আপুনি কিমান খোজ কাঢ়িব

31

ডাঃকৰুণা হাজৰিকা

ওপৰৰ প্ৰশ্নটো হয়তো আমি কোনো দিনেই ভাৱি চোৱা নাই । খোজ কঢ়া এক সহজ ব্যায়াম যি শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে উপকাৰী । ই হৃদযন্ত্ৰ সুস্থ ৰাখে, ওজন কম কৰাত সহায় কৰে, মানসিক চাপ কম কৰে আৰু বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে, মনটো প্ৰফুল্ল ৰাখে আৰু ইয়াৰ দ্ৱাৰা সমাজৰ বহু বন্ধুৰ লগত মত বিনিময়ো হয় । দৈনিক খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিলে শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ থাকিব পাৰি।  খোজ কঢ়াটো এক সহজ আৰু সুলভ ব্যায়াম। ইয়াৰ বাবে কোনো বিশেষ সঁজুলি বা স্থানৰ প্ৰয়োজন নাই। সেয়েহে, সুস্থ জীৱনশৈলীৰ বাবে দৈনিক খোজ কঢ়াৰ অভ্যাস কৰাটো অতি প্ৰয়োজনীয়।

বিভিন্ন প্ৰকাৰৰ শাৰীৰিক কাৰ্যকলাপে সুস্থ জীৱন-যাপনত আমাক সহায় কৰে । মনত ৰাখিব ইয়াৰ লগতে স্বাস্থ্য়কৰ খাদ্য়ভ্যাসো আমাৰ বাবে অতি প্ৰয়োজনীয় । এই দুয়োটা যদি আপুনি নিয়ন্ত্ৰণত ৰাখিব পাৰে, তেন্তে  বহু ৰোগৰ পৰা হাত সাৰি থকাৰ উপৰিও এক সুস্থ জীৱন যাপন কৰিব পাৰিব । দৈনিক যদি আপুনি শৰীৰ চৰ্চা কৰে, তেন্তে বহু ৰোগৰ পৰা শৰীৰটোক ৰক্ষা কৰিব পাৰিব। খোজ কঢ়াটোও এক প্ৰকাৰৰ শৰীৰ চৰ্চা। দৈনন্দিন জীৱনত কিছু সময় উলিয়াই খোজ কঢ়াৰ অভ্য়াস কৰিলে বহু ৰোগ প্ৰতিৰোধ কৰিব পাৰি । বিভিন্ন সমীক্ষা আদিৰ পৰা দেখা গৈছে যে, প্ৰতিদিনে ৫০০০ৰ পৰা ১০০০০ ষ্টেপ খোজ কাঢ়িলে মানসিক আৰু শাৰীৰিক দুয়োটা দিশতে বহুতো ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়। কিন্তু  প্ৰত্যেকৰে দেহৰ শক্তি আৰু পাচন ক্ৰিয়া একে নহয়; গতিকে  কিমান খোজ কাঢ়িব লাগে তাৰ মাত্ৰা নিশ্চয় প্ৰত্যেকেই নিৰ্ণয় কৰিব লাগিব । কিয়নো বেছিভাগ শাৰীৰিক প্ৰচেষ্টাৰ দৰেই, আপুনিও ইয়াক অতিমাত্ৰা কৰিব পাৰে বুলি বিশেষজ্ঞসকলে কয়।

খোজ কঢ়াৰ কিছুমান উপকাৰিতা হ‘ল

নিয়মিতভাৱে খোজ কঢ়াৰ ফলত উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পাব পাৰে; আপোনাক সুস্থ ওজন বজাই ৰখাত সহায় কৰে; আৰু আপোনাৰ পেশী আৰু হাড় শক্তিশালী কৰে।  খোজ কঢ়াৰ ফলত হৃদযন্ত্ৰলৈ তেজ সঞ্চালন বাঢ়ে আৰু হৃদৰোগৰ আশংকা কমে। এই প্ৰচেষ্টাতৰ ফলত শৰীৰৰ পৰা অতিৰিক্ত চৰ্বি কমি যায় আৰু ওজন নিয়ন্ত্ৰণত থাকে। আকৌ খোজ কঢ়াৰ আন এটা উপকাৰ হ’ল মস্তিস্কত মানসিক চাপ সৃষ্টিকাৰী হৰমোনৰ পৰিমাণ হ্ৰাস পায় আৰু হতাশা আঁতৰ হয়।  নিয়মীয়াকৈ খোজ কঢ়াৰ ফলত শৰীৰত ইনচুলিনৰ কাৰ্যক্ষমতা বৃদ্ধি হয় আৰু ডায়েবেটিছ হোৱাৰ সম্ভাৱনা কমে। ইয়াৰ ফলত হাড় আৰু মাংসপেশী শক্তিশালী হয়। আনহাতে খোজ কঢ়াৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি হয়। খোজ কঢ়াৰ অভ্যাস থাকিলে টোপনি ভাল হয়। শাৰীৰিক উপকাৰৰ উপৰিও পুৱা খোজ কঢ়াৰ অভ্যাস গঢ়িলে হতাশাৰ দৰে পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিয়াত আপুনি সফল হ’ব। এই অভ্যাসৰ ফলত আপুনি দিনটোৰ কামবোৰ ভালদৰে কৰিব পাৰিব, পৰিকল্পনাবোৰ সফল ৰূপায়ন কৰিবলৈ সক্ষম হ’ব, মনৰ পৰা হতাশা আঁতৰিব । লগতে মনৰ চিন্তা চেতনা ইতিবাচক হ’ব আৰু মানসিক স্বাস্থ্যও ভাল হ’ব। মন কৰিব  সময়ৰ লগে লগে  আজি মানসিক চাপৰ সন্মুখীন হোৱা মানুহৰ সংখ্যা বৃদ্ধি পাইছে।  গতিকে খোজকঢ়া প্ৰথাই মানসিক স্ৱাস্থ্য়ৰ উন্নতি নিশ্চয় সাধন কৰিব । যদি আপুনি বহুত খোজ কাঢ়ি ভাল পায়, তেন্তে আপুনি বিশেষ ভাৱে জানিবলগীয়া কিছু কথা ইয়াত উল্লেখ কৰা হৈছে।

এদিনত বেছি খোজ কাঢ়িব পাৰিনে?

আজিৰ দিনৰ নৱ প্ৰজন্ম হয়তো  টিকটকৰ “হট গাৰ্ল ৱাক”ৰ প্ৰতি আগ্ৰহী —  ই হ’ল এটা আউটড’ৰ মাইণ্ডফুল ৱাকিং প্ৰথা যিয়ে শেহতীয়া বছৰবোৰত যথেষ্ট চৰ্চা লাভ কৰিছে (#hotgirlwalk ৰ বৰ্তমান পোষ্টৰ অভাৱ নাই)। বা হয়তো আপুনি নগৰীয়া হাইকিং ট্ৰেণ্ডলৈ গৈছে, যাৰ অৰ্থ কিছুমানৰ বাবে প্ৰতিদিনে ১০ৰ পৰা ১৫ কি.মি. ওপৰলৈ খোজ কাঢ়ি যোৱা (বেছিভাগেই চহৰীয়া পৰিৱেশত) প্ৰথা, আজি ভাৰতবৰ্ষতো ই ক্ৰমান্ৱয়ে প্ৰচলিত হৈছে। বিভিন্ন প্ৰকাৰৰ সমীক্ষা আৰু পৰামৰ্শত দেখা গৈছে যে দীৰ্ঘ দূৰত্ব খোজ কাঢ়িলে পোৱা সুবিধাসমূহে  এই প্ৰচেষ্টাক আৰু মূল্যৱান কৰি তুলিব পাৰে। হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ উপৰিও টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা কমোৱাৰ লগতে আপোনাৰ ষ্টেপ কাউণ্ট বৃদ্ধি কৰিলে আপোনাৰ আয়ুস দীঘলীয়া হ’ব পাৰে। ২০২০ চনত প্ৰকাশিত ৪,৮০০ৰো অধিক আমেৰিকান প্ৰাপ্তবয়স্কৰ ওপৰত কৰা এক অধ্যয়নত দেখা গৈছে যে প্ৰতিদিনে কম খোজ কঢ়াতকৈ প্ৰতিদিনে অধিক খোজ খোজ কাঢ়িলে সকলো কাৰণতে মৃত্যুৰ সম্ভাৱনা কম হয় । আকৌ  এইবোৰ বহু অস্থি বিশেষজ্ঞ মতে আপোনাৰ বয়স, ফিটনেছ স্তৰ, গাঁঠিৰ স্বাস্থ্য, আৰু পৰিৱেশৰ অৱস্থা, যেনে বতৰ আৰু ফুটপাথৰ ব্যৱস্থাকে ধৰি কেইটামান কাৰকৰ ওপৰত নিৰ্ভৰ কৰে।

বেছিকৈ খোজ কঢ়াৰ ক্ষেত্ৰত কেনে দৰে সাৱধান হব লাগে?

দিনটোত অধিক খোজত কেনেকৈ ফিট হ’ব পাৰি সেইটো বুজিলে আমাৰ বেছিভাগেই লাভৱান হ’ব পাৰে, যদিও কিছুমান মানুহে নিজৰ সীমা অতিক্ৰম নকৰাৰ প্ৰতি সচেতন হোৱা উচিত।  উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ দৰে হৃদযন্ত্ৰৰ সমস্যা থকা লোকসকলে বিশেষকৈ সাৱধান হ’ব লাগে, যে ইয়াৰ প্ৰভাৱত হৃদস্পন্দন বৃদ্ধি হ’ব আৰু লক্ষ্য ৰাখিব লাগিব যাতে  দীঘলীয়াকৈ খোজ কাঢ়িলে  ই অতিমাত্ৰা নহয়। বিশেষজ্ঞসকলৰ মতে, যদি কোনো ব্যক্তিৰ বাবে হৃদস্পন্দন বৃদ্ধি পোৱাটো সম্ভাৱ্যভাৱে বিপজ্জনক হয়, তেন্তে তেওঁলোকে বিশেষভাৱে সাৱধান হ’ব লাগিব আৰু যিকোনো ব্যায়ামৰ পৰিকল্পনাৰ বিষয়ে তেওঁলোকৰ  নিজৰ চিকিৎসকৰ সৈতে কথা পাতিব লাগিব।

ভৰি আৰু ভৰিৰ পেশী আৰু গাঁঠিৰ সমস্যাইও আপোনাক দীঘলীয়া খোজ কঢ়াত বাধা দিব পাৰে। ভৰি আৰু তলৰ অংশৰ সমস্যা যেনে আঁঠুৰ বাতবিষ থকা লোকসকলে দিনটোত বেছিকৈ খোজ কাঢ়িব নালাগে যাতে এই অৱস্থাবোৰ আৰু বেছি বেয়া নহয়। উচ্চমানৰ, ভালদৰে ফিট হোৱা খোজ কঢ়াৰ জোতাই বাতবিষৰ দৰে গাঁঠিৰ সমস্যা থকা লোকৰ বাবে খোজ কঢ়াৰ বিষৰ সম্ভাৱনাও কম কৰিব পাৰে।

আন  যিসকলে খোজ কঢ়া সীমিত কৰিবলগীয়া হ’ব পাৰে তেওঁলোকৰ ভিতৰত হাঁপানী বা ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD)ৰ দৰে শ্বাস-প্ৰশ্বাসজনিত অসুবিধা  থকা লোকৰ লগতে বৃদ্ধ ব্যক্তিসকলো  অন্তৰ্ভুক্ত ।

আপুনি বেছি খোজ কাঢ়িছে নেকি কেনেকৈ জানিবঃ

দীঘলীয়া খোজ কাঢ়িলে আপুনি সজীৱ অনুভৱ কৰিব পাৰে, যদিও পিছত আপোনাৰ  ভৰিত ঘাঁ হব পাৰে। অৱশ্যে ইয়াৰ ফলত অতিমাত্ৰা ব্যৱহাৰৰ ফলত আঘাত পোৱা উচিত নহয়। অতিৰিক্ত ব্যৱহাৰৰ আঘাত তেতিয়া হয়, যেতিয়া পুনৰাবৃত্তিমূলক গতিবিধি কৰা হয় য’ত লিগামেণ্ট, টেণ্ডন আৰু পেশীত আঘাত পোৱা যায় আৰু তালৈ ভ্ৰূক্ষেপ নকৰি বা চিকিৎসা নলৈ  অতিমাত্ৰা খোজ কাঢ়ি থকা হয় ।

গতিকে আপুনি কেনেকৈ জানিব যে আপুনি অতিমাত্ৰা ব্যৱহাৰৰ পৰ্যায়ত উপনীত হৈছে নেকি? শাৰীৰিক লক্ষণৰ বাবে চকু ৰাখিব লাগিব । যদি গাঁঠিত বিষ হয়, শৰীৰত জঠৰতা হয়, বা গাঁঠিত অস্বাভাৱিক অনুভৱ হয়, তেন্তে বেছি  দূৰত্বলৈ প্ৰয়াস নকৰিব বা জিৰণিৰ দিন এটা লওক। যদি বিষ ভাল নহয় বা খোজ কঢ়াৰ পৰা বিৰতিৰ লগতে   ঘূৰি আহিব লগাত পৰে তেন্তে চিকিৎসকৰ পৰামৰ্শ  নিশ্চয় লওক।

দিনত বহুত খোজ কাঢ়িব পৰাকৈ শৰীৰক কেনেকৈ সজ্জিত কৰিব পাৰি ?

আন যিকোনো ব্যায়ামৰ দৰেই দীৰ্ঘ দূৰত্বৰ খোজ কঢ়াটোও  এটা কাম কৰিবলগীয়া কাম বুলি ধৰি লওঁক আৰু তাৰ বাবে মানসিক প্ৰস্তুতিৰ প্ৰয়োজন নিশ্চয় হ’ব । তলত দিয়া কামবোৰ কৰিলে আপোনাৰ শৰীৰক বিষ আৰু আঘাতমুক্তভাৱে দীঘলীয়া দূৰত্ব খোজ কাঢ়িবলৈ নিজকে প্ৰশিক্ষণ দিয়াত সহায় কৰিব পাৰেঃ

ক্ৰমান্বয়ে প্ৰশিক্ষণ লওক। এই ব্যায়ামৰ সহনশীলতাৰ দিশটোৰ বাবে পৰ্যাপ্তভাৱে প্ৰস্তুতি চলোৱাৰ বাবে প্ৰগতিশীল প্ৰশিক্ষণেই হৈছে সৰ্বোত্তম উপায়। পৰিচালনাযোগ্য দূৰত্ব খোজ কাঢ়ি আৰম্ভ কৰক আৰু ক্ৰমান্বয়ে আপুনি সক্ষম হোৱাৰ দৰেই  প্ৰতি সপ্তাহত ১০ শতাংশতকৈ যাতে অধিক নহয়, তালৈ লক্ষ্য় ৰাখক।  বহুতৰে বাবে প্ৰতিদিনে ১০ হাজাৰ খোজৰ লক্ষ্য লোৱাটো এটা ডাঙৰ লক্ষ্য হ’ব পাৰে।

সুষম খাদ্য়ই আমাৰ স্বাস্থ্য় ৰক্ষা কৰে আৰু আমাক  শক্তি যোগায় । ইয়েই আমাৰ চালিকা শক্তি।  এনে ব্যায়ামৰ সৈতে শক্তি প্ৰশিক্ষণৰ পৰামৰ্শও বিশেষ ভাৱে লাগে, যিয়ে বিভিন্ন পেশীৰ গোটক সক্ষম কৰি ৰাখে ।   খোজ কঢ়াৰ বাবে আপুনি নিৰ্ভৰ কৰা পেশীসমূহৰ ওপৰত গুৰুত্ব দিয়ক। খোজ কঢ়াৰ বাবে উত্তম শক্তিৰ ব্যায়াম হ’ল যিবোৰে কোৱাড্ৰিচেপছ (উৰুৰ আগফালৰ পেশী), হামষ্ট্ৰিংছ (উৰুৰ পিছফালৰ পেশী), গ্লুটিয়াছ (নিতম্ব), পিঠিৰ পেশী আৰু পেটৰ অংশ আদিত প্ৰধানকৈ কাম কৰে ।

যাত্ৰাৰ আগতে উপযুক্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰক। দীঘলীয়া খোজ কঢ়াৰ সময়ত আপোনাৰ সুৰক্ষা নিশ্চিত কৰাটো সৰ্বোচ্চ। হাইড্ৰেটেড হৈ থাকিবলৈ পানীৰ বটল এটা লৈ আহিব, খোজ কঢ়াৰ বাবে উপযুক্ত জোতা পিন্ধক, আৰু খোজ কঢ়াৰ বাবে ভালদৰে পোহৰযুক্ত, জনবসতিপূৰ্ণ অঞ্চল বাছি লওক। আকৌ আপুনি গাড়ী-মটৰ অহা বাট-পথত বিপৰিত দিশে অৰ্থাৎ বাটৰ সোঁফালে খোজ কাঢ়ক যাতে সন্মুখৰ পৰা অহা যিকোনো বাহন আপুনি দেখাপায় । ব্য়স্ততা পূৰ্ণ বাট-পথত সদায় সাবধানে আৰু পদ-পথত খোজ দিয়াতো উত্তম আৰু পৰাপক্ষত এই ধৰণৰ বাট-পথ এৰি চলাই শ্ৰেয় ।

নিয়মিতভাৱে খোজ কাঢ়িলে স্বাস্থ্যৰ বাবে বহু উপকাৰ হ’ব পাৰে, কিন্তু বেছিকৈ খোজ কঢ়াৰ বিপদো নোহোৱা নহয়। বিষ আৰু আঘাতমুক্তভাৱে দীঘলীয়া দূৰত্বত খোজ কাঢ়িবলৈ, পৰিচালনাযোগ্য দূৰত্বৰ পৰা আৰম্ভ কৰক আৰু ক্ৰমান্বয়ে আগবাঢ়ি যাওক, খোজ কঢ়াৰ বাবে ব্যৱহাৰ কৰা পেশীসমূহ শক্তিশালী কৰক, আৰু ভালদৰে পোহৰযুক্ত ঠাইত খোজ কঢ়াৰ দৰে অন্য়ান্য সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰক। গাঁঠিৰ বিষ, শৰীৰত জঠৰতা, টোপনি অহাত অসুবিধা, মেজাজৰ পৰিৱৰ্তন আদিয়েই হয়তো আপোনাৰ অতিমাত্ৰা ব্যায়াম কৰাৰ লক্ষণ হ’ব পাৰে । সুস্থ পৰিচালনাৰ দ্বাৰা এই সহজলভ্য় ব্য়ায়ামে আপোনাক সুস্থ আৰু সবল কৰি নিৰোগী কৰি ৰাখিব তাত কোনো সন্দেহ নাই ।

ফোনঃ৯৮৬৪০১৮৬৬৫ 

You might also like

Comments are closed, but trackbacks and pingbacks are open.