মনোজ কুমাৰ শ্রুতিকৰ
লেখক ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্রাপ্ত ৱিং কামাণ্ডাৰ
বহুত দিনৰ পৰা মনত পুহি ৰখা এটা সপোন বাস্তৱত পৰিণত হল যেতিয়া আমি ছিডনী এয়াৰপর্টত অৱতৰণ কৰিলোঁ৷ লৰা–বোৱাৰী আহি চৰণ স্পর্শ কৰি আমাক প্রায় ত্রিশ কিলোমিটাৰ দূৰৰ সিহঁত থকা পেৰামেটা নামৰ আৱাসিক অঞ্চলত থকা সিহঁতৰ ঘৰলৈ বুলি লৈ আনিলে৷ দুদিনমান জেট লেগ্ৰ ভাগৰ জুৰাই আমি প্রথমেই ছিডনী চহৰখন চাবৰ বাবে মনস্থ কৰিলোঁ৷
অষ্ট্রেলিয়াত লব লগা সাৱধানতাৰ বিষয়ে লৰা–বোৱাৰীয়ে শিকাই দিলে৷ প্রথমটো হল ঘৰৰ বাহিৰত ফুৰিবলৈ গলে মুখমণ্ডল আৰু হাতত প্রটেক্টিভ ক্রীম সনা আৰু দ্বিতীয়টো হল যথেষ্ট পৰিমাণে পানী খোৱা৷ অষ্ট্রেলিয়াখন দক্ষিণ গোলার্ধৰ নাতিশীতোষ্ণ মণ্ডলত অৱস্থিত বাবে তাত সূর্যৰ ৰশ্মি তির্যকভাৱে পৰে৷ ফলত ই বায়ুমণ্ডলত কম পৰিমাণৰ অজন গেছৰ তৰপৰ মাজেদি আহে৷ সেই কাৰণে সূর্যৰ ৰশ্মিত আল্ট্ৰা ভায়লেট ৰশ্মিৰ পৰিমাণ বেছি হয়, যিটো আমাৰ চালৰ বাবে অনিষ্টকাৰক৷
আমি থকা ঘৰৰ পৰা খোজকািি, কিছু দূৰতেই বিনামূলীয়া বাছ সেৱাৰ বাছত উঠি সহজেই পেৰামেটা ৰেলৱে ষ্টেচন পাব পাৰি৷ কোনখন ট্ৰেইন কেইবজাত, কোনখন প্লেটফর্ম পাবহি তাৰ নির্দেশ মুহূর্তে –মুহূর্তে দি থাকে৷ আমি ট্ৰেইনত উঠি ৱেইনইয়ার্ড নামৰ ষ্টেচনত নামি ডালিং হাৰবাৰ নামৰ ঠাইখন পালোঁগৈ৷ এইটো এটা ডাঙৰ জাহাজঘাট, যত বিভিন্ন ধৰণৰ জাহজবোৰে লংগৰ পেলায় আৰু ইয়াৰ পৰা আন আন ঠাইলৈ ফেৰীৰে যাব পাৰি৷ আমি ৭০ ডলাৰ গাইপতি টিকট কৰি, প্রথমেই মেডাম টুছাড নামৰ সংগ্রহালয়টো চালোঁ৷ পৃথিৱীৰ বিভিন্ন নাম্বলা ব্যক্তিৰ অবিকল মূর্তি আৰু তেওঁৰ বিষয়ে তাত সংক্ষিপ্ত বিৱৰণ দিয়া আছে৷
সেইদিনাই আমি তাৰ সৰু চিৰিয়াখানা আৰু সাগৰীয় প্রাণীৰ সংগ্রহালয় এটা চালো৷ কেংগাৰু আৰু কোৱালা নামৰ জন্তু দুবিধ পৃথিৱীৰ অকল অষ্ট্রেলিয়া দেশতহে পোৱা যায়৷ বিভিন্ন প্রকাৰৰ শ্বার্ক মাছ, পেংগুইন আৰু তিমি মাছকে আদি কৰি বিভিন্ন জলজ প্রাণী দেখিলোঁ৷ এদিন চালোঁগৈ অপেৰা হাউছ৷ ই কাৰিকৰী আৰু স্থাপত্য বিদ্যাৰ এক অপূর্ব নিদর্শন আৰু পৃথিৱীৰ আষ্চর্যকৰ বস্তুসমূহৰ ভিতৰত ইয়ো এক৷ অষ্ট্রেলিয়া মহাদেশখন যদিও স্বাধীন কিন্তু ইংলেণ্ডৰ ৰাণীৰ বশ্যতা তেওঁলোকে এতিয়াও স্বীকাৰ কৰে৷ সেই কাৰণে অষ্ট্রেলিয়ান পতাকাত ইউনিয়ন জেক আজিও বিৰাজ কৰি আছে৷ আমি ফেৰীৰে,Manly Sealife চাবলৈ যাওঁতে হাৰবাৰ ব্রিজখন দেখিছিলোঁ৷ হাৰবাৰ ব্রিজখন বিশেষ কিছুমান দিনত লাইটেৰে সজায় আৰু এই দৃশ্য চাবৰ বাবে লাখ লাখ মানুহে ভিৰ কৰে৷ এই নান্দনিক দৃশ্য সঁচাকৈয়ে চাবলগীয়া৷ ইউটিউবত হাৰবাৰ ব্রিজৰ আলোকসজ্জা উপলব্ধ আৰু পাঠকসকলে ঘৰতে বহি তাক চাব পাৰে৷ এদিন আমি বোৱাৰীৰ লগত কাব্রামাতা নামৰ ঠাইৰ শাক–পাচলি আৰু মাছৰ বজাৰখনলৈ গলোঁ৷ সেই বজাৰখন ভিয়েটনাম, ব্রহ্মদেশ ম্যানমাৰ, কম্বোদিয়া আৰু লাওচৰ পৰা অহা শৰণার্থীসকলৰ বজাৰ৷ তাত আমাৰ অসমত পোৱা, লাই, লফা, খুতুৰা, বাবৰী আদি শাকবোৰ দেখিলোঁ৷ মাছৰ বজাৰখনত পুঠি, কাৱৈ, মাগুৰ, গৰৈ, কান্ধুলি আৰু পাভ মাছ দেখিলোঁ৷ দুই এপদ শাক–পাচলি আৰু মাছ আদি লৈ ঘৰমুৱা হলোঁ৷ পর্যটনথলীবোৰ চোৱাৰ উপৰি আমি এদিন দেওবাৰে গ্লেনউডত থকা সুবৃহৎ শিখগুৰুদ্বাৰালৈ গৈ কীর্তন শুনি লংগৰত প্রসাদ খাই আহিলোঁগৈ৷ প্রায় এহেজাৰমান ভক্ত আৰু দর্শনাথীক বহুৱাই খোৱা–বোৱা কৰোৱাৰ ব্যৱস্থা আছে৷ গুৰুদ্বাৰাৰ চৌহদত প্রায় ৫০০খন মান গাডীৰ পার্কিঙৰ ব্যৱস্থা আছে৷ ষ্ট্রেথফিল্ডত থকা সাইবাবা মন্দিৰ আৰু মিণ্ঢো নামৰ পার্শ্বৱর্তী অঞ্চলত থকা গুপ্তেশ্বৰ শিৱ মন্দিৰ চালোঁগৈ৷ অষ্ট্রেলিয়াতো ভাৰতীয় মানুহৰ ধর্মৰ প্রতি থকা ধাউতি দেখি ভাল লাগিল৷ ধর্মৰ দৰে ভাষাৰ ক্ষেত্রতো বিভিন্ন ঠাইত হিন্দী, বাঙালী পাঞ্জাবী, তামিল, তেলুগু ভাষা শিকোৱা কেন্দ্র আছে৷ আমাৰ অসমৰ মণিশংকৰ বৰুৱা আৰু সুস্মিতা বৰুৱাৰ উদ্যেগত গগ লোৱা ভাষাঘৰ নামৰ অনুষ্ঠানতো লেখত লবলগীয়া৷ তাত নতুন প্রজন্মৰ অসমীয়া লৰা–ছোৱালীবোৰক অসমীয়া গীত–মাত আৰু আবৃতি কৰা দেখি আৰু অষ্ট্রেলিয়াত থকা অসমীয়া পৰিয়ালবোৰতো অসমীয়া কৃষ্টি–সংসৃক্তিৰ প্রতি থকা ধাউতি দেখি মনটো ভাল লাগিল৷
১১ ফেব্রুৱাৰীৰ দিনা আমি ১৭০ কিমি দূৰৰ নিউকেচল নামৰ ঠাইলৈ গলোঁ৷ যোৱা ৰাস্তাবোৰ নাম পেচিফিক হাইৱে৷ গন্তব্যস্থান পোৱাৰ পিছত আমি সমুদ্রতীৰত থকা ৫০০ মিটাৰ দৈর্ঘ্যৰANZAC Memorial Bridgeখন দেখিলোঁ৷ ১৯১৫ চনত অষ্ট্রেলিয়া আৰু নিউজিলেণ্ড সৈন্যই ব্রিটিছ মিত্রবাহিনীৰ লগত টার্কিৰ গেলিপলি নামৰ ঠাইত জাহাজেৰে অৱতৰণ কৰোঁতে তয়াময়া যুদ্ধত বহুতো সৈন্যই মৃত্যুবৰণ কৰে৷ সেইসকলৰ স্মৃতিত আৰু সেই সময়তে নিউকেচলত আৰম্ভ হোৱা তীখা উৎপাদান কাৰখানাৰ শুভাৰম্ভৰ স্মৃতিত এই দলংখন উৎসর্গিত৷ নিউকেচলৰ বীচ্ছখন শান্ত আৰু চাফ–চিকুণ৷ আমি তাৰ সংগ্রহালয়টো চালোঁ, যত অষ্ট্রেলিয়াৰ খনিজ আৰু খনি, ৰপ্তানি আৰু আমদানি কৰা বস্তুসমূহ আৰু পুৰণিকালৰ অষ্ট্রেলিয়াৰ ৰেহৰূপ, সাজপাৰ ইত্যাদি সুন্দৰভাৱে প্রদর্শিত কৰিছে৷
১২ ফেব্রুৱাৰীৰ দিনা আমি ছিডনী চহৰৰ দক্ষিণ পষ্চিমত থকা ৱলংগং নামৰ ঠাইখন চাবলৈ ওলালোঁ৷ বাটত যাওঁতে ক্রিকেটৰ কিংবদন্তি ছাৰ ডনাল্ড ব্রেডমেনৰ জন্মস্থান বাওৰাল গাঁও পালোঁ৷ তেওঁ যত ক্রিকেটৰ যাত্রা আৰম্ভ কৰিছিল, সেই ঐতিহ্যময় ফিল্ডখন আৰু লগতে থকা সংগ্রহালয়তো চালোঁ৷ কৃষ্ণচূডা আৰু সোণাৰুৰ দৰে ফুলেৰে জাতিষ্কাৰ হৈ থকা বাওৰাল গাঁওখনৰ মনোমোহা ৰূপ পাহৰিব নোৱাৰি৷ আমাৰ ইয়াত গাঁও বুলিলে যি বুজাই, অষ্ট্রেলিয়াত কিন্তু গাঁওবোৰ আমাৰ ইয়াৰ প্লেনড টাউনশ্বিপৰ দৰেহে৷ ৱলংগং পোৱাৰ পিছত আমি ষ্টেন্ডৱেল টপ নামৰ পাহাৰৰ ওপৰৰ পৰা প্রশান্তসাগৰৰ সৌন্দর্য আৰু বিশালতা আৰু আনফালে তীব্রবেগী বতাহৰ কোব অনুভৱ কৰিলো৷ বাটত যাওঁতে বাল্ডহিল লুক আউট পইণ্ঢ চাই প্রশান্ত মহাসাগৰৰ পাৰৰCoal Cliff আৰুCliffton নামৰ দুটা পাহাৰক সংযোগ কৰাSeacliff Bridgeখন চালোঁ৷ সেইদিনাই আমি নানটিয়ালত থকা বুদ্ধমন্দিৰ পেগোডা আৰু গৱেষণা কেন্দ্রটো চালোঁগৈ৷ ইয়াৰ পৰা কিছুদূৰৈত থকা কিয়ামা নামৰ ঠাইত থকা ব্লহোল চালো৷ বেচাচ্ঢ শিলেৰে গঠিত সমুদ্রপাৰৰ থিয় গডাৰ পৰা এটা সুৰংগ পাৰলৈ সোমাই আহিছে৷ এই সুৰংগটো পাৰত আহি উন্মুক্ত৷ সাগৰৰ ঢৌ সুৰংগটোৰে সোমাই আহি উন্মুক্ত অংশত বৃহৎ এটা ফোঁৱাৰাৰ সৃষ্টি কৰে, এই প্রাকৃতিক নান্দনিক দৃশ্য চাবৰ বাবে বহুতো লোক ইয়ালৈ আহে৷
১৮ ফেব্রুৱাৰীৰ দিনা আি ২৮০ কিঃমিঃ দূৰৰ ৰাজধানী চহৰ কেনবেৰা চাবলৈ ওলালোঁ৷ তাত প্রথমেই যুদ্ধস্মাৰক সংগ্রহালয়টো প্রায় তিনি ঘণ্ঢা সময়ত খৰধৰকৈ চালোঁ৷ ১৮৩০ চনৰBoer Warৰ আৰম্ভ কৰি ইৰাক–আফগানিস্তানৰ যুদ্ধলৈকে যুদ্ধত ব্যৱহৃত অস্ত্র–শস্ত্র আহিলা আদি দেখিলোঁ আৰু সকলো বিৱৰণ সুন্দৰভাৱে প্রদর্শন কৰিছে৷ যুদ্ধবোৰত আত্মাহুতি দিয়া সৈনিকসকলৰ ফটোত সকলোৱে গোলাপ ফুলৰ কলিৰে শ্রদ্ধাঞ্জলি জনোৱা দেখি, ভাবিছিলোঁ আমাৰ দেশত সৈনিকৰ প্রতি নাগৰিকৰ তেনে শ্রদ্ধা কেতিয়াকৈ দেখা পাম৷ আমি চৰকাৰী মুদ্রা বনোৱা কাৰখানাটো চাই বিভিন্ন ধৰণৰ মুদ্রা বা মেডেলবোৰ বনোৱাৰ প্রণালী সম্বন্ধে সবিশেষ বিৱৰণ গম পালো৷ সেইদিনাই আমি তাৰ সংসদ ভৱনো চালোঁ৷ তাত উচ্চ সদনত ৭৬ আৰু নিম্ন সদনত ১৫০জন সদস্য আছে৷ কিন্তু ভৱিষ্যৎ কথা লক্ষ্য ৰাখি, তাত ক্রমান্বয়ে ৮৫খন আৰু ১৮০খন আসনৰ ব্যৱস্থা ৰাখিছে৷
২৫ ফেব্রুৱাৰীত আমি ১৭০ কিঃমিঃ দূৰৰHunter Valleyত ভাইন ইয়ার্ড চাবলৈ গলোঁ৷ তাত প্রায় ২০০খন ভাইন ইয়ার্ড আছে, তাৰে ১৫০খনমানৰ নিজাDistillery আছে৷ সেইদিনা তাত থকা হাণ্টাৰ ভেলী বাগিচাখন চোৱা নহল৷ হাণ্টাৰ ভেলীখন সম্পূর্ণকৈ চাবৰ বাবে আমি আকৌ ১৮ মার্চৰ দিনা ওলালোঁ৷ ইয়াত খেতিয়কবোৰে বিশ্বমানৰ ৱাইন প্রস্তুত কৰে৷ প্রায়বোৰ লোকৰে নিজা এৰোপ্লেন আছে আৰু ইয়াত এটা সৰু এয়াৰপর্ট আছে৷ বাগিচাখনৰ প্রৱেশমূল্য প্রতি ব্যক্তিৰ ২৯ ডলাৰকৈ, আমাৰ জোখেৰে ১৪৫০ টকামান৷ ইয়াত মুঠ ১৮খন থীম পার্ক আছে৷ প্রত্যেকখন বাগিচা প্রায় তিনি বিঘা মান মাটিকালিৰ আৰু তাত বিভিন্ন ধৰণৰ ফুলৰ সমাহাৰ৷ এখন পার্কত থকা ফুল আনখনৰ লগত সম্পূর্ণ বেলেগ৷ প্রত্যেক জোপা ফুল আৰু গছৰ সম্পূর্ণ বিৱৰণ দিয়া আছে৷ গোটেই পার্কবোৰ চাবৰ বাবে ৮ কিঃমিঃ খোজেৰে যাব লাগে আৰু প্রায় চাৰি ঘণ্টা মান সময় লাগে৷ ২৩ মার্চৰ দিনা আমিIKEA আৰুBUNNINGS নামৰ দুখন ডাঙৰ দোকান চাবলৈ গলোঁ৷ দোকানখনৰ বাহিৰত প্রায় ২০০০খনমান গাডীৰ পার্কিঙৰ ব্যৱস্থা আছে৷IKEA দোকানখন তিনি মহলীয়া৷ প্রথম মহলাত খোৱা–বোৱাৰ দোকান, বেংক, ইন্সুৰেঞ্চ, মুদ্রা বিনিময় কেন্দ্র আৰু মবাইল সেৱাৰ দোকানবোৰ৷ দ্বিতীয় মহলাত বিভিন্ন ধৰণৰ ফার্নিচাৰ আৰু তৃতীয় মহলাত ঘৰত ব্যৱহাৰ হোৱা বিভিন্ন সামগ্রী৷ প্রত্যেক মহলা একোখন ফুটবল ফিচ্ডৰ দৰে৷Bunnings নামৰ মলখনত আকৌ ঘৰ এটা সাজিবৰ বাবে প্রত্যেকবিধ বস্তু আৰু সঁজুলি পোৱা যায়৷
২৫ মার্চৰ দিনা আমি জ্যাৰভিচ বে নামৰ ঠাইলৈ গলোঁ৷ যাওঁতে অকোৱা–পকোৱা পাহাৰীয়া ৰাস্তাৰে কেংগাৰু ভেলীৰ মাজেদি গৈছিলোঁ৷ অষ্ট্রেলিয়াত ইমানবোৰ ঘন অৰণ্য থকা সত্ত্বেও, তাত বাঘ, সিংহ, ভালুক, ঘোং, হাতী আদি জন্তু নাই৷ কিন্তু দুই এঠাইত শিয়াল থকা বুলি শুনিছেছা৷ আমি সেইদিনা জাৰভিচ বেই আৰু কেভবেই নামৰ দুখন বীচ্ছ চালোঁ৷ এটা কথা লক্ষ্য কৰিলোঁ যে অষ্ট্রেলিয়াৰ মানুহবোৰে জীৱনটো উপভোগ কৰিব জানে, কাৰণ তেওঁলোকে আমাৰ নিচিনাকৈ ওৰে জীৱনটো ধন নাসাঁচে৷ শনিবাৰ আৰু দেওবাৰে গাডীৰ পিছত কেৰাভান বা ইঞ্জিনচালিত নাও ড্রেইলাৰত উঠাই, দূৰ–দূৰণিৰ বীচ্ছত গৈ, সাগৰত নাৱেৰে ভ্রমণ কৰে বা হাবি–জংঘলত প্রাকৃতিক পৰিৱেশত লগত নিয়া কেৰাভানত দিন কটায়৷ আমি বিশাল বুডাৰে বটানিকেল পার্ক চাই, আদিম জনজাতিৰ গাঁও এখনলৈ বুলি যাত্রা কৰিলোঁ৷ পিছে গাঁৱৰ ৰেহৰূপ দেখিহে আচৰিত হলোঁ৷ গাঁও বুলিলে আমাৰ যি ধাৰণা, তাৰ সম্পূর্ণ বিপৰীত৷ গাঁৱৰ প্রত্যেকঘৰ মানুহৰ ঘৰৰ সন্মুখত গাডী আৰু ঘৰবোৰ অসম আর্হিৰ দৰে যদিও বেচ সুন্দৰ৷ তেওঁলোকৰ আর্থিক অৱস্থা আৰু জীৱন ধাৰণৰ মান বহুত ওপৰত৷ উৎসৱৰ সময়তহে তেওঁলোকে পৰম্পৰাগত সাজপাৰ পিন্ধি, বাদ্যযন্ত্রৰ সংগীত পৰিৱেশন কৰাৰ উপৰি খাদ্য সম্ভাৰৰে মেলা পাতে৷ কিন্তু তেওঁলোক বাস কৰা অঞ্চলসমূহত বর্জিত ক্ষেত্র বুলি জাননী মৰা থাকে, যাতে তেওঁলোকৰ স্বকীয়তা আন মানুহৰ সংস্পর্শত বিলীন হৈ নাযায়৷ মানুহবোৰৰ গাৰ বৰণ বৰ বগা নহলেও কিন্তু ওখ পাখ আৰু চুলিবোৰ আফ্রিকাৰ লোকৰ দৰে ঘন আৰু কেঁকোৰা৷ মুখ আৰু চকুৰ অৱয়ব আমাৰ জনজাতীয় লোকসকলৰ দৰে৷ অষ্ট্রেলিয়াৰ জনজাতীয় লোকসকলকAboriginal বুলি জনা যায়৷ প্রত্যেক জনজাতিৰে নিজা ভাষা–সংসৃক্তি আছে৷ ইংৰাজী ভাষাৰ মাধ্যমেৰে আনৰ লগত কথা–বতৰা পাতে৷
অষ্ট্রেলিয়াৰ বাটপথৰ কথা নকলে মোৰ লেখাটো যেন আধৰুৱা হৈ ৰব৷ বাটপথবোৰ কেইবাটাও ভাগত বিভক্ত৷ প্রথমেই নেচনেল হাইৱে৷ এনে হাইৱেবোৰ হল পেচিফিক হাইৱে, প্রিন্সেচ হাইৱে, হিউম হাইৱে ইত্যাদি আৰু এইবোৰ ৬ লেনযুক্ত৷ সাধাৰণতে ইয়াত গতিবেগ ১১০ কিঃমিঃ সীমিত৷ বেছি বেগেৰে চলালেও জৰিমনা আৰু লেহেমীয়া গতিৰে চলালেও বিপদ৷ ঠায়ে ঠায়ে পথৰ কাষত স্পীড গান লৈ পুলিচ ৰৈ থাকে, প্রত্যেকখন গাডীৰ গতিবেগ জুখিবৰ বাবে৷ তাৰ পিছতে মটৰৱে আৰু ষ্টেট ৰুট৷ এইবোৰ চাৰি লেনযুক্ত৷ মেট ৰোডবোৰ সাধাৰণতে গ্রাম্য অঞ্চলবোৰ সংযোগী পথ আৰু টুৰিষ্ট ড্রাইভ ৰোডবোৰ পর্যটন থলীলৈ যোৱা পথ৷ ৰাস্তাৰ প্রায় দুশ মিটাৰৰ আঁতৰে আঁতৰে গতিবেগৰ ছাইনবর্ড থাকে৷ বাটত যদি কিবা বা পথ মেৰামতিৰ কাম চলি থাকে, তাৰ জাননী প্রায় ৪০ কিঃমিঃ আঁতৰৰ পৰাই প্রত্যেক ১০ কিঃমিঃৰ দূৰে দূৰে ডিজিটেল বর্ডৰ যোগে জনায়৷ গাডীৰে ৰেজিষ্টেচন নম্বৰৰ লগত বেংকৰ একাউণ্ট লিংক হৈ থাকে৷ গতিকে হাইৱেবোৰত প্রৱেশ কৰিলেই বেংকৰ একাউণ্টৰ পৰা টল টেক্স কটা যায়৷ তাৰ বাবে গাডীত এটা যন্ত্র থাকে, যিটো টলটেগটত থকা যন্ত্রৰে লিংক হৈ যায়৷ আমাৰ ইয়াৰ দৰে টোলগেটত দীঘলীয়া কিউ কৰিব নালাগে৷ সকলো স্বয়ংক্রিয়৷ অষ্ট্রেলিয়াৰ প্রত্যেকজন নাগৰিকৰে স্বাস্থ্যসেৱা আৰু পেন্সন এক সাংবিধানিক অধিকাৰ, সেয়া চৰকাৰী খণ্ডৰে হওক বা ব্যক্তিগত খণ্ডৰে হওক৷ তাত ব্যক্তিগত খণ্ডৰ কোনো চিকিৎসালয় নেদেখিলোঁ৷ যিসকল লোক সুৰাসক্ত বা কামৰ প্রতি কোনো স্পৃৃহা নাই, তেওঁলোকক বদ অভ্যাসৰ পৰা মুক্ত কৰি পুনৰ সকামত নিয়োজিত সকৰিবৰ বাবে বেচৰকাৰী অনুষ্ঠানবোৰ আছে৷ গতিকে সাধাৰণ লোকে আমাৰ ইয়াৰ দৰে হকে–বিহকে ধর্মঘট বা আন্দোলন কৰাৰ ইতিহাস গম নাপালোঁ৷ জীৱন ধাৰণৰ মান আমাৰ দেশতকৈ বহুত ওপৰত আৰু ৰাষ্ট্রসংঘই চলোৱা জৰীপৰ সমীক্ষাত অষ্ট্রেলিয়া বর্তমানে সপ্তম স্থানত আছে৷ আগতেই কৈছেছা যে অষ্ট্রেলিয়াত জনসংখ্যা বৰ কম৷ মলবোৰত ড্রলীলৈ দুই এপদকৈ বস্তু কিনি, পেইমেণ্ট কাউণ্টাৰত আহি বস্তুবোৰ নিজে বস্তুবোৰ এপদ–এপদ লৈ ড্রে এখনত দিব লাগে৷ গ্রাহকে নিজে তাৰ মূল্য লিখিব লাগে আৰু শেষত ডেবিট কার্ডৰ দ্বাৰা পেইমেণ্ট কৰি বাহিৰলৈ আহি সংলগ্ণ কাৰ পার্কিঙত বস্তু বোজাই দি ঘৰ পাবহি পাৰি৷ তাত কতো আমাৰ ইয়াৰ দৰে গেলামালৰ দোকান, পাণ তামোলৰ দোকান আদি নেদেখিলো৷
ট্ৰেইনৰ ব্যৱস্থাও বৰ ভাল৷ ষ্টেচনৰ প্লেটফর্মত সোমাওঁতেই বালেট কার্ডখন টেপ কৰিলেহে সন্মুখত থকা দুৱাৰ দাং খোল খায়৷ ট্ৰেইনতো নমা মানুহ প্রথমে নামে আৰু যোৱা মানুহ পিছত৷ বাছবোৰতো একেই ব্যৱস্থা৷ আকৌ গন্তব্য স্থান পোৱাৰ পিছত ওলাই যোৱা পথত বালেট কার্ডখন টেপ কৰিলে ভাৰা কাট খায় আৰু সন্মুখত থকা মনিটৰত, কার্ডত থকা অৱশিষ্ট ধনৰ পৰিমাণ দেখুৱায়৷ কতো আমাৰ দৰে টিকট কাউণ্টাৰ বা টিকট পৰীক্ষক নেদেখিলোঁ৷ মানুহৰ বিশ্বাসযোগ্যতা আৰু সত্যবাদিতাই সেইখন দেশৰ উন্নতিৰ সম্বল বুলি ভাবিবলৈ বাধ্য হলোঁ৷
Comments are closed, but trackbacks and pingbacks are open.