🌞 শ্ৰীশ্ৰীসূৰ্যায় পৰমব্ৰহ্মণে নমজ্ঞ🌞
৯ মাঘ, শুক্ৰ বাৰ , ইং ২৩ জানুৱাৰী ২০২৬
সূৰ্যোদয় ঘঃ- ৬/১৫/৩০
সূৰ্যাস্তগ্ধ ঘঃ – ৪/৫৩/০০
ৰাশি – কুম্ভ ৰাশি। ঘঃ- ৭/৫৯/১ যোৱাত মীন ৰাশি।
তিথি – শুক্লা পঞ্চমী তিথি। ৰাঃঘঃ- ১২/২০/৩২ যোৱাত শুক্লা ষষ্ঠী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ - পূৰ্ব্বভাদ্ৰপদ , ঘঃ- ১/৫৪/০৬ লৈ ।
শুভ সংখ্যা – ৭/৬
শুভ ৰং- চিত্ৰ বিচিত্ৰ/ বগা ।
আদ্যঋতু- দূৰ্ভগা যোগ ।
মৰণৰ দোষ- দ্বিপদ । ঘঃ- ১/৫৪/০৬ যোৱাত নাই ।
যাত্ৰা – দক্ষিণ দিশত নাই । ৰাঃ ঘঃ- ১২/২০/৩২ যোৱাত পশ্চিম দিশত নাই।
যোগিনী – দক্ষিণ দিশত। ৰাঃঘঃ- ১২/২০/৩২ যোৱাত পশ্চিম দিশত ।
ভক্ষ্যাভক্ষ্য – বেল খোৱা নিষেধ। ৰাঃঘঃ- ১২/২০/৩২ যোৱাত তিতা খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) – মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হক্সব পাৰিব, সৌভাগ্যৰ উদয় হ’ব যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) – বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব , যান বাহন পৰা সুখ শান্তি লাভ কৰিব যদিও আজি আপুনি মিছা অপৱাদ পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৩. মিথুন ৰাশি (ক,ছ) – মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত সজাগ নহক্সলে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপোনাৰ মানসিক উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি (ড,হ) – কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত লগ বন্ধুৰ আৰু জেষ্ঠ্য ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) – সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব যদিও আজি আপুনি মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৬. কন্যা ৰাশি (প,ঠ) – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কক্সৰবাত পাবলগীয়া ধন সম্পত্তি ঘূৰাই পাৱ পাৰে, প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য দুৰ্বল অনুভৱ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত) – তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন আচনি গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, কৰ্মত নতুন নতুন যোগাযোগ কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ ভোজন বিলাস বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য) – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য বা মিছা অপৱাদ পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ) – ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত নতুন নতুন ব্যৱসায় বানিজ্যৰ আৰম্ভণি কৰিবলৈ সক্ষম হব, মনত সুখ শান্তি বাঢ়িব , লগতে আজি আপোনাৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ) – মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হ’ব, স্বাস্থ্যৰ উন্নতি হ’ব, মাতৃ বা জেষ্ঠ্য ব্যক্তিৰ পৰা মৰম- চেনেহ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি (গ,শ,স) – কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত কৰ্মত নতুন নতুন যোগাযোগ কৰিবলৈ সক্ষম হব, হাতলৈ ধন- সম্পত্তি আহিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য মিছা অপৱাদ হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- (দ,চ) – মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, হাতলৈ ধন- সম্পত্তি আহিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতি সাধন হোৱাৰ যোগ দেখা যায়।
জ্যোতিষী
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
নৱগ্ৰহ জ্যোতিষালয়
কামাখ্যা মন্দিৰ গেট (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোনঃ ৯১০১০-৯৬৪৮/৯৫৭৭১-৩৬২০৫
Comments are closed, but trackbacks and pingbacks are open.