আবেদুল চুলতান
কথা–সুৰ–ছন্দৰে অনেকক উদ্বেলিত কৰি সুদূৰত অকালতে জীৱন নাটৰ সামৰণি পেলোৱা সাম্প্রতিক অসমীয়া সংগীত জগতৰ মুকুটবিহীন সম্রাট জুবিন গার্গক চিৰদিনলৈ হেৰুৱাই মর্মাহত হৈছে কোটি কোটি লোক৷ বহুতে বিচাৰি পোৱা নাই প্রিয় শিল্পীজনক অপ্রত্যাশিতভাৱে চিৰদিনলৈ হেৰুওৱাৰ দুখ–বেদনা প্রকাশৰ উপযুক্ত ভাষা৷ ধুমুহাৰ স’তে মোৰ৷বহু যুগৰে নাচোন৷ নিজানৰ গান মোৰ৷ শেষ হ’ব ভাবোঁ তোমাৰ বুকুত…’৷ যি ধুমুহাৰ স’তে বহু যুগৰে নাচোন, সেই ধুমুহাকে অসমবাসীৰ হূদয়ত সৃষ্টি কৰি উভতি নহাৰ বাটেৰে গুচি গ’ল সকলোৰে আপোন, সকলোৰে মৰমৰ জুবিন গার্গে৷ নিজৰ ‘মায়াবিনী ৰাতিৰ বুকুত’ শীর্ষক গীতটি মৃত্যুৰ সময়ত গাবলৈ সকলোকে সদায় আহ্বান জনাই অহা ‘লুইতকণ্ঠ’ জুবিনৰ নিজানৰ গান অৱশ্যে প্রিয়তমাৰ বুকুত শেষ নহ’ল৷ বৰঞ্চ বহু দূৰৰ ছিংগাপুৰত এক অভাৱনীয় ঘটনাত সকলোকে কন্দুৱাই জুবিন গুচি গ’ল অচিন দেশলৈ৷ যিজন জুবিনে অসম তথা অসমীয়াৰ মাজত থকাৰ বাবেই বলীউডৰ দৰে লোভনীয় স্থান ত্যাগ কৰি গুচি আহিছিল, যিজন জুবিনে অসম তথা উত্তৰ–পূবৰ কৃষ্টি–সংস্কৃতিক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়াৰ চেষ্টা কৰিছিল সেইজন জুবিনে কিন্তু জীৱনৰ শেষনিশ্বাস অসম–মাতৃৰ কোলাত ল’ব নোৱাৰিলে৷ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী অসমে উলহ–মালহেৰে পালন কৰাৰ সময়তে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্রখনত অপূৰণীয় ৰিক্ত স্থানৰ সৃষ্টি কৰি পাখি মেলি উৰি গুচি গ’ল জুবিন৷
জুবিন মানে এজন জনপ্রিয় সংগীত শিল্পী নাছিল, জুবিন আছিল অসমৰ শ্বাসতন্ত্র৷ সুধাকণ্ঠৰ পাছত জুবিনেই সংগীতৰ মায়াৰে অসমীয়াৰ অনেক দুখ–যন্ত্রণাৰ উপশম ঘটাই আহিছিল৷ জুবিন গার্গ কেৱল এজন সংগীত শিল্পীয়েই নহয়, তেওঁ যুৱপ্রজন্মৰ জীৱনৰ এৰাব নোৱাৰা অংশস্বৰূপ হৈ পৰিছিল৷ বিগত কেইটামান দশকত জুবিন গার্গৰ এই সামাজিক–সাংস্কৃতিক উত্তৰণ সঁচাকৈয়ে বিস্ময়কৰ৷ জুবিন গার্গ সেই অর্থতে অসমীয়াৰ বুকুৰ আপোন৷
প্রতিজন মানুহৰ হূদয়ৰ নিভৃত কোণত তেওঁৰ গানে সেয়ে নিগাজিকৈ থিতাপি লৈছে৷ সংগীত জগতৰ ইতিহাসত এনে এজন শিল্পীৰ জন্ম হোৱা নজিৰ নাই বুলিয়েই ক’ব লাগিব, যিয়ে আৱেগিক, কাব্যিক আৰু অকৃত্রিমভাৱে মানুহৰ মন–মগজু এইদৰে চুই যাব পাৰিছে৷ জুবিন গার্গৰ নামটোৱেই যোৱা চাৰিটামান দশকত শ্রোতা–দর্শকৰ হূদয় আন্দোলিত কৰি ৰাখিছে৷ তেওঁৰ গান আৰু সুৰৰ ইতিহাস সঁচাকৈয়ে এক বর্ণিল ইতিহাস৷ মানুহে তেওঁৰ আচাৰ–আচৰণ, বেশ–ভূষা আৰু শিল্পী হিচাপে তেওঁৰ একক তথা অনন্য ব্যক্তিত্বই প্রজন্মৰ পিছত প্রজন্মক এক অপূর্ব সংগীতময় জগতত একতাৰ ডোলেৰে বিলীন কৰি ৰাখিছে৷ সেই বাবে তেওঁ জুবিন৷
১৯৭২ চনত মেঘালয়ৰ তুৰাত জন্মগ্রহণ কৰা জুবিনে পৰিয়ালৰ সৈতে যোৰহাটত সুদীর্ঘ সময় অতিবাহিত কৰিছিল৷ পৰৱর্তী সময়ত গুৱাহাটীলৈ আহি তেওঁ সংগীত শিল্পী হিচাপে প্রতিষ্ঠা লাভ কৰে৷ ভাৰতীয় ধ্রুপদী সংগীতৰ স্রষ্টা জুবিন মেহতাৰ নামানুসাৰে নাম ৰখা হৈছিল জুবিনৰ৷ তেওঁৰ পিতৃয়ে কপিল ঠাকুৰ ছদ্মনামেৰে বহু সুন্দৰ গীত লিখিছে৷ এই গীতবোৰ জুবিনৰ কণ্ঠত আঁকোৱালি লয় অসমৰ সংবাদপ্রেমীয়ে৷ শৈশৱৰ পৰা সংগীতৰ প্রতি গভীৰভাৱে অনুৰাগী জুবিনে মাত্র তিনি বছৰ বয়সৰ পৰাই গান গাবলৈ আৰম্ভ কৰে৷ মাতৃ আছিল তেওঁৰ সংগীতৰ আদিগুৰু৷ কেৱল কণ্ঠশিল্পীয়েই নহয়, তেওঁ বিভিন্ন বাদ্যযন্ত্র সংগত কৰাতো আছিল সিদ্ধহস্ত৷ জুবিন গার্গে ১২বিধ বাদ্যযন্ত্র পৰিৱেশন কৰিব পাৰিছিল৷ মাত্র ১১বছৰ বয়সতে তেওঁ তবলাৰ প্রশিক্ষণ গ্রহণ কৰিছিল৷ পৰৱর্তী সময়ত গীটাৰ, ড্রাম, হাৰমনিয়াম, কী–ব’ডসহ অসংখ্য বাদ্যযন্ত্র পৰিৱেশন কৰাত পটুতা দেখুৱাইছিল৷ গুৱাহাটীৰ বি বৰুৱা কলেজত বিজ্ঞানৰ স্নাতক পর্যায়ত অধ্যয়ন কৰিছিল যদিও সংগীতেৰে কেৰিয়াৰ আৰম্ভ কৰিব বিচৰা শিল্পীগৰাকীয়ে আধাতে পঢ়া এৰি দিয়ে৷ ১৯৯২ চনত তেওঁ অনামিকা নামৰ এলবামটিৰে সংগীতৰ কেৰিয়াৰ আৰম্ভ কৰে৷
অনামিকাই অসমৰ শ্রোতাৰ মাজত অভূতপূর্ব জনপ্রিয়তা অর্জন কৰাৰ পিছত অতি কম দিনৰ ভিতৰতে বহু জনপ্রিয় গীত উপহাৰ দিয়ে৷ ১৯৯৫ চনত বলীউডৰ চলচ্চিত্রৰ নেপথ্য শিল্পীৰূপে প্রতিষ্ঠা লাভৰ উদ্দেশ্যে মুম্বাইলৈ যায় জুবিন গার্গ৷ ২০০৬ চনত অনুৰাগ বসুৰ পৰিচালনাত মুক্তি লাভ কৰা ‘গেং ষ্টাৰ’ ছবিত কণ্ঠদান কৰা ‘য়া আলী’ শীর্ষক গীতটিৰ জৰিয়তে তেওঁ সমগ্র দেশত নিশাৰ ভিতৰতে জনপ্রিয় হৈ পৰে৷ ইয়াৰ পিছতে জুবিনে অসমৰ লগতে দেশৰ সংগীত জগতত অন্যতম সফল কণ্ঠশিল্পীৰূপে এখন সুকীয়া আসন দখল কৰে৷ ইয়াৰ পূর্বে তেওঁ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গার্গৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ জুবিনৰ ভগ্ণী তথা কণ্ঠশিল্পী জংকী বৰঠাকুৰৰো এক দুর্ঘটনাত অকাল মৃত্যু হৈছিল৷ মৃত ভগ্ণীৰ সোঁৱৰণত তেওঁ এটি গীতৰ এলবাম নির্মাণ কৰিছিল৷ কেৱল শিল্পী হিচাপেই নহয়, অসমৰ সমাজ জীৱনৰ বাবে জুবিনে সদায় মাত মাতি আহিছিল৷ তেওঁ প্রকাশ্যে ঘোষণা কৰিছিল যে কোনো ধর্মৰ প্রতি তেওঁৰ বিশ্বাস নাই৷ ৰাজহুৱাভাৱে তেওঁ মোৰ কোনো জাতি নাই, ধর্ম নাই বুলি সদৰী কৰি তীব্র বিতর্কৰ মাজতো সোমাই পৰিছিল৷ চৰকাৰৰ নেতিবাচক কাম–কাজৰ বিৰুদ্ধেও জুবিনে সদায় জনতাৰ কণ্ঠ হিচাপে ধৰা দিছিল৷ মন কৰিবলগীয়া যে অসমত লাখ লাখ অনুৰাগীৰ জন্ম দিয়া জুবিনে ফিজা, গেং ষ্টাৰ, বাজ, থ্রী ডি, কৃষ থ্রী আদি ছবিত কেইবাটাও জনপ্রিয় গীতত কণ্ঠদান কৰি বলীউডতো বিশেষ পৰিচিতি লাভ কৰিছিল৷ কেইবাখনো বঙালী ছবিত নেপথ্য শিল্পী হিচাপে কণ্ঠদান কৰা শিল্পীগৰাকীয়ে বহুকেইটা জনপ্রিয় বঙালী গীতৰ এলবামতো গীত গাইছিল৷ অৱশ্যে বিগত কেইবছৰমানৰ পৰা তেওঁ মাজে সময়ে শাৰীৰিক অসুস্থতাত ভুগিবলগীয়া হৈছিল৷ অসমীয়া, হিন্দী, বঙালীসহ প্রায় ৩৮ হাজাৰ গান তেওঁৰ কণ্ঠত ইতিমধ্যে বাণীবদ্ধ হৈছে৷ অনিয়ন্ত্রিত জীৱন আৰু কিছুমান কর্মকাণ্ডৰ বাবে বিতর্কত সোমাই পৰিলেও জুবিনৰ জনপ্রিয়তা অলপো হ্রাস পোৱা নাছিল৷ শিল্পীগৰাকীয়ে অভিনেতা হিচাপেও যথেষ্ট জনপ্রিয়তা অর্জন কৰিছিল৷ কেইবাখনো জনপ্রিয় ছবি উপহাৰ দিয়া জুবিনে কেইবাটাও এলবাম আৰু এখন ছবিৰ কামত ব্যস্ত আছিল৷ জুবিন গার্গৰ কণ্ঠ আছিল অসমৰ সাংস্কৃতিক জগতৰ এটা উজ্জ্বল নক্ষত্র, যাৰ মধুৰ সুৰে লাখ লাখ মানুহৰ হূদয় স্পর্শ কৰিছিল৷ জুবিন গার্গৰ কণ্ঠৰ বলিষ্ঠতা আৰু সংবেদনশীলতাৰ কথা ক’লে, তেওঁৰ গানৰ প্রতিটো শব্দই যেন এটা জীৱন্ত কাহিনী৷ তেওঁৰ উচ্চাৰণৰ স্পষ্টতা আৰু গীতৰ কথাৰ গভীৰতাই তেওঁক অদ্বিতীয় কৰি তুলিছিল৷ তেওঁৰ কণ্ঠত আছিল এটা যাদু, যিয়ে শ্রোতাক আৱেগৰ গভীৰতালৈ লৈ যাব পাৰিছিল৷ তেওঁৰ গানত প্রেমৰ মধুৰতা, বিচ্ছেদৰ বেদনা আৰু জীৱনৰ উৎসৱমুখৰতা একেলগে মিলি গৈছিল৷ এই সংবেদনশীলতাৰ জৰিয়তে তেওঁ অসমীয়া সংগীতক এক নতুন মাত্রা দিছিল, যিয়ে কেৱল অসমতে নহয়, ভাৰতৰ বিভিন্ন প্রান্ততো তেওঁক জনপ্রিয় কৰি তুলিছিল৷ তেওঁৰ গানৰ মাধ্যমেৰে অসমীয়া সংস্কৃতিৰ সৌন্দর্য আৰু গভীৰতা বিশ্বৰ সন্মুখত উপস্থাপন হৈছিল৷ তেওঁৰ কণ্ঠই অসমীয়া লোকসংগীতৰ ঐতিহ্যক আধুনিকতাৰ স’তে সংযোগ কৰিছিল, যিয়ে তেওঁক প্রজন্মৰ বাবে প্রেৰণাৰ উৎস কৰি তুলিছিল৷
জুবিন গার্গে এগৰাকী অনন্য ব্যক্তিত্বৰ অধিকাৰী হৈ এই পৃথিৱীত পদার্পণ কৰিছিল৷ আনৰ দুখত দুখী হ’ব পৰা, আনৰ সুখত সুখী হ’ব পৰা, প্রতিটো সময়তে আর্তজনৰ বাবে নিজৰ সহায়ৰ হাতখন মুকলিকৈ মেলি দিব পৰা ব্যক্তিত্বই জুবিন গার্গক আনতকৈ সম্পূর্ণ পৃথক কৰি ৰাখিছিল৷ অসমৰ ৰাজনৈতিক আৰু সমাজ জীৱনত জুবিনৰ স্পষ্টবাদিতাই এক নতুন দিশ মুকলি কৰিবলৈ সক্ষম হৈছিল৷ অসমৰ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক প্রতিটো বিষয়ত জাতিটোৰ হকে মাত মাতিবলৈ প্রতিটো সময়তে সজাগ আৰু সচেতন আছিল জুবিন গার্গ৷ নিজস্ব জীৱনশৈলীৰ বাবে কেৱল অসমতে নহয় সমগ্র দেশতে জুবিন গার্গৰ এক সুকীয়া পৰিচয় আছে৷ শিশুসুলভ মনৰ অধিকাৰী জুবিন গার্গৰ অসমীয়া জাতিটোৰ প্রতিটো সংকটৰ সময়তে জাতিটোক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ যি অদম্য হেঁপাহ আৰু সাহস আছিল, সেয়া জাতি–ধর্ম–বর্ণ নির্বিশেষে প্রতিগৰাকী অসমবাসীয়ে আজীৱন হূদয়ত ৰাখিব৷
ফোন : ৯১০১৭–০৮৪০১
Comments are closed, but trackbacks and pingbacks are open.