আড্ডা বৰ্তমান আৰু অতীত

65

ধৰিত্ৰী দেৱী

: মই নতিজানু হৈ বহন কৰিম

প্ৰিয় সতীৰ্থ ৰ স্মৃতিৰ পাণ্ডুলিপি

সিদিনা সময়ৰ হাত ত

সকলো হেৰুৱাই অঘৰী সম

সেইদিনা ও স্নেহৰ উমাল সান্নিধ্যই

অট’গ্ৰাফ,গঙ্গা মোহন মিলি।

মানুহ সামাজিক প্ৰাণী।মানুহে জীৱনত প্ৰত্যেকটো মূহুৰ্তত সংগ বিচাৰে।এজন মানুহ সফল হয় যদিহে তেওঁ সকলো সময়তে মানুহৰ সংগ লাভ কৰে।তেনে সম্পৰ্ক ভিতৰত বন্ধুত্ব অন্যতম।বাল্যকালৰ পৰা আৰম্ভ কৰি প্ৰাপ্ত বয়স্কলৈকে বিভিন্ন বন্ধুৰ আগমন ঘটে।বন্ধুত্ব শব্দৰ অৰ্থ হৈছে নিবিৰ আৰু প্ৰকৃত পাৰস্পৰিক সম্পৰ্ক।একোজন সঁচা বন্ধু ই সুখ আৰু আনন্দৰ বন্যা বোৱাই আনিব পাৰে।বন্ধু শব্দটোৰ লগত আড্ডা শব্দটো মনলৈ আহে।

আড্ডা বুলিলে সকলোৱে অনুভৱ কৰে এক সুকীয়া আকৰ্ষণ।আমাৰ জীৱনৰ প্ৰতিটো স্তৰতে ই বন্ধুৰ সাহচৰ্য্য ৰে আমাৰ জীৱনৰ বোৰ জিপাল কৰি ৰাখে।শৈশৱ,কৈশোৰ,যৌৱনৰ পৰা বৃদ্ধ্লৈকে বিভিন্ন বন্ধুৰ ডোখৰীয়া ছবি মনলৈ আহে।নিৰ্দিষ্ট samor ভিতৰত এনে বহু আড্ডা আছে যি আড্ডা ৰ পৰা সাহিত্য সংস্কৃতি ৰ দিশত অৱদান আগবঢ়াব পৰা ব্যক্তিৰ জন্ম হৈছে।বৰ্তমান সময়ত টো আমি আড্ডা ৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি।কিন্তু পৰিতাপৰ বিষয় এই যে বৰ্তমান এচামে আড্ডাৰ নামত চিগাৰেটৰ ধোঁৱা কুণ্ডলী পকাই নানা সংলগ্ন কথাৰে পাৰ কৰে বহু মূল্যবান সময়।

আড্ডা বা আড্ডাৰ সংস্কৃতি মানুহৰ সামাজিক জীৱনৰ গুৰুত্বপূৰ্ণ অংশ।বৰ্তমান সময়তো আড্ডা ৰ প্ৰৌজনীয়তা আছে।সময় পৰিবৰ্তনৰ লগে লগে প্ৰযুক্তিৰ আৰু জীৱন ধাৰণৰ মানদণ্ড দ্ৰুতগতিত উন্নতি হোৱাৰ লগে লগে মানুহৰ সকলোবোৰ পৰিবৰ্তন ঘটে।জীৱনৰ পৰিক্ৰমাত আমি নিতৌ ঘুৰিব ধৰিছো।তাৰ লগে লগে আমি অতীতৰ বহু কথাই হেৰুৱাই পেলাইচো।অতীতৰ আড্ডা আৰু বৰ্তমানৰ আড্ডাৰ মাজত বহুত প্ৰভেদ আহি গৈছে।

আড্ডাৰ ধৰণ,পৰিবেশ,আৰু প্ৰভাৱত কিছু পাৰ্থক্য দেখা যায়।

১/ সাধাৰণতা আৰু পৰিবেশ : অতীতৰ আড্ডা ত প্ৰায়েই গাওঁৰ সাধাৰণ মানুহৰ চোতালত,কাপোৰ ৰ দোকানত,তিনিআলিৰ,পথাৰত,পুখুৰীৰ পাৰত মানুহে সৰু গোট বা সমুদায় একলগ হৈ সেই সময়ত মুখে মুখে শুনা গল্প কবিতা,তেওঁলোকৰ দিনচৰ্যা,পৰম্পৰা গীত নৃত্য আদিৰ আড্ডা বহিছিল।তাৰ পৰাই বহু গায়ক,সাহিত্যিক r জন্ম হৈছিল।আনহাতে বৰ্তমান আড্ডা বোৰ চচিয়েল মিডিয়া,সেটিং,এপ্লিকেচন, ভিডিও কল,অনলাইন গোটৰ মাধ্যমে আড্ডা হয়।এইবোৰে বিশ্বজুৰি মানুহক একলগ কৰিব পাৰে কিন্তু ব্যক্তিগত সংস্পৰ্শ কম থাকে।

২/আগৰ আড্ডা সমূহে মানসিক শান্তি আৰু সামাজিক সম্পৰ্ক সুদৃহ কৰি তুলিছিল।বন্ধু বান্ধৱী ৰ মাজত গভীৰ সংযোগ আৰু আন্তৰিকতা দেখা যায়। আজিৰ আড্ডা অধিক গতিৰ,সময়ৰ অভাৱ আৰু বহুবিধ প্ৰযুক্তিৰ প্ৰভাৱত কিছুমান সংলগ্ন বা তৎক্ষণাৎ প্ৰভাৱিত।

৩/বিষয় বস্তু আৰু স্বভাব — আগৰ দিনৰ আড্ডা প্ৰায় গাভৰুৰ খেল,গীত আৰু পৰম্পৰাগত বস্তুৰ ওপৰত কেন্দ্ৰিত আছিল।

বৰ্তমান আড্ডা অধিক বৈচিত্ৰ পূৰ্ণ, চচিয়াল মিডিয়া,খেল,শিক্ষা মূলক আলোচনা আৰু ব্যক্তিগত আলোচনা বিষয়ে।

৪/আগৰ দিনৰ আড্ডা নিৰ্দিষ্ট সময় আৰু স্থানত আছিল।

আজিৰ দিনত যিকোনো সময়ত,যিকোনো ঠাইত,অনলাইন মাধ্যমৰ জৰিয়তে বন্ধু বৰ্গৰ সৈতে আড্ডা চলি থাকে।

শৈশৱত বন্ধুৰ সৈতে আৰু পৰিয়ালৰ সৈতে হোৱা আড্ডা আৰু সময়বোৰ অধিক স্মৰণীয় হৈ থাকে।জোনাক ৰাতি চোতালত ঢাৰি পাৰি সকলোৱে একেলগে বহি বিচনিৰে বা লৈ লৈ পতা আড্ডা বৰ আজিও মনত সজীৱ হৈ আছে।আইতা আৰু মাৰ মুখেৰে সাধু সাধু যেন লগা পুৰনি কথাবোৰ,সময়বোৰ আজিও পাহৰিব পৰা নাই।আবেলি কাম খিনি অতাই বাটৰ মুখৰ পুলটোত বহি চুবুৰীৰ গোটেই লৰা ছোৱালী ৰ বিভিন্ন কথাৰে জমি থকা আড্ডা টো আজিও কাণত ভাঁহি থাকে।কিন্তু বৰ্তমান সেই আড্ডা সেই পৰিবেশ নাই।একেটা কোঠাত দুটা মানুহ থাকিলেও মোবাইল বা tv চাই ব্যস্ত থাকে।লৰা ছোৱালী বোৰ অধিক ব্যস্ত হৈ থাকে।পঢ়াৰ ওপৰিও বিভিন্ন বিষয়ৰ উপৰত লোৱা ক্লাছ ৰ বোজাৰ হেঁচাত থাকে। যিকন সময় পায় tv, মোবাইল,কম্পিউটাৰ,ভিডিয় গেম আদিতে ব্যস্ত থাকি ভালপায়।আজিৰ সন্তানে সেই আগৰ আড্ডা ৰ আমেজ নাপায়।

গৰমৰ দিনত ৰাতি গোটেই চুবুৰীৰ মানুহ খিনি বাটত গোট খাই বতাহ লৈ দিয়াৰ আড্ডা আজিৰ দিনত নাপাওঁ।আজিৰ দিনত আড্ডা অধিক আধুনিক আৰু ডিজিটেল ভাবে ৰূপান্তৰিত হৈছে। এ চি ৰুমত বহি সোচিয়াল মিডিয়া ,মেছেঞ্জাৰ এপ্, ভিডিয়া কল,আৰু অনলাইন gaming ৰ জৰিয়তে বন্ধু বন্ধনীৰ সৈতে সংযোগ হৈ থাকে।মানুহে এতিয়া ঘৰ পৰা বা যিকোনো ঠাইৰ পৰা ইণ্টাৰনেট যোগে আড্ডা দিয়ে।আধুনিক জীৱনৰ ব্যস্ততাৰ আৰু প্ৰযুক্তিৰ উন্নতি ত আড্ডা ৰ ধৰন সলনি হল।তদুপৰি কেটবোৰ সময়ত এই ডিজিটেল আড্ডা মানসিক চাপ বা একাকীত্ব ও সৃষ্টি কৰিব পাৰে।

আগৰ দিনৰ আড্ডা অধিক ব্যক্তিগত, সাবলিল,আৰু গভীৰ অনুভৱৰ সৈতে আছিল।আজিৰ দিনত ডিজিটেল মাধ্যমৰ প্ৰযুক্তি আৰু সময়ৰ পৰিবৰ্তনৰ ফলত সংযোগ আৰু যোগাযোগ ৰ ধৰণ সলনি হৈছে।তথাপি দুয়ো প্ৰকাৰৰ আড্ডা ই মানুহৰ সামাজিক জীৱনত গুৰুত্বপূৰ্ণ অৱদান দিয়ে।

You might also like

Comments are closed, but trackbacks and pingbacks are open.