ড॰ শান্তনা বৰদলৈ
ঋতু আহে ঋতু যায়,
প্ৰকৃতিয়ে বৰণ সলায়,
ন ন সাজেৰে পুনঃ সজাই
ন ন বাতৰি বিলাই যায়
প্ৰকৃতিৰ যে কতনা ৰূপ৷ পৃথিৱীৰ নিৰন্তৰ পৰিভ্ৰমণৰ বাবেই সলনি হৈ থাকে প্ৰকৃতিৰ ৰূপ- ঋতুৰ ৰং৷ প্ৰতিটো ঋতুৰ অপৰূপ সৌন্দৰ্যৰাশিয়ে মানৱপ্ৰাণত সানে ৰং, হৃদয়ত সঞ্চাৰ কৰে ৰংবুলীয়া আৱেগ-অনুভূতিৰ আৰু এই সৌন্দৰ্যপ্ৰৱাহৰ হাতত ধৰিয়েই মানুহে অৱগাহন কৰে সুন্দৰৰ পৃথিৱীত৷ প্ৰতিটো ঋতুৰ মাদকতাই পুলকিত কৰে মানুহৰ মনোজগত, অনুভৱৰ আনন্দত আত্মহাৰা হৈ প্ৰকৃতিৰ বুকুতেই প্ৰতিধ্বনিত হৈ উঠে সুখকৰ আত্মিক অনুভূতিৰ৷
শৰতৰ স্নিগ্ধ আকাশত জোনাক বুটলি, হেমন্তৰ ওৰণি গুচাই কুঁৱলীৰ শুভ্ৰ আলোৱানখনি গাতে মেৰিয়াই লৈ সংগোপনে ধৰালৈ নামি আহে শীত৷ এছাটি পাতলীয়া শীতসনা মৃদু সমীৰণে আলিংগন কৰি শীতৰ মায়াময়তাই প্ৰকৃতিলৈ কঢ়িয়াই আনে অন্য এক নান্দনিক সৌন্দৰ্য৷ অম্বৰৰ মেঘালীৰ দূৰ সীমনাত ৰৌদ্ৰোজ্জ্বল দিৱসত সুনীল আকাশে শীতৰ কোলাত দিগবলয়ত জিৰণিহে যেন লয়, নৃত্যৰতা বৰষাও কুঁচিমুচি যেন নিদ্ৰামগ্ন হয়, নিয়ৰে দূবৰিক চুমা যাচি মৰম সানে, গছৰ পাতত লাগি নিয়ৰৰ মুকুতামণিৰ টোপাল টোপাল আচ্ছাদানে কঢ়িয়াই আনে ভাৱনাৰ অলকানন্দা, কুঁৱলীৰ আচ্ছাদন ঠেলি দিবাকৰে লুকাভাকু খেলে শীতৰ ৰ’দালিত৷ আলস্য আৰু অৱসাদৰ ঋতু বুলি শীতক ভুল বুজিলে নহ’ব, শীতৰো আছে নিজস্ব লয়লাস, স্বকীয় সুষমা আৰু তাৰেই আৱেশত জীৱনৰ ৰং বিচাৰি চাবলৈ সুবিধা পায় বিশ্বমানৱে৷ সুকোমল ৰ’দালিৰ মৰমৰ আবদাৰত শীতৰ পৰশতো প্ৰকৃতিয়ে কৈ যায় সময়ৰ বৈভৱ৷ মনবোৰ উৰি যায় দূৰ-দিগন্তলৈ নজনাটো জানিবলৈ, নুবুজাটো বুজিবলৈ আৰু নেদেখাটো দেখিবলৈ৷ শীতৰ হিমচেঁচা ৰাতিতে শিল্পী খনিকৰে সৃষ্টি কৰিছিল নতুন নতুন সৃষ্টি, য’ত নিনাদিত হৈছিল বস্ত্ৰবিহীন খেতিয়কৰ, দিন মজুৰি কৰা খাদ্যবিহীন প্ৰজাৰ, নাগৰিকৰ নিৰাপত্তাৰ বাবে প্ৰভাত আনিব পৰা এক অনন্য সময়ৰ সাক্ষৰ৷ এই সময়তে সজল প্ৰকৃতিয়ে শুষ্কতাৰ বস্ত্ৰ সলায়, গছবোৰ লাহে লাহে লঠঙা হৈ পৰে, নৈখনিয়েও ক্ষন্তেক জিৰণি লয় শীতৰ ছায়াত, শীতৰ জলাশয়ৰ পানীযুৱলিত অনেক পক্ষীৰ কাকলি-কলৰৱে মুখৰ কৰি তোলে প্ৰকৃতিক, নৈৰ পাৰত বালিমাহীৰ নাচোন-কাচোন৷ শীতৰ আৱেশত প্ৰকৃতিৰ নিবিড় কোলাত উপভোগ্য হৈ পৰে নানান দৃশ্যৰাজি, উদ্যাপিত হয় আনন্দোৎসৱৰ৷ শীতৰ এই সময়তে আহে উৎসৱ উদযাপনৰ মেটমৰা সম্ভাৰ– দীপাৱলী বা দেৱালীৰে শীতৰ আনন্দ উৎসৱ আৰম্ভ হৈ শ্ৰীকৃষ্ণৰ ৰাসলীলা, বৰদিন বা খ্ৰীষ্টমাছ, নৱবৰ্ষ, ভোগালী বিহু, সৰস্বতী পূজা, পিকনিক বা বনভোজ আদি নানানটা উৎসৱৰ ৰং আনন্দত শীতৰ সুষমা বিচ্ছুৰিত হৈ মানৱ প্ৰাণত সূচনা কৰে অনাবিল উছাহৰ৷
কাতি মাহৰ অমাৱস্যাৰ নিশা আলোকৰ দীপালীৰে দীপালিমা কৰি শীতৰ পৰশত উদযাপন কৰা হয় পোহৰৰ উৎসৱ দীপাৱলী৷ দেৱালীত চাকি জ্বলাই ‘ঔম স্বং জ্যোতি শ্ৰী ৰবিচন্দ্ৰো বিদ্যুত সৌৱৰ্ণ তাৰকাঃ, সৰ্বেষা জ্যোতিষাং জ্যোতি দ্বীপজ্যোতি স্নিতে নমঃ’ বেদমন্ত্ৰৰে বিমোহিত কৰি কুঁৱলীৰ আৱেশতে আন্দোৎসৱৰ আয়োজন কৰা হয়৷
‘শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন, ৰাসক্ৰীয়া কৰিতে কৃষ্ণৰ ভৈল মন’– ভাৰতীয় সংস্কৃতিৰ মূল পৰমব্ৰহ্ম ভগৱান শ্ৰীকৃষ্ণৰ ভগৱৎ প্ৰেমৰ পৰমানন্দৰে আপ্ত কৰি উদ্যাপন কৰা হয় ‘ৰাসলীলা’ শীতৰ আগমনিৰ নিয়ৰসিক্ত সময়ত৷ ৰাসলীলাই মানৱ প্ৰাণত সঞ্চাৰিত কৰি যায় শ্ৰীকৃষ্ণ প্ৰেমৰ আধ্যাত্মিক তথা ঐশ্বৰিক ভক্তিৰ অমিয়া ধ্বনি৷
আকৌ শীতৰ প্ৰকৃতিৰ সৈতে সাঙোৰ খাই থাকে ভগৱান যীশুখ্ৰীষ্টৰ জন্মদিন বৰদিন বা খ্ৰীষ্টমাছ উদ্যাপন৷ বৰ্তমান সময়ত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে বিশ্বজনীনভাৱে ইয়াক উদ্যাপন কৰে শীতৰ মায়াসনা পৰিৱেশত৷ ইয়াৰ লগতে শীতৰ জাৰৰ আচ্ছাদানত নৱবৰ্ষৰ সন্ধিক্ষণত নতুবা নৱবৰ্ষৰ আলিংগনত প্ৰকৃতিৰ নান্দনিক কুঞ্জকাননত প্ৰীতিৰ বনভোজ বা বালিভাত বা পিকনিকৰ আয়োজন কৰি প্ৰকৃতিৰ কোলাত শীতৰ আপোন মধুৰতা অনুধাৱন কৰিব পাৰি৷ শীতৰ অনবদ্য আকৰ্ষণ ‘পিকনিক’ শব্দটো মূলতঃ ফৰাচী শব্দ পিকনিক (Pique-nique)ৰ পৰা আহিছে৷ ওঠৰ শতিকাৰ মধ্যভাগত প্ৰথমে খাদ্যবস্তু ভগাই খোৱাৰ পৰম্পৰাৰে আৰম্ভ হোৱা এই পিকনিক বৰ্তমান সময়ত শীতকালৰ অন্যতম আকৰ্ষণ ৰূপে পৰিগণিত হ’ল৷
শীতৰ সুষমাৰ কথা ক’লেই মনলৈ ভাহি আহে অনেক প্ৰতিচ্ছবি৷ কাতি বিহুৰ দিনা গাখীৰতী পথাৰত আকাশবন্তিৰ সাজোন-কাচোনেও এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে৷ কৃষকৰ আদৰৰ, হেঁপাহৰ লখিমীও ঘৰলৈ আদৰি আনে শীতৰ পৰশতে৷ পথাৰত দাৱনিয়ে ধান দাই, ডাঙৰি বান্ধি ঘৰলৈ অনালৈকে শীতত অতি ব্যস্ততাৰে পাৰ হৈ যায় কৃষকৰ দিনবোৰ৷ পকাধানৰ ফুৰফুৰীয়া সুগন্ধই বতাহত সুবাস বিলাই যায়৷ পথাৰত লেছেৰি বোটলাৰ পৰা আৰম্ভ কৰি নিয়ৰসিক্ত পথাৰত দাৱনিৰ দৃষ্টিনন্দন দৃশ্যই আপ্লুত কৰে মানৱ প্ৰাণ৷ এইসমূহৰ সান্নিধ্যতে পাৰ হৈছিল আমাৰ শৈশৱ আৰু কৈশোৰৰ দিনবোৰ৷
ইয়াৰ পিছতে শীতৰ দিনত আহে হেঁপাহৰ ‘ন খোৱা’ পৰম্পৰা৷ চোতালত ৰভা দি নতুন চাউলেৰে নতুন শাক-পাচলিৰে সকলোৱে মিলিজুলি একতাৰে এসাঁজ খোৱাৰ আনন্দই যেন সুকীয়া৷
শীতৰ কথা পাতিলেই মনলৈ আহে ‘জুইশাল’ বা ‘জুহাল’ৰ কথা৷ শীতৰ জাৰৰ সময়ত জুহালত বহি জুইৰ উত্তাপৰ আমেজ, লগতে জুইত পুৰি আলু, বেঙেনা, বিলাহী, নহৰু আদি খোৱাৰ পৰ্বয়ো শীতৰ মাদকতা সানে মানৱ প্ৰাণত৷ শীতৰ জাৰৰ দিনতে বৈচিত্ৰ্যময় আৰু নিভাঁজ কলা-সংস্কৃতিৰ অনুপম বৈভৱৰ অত্যুজ্জ্বল গৰিমাগাথাৰ আলোক সৌধস্বৰূপ অসমীয়াৰ বাপতিসাহোন হেঁপাহৰ ভোগালী বিহুৱে ৰং ছটিয়াই যায়৷ ভোগালীৰ উৰুকাৰ নিশা ‘ভেলাঘৰ’ত আনন্দৰ মাজেৰে উজাগৰী নিশা অতিবাহিত কৰি পিছদিনা ধলপুৱাতে ‘মেজী’ জ্বলাই তাৰ উদ্দীপ্ত শিখাই ৰঞ্জিত কৰি তোলে শীতৰ চৌদিশ৷ শীতৰ কুঁৱলীৰ মাজেৰে প্ৰতিধ্বনিত হয় অমোঘ মন্ত্ৰ–
‘ঔম অগ্নিং প্ৰজ্বলিতং
বন্দে চতুৰ্বণ্য হুতাশনং
সুৱৰ্ণ বৰ্ণং অমলন
জ্যোতি ৰূপায়তে নমঃ’
এই ভোগালীয়েই সমন্বয় আৰু সম্প্ৰীতিৰে জাতীয় জীৱনৰ স্বকীয় কৃতি আৰু স্বাভিমানেৰে সময়ক কৰি তোলে জ্যোতিৰ্ময়৷ প্ৰেম, প্ৰেৰণা আৰু প্ৰগতিৰ মহাশক্তিৰে নতুন সংকল্পৰে শীতৰ ঠেঁটুৱৈ ধৰা দিনতো সোঁৱৰাই থাকে জীৱনৰ গান৷
সৰস্বতী পূজাৰ পৰিৱেশো শীতৰ দিনৰ আন এক উপভোগ্য দিন৷ শীতৰ এই সময়খিনিত গছ-গছনি, পশু-পক্ষী, মানুহ সকলোকে যেন নিথৰ কৰি তোলে শীতৰ আচ্ছাদনে তাৰো যেন থাকে এক স্বকীয় সুষমা৷ চুটি দিন আৰু দীঘলীয়া ৰাতিৰ সমাৱেশে শীতৰ দিনবোৰ উদযাপন কৰাৰ মাদকতাই সুকীয়া৷
শীতৰ দিনত মোহনীয়া পুষ্পসজ্জাই প্ৰকৃতিক কৰি তোলে ৰহণীয়া৷ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ বৰ্ণময় প্ৰকাশৰ মাধ্যমেই হৈছে ফুল আৰু ইয়াৰ সুশোভিত সাজসজ্জাই প্ৰতিফলন কৰে জীৱনৰ ৰং৷ শীতৰ শেৱালি, বকুল ফুল, কৰৱী ফুলে সুবাস বিলাই শীতৰ পৰিৱেশ মায়াময় কৰি তোলে৷ ইয়াৰ লগতে পাহাৰৰ এঢলীয়াৰ ৰঙীন পুষ্পকাননে সকলোকে হাতবাউলি মাতে শীতৰ দিনত৷ প্ৰকৃতিৰ নন্দনবনৰ নিজানত কটাই উপভোগ কৰে শীতৰ শোভা, পশু-পক্ষীৰ দৃষ্টিনন্দন আকুলতাই ভৰাই তোলে সৱাৰে প্ৰাণ৷ উষ্ণ দেশৰ পৰা আহি পৰিভ্ৰমী চৰাইবোৰে আমাৰ দেশৰ শীতল জলাশয়বোৰত আনন্দৰ মেলা পাতে৷ প্ৰাকৃতিক অভয়াৰণ্যত জীৱ-জন্তুৰ অবাধ বিচৰণে মিতালী পাতে মানুহৰ স’তে৷ প্ৰকৃতিৰ স’তে নিবিড় সম্বন্ধ গঢ়িবলৈ শীতেই সুবিধা দিয়ে মানৱক৷
সঁচাকৈয়ে প্ৰকৃতিৰ বুকুত ‘শীত’ৰ পৰশে এক গতিময় ছন্দত লয়লাস সুষমাৰে নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে৷ বিখ্যাত কবি কিটছৰ ভাষাত–‘শীতৰো আছে নিজস্ব সংগীত, যি সংগীত মূৰ্ছনাত ৰাজহাঁহে কলৰৱ তোলে আৰু কোমল ৰ’দজাকে মানুহক মৰমৰ আশীৰ্বাদ দিয়ে৷’ সেয়েহে বিশ্বৰ কবি-সাহিত্যিকে শীতৰ উমত সৃষ্টি কৰিছে বহুবোৰ শীতবন্দিত চিত্ৰ-সাহিত্য৷ উদাহৰণস্বৰূপে উল্লেখ কৰিব পাৰি ৰবাৰ্ট ফ্ৰষ্টৰ (Stohping by woods on a snowy evening), উইলিয়াম শ্বেইক্সপীয়েৰৰ (Blow blow thou winter wind), ক্ৰিষ্টিনা ৰ’জেটিৰ (In the bleak mid winter), হেম বৰুৱাৰ ‘জাৰৰ দিনৰ সপোন’ ইত্যাদিত শীতৰ সুষমাৰ অনন্য প্ৰকাশ ঘটিছে৷ ইয়াৰ উপৰি বহুবোৰ গীতত ধ্বনিত হৈছে শীতৰ সুষমাৰ প্ৰাণময় প্ৰতিধ্বনি৷
সময়ৰ পৰিৱৰ্তনৰ লগে লগে সম্প্ৰতি সমাজতো দ্ৰুত পৰিৱৰ্তন হ’ল৷ তথ্য-প্ৰযুক্তি তথা যোগাযোগৰ দ্ৰুত উত্থানে মানুহৰ জীৱনধাৰণ প্ৰণালীতো প্ৰভাৱ পেলালে৷ প্ৰকৃতিৰ বুকুত নিৰলে নীৰৱে উমলিবলৈ যেন মানুহৰ সময়ৰ অভাৱ হ’ল৷ তথাপি ইমান কৃত্ৰিমতা তথা যান্ত্ৰিকতাৰ সময়তো শীতৰ নিজস্ব সৌৰভত আজিও পৰাণ উদ্বেলিত হয় প্ৰতিজন নাগৰিকৰ৷ অৱসাদৰ আপ্যায়ন কৰিবলৈ মানুহে আজিও ঢাপলি মেলে শীতৰ কোলাত অকণমান ভাগৰ পূৰাবলৈ৷ শীতৰ প্ৰকৃতিয়ে কঢ়িয়াই আনে প্ৰত্যাহ্বানৰ মাজতো জীয়াই থকাৰ আনন্দ-প্ৰেৰণা আৰু ইয়েই আমাক প্ৰদান কৰে জীৱন উদ্যাপনৰ সপোন অহৰ্নিশে নিঃশব্দে আওৰাবলৈ সকীয়াই থাকে জীৱন জীয়াৰ পাঠ৷ সেয়েহে প্ৰকৃতিৰ প্ৰতিটো ঋতুৰ দৰে শীতৰ দিনতো বিশ্ব প্ৰকৃতিৰ প্ৰতিটো উপাদানৰ ভাৰসাম্য তথা সংৰক্ষণশীলতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অনাগত দিনত প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰকৃতি তথা পৃথিৱীৰ স্থিতি তথা ভৱিষ্যৎ সুৰক্ষিত কৰি ঋতুৰ সুষমাৰে অনুভৱৰ জোৱাৰ তুলি সময় উদযাপন কৰাৰ ক্ষেত্ৰতহে অধিক মনোযোগ দিব লাগিব সকলোৱে৷ সঁচাকৈ তেতিয়াহে শীতৰ আৱেগময় পৰিৱেশত অৰ্থময় সৃজনশীল পৰিশৈলীৰে জীৱন উদযাপন কৰিবলৈ শীতেই যেন আমাক সকীয়াই যায়৷ শীতৰ সুষমাৰ বৰ্ণিল আৱেশত জীৱনটোও হৈ পৰে এটি চিৰ অম্লান গানৰ কুঁহিপতীয়া স্বৰলিপি, লগতে এই সময়ৰ প্ৰতিটো ক্ষণ যেন ধ্বনিময় কবিতা হৈ ধৰা দিয়ে শীতৰ বুকুত৷ জীৱনৰ ছাঁ-পোহৰৰ মাজত প্ৰকৃতিময়তাৰ নান্দনিক আচ্ছাদানত বিমূৰ্ত মুহূৰ্তবোৰো উজলি উঠে সৰৱ-সজল ৰামধেনুৰ সাতোৰঙী বৰ্ণালীৰে৷
Comments are closed, but trackbacks and pingbacks are open.