টেনিছ এ’লবো : কিলাকুটি গাঁঠিৰ বিষ

167

ৰাজীৱ কাশ্যপ

টেনিছ এ’লবো যাক চিকিৎসা বিজ্ঞানৰ ভাষাত ‘লেটাৰেল এপিক’ণ্ডাইলিটিচ ‘ বুলিও কোৱা হয়। এইটো এবিধ হাতৰ কিলাকুটিৰ অতি যন্ত্ৰণাদায়ক বিষৰ সমস্যা।কিলাকুটিৰ বাহিৰৰ ফালে এই বিষটো হয় আৰু হাতৰ পিচফালেৰে মনিবন্ধনৰ ফাললৈ বিষটো যাব পাৰে।কিলাকুটিৰ গাঠিটো সম্পূৰ্ণ চিধা কৰি দিলে বিষটো বেছিকৈ অনুভৱ হব পাৰে।টেনিছ এ’লবোৰ প্ৰধান তথা মুখ্য কাৰণ হৈছে  কিলাকুটিৰ পেশী আৰু টেণ্ডনসমুহ ৰ  অত্যাধিক ব্যৱহাৰ। কিলাকুটিৰ গাঠি আৰু মনিবন্ধনৰ গাঠিৰ সঘনাই তথা অত্যাধিক সঞ্চালনৰ বাবে বা মনিবন্ধনৰ গাঠিটো অধিক পকোৱা কাম কৰিলে কিলাকুটিৰ পেশী আৰু টেণ্ডন সমুহ ক্ষতিগ্ৰস্থ হয় । টেনিছ খেলৰ খেলুৱৈ সকলে বেছিকৈ এই সমস্যাটোত  ভোগে বাবে ইয়াৰ নাম  টেনিছ এ’লবো ৰখা হৈছে।ইয়াৰ উপৰিও সাতোৰবিদ, গ’ল্ফ  খেলুৱৈ, প্লাম্বাৰ,কাঠমিস্ত্ৰী, ক্ৰিকেট খেলুৱৈ ,ৰঙৰ কাম কৰা ,কম্পিউটাৰ ব্যৱহাৰ কৰা, স্কূ ড্ৰাইভাৰ ব্যৱহাৰ কৰা লোকসকলো এই সমস্যাটো  ভুগা দেখা যায়।গৃহিণী সকলে হেতা ঘুৰাই খাদ্য বনোৱাৰ সময়তো এইটো হয়। অবশ্যে বহু ক্ষেত্ৰত কোনো বিশেষ কাৰণ নোহোৱাকৈও টেনিছ এ’লবো হোৱা দেখা যায়।

 টেনিছ এ’লবোৰ লক্ষণ সমূহ:

*কিলাকুটিৰ বাহিৰৰ ফালে বিষ হয়, প্ৰথম অবস্থা ত বিষটো কমকৈ অনুভৱ হয় যদিও পিছলৈ বহুত বাঢ়ি যায়।

* কিলাকুটিৰ পৰা বিষটো মণিবন্ধনৰ গাঠিলৈ যাব পাৰে।

* হাতখন জোকাৰিলে বা কিবা বস্তু চেপি ধৰিলে বিষটো বেছি হয়।

* হাতেৰে জোৰকৈ একো বস্তু ধৰিব নোৱাৰা হয়।

* বস্তু হাতেৰে দাঙিলে,টেমা বা পানী জাৰৰ ঢাকোন খুলিলে বেছিকৈ বিষ হয়।

উক্ত লক্ষণ সমূহ দেখা দিলে ডাক্তৰে শাৰীৰিক পৰীক্ষা কৰিয়েই এই বেমাৰটো চিনাক্ত কৰিব পাৰে।কিছুমান ক্ষেত্ৰত ডাক্তৰে এক্সৰে বা এম-আৰ-আই আদি পৰীক্ষা কৰোৱাব লগীয়া হব পাৰে।

চিকিৎসা: ৮০-৯৫% লোকৰ ক্ষেত্ৰত কোনো ধৰণৰ শৈল্য চিকিৎসা নকৰাকৈ এই সমস্যাটো সম্পূৰ্ণ ভাবে নিৰাময় কৰিব পাৰি।ইয়াৰ বাবে তলৰ দিয়া পদ্ধতি সমুহ অৱলম্বন কৰিব পাৰি।

* জিৰণি:প্ৰথম পদ্ধতিটো হৈছে জিৰণি। হাতখন কেইবাসপ্তাহলৈ কোন ধৰণৰ সঞ্চালন নকৰাকৈ জিৰণি দিব পাৰে। এই ক্ষেত্ৰত ডাক্তৰে ‘ব্ৰেচ’ বা এ’লবো ব্ৰেণ্ড ব্যৱহাৰ কৰিব দিব পাৰে যাতে হাতখন চলাচল নহয়।

* বৰফৰ টুকুৰা এখন কাপোৰেৰে বান্ধি কিলাকুটিৰ বিষোৱা অংশত লগাব পাৰে।ইয়াৰ দ্বাৰা টেণ্ডন ৰ উখহা আৰু বিষ কমে।৮-১০ মিনিটকৈ দিনত ৩বাৰ  এই বৰফ লগাব। গৃহিণীসকলে খাদ্য বনাওতে বা কম্পিউটাৰ ব্যবহাৰৰ সময়ত এ’লবো ব্ৰেণ্ডটো লগাই ৰাখিব লাগে।

* নন্ ষ্টেৰ’য়ডেল এন্টি ইনফ্লামেটৰী দৰৱ ব্যৱহাৰ কৰিলেও বিষ আৰু উখহা কমে।

*ফিজিঅ’থেৰাপি: বিষ কমোৱাৰ ক্ষেত্ৰত ফিজিঅ’থেৰাপিয়ে বৰ ভাল কাম দিয়ে। আল্ট্ৰাচাউণ্ড থেৰাপি ব্যৱহাৰ কৰিলে বিষ আৰু উখহা যথেষ্ট পৰিমাণে কমি যায়।ইয়াৰ লগতে পৰ্যায়ক্ৰমে হাতৰ পেশীৰ শক্তি বঢ়োৱা ব্যয়াম বা Strengthening Exercises কিছুমান কৰিবলৈ দিয়া হয় আৰু ই  অতি সুফলদায়ক হয়। ফ্ৰিকচন- মেচাজ(Transverse Friction Massage) কৰিলে পেশীটোৰ জঠৰতা দুৰ হয়।

*কিছুমান ক্ষেত্ৰত ডাক্তৰে  কৰ্টিগো ষ্টেৰ’য়ডৰ বেজী দিবলগীয়া হয়। এই বেজী বিষোৱা পেশীটোৰ টেণ্ডনৰ অংশত দিয়ে।

উক্ত চিকিৎসাখিনি কৰাৰ পিছতো কিছুমান লোকৰ এই বিষটো নকমে আৰু বিষটো এবছৰত কৈ অধিক পুৰণি হয় তেতিয়া ডাক্তৰে শৈল্য চিকিৎসা ৰ পৰামৰ্শ দিব পাৰে।চাৰ্জাৰী কৰাৰ পিছত কিছুদিন স্প্লিনট(Splint) ব্যৱহাৰ কৰি হাতখন লৰচৰ কৰিব নোৱাৰা কৈ ৰখা হয়।৮০-৯০% চাৰ্জাৰী সফল হয় আৰু লোকজনে স্বাভাৱিক অবস্থা ঘুৰাই পাৰে ।

ফোন : ৮৬৩৮২৭২৮৬৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.