দৈনিক ৰাশিফল ১৪ ফেব্ৰুৱাৰী ২০২৬

37

১ ফাগুন, শনিবাৰ , ইং ১৪ ফেব্ৰুৱাৰী ২০২৬

১.মেষ ৰাশি(অ,ল): এই ৰাশিৰ জাতক-জাতিকাই ফুৰা-চকাৰ ক্ষেত্ৰত সাৱধান থাকিব। নিৰামিষ আহাৰ গ্ৰহণ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে ভাল, প্রেমত শুভ। শুভ ৰং ৰঙা, সংখ্যা ৮।

২.বৃষ ৰাশি(উ,ব): আজি যাত্ৰা নকৰাই ভাল। সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিব। শিৱৰ আৰাধনা কৰিব আজি। প্ৰেমত শুভ। শুভ সংখ্যা ২।

৩.মিথুন ৰাশি(ক,ছ): ঘৰৰ বাহিৰত শনিৰ আসন বনাই তিল-তেলৰ প্ৰদীপ জ্বলাই শনিৰ আৰাধনা কৰিব। বিদ্যাৰ্থীৰ বৰ ভাল দেখা নাযায়। শুভ ৰং নীলা, সংখ্যা ২।

৪.কৰ্কট ৰাশি(ড,হ): আজি মনৰ ইচ্ছা পূৰণ হোৱাৰ যোগ। প্ৰেমত শুভ। বিদ্যার্থীসকলে যত্ন কৰা উচিত। ব্যৱসায়ী আৰু অভিনেতাৰ কাৰণে শুভ। শুভ ৰং নীলা, সংখ্যা ৮।

৫.সিংহ ৰাশি (ম,ট): বিদ্যাৰ্থীৰ কাৰণে শুভ। সামাজিক কামত ব্যস্ততা দেখা যায়। চাকৰি ক্ষেত্ৰত অশান্তি। ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিব পাৰিব। শুভ সংখ্যা ৭, ৰং হালধীয়া।

৬.কন্যা ৰাশি(প,ঠ): খৰচ বৃদ্ধি। ব্যৱসায়ৰ ক্ষেত্ৰত কিছু জটিলতা থাকিব। বিদ্যাৰ্থীৰ কাৰণে শুভ। দিনটো মনোকষ্টত ভুগিব লাগিব। শুভ ৰং বগা, সংখ্যা ৮।

৭.তুলা ৰাশি(ৰ,ত): বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। শুভ কৰ্ম কৰিলে ভাল ফল পাব। প্রেম-প্রণয়ত উন্নত। ভ্রমণত শুভ। শুভ ৰং সোণালী, সংখ্যা ৬।

৮.বৃশ্চিক ৰাশি(ন,য): সন্তান আৰু পিতৃৰ স্বাস্থ্যক লৈ চিন্তা থাকিব। চাকৰিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। দিনটো শুভ। শুভ ৰং আকাশী নীলা, সংখ্যা ৮।

৯.ধনু ৰাশি(ধ,ভ): অনাদায়ী কিছু অর্থ আদায় হোৱাৰ যোগ দেখা যায়। বিভিন্ন ক্ষেত্ৰত সুযোগ আহিব। বিদ্যার্থীসকলে যত্ন কৰিলে ভাল ফল পাব। শুভ ৰং বগা, সংখ্যা ৭।

১০.মকৰ ৰাশি(খ,জ): নীলা কাপোৰ পৰিধান কৰি ওঁ ঐং হ্রীং শ্রীং শনৈশ্বৰায় নমঃ- এই মন্ত্ৰ ৮ বাৰ জপ কৰিব। ঘৰত অতিথিৰ আগমন। শুভ ৰং সেউজীয়া, সংখ্যা ২।

১১.কুম্ভ ৰাশি(গ,শ,স): প্ৰেমত শুভ। দূৰ ভ্ৰমণ। যান-বাহনৰ পৰা সাৱধানে থাকিব। নতুন কর্মত হাত দিব পাৰিব। দিনটো শুভ। শুভ ৰং ৰঙা, সংখ্যা ৬।

১২.মীন ৰাশি(দ,চ): নিৰামিষ ব্রত পালন কৰিব। বিদ্যাৰ্থীৰ ভাল, প্ৰেম আৰু দাম্পত্যত ভালেই দেখা যায়। পিতৃৰ অসুখৰ চিন্তা। শুভ ৰং বগা, সংখ্যা ২।

You might also like

Comments are closed, but trackbacks and pingbacks are open.