পুহমহীয়া জাৰত কঁপি নিহালীখন লওঁ…

36

বিৰিণা গোস্বামী

জাৰৰ দিন আহিলেই গৰম কাপোৰৰ আমেজ, জুহালৰ আড্ডাৰ আমেজ এই ধৰনৰ কথাবোৰেই মনত খুন্দিয়াই । জাৰকালিৰ ৰাতিপুৱাবোৰৰো মহিমা বেলেগ, সেই ঠাণ্ডাৰ তাপমান বেৰমিটাৰৰ লেখৰ বাহিৰত, সেই শীতৰ লেখে হাড় কঁপাই তোলে ৰাতি লোৱা কম্বলখন বা গৰম কাপোৰখন বেলিৰ সৈতে প্ৰতিযোগিতা এৰি নিজে নিজে গাত মেৰ খাই ধৰে। শীত আচলতে কেতিয়াৰ পৰা আৰম্ভ হয় বুলিলে অমুক তাৰিখৰ পৰা আৰম্ভ হোৱা বুলি ডাঠি কোৱা অসম্ভৱ। শীত বৰ সংগোপনে আহে, লাহে ধীৰে ৰাতি গাত লোৱা কাপোৰখন গধুৰ হয়, কোনোবা এদিন ৰাতিপুৱা চকুত পৰে ইফালে সিফালে বিভিন্ন কামত ব্যস্ত হৈ থকা মা বা আইতাৰ গাৰ শ্বলখন, ঘৰৰ কণমানিটোৰ গাত ছুৱেটাৰটো। দুদিনমান অ’ৰ-ত’ৰ কাপোৰ টানি গাৰ শীত গুচাবলৈ বৃথা চেষ্টাৰ অন্তত খোল খাই ট্রাংক, ডিভানৰ ভিতৰত এক বিশেষ গোন্ধৰে এই ঠাণ্ডা দিনবোৰলৈ ৰৈ থাকে ছুৱেটাৰ জেকেট আদি গৰম কাপোৰবোৰ। সেইবোৰ ৰ’দত দিয়াৰো আকৌ অন্য প্রস্তুতি। একলা দুকলাকৈ বাঢ়ি অহা শিশু, কিশোৰ-কিশোৰীহঁতৰ প্ৰিয় ছুৱেটাৰটোৰ হাত চুটি, গা সৰু হোৱা পৰ্বটো আছেই। ককায়েক বায়েকৰ ছুৱেটাৰ ভায়েক-ভনীয়েকক পিন্ধাই মাকহঁতে ভায়েক ভনীয়েকৰ নতুন ছুৱেটাৰ কিনাৰ মুদা মৰাৰ অভিযোগো ঘৰে ঘৰে। ককায়েকৰ নতুন ডিজাইনৰ চিনেমাৰ হিৰোই পিন্ধাৰ দৰে পিন্ধা জেকেটকেইটা কেতিয়া পিন্ধিব পৰা হ’ব, সেই লৈ ভায়েকবোৰৰ অধীৰ অপেক্ষা। এই ছুৱেটাৰবোৰ, জেকেটবোৰ, শ্বলবোৰে সামৰি ৰাখে দেধাৰ উমাল স্মৃতি। ঘৰতে মা-আইতাহঁতে গুঠি দিয়া ছুৱেটাৰবোৰে খজুৱাই বুলি দিয়া অভিযোগবোৰ ডাঙৰ হৈ কিনা ছুৱেটাৰ পিন্ধিব লগা হোৱাত হৈ পৰে মৰমৰ সোঁৱৰণী। উজাই ল’বলৈ যেন চেষ্টা কৰা হয় জুহালত ককাৰ মুখেৰে সাধু শুনাৰ সময়ত ছুৱেটাৰত লাগি ৰোৱা জুইৰ ধোঁৱাৰ সেই বিশেষ গোন্ধ ৷

জাকালিৰ ৰ’দ পুওৱাৰ আমেজ সুকীয়া । কমলা টেঙাৰ ভিন ভিন ধৰণেৰে চাটনি বনাই লোৱা জুতি। ৰ’দ পুওৱাৰ কথা ক’লেই যেন বাৰাণ্ডাৰ টেবুলত থোৱা ৰেডিঅ’ত বাজি উঠিব ভূপেন হাজৰিকাৰ ‘ৰ’দ পুৱাবৰ কাৰণে মাতিবানো কাক…’। সঁচাকৈয়ে সেই দিনবোৰত আজিৰ দৰে অকলে চোতালত বহি ৰ’দ পুওৱাৰ দৃশ্য প্ৰায় যেন নাছিলেই। ৰ’দ পুৱাবলৈ মাতিব পৰাকৈ ঢেৰ মানুহ আছিল। কথাৰ, কামৰ অচিলা লৈ চুবুৰিৰে মাহী, পেহী, খুৰী, বৰ্মা, জেঠাই, আইতা একেখন চোতালতে গোট খাইছিলহি। বছৰেকীয়া পৰীক্ষাবোৰ হৈ যোৱাৰ লগে লগে দিয়া হৈছিল ঠাণ্ডাৰ বন্ধ। দূৰে দূৰে থকা ঘৰৰ ল’ৰা-বোৱাৰী, জী-জোঁৱাই ঘৰলৈ ঘূৰি অহাৰ লগে লগে শীতে শান্ত কৰি থোৱা ঘৰবোৰে প্ৰাণ পাই উঠিছিল। আঘোণমহীয়া জাৰৰ দিনতে পথাৰৰ ধানে চোতাল শুৱাইছিল আৰু কণ কণহঁতৰ খেৰৰ মেজিত দিনটো বাগৰি ফুৰি খেলি-ধূলি আনন্দ কৰাৰ দিনবোৰে ভুমুকি মাৰিছিল। আবেলিলৈ কুঁৱাৰ পাৰলৈ নি হাত ভৰি ধুৱাই দিয়া কণমানিহঁতৰ খেৰে কটা ভৰিত পানীয়ে চেকচেকনি তোলাৰ ফলত শুনা গৈছিল নানান থেনথেননি, ওজৰ-আপত্তি ।

শীতকালি ৰ’দত দি পিন্ধা কোট, জেকেটবোৰৰ জেপত প্ৰায়েই ওলাই কেতিয়াবাৰে বিভিন্ন কাগজ, বজাৰৰ লিষ্ট, চিনেমাৰ টিকট। ৰাস চাবলৈ ওলোৱা ডেকাৰ গাত নতুনকৈ ট্রাংক, ডিভান, আলমাৰিৰ পৰা উলিওৱা পুৰণি জেকেটটোৱে শীতক আৰু অলপ শীতল কৰি তোলে। এই পুৰণি জেকেট ছুৱেটাৰবোৰ সেই দুই তিনিমহীয়া শীতকালটোতে আমাৰ দেহৰ অংগ যেন হৈ পৰে। ঠেৰেঙা লগা জাৰত ছুৱেটাৰ খোলাৰ দৰে বিৰক্তিকৰ কাম নাই যেনেই বোধ হয়। আগৰ বছৰ শীতকালি সযতনে থোৱা কাপোৰ পিছৰ বছৰ পিন্ধিবলৈ লৈ বিচাৰি নোপোৱাৰ কাহিনীও ঘৰে ঘৰে। মামাই দিয়া শ্বলখন, খুৰাই দিয়া ছুৱেটাৰটো, বন্ধুৱে দিয়া মাফলাৰখন, মাহীয়ে দিয়া টুপীটো এই বিশেষভাৱে ভালকৈ থোৱা ঠাইতে থৈছো বুলি ভবা ঠাইত বিচাৰি নাপালে ঘৰৰ আলমাৰিবোৰ খুঁচৰি, ট্রাংক ডিভান তল-ওপৰ কৰি, মা-বাইদেউ, ভাই-ভনীক চিঞৰি আৰম্ভ হয় এক সৰু সুৰা বিদ্ৰোহৰ । এই কাপোৰবোৰ আমাৰ জীৱনৰ পাৰ হোৱা সময়ৰ প্ৰতীক। সেই দাগ লগা, যোৱা বছৰ চিলাই থোৱা পুৰণি জোতাযোৰত ভৰি সুমুৱাওতেই জোতাযোৰে ভৰিখন চিনি পাই আঁকোৱালি লোৱাৰ অনুভৱো সুকীয়া আৰু এপাত মোজা হাতত লৈ আনপাত বিচৰাৰ সেই সংগ্ৰামৰ অভিজ্ঞতাৰে সকলো অভিজ্ঞ।

এই উমাল গৰম কাপোৰবোৰ, জোতা মোজাবোৰ পৰিধান কৰাৰ মূল উদ্দেশ্য হ’ল জাৰৰ পৰা ৰক্ষা কৰা, প্ৰকৃতিৰ শীতল ৰূপ আৰামেৰে পাৰ কৰাৰ সহায়ক হোৱা কিন্তু শৰীৰৰ সুৰক্ষাতকৈ অধিক এই কাপোৰবোৰ হৈ পৰে আমাৰ মানসিক আৰামৰ থল। মাফলাৰ এখন ডিঙিত মেৰিয়াই লোৱা, ডাঠ জেকেটৰ দুই পকেটত হাত দুখন লুকুৱাই মূৰটো, কাণত দুখন টুপীৰে ঢাকি লোৱা কার্যই আমাক কোনোবাখিনিত শৈশৱৰ উমাল মৰমৰ সোঁৱৰণীৰে ৰাগিয়াল কৰি তোলে। এনে উমতে মনত পৰে মা-দেউতাই আমাক কেনেবাকৈ শীতে স্পৰ্শ কৰে বুলি তৰপে তৰপে কাপোৰ পিন্ধোৱাৰ কথা, কাপোৰৰ ভৰত লৰিব নোৱাৰি আমি যেন হৈ পৰিছিলো স্পেচচুট পিন্ধা একো একোটি অকণি অকণি মহাকাশচাৰী ।

বৰ্তমান সময়ৰ পাতল অথচ যথেষ্ট উমাল কাপোৰবোৰ বিজ্ঞানৰে চমৎকাৰ । হাইটেক পলিমাৰেৰে নিৰ্মিত এতৰপীয়া পাতল কাপোৰ একোখনে খুব ডাঠ ঊণেৰে ওঁঠা ছুৱেটাৰ এটাতকৈও অধিক উম দিয়াৰ সক্ষমতা ৰাখে । তথাপি বহুতৰ বাবে এনে কাপোৰে পুৰণি আমেজ দিব নোৱাৰে। একোটা পাফী জেকেট ব্যৱহাৰিকভাৱে অধিক গ্রহণযোগ্য, তথাপি সেই জেকেটে পৰিয়াল একোটাৰ আটাইকেইটা ল’ৰা- ছোৱালীৰ গা বাগৰি অহা গোঁঠা ছুৱেটাৰটোৰ দৰে কাহিনীৰ বোজা বোৱা নাই। হাতৰ ওচৰত ওলমি ৰোৱা ছুৱেটাৰৰ পৰা ওলোৱা একোডাল ঊণ, ৰং যোৱা টুপীটো বা সেই বাকচত সোমাই থকা গৰম কাপোৰৰ গোন্ধটো এইবোৰেই আমাক নষ্টালজিক কৰি তোলে।

বেয়া হ’লেই বস্তু পেলনীয়া হৈ পৰা আজিৰ যুগত আমাৰ জাৰকালিৰ গৰম কাপোৰবোৰ যেন কোনোবাখিনিত স্থায়িত্বৰ প্রতীক, নিপিন্ধিলে ও গালৈ জোখত হয় বাবেই বাকচত ভৰাই থোৱা জেকেটটো বা ছুৱেটাৰটো হৈ পৰে স্থায়িত্বৰ প্রতীক। এই কাপোৰবোৰক যত্ন লাগে, সাৱধানেৰে ধুব লাগে, কম ৰ’দত-বতাহত শুকুৱাব লাগে, মাজে-সময়ে মেৰামতিৰো প্ৰয়োজন আহি পৰে । এই গৰম কাপোৰবোৰ আমাৰ সৈতে বুঢ়া হয়, সময়ৰ লগে লগে হৈ পৰে অধিক কোমল, অধিক আৰামদায়ক, আৰু কেৱল আমাৰ দৰে আমাৰ উমেৰে উমাল হৈ পৰে।

এতিয়া যেতিয়া নৱেম্বৰ মাহতো গৰম কাপোৰ পিন্ধাৰ দিন নাহে। জলবায়ু পৰিৱৰ্তনৰ কথা, বৃক্ষৰোপণৰ কথাই নিউজ ফীড ভৰি পৰে। বাকচত কাপোৰৰ মাজতে আমাৰ গৰম কাপোৰবোৰৰ বাহিৰ ওলাবলৈ উকমুকনি লাগে। আগতে দীপাৱলী দেখা গৰম কাপোৰে আজিকালি ৰাস চাবলৈকে নাপায় ।

You might also like

Comments are closed, but trackbacks and pingbacks are open.