ৰিউমেটইড আর্থ্রাইটিছ আৰু ইয়াৰ নিদান

165

সুমন ডেকা
সহকাৰী অধ্যাপক, মাইক্রবায়লজি,
মহাত্মাগান্ধী বিশ্ববিদ্যালয়
১৩ মাইল, গুৱাহাটী

বর্তমান সময়ত বিভিন্ন ধৰণৰ আর্থ্রাইটিছৰ ভিতৰত ৰিউমেটইড আর্থ্রাইটিছো প্রায় ৭৫ শতাংশ মহিলাৰ দেখা দিয়া সচৰাচৰ সমস্যা৷ সাধাৰণতে, এই বেমাৰটো প্রায় ৩০ৰ পৰা ৫০ বছৰৰ ভিতৰত বেছিকৈ হলেও যিকোনো বয়সতে আৰম্ভ হব পাৰে৷ সেই হেতুকে, সহজ ভাষাত ৰিউমেটইড হৈছে এক দীর্ঘম্যাদী অটোইমিউন ৰোগ যি শৰীৰৰ দুয়োফালে থকা গাঁঠি যেনে আঙুলি, হাত, মণিবন্ধ, আঁঠু, গোৰোহা নাহবা ভৰিৰ আঙুলিটোত হব পাৰে৷ তদুপৰি আৰ এ অন্যান্য কোষবিলাকৰ লগতে হাঁওফাঁও, হৃদযন্ত্র, চকু আদি অংগবোৰক প্রভাৱিত কৰিব পাৰে৷

কাৰকসমূহ
জিন আৰু আনুবংশিক উপাদান অর্থাৎ ভাইৰাছ, বেক্টেৰিয়াৰ সংক্রমণে ৰোগটো সৃষ্টি কৰিব পাৰে৷

আমাৰ দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা দুর্বল হৈ স্বাস্থ্যৱান কোষবোৰক আক্রমণ কৰিলে হোৱাৰ থল থাকে৷

ৰিউমেটিক আর্থ্রাইটিছ কাৰণবোৰ অজ্ঞাত হোৱাৰ বাবে কিছুমান কাৰকে ৰোগৰ আশংকা বৃদ্ধি কৰে৷

আনহাতে, সংক্রমণ এজেণ্ঢৰ সৈতে ব্যক্তি এজন সংস্পর্শলৈ আহিলেও হব পাৰে৷

একেদৰে ৰোগ প্রতিৰোধ কমপ্লেক্সবোৰ চাইনোভিয়েল আৱৰণত জমা হৈ দীর্ঘম্যাদী গ্রেনুলোমটিছ প্রদান আৰম্ভ কৰিলেও হয়৷

দৰাচলতে সময়ৰ লগে লগে লক্ষণবোৰ অধিক বেয়া হয়৷ সেয়ে হয়াৰ চিহ্ণসমূহ এনেধৰণৰ-

একাধিক গাঁঠিত বিষ বা বিশেষকৈ ৰাতিপুৱা জঠৰতা৷

গাঁঠিসমূহ ফুলি যোৱা৷

শৰীৰৰ দুয়োফালে একে লক্ষণ দেখা দিয়া৷

ওজন হ্রাস৷

ভাগৰ৷

দুর্বলতা৷

বহুতো গাঁঠিত প্রভাৱিত কৰা৷

যৌথ ফাংচন হেৰুওৱা৷

ৰক্তহীনতা, হতাশা ইত্যাদি৷

ৰোগ নির্ণয়
ৰিউমেইটড আর্থ্রাইটিছ চিনাক্ত কৰিবলৈ পোনপ্রথমে গাঁঠি ফুলা, ৰঙা পৰা আৰু পেশীৰ ষ্টেণ্ঢ পৰীক্ষণ কৰা হয়৷ তাৰ উপৰি ৰিউমেটইড কাৰক, এণ্টি চিণ্ড্রুলিনেটড প্রটিন এণ্টিবডী, এণ্টি নিউক্লিয়াৰ এণ্টিবডী, এৰিথ্রোচাইট পলসৰ হাৰ তথা চি প্রতিক্রিয়াশীল প্রটিন পৰীক্ষাৰ সহায় লব লাগে৷ ঠিক একেদৰে ৰেডিলজিকেল অংশ হিচাপে এক্সৰে, আলট্ৰা চাউণ্ডে ৰোগৰ তীব্রতা নির্ণয় কৰাত সহায় কৰে৷

সাধাৰণতে নিদানিক দৃষ্টিকোণৰ পৰা ৰিউমেটইডক তিনিটা স্তৰত বিভক্ত কৰা হয়৷ সেইসমূহ

সম্ভাব্যভাৱে বিপৰীত কোমল কলাৰ প্রসাৰঃ এই পর্যায়ত ৰোগটো চাইনোভিয়ামৰ মাজত সীমাবদ্ধ থাকে আৰু এক্সৰেৰ ৰশ্মিত কোনো ধবংসাত্মক পৰিৱর্তন দেখা নাযায়৷

নিয়ন্ত্রণযোগ্য কিন্তু অপৰিৱর্তনীয়ঃ ইয়াত কোমল কোষকলা ধবংস আৰু কার্টিলেজৰ খহনীয়া হয়, লগতে গাঁঠিৰ স্থান হ্রাস পায়৷

অপৰিৱর্তনীয় কোমল কলা আৰু হাড়ৰ পৰিৱর্তনঃ এই পর্যায়ত আর্টিকুলাৰ কাটিলেজ আৰু ছাৱকণ্ড্রেলা হাড়ক্ষয় যায়৷ ঠিক একেদৰে গাঁঠিসমূহো বিকৃত স্থিতিত গতি কৰে৷

বিপদাশংকাৰ কাৰক
ৰিউমেটইড উভয় লিংগৰে হয় যদিও মহিলাৰ সম্ভাৱনা অধিক৷ সাধাৰণতে, মধ্য বয়সত বেছি আৰম্ভ হয়৷

ধূমপানৰ অভ্যাসে হয়াৰ আশংকা বৃদ্ধি কৰে৷

তেনেদৰে আগতে পৰিয়ালৰ কোনো লোকৰ হলেও হোৱাৰ সম্ভাৱনা থাকে৷

তদুপৰি ৫৫ বছৰ বা তাতকৈ কম বয়সৰ মহিলাৰ মেদবহুলতা আৰু ওজন বৃদ্ধিয়ো অন্যতম কাৰক৷

চিকিৎসাঃ সর্বপ্রথমে, বিষৰ পৰা সকাহ পাবলৈ ষ্টেৰইড আৰু কার্টিকো ষ্টেহৰড ঔষধ যেনে প্রেডনিচোনে গাঁঠিৰ লগতে অন্যান্য কোষ কলাক স্থায়ী ক্ষতিৰ পৰা ৰক্ষা কৰে৷ তাৰ লগতে জৈৱবিজ্ঞান এজেণ্ট কিছুমান অন্তর্ভুক্ত কৰা হয়৷ অৱশ্যে ঔষধে গাঁঠিৰ ক্ষতি বা প্রতিৰোধ কৰাত ব্যর্থ হলে অস্ত্রোপচাৰৰ কথা বিবেচনা কৰা হয়৷ অর্থাৎ গাঁঠিৰ ফুলা আৱৰণ আঁতৰাবলৈ চিনোভেকটমী নতুবা টেণ্ডন মেৰামতি, গাঁঠি সলনি কৰিব লগাও হব পাবে৷ তথাপি বহুক্ষেত্রত শাৰীৰিক চিকিৎসায়ো সমানে প্রয়োজনীয়৷ সেই অনুসৰি

ক। গাঁঠিৰ জঠৰতা হ্রাস কৰিবলৈ আৰু গতিৰ পৰিসৰ বৃদ্ধি কৰিবলৈ মৃদু প্রসাৰণ ব্যায়াম কৰিবলৈ দিয়া হয়৷

খ। সেইদৰে ভৰি বা গোৰোহাটো ঘড়ীৰ দিশত আৰু বিপৰীত দিশত ১০-১২বাৰ ঘূৰালে তেজৰ চলাচল উন্নত কৰে৷

গ। আনহাতে, থিয় হৈ যিমান দূৰ পাৰে সিমান ভৰিৰ আঙুলিলৈকে হালিবলৈ চেষ্টা কৰি তাৰ পিছত আঁঠুটো অলপ বেঁকা কৰিলেও হেমষ্ট্রিং মাংসপেশীৰ ষ্ট্রেচ অনুভৱ হয়৷

ঘ। ঠিক তেনেকৈ হাতৰ আঙুলিবোৰ কিছু বেঁকা কৰি মণিবন্ধৰ পেশী প্রসাৰিত কৰিলে মাংসপেশী শক্তিশালী হয়৷

ঙ। অন্য ধৰণে, বাহুটো বিপৰীত হাতেৰে নিজৰ শৰীৰৰ ফালে পথালিকৈ লৈ আহি কিছু ছেকেণ্ড ধৰি ৰাখক আক ক্রমান্বয়ে ওপৰলৈ নিব পাৰিলে কান্ধ প্রসাৰিত হয়৷

চ। সমান্তৰালভাৱে মূৰটো লাহেকৈ আগলৈ আনি ক্রমে আগফাল, পিছফাল আৰু সৌ, বাঁওফালে ১০-১৫বাৰ ঘূৰাওক৷

ছ। ইয়াৰ লগতে বিছনাত ওপৰমুৱাকৈ শুই আক্রান্ত হোৱা অংশটোৰ কঁকাল, আঁঠু বেঁকা কৰি পিছলাই নিজৰ ফালে আনক তথা থিয় হৈ যতদূৰ সম্ভৱ নিজৰ শৰীৰৰ ওজন এটা ভৰিত ৰাখিবলৈ পাৰিলে পেশীৰ স্থিতি মজবুত আৰু ভাৰসাম্য বৃদ্ধি হয়৷

জ। আনহাতে ওখ চকী এখনত বহি বিপৰীত উৰুত হাতখন থৈ শৰীৰটো বাহুৰ দিশত দুয়োটা ফালে আনিবলৈ চাওক৷

ঝ। হাতৰ আঙুলিবোৰ ৰিউমেটিকত বেছিকৈ আক্রান্ত হোৱাৰ হেতুকেও আঙুলি মুঠি মাৰি খোলক৷ তাৰ বাহিৰেও হাতখন খুলি যিমান সম্ভৱ সিমান প্রসাৰিত কৰি বুুা আঙুলিৰে সকলো আঙুলি স্পর্শ কৰিবলৈ চেষ্টা কৰক৷

ঞ। একেদৰে পেশীৰ ভৰসমূহ লাহে লাহে শক্তিশালী হৈ আহিলে আইচ মেটিক ব্যায়াম গাঁঠিৰ লৰচৰ নোহোৰা আৰম্ভ কৰিব পাৰে৷

ট। ইয়াৰ পৰৱর্তী পর্যায়ত সহনশীল তাৰ বাবে এৰোবিক ব্যায়াম কম পৰিমাণে খোজ কঢ়া, পৰা পক্ষত চাইকেল চলোৱা আদিয়ে ভাগৰৰ সৈতে যুঁজাৰ লগতে পেশী শিথিল কৰি ৰিউমেইটড আক্রান্ত ৰোগীক বহুখিনি সকাহ দিয়ে৷

লব লগা সাৱধানতা
স্বাস্থ্যকৰ আৰু সন্তুলিত আহাৰ ৰক্ষণাবেক্ষণ কৰা৷

অসমান পৃষ্ঠত খোজ নাকাঢ়িব৷

ওজনৰ প্রতি লক্ষ্য ৰাখক৷

দৈনিক ব্যায়ামৰ সহায় লওক৷

ফোনঃ ৯১০১২-৩২৬০২

You might also like

Comments are closed, but trackbacks and pingbacks are open.