিবা, কিন্তু আপোনাৰ ছোৱালী যে বুদ্ধিমতী মই সেইদিনাই বুজি গৈছিলোঁ।

নাট্যকাৰ পাটগিৰিয়ে নাটক সম্পর্কে এঠাইত কৈছিল— নাটক কেৱল বিনোদনৰ আড্ডাথলী নহয় । বিনোদন যদিও নাট্য নিবেদনৰ এটা স্বভাৱসিদ্ধ আচৰণ অথবা নাটকৰ সৈতে বিনোদনৰ বিষয়টো নিবিড়ভাৱে সংপৃক্ত, তথাপি দ্বিধাহীনভাৱে ক’ব পাৰি, নাটকে কেৱল হৃদয়াৱেগকে আলোড়িত কৰি ক্ষান্ত নাথাকে, ই মগজুকো চিন্তাৰ দুৰ্লভ ৰচদ-পাতি যোগান ধৰে । এনে বৈশিষ্ট্যপূর্ণ নাটকেহে বহন কৰে সাহিত্যৰ আবেদন, দাবী কৰিব পাৰে সাৰ্বজনীন মর্যাদা আৰু লাভ কৰে নিৰ্ভেজাল সমাদৰ। এইজাতীয় নাটকবোৰে নাটকৰ শাস্ত্ৰসন্মত উপাদানেৰে সমৃদ্ধ হোৱাৰ লগতে সাহিত্য ৰূপেও হয় স্বীকৃত।

মানুহ আৰু সমাজৰ প্ৰতি দায়বদ্ধতা, অসমীয়া ভাষাৰ কালিকাৰ প্ৰতি মুগ্ধতা, ৰাজনৈতিক সচেতনতাৰ লগতে নৰেন পাটগিৰিৰ ৰচনাত দেখা যায় নাটকৰ প্ৰতি অকৃত্রিম প্রেম, মঞ্চৰ ৰহস্যময়তা-সৌন্দৰ্য-মায়াক লৈ নাট্যকাৰৰ (পৰিচালক হিচাপেও) অপাৰ আগ্রহ। তেওঁৰ নাটকত গহীন, শক্তিশালী ভাব-ভাষাৰ লগে লগে হাস্য-ব্যংগৰ সুৰো বিদ্যমান ।

You might also like

Comments are closed, but trackbacks and pingbacks are open.