ব্যায়ামৰ দ্বাৰা কেনেকৈ চুলিৰ স্বাস্থ্য উন্নত কৰিব পাৰি 

9

অজন্তা উপমন্যু 

প্ৰায় মানুহৰ বিশেষকৈ মহিলা সকলৰ এটা ডাঙৰ সমস্যা চুলি সৰা আৰু বয়সৰ আগতেই চুলি পকিবলৈ ধৰা ।‌ যিকোনো মহিলাৰ মুখত প্ৰায়েই শুনিবলৈ পোৱা যায় ‘চুলি সৰি প্ৰায় নোহোৱাৰ দৰেই হল’ ।‌ চুলি সৰা বা পকা নানান কাৰণত হ’ব পাৰে , যেনে প্ৰয়োজনীয় পুষ্টিৰ অভাৱ, মানসিক চিন্তা, সঘনাই কেমিকেলযুক্ত পদাৰ্থৰ ব্যৱহাৰ ইত্যাদি । এই সমস্যাবোৰৰ পৰা পৰা মুক্ত হবলৈ নিজৰ প্ৰয়োজনীয় যত্নৰ লগতে কেনেকৈনো কিছুমান সাধাৰণ ব্যায়াম বা শাৰীৰিক অনুশীলনৰ দ্বাৰা চুলি পুনৰ গজাত সহায় কৰিব পাৰে সেইবিষয়ে কিছু আলোচনা কৰিবলৈ চেষ্টা কৰিম ।‌

তেজ চলাচল উন্নত কৰা – নিয়মীয়াকৈ ব্যায়াম কৰিলে তেজ চলাচল উন্নত হয় , মুৰ আৰু চুলিৰ গুৰিলৈ সঠিক পুষ্টি আৰু অক্সিজেন যোগান ধৰি চুলি গজাত সহায় কৰে । দৌৰা, সাঁতোৰা , চাইকেল চলোৱা আদিৰ দৰে Cardiovascular কাৰ্যকলাপে তেজ চলাচল দ্ৰুত আৰু উন্নত কৰে ।

মানসিক চাপ হ্ৰাস কৰা – মানসিক চাপ আৰু চিন্তাই শৰীৰৰ নানান বিসংগতি কৰাৰ লগতে চুলিৰো বিশেষ ক্ষতি কৰে ।‌ নিয়মীয়াকৈ ব্যায়াম কৰিলে মানসিক চাপ কম কৰে আৰু পৰোক্ষভাৱে চুলিৰ স্বাস্থ্য উন্নত কৰে ।‌

চুলিৰ স্বাস্থ্যৰ বাবে নিদিৰ্ষ্ট ব্যায়াম 

মুৰৰ ছালৰ মালিছ – এক কথাত ক’বলৈ হলে আমাৰ হাতৰ আঙুলিৰ আগত যাদু আছে । চুলিৰ বাবে লাগতিয়াল তেলৰ সহায়ত নিয়মীয়াকৈ মুৰৰ ছাল আৰু চুলিত আঙুলিৰ আগেৰে লাহে লাহে সৰু সৰু বৃত্তাকাৰ আকৃতিত বিশ/পচিছ মিনিটমান মালিছ কৰিব লাগে ।‌ এনেদৰে মালিছ কৰিলে মুৰৰ ছাল উদ্দপীত হৈ তেজ চলাচল বৃদ্ধি কৰি চুলি গজাত সহায় কৰে ।‌

যোগ – ডাৰ্মালাইফ ক্লিনিক সমূহে অধোমুখা স্বাসনা , ঊটৰ ভংগিমা USTRASANA আদি যোগ কৰিবলৈ পৰামৰ্শ দিয়ে যিয়ে চুলিৰ গুৰি মজবুত কৰি তোলে ।

বালায়াম যোগ (নখ ঘঁহা) – এখন হাতৰ নখেৰে আনখন হাতৰ নখত ঘৰ্ষণ কৰি থাকিলে মুৰৰ ছাললৈ তেজ চলাচল দ্ৰুত কৰি তোলে । যিকোনো আজৰি সময়ত এই ব্যায়ামৰ অভ্যাস গঢ়ি তুলিব পাৰিলে যঠেষ্ট উপকৃত হ’ব পাৰি ।‌

ডিঙিৰ ব্যায়াম – ডিঙি সঞ্চালন কৰা যিকোনো ব্যায়ামে চুলি গজাত পৰোক্ষভাৱে সহায় কৰে ।

প্ৰাণায়াম (শ্বাস-প্ৰশ্বাসৰ অনুশীলন) – দিনটোৰ যিকোনো সময়ত বিশেষকৈ ৰাতিপুৱা কিছুসময় প্ৰাণায়াম কৰিলেও চুলিলৈ তেজ চলাচল বৃদ্ধি পায় । এই ব্যায়ামে অকল যে চুলিৰ স্বাস্থ্যই ভাল কৰে এনে নহয় ই সঠিক শ্বাস-প্ৰশ্বাসৰ জৰিয়তে হাও-ফাও শক্তিশালী কৰি তোলে , মানসিক চাপ নাইকীয়া কৰে ।‌

ঘাম আৰু প্ৰাকৃতিক তেল – নিয়মীয়াকৈ কৰা শাৰীৰিক অনুশীলন কৰিলে আমাৰ ছালত থকা ৰন্ধ্ৰ সমূহৰ পৰা ঘাম আৰু তেল নিৰ্গত হয় । এই স্বাভাৱিক তেল আৰু পানীয়ে চুলিৰ আদ্ৰতা বজাই ৰাখি চুলি সৰা কম কৰে ।‌

হ’ৰমনৰ ভাৰসাম্য ৰক্ষা কৰা – নিয়মীয়াকৈ ব্যায়াম কৰিলে হ’ৰমনৰ ভাৰসাম্য ৰক্ষা কৰে আৰু চুলিৰ স্বাস্থ্য উন্নত কৰে ।

শাৰীৰিক অনুশীলনৰ লগতে চুলিৰ স্বাস্থ্যৰ বাবে সামন্তৰালভাৱে স্বাস্থ্য সন্মত খাদ্য আৰু সঠিক জীৱনশৈলী বজই ৰখাত গুৰুত্ব দিয়া উচিত ।

গতিকে দেখা যায় যে ব্যায়ামৰ দ্বাৰা পৰোক্ষভাৱে হ’লেও চুলি গজি উঠাত বিশেষ সহায় কৰে । তেজ চলাচল উন্নত কৰা, মানসিক চাপ কমোৱা , শৰীৰ আটিল আৰু স্বাস্থ্যৱান কৰি তোলা আদিৰ দ্বাৰা চুলি গজাতো একপ্ৰকাৰ অৰিহণা যোগায় ।‌

You might also like

Comments are closed, but trackbacks and pingbacks are open.