হৃদৰোগৰ প্ৰতিৰোধত আয়ুৰ্বেদৰ ভূমিকা

14

এই যে আজিকালি শুনিবলৈ পাওঁ অমুক চফল ডেকা অভিনেতাগৰাকীৰ বা অভিনেত্ৰীগৰাকীৰ মৃত্যু হ’ল হঠাতে হৃদৰোগত আক্ৰান্ত হৈ ! কি আচৰিত!!

আজিকালি বাৰু হৃদৰোগৰ প্ৰাদুৰ্ভাৱ ইমান কিয় বৃদ্ধি পাইছে। সুন্দৰ সুঠাম শৰীৰৰ অধিকাৰী, নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰে, কোনো জ্ঞাত আনুসংগিক ৰোগো নাই দেহত — তেনেস্থলত কি কাৰণে আজি আবেলি লগ পোৱা আপোনাৰ-মোৰ বন্ধুজন কাইলৈ ৰাতিপুৱা শুই নুঠে?

সম্প্ৰতি এটা বছৰত মৃত্যুবৰণ কৰা সৰ্বমুঠ লোকৰ ২৮-৩০% মৃত্যু অকল হৃদৰোগৰ কাৰণেই হয় বুলি তথ্য প্ৰকাশ পাইছে।

বিভিন্ন কাৰণে সাম্প্ৰতিক সময়ত হৃদৰোগৰ প্ৰাদুৰ্ভাৱ আৰু হৃদৰোগত মৃত্যু ঘটা লোকৰ সংখ্যা যোৱা কেইটামান বছৰৰ তুলনাত দুগুণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। মূখ্য কাৰকসমূহৰ ভিতৰত – উচ্চ ৰক্তচাপ, মধুমেহ, মানসিক চাপ, উদ্বিগ্নতা, কৰ্মবিমুখ জীৱনশৈলী আদি উল্ল্যেখযোগ্য।

ভাৰতবৰ্ষৰ প্ৰাচীনতম স্ব-চিকিৎসা পদ্ধতি আয়ুৰ্বেদ চিকিৎসা বিজ্ঞানে হৃদ্‌স্বাস্থ্য (heart-health)-ৰ ক্ষেত্ৰত এক সামগ্ৰিক আৰু প্ৰতিৰোধমূলক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। এই চিকিৎসা পদ্ধতিটোৱে শুদ্ধ খাদ্যাভ্যাস, শৃংখলাবদ্ধ জীৱনশৈলী, পৰিমিত পৰিশ্ৰম, ঔষধি গছ-গছনিৰ প্ৰয়োগ, ভেষজ চিকিৎসা আৰু যোগাসন তথা প্ৰাণায়ামৰ জৰিয়তে শৰীৰ, মন আৰু আত্মাৰ মাজত সমতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিয়ে।

হৃদ্‌ৰোগ সম্পৰ্কে আয়ুৰ্বেদিক দৃষ্টিভংগীঃ আয়ুৰ্বেদত হৃদয়ক এটা গুৰুত্বপূৰ্ণ মৰ্ম (Marma) অংগ হিচাপে গণ্য হয়। ই “ওজ” (Ojas), “প্ৰাণবায়ু” (Prāṇa Vāyu) আৰু “মন” (Manas)-ৰ আসন হিচাপেও বিবেচিত। সকলো হৃদ্‌ৰোগক একেলগে “হৃদৰোগ” (Hṛidroga) বুলি কোৱা হয়।

আয়ুৰ্বেদত ত্রিদোষ (বাত, পিত্ত আৰু কফ) বিশেষকৈ “ব্যান বায়ু” (Vyana Vāyu), “অৱলম্বক কফ” (Avalambaka Kapha), আৰু “সাধক পিত্ত” (Sadhaka Pitta)-ৰ সামঞ্জস্যহীনতাৰ হেতু হৃদ্‌ৰোগ হোৱা বুলি কোৱা হয়।

হৃদ্‌ৰোগ প্ৰতিহত কৰাত আয়ুৰ্বেদৰ প্রতিৰোধমূলক ভূমিকাঃ

1. দিনচৰ্যা আৰু ঋতুচৰ্যাঃ- দৈনন্দিন আৰু ঋতুকালীন নিয়মিত জীৱনশৈলীৰ জৰিয়তে দোষসমূহৰ সমতা ৰক্ষা কৰা হয়।পুৱা ব্ৰহ্মমুহুৰ্তত শুৱাপাটী এৰা, জিভা পৰিষ্কাৰ কৰা, দাঁ‌ত পৰিষ্কাৰ কৰা, ব্যায়াম কৰা, পৰিমিত পৰিশ্ৰম কৰা, অভ্যঙ্গ (তৈল-মালিচ), যোগাসন, ধ্যান আৰু প্ৰাণায়াম আদিৰ ওপৰত দিনচৰ্যাত উপদেশ দিয়া হৈছে। এইবোৰে ব্যক্তি এগৰাকীৰ সামগ্ৰিক স্বাস্থ্যৰক্ষাত সহায় কৰে।

2. আহাৰ (Dietary Guidelines)ঃ- সাত্ত্বিক আহাৰ – সতেজ সেউজীয়া শাক-পাচলি, পুষ্টিকৰ, কম তেলযুক্ত, সহজে পাচ্য আহাৰ গ্ৰহণ কৰিব লাগে। গঁজালি ওলোৱা মগু, কেঁ‌চা শাক-পাচলি, নহৰু, আদা, হালধি আৰু ঘিঁ‌ৰ সীমিত ব্যৱহাৰ কৰা উচিত। তৈলাক্ত, বেছি মছলাযুক্ত, বেছি নিমখযুক্ত, জাংক ফুড, ফাষ্ট ফুড, সংশোধিত আৰু সংৰক্ষিত খাদ্য আদি ত্যাগ কৰা উচিত।

3. ঔষধি আৰু আয়ুৰ্বেদিক ফৰ্মুলাঃ- হৃদয়ৰ বাবে উপকাৰী কিছুমান ঔষধি আৰু প্ৰসিদ্ধ আয়ুৰ্বেদিক ফৰ্মুলা:

অর্জুন (Terminalia arjuna) – হৃদপিণ্ডৰ মাংসপেশী মজবুত কৰে আৰু ৰক্তচাপ কমায়।

পুষ্কৰমূল (Inula racemosa) – হৃদযন্ত্ৰৰ লগত জড়িত সিৰা-ধমনীৰ পৰিসঞ্চালন উন্নত কৰে। হৃদযন্ত্ৰলৈ ৰক্তসঞ্চালন উন্নত কৰে।

গুগ্গুলু (Commiphora mukul) – ক’লেষ্টেৰ’ল কমায়। ধমনী পৰিষ্কাৰ কৰি ৰাখে।

ব্ৰাহ্মী, অশ্বগন্ধা, জতামান্সি – মানসিক চাপ কমায় আৰু হৃদপিণ্ডৰ কাৰ্যক্ষমতা উন্নত কৰে।

এইসমূহ একক ভেষজৰ উপৰিও অৰ্জুনাৰিষ্ট, হৃদয়াৰ্ণৱ ৰস, দশমূল ক্বাথ আদিয়ে হৃদৰোগ প্ৰতিৰোধত বিশেষ ভূমিকা পালন কৰে। ত্ৰিফলা গুগ্গুল্লুৱে যিদৰে CAD-ত উৎকৃষ্ট ফল দেখুৱায়, একেদৰে পুষ্কৰ গুগ্গুল্লুৱে IHD-ত সৰ্বোৎকৃষ্ট ফল দেখুৱায়।

4. পঞ্চকৰ্ম চিকিৎসা

বিৰেচন – পিত্ত আৰু বিষাক্ত পদাৰ্থ, আম্ আদি আঁতৰায়।

বস্তি – বায়ু-সংশ্লিষ্ট হৃদৰোগ নিয়ন্ত্ৰণত উপকাৰী।

নস্য আৰু শিৰোধাৰা – মানসিক চাপ হ্ৰাস কৰে।

5. ৰসায়ন (পুনঃউজ্জীৱন থেৰাপী)ঃ- ওজ বৃদ্ধি কৰে, ৰোগপ্ৰতিৰোধ ক্ষমতা উন্নত কৰে আৰু বয়স বৃদ্ধিৰ গতি মন্থৰ কৰে। আমলখি, চ্যৱনপ্ৰাশ আদিৰ ব্যৱহাৰ হৃদস্বাস্থ্যৰ বাবে উপকাৰী।

6. যোগ আৰু প্ৰাণায়ামঃ- আসন যেনে- তাডাসন, বৃক্ষাসন, ভুজংগাসন, অর্ধ-মৎস্যেন্দ্ৰাসন আদি হৃদযন্ত্ৰৰ কাৰ্যশীলতা উন্নত কৰে। প্ৰাণায়াম যেনে- অনুলোম-বিলোম, ভ্ৰামৰী, শীতলী আদিয়ে স্নায়ৱিক তন্ত্ৰ শিথিল কৰে আৰু ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ধ্যানে মানসিক উদ্বিগ্নতা হ্ৰাস কৰে।

চৰক সংহিতাৰ সূত্ৰস্থানত ১০ বিধ এনে বিশেষ ভেষজৰ নাম হৃদ্য-মহাকষায় বুলি উল্ল্যেখ আছে, অম্ল ৰসযুক্ত যিসমূহ প্ৰকৃততে Anti-hypertensive, Anti-coagulant, Anti-dislipidemic, Anti-atheroscleroric, Antioxidant আৰু Anti-inflamatory হয়। সেইসমূহত যথেষ্ট পৰিমাণে ভিটামিন-চি আৰু এণ্টি-অক্সিডেণ্ট আদি থাকে বাবে cardioprotective হিচাৱে কাম কৰে। আম, বগৰী, ৰবাব টেঙা আদি সহজতে উপলব্ধ কেইবিধমান হৃদ্য ফলমূলৰ উদাহৰণ।

আধুনিক বৈজ্ঞানিক প্ৰমাণঃ অর্জুন গছৰ ছালৰ নির্যাসে LDL ক’লেষ্টেৰ’ল হ্ৰাস কৰে আৰু হৃদপিণ্ডৰ বাওঁ নিলয়ৰ কাৰ্যক্ষমতা উন্নত কৰে। ধ্যান আৰু যোগব্যায়ামে মানসিক চাপ, উদ্বিগ্নতা, মধুমেহ, ৰক্তচাপ আদি — যিসমূহ প্ৰায় সকলোপ্ৰকাৰৰ হৃদ্‌ৰোগৰ মুখ্য বিপদজনক কাৰক হিচাৱে চিহ্নিত হৈছে — সেইসমূহ হ্ৰাস কৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে বুলি প্ৰমাণ পোৱা গৈছে।

আয়ুৰ্বেদৰ দৃষ্টিভংগী আধুনিক কাৰ্ডিঅ’লজি (preventive cardiology)-ৰ লগত সামঞ্জস্যপূৰ্ণ। আয়ুৰ্বেদে হৃদ্‌ৰোগ প্ৰতিহত কৰিবলৈ এক সামগ্ৰিক ৰণনীতি আগবঢ়ায়। সুশৃঙ্খল আহাৰ আৰু জীৱনশৈলী, মানসিক চাপৰ নিয়ন্ত্ৰণ, হৃদয়ৰ বাবে উপকাৰী ঔষধিৰ ব্যৱহাৰ, পুনঃউজ্জীৱন থেৰাপী (Rasayana therapy)-ৰ প্ৰয়োগ উল্লেখনীয়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.