শুকান বতৰত চুলিৰ পৰিচৰ্যা 

10

অজন্তা উপমন্যু 

এতিয়া চৌদিশে শুকান , ধুলীময়  পৰিবেশ । এনে বতৰত গছ-বনৰ লগতে মানুহৰ শৰীৰটোও শুকান আৰু ৰুক্ষ হৈ পৰে । ছাল চুলিৰ স্বাভাৱিক সৌন্দৰ্য আৰু আদ্ৰতা কমি নিস্তেজ হবলৈ ধৰে। এবাৰ ৰুক্ষ হ’লে তাক পুনৰ স্বাভাৱিক অৱস্হালৈ আনিবলৈ কিছুমান বিশেষ পৰিচৰ্যাৰ প্ৰয়োজন হৈ পৰে।‌ ইয়াৰ বাবে আমি সহজলভ্য কিছুমান সামগ্ৰীৰে সৌন্দৰ্য প্ৰসাধন তৈয়াৰ কৰি ল’ব পাৰোঁ। আজি অৱশ্যে এই শিতানত শুকান চুলিৰ পৰিচৰ্যাৰ বিষয়ে সামান্য আভাস দিবলৈ যত্ন কৰিম।

প্ৰথমতে শুকান চুলিত ব্যৱহাৰ কৰিব পৰা সহজতে পাব পৰা কেইটামান উপায় দিয়া হ’ল —

নাৰিকল তেল  –  নাৰিকল তেল চুলিৰ বাবে অতি উত্তম মইশ্বৰাইজাৰ। নাৰিকল তেল সামান্য গৰম কৰি লগত দুটা ভিটামিন ঈ কেপচুল মিহলাই চুলি আৰু মুৰত ভালদৰে মালিচ কৰি অতি কমেও এঘন্টা থৈ দি ভেষজ শ্বেম্পুৰে মুৰ ধুব লাগে । সপ্তাহত অন্ততঃ তিনিদিন এনেদৰে কৰিলে চুলিৰ স্বাভাৱিক আদ্ৰতা ঘুৰি আহে ।

এল’ভেৰা জেল – এল’ভেৰা জেল এনে এবিধ পদাৰ্থ যি চুলিৰ আদ্ৰতা ধৰি ৰখাত সহায় কৰে। চুলি আৰু মুৰৰ ছালত সতেজ এল’ভেৰা জেল লগাই আধা ঘন্টাৰ পাছত চুলি ধুই পেলাব লাগে । এনে কৰিলে চুলি হাইড্ৰেটিং কৰাৰ লগতে কোমল ,মোলায়েম হৈ পৰে।

এভ’কোডা তেল – ভিটামিন আৰু এমিনো এচিড যুক্ত এই তেলে চুলিত পুষ্টি যোগান ধৰি চুলি সুন্দৰ কৰি তোলে।

মেয়োনিজ – মেয়োনিজত থকা চৰ্বি য়ে শুকান চুলি মইশ্বৰাইজ কৰে। প্ৰথমতে চুলিখিনি ধুই তিতা চুলিত মেয়নিজৰ ডাঠ তৰপ লগাই শ্বাৱাৰ কেপ পিন্ধি ঢাকি থব লাগে, এঘন্টাৰ পাছত ধুই পেলাব লাগে।‌

অলিভ অইল – এন্টি ইনফ্লেমেটৰী গুণ আৰু স্বাস্থ্যকৰ চৰ্বিৰে ভৰা অলিভ অইল লগালে চুলি কোমল হয় ।

আপেল চাইডাৰ ভিনেগাৰ – চুলি খিনি ভাগ ভাগ কৰি কপাহৰ সহায়ত মুৰৰ ছাল আৰু চুলিত লগাই আধা ঘন্টাৰ টাছত ধুই পেলাব লাগে। ই চুলিৰ PH স্তৰৰ ভাৰসাম্য ৰক্ষা কৰে। ফ্ৰিজি চুলিলৈ আদ্ৰতা আনে।

আৱশ্যকীয় তেল – লেভেণ্ডাৰ, ৰোজমেৰী, মৰক্কোৰ অৰ্গেন তেল আদিও শুকান চুলিৰ বাবে অতি উত্তম। যিকোনো অত্যাৱশ্যকীয় তেলৰ লগত উপৰোক্ত যিকোনো এবিধ তেলৰ কেইটোপাল মান মিহলাই চুলিত মালিচ দিলে সুফল পাব পাৰি।

একেবাৰে ঘৰতে পোৱা সামগ্ৰীৰে তৈয়াৰী চুলিৰ লেপ

দৈ আৰু মৌৰ মাস্ক বা লেপ – দৈত প্ৰ’টিন থাকে , আনহাতে মৌৱে হিউমেটেন্ট হিচাপে কাম কৰে ।‌ চুলিলৈ আদ্ৰতা আনে । দুয়োবিধ সামগ্ৰী মিহলাই চুলিত লেপ দিব লাগে।

মেথি গুটিৰ লেপ – ঘৰুৱা , ভেষজ পদাৰ্থ হিচাপে মেথিগুটি চুলিৰ বাবে অতি উত্তম। জোখমতে মেথিগুটি তিয়াই থৈ কোমল পেষ্ট তৈয়াৰ কৰি দৈৰ লগত মিহলাই মুৰ আৰু চুলিত লগাই এঘন্টাৰ পাছত ধুই পেলাব লাগে । প্ৰ’টিন,ভিটামিন এ, বি২ আৰু চি সমৃদ্ধ এই পেক লগালে চুলি সৰা ৰোধ কৰাৰ লগতে নতুন চুলি গজাত সহায় কৰে । ইয়াত থকা নিকোটনিক এচিডে চুলি কোমল, ৰেচমি আৰু চিকচিকিয়া কৰি তোলে। মেথিৰ পেষ্টৰ লগত এটা কণিৰ হালধীয়া অংশ ভালদৰে মিহলায় চুলিত লগালেও চুলি ভাল হয় ।

জবা ফুলৰ পেক – জবা ফুল আৰু পাত মিহিকৈ পিহি চুলিত লগালেও চুলি লহপহীয়া আৰু কোমল হয় ।

কিছু অতিৰিক্ত সাৱধানতা

চুলিত বেছি কেমিকেল পদাৰ্থ ব্যৱহাৰ নকৰাই ভাল আৰু কৰিলেও অভিজ্ঞ সৌন্দৰ্য বিশেষজ্ঞৰ পৰা জানি বুজি উচিত পৰিচৰ্যা কৰাব লাগে । সঘনাই যিকোনো ষ্টাইলিং পদাৰ্থ বা ষ্টাইলিং সঁজুলিৰ ব্যৱহাৰ উচিত নহয় । ষ্টাইলিং সঁজুলি বুলিলে হেয়াৰ ড্ৰায়াৰ , ষ্ট্ৰেইটনাৰ, কাৰ্লিং সঁজুলি, গৰম তাপ আদিয়ে চুলিৰ বিশেষ ক্ষতি কৰে ।  সঘনাই চুলিত ৰং লগালেও চুলি নষ্ট হয়। এনেবোৰ ষ্টাইলিং পদ্ধতি ব্যৱহাৰ কৰিলে তাৰ পাছৰ পৰিচৰ্যা খিনি নিয়মিতভাৱে কৰাব লাগে।

শুকান বতৰত চুলি কমকৈ শ্বেম্পু কৰিব লাগে। শ্বেম্পু নিৰ্বাচন কৰাৰ ক্ষেত্ৰতো সাৱধান হ’ব লাগে। চুলিৰ প্ৰকাৰ অনুযায়ী শ্বেম্পু নিৰ্বাচন কৰি লব লাগে। এনে ক্ষেত্ৰত অভিজ্ঞ সৌন্দৰ্য বিশেষজ্ঞৰ পৰামৰ্শ লব পাৰে । চুলি ধুলে কণ্ডিচনাৰ ব্যৱহাৰ কৰা উচিত।

ৰ’দ, বতাহ আৰু ধুলিৰ পৰা চুলিখিনি বচাই ৰাখিবলৈ বাহিৰলৈ ওলালে এখন স্কাৰ্ফ বা কাপোৰেৰে চুলি কোচা ঢাকি ল’ব লাগে ।

ৰঙৰ উৎসৱ হোলিও এনে শুকান বতৰতেই আৰম্ভ হয় তাতে আকৌ ৰাসায়নিক ৰঙৰ প্ৰয়োভৰ। তেনে ক্ষেত্ৰত চুলিখিনিত সৰহকৈ তেল লগাই আটি আটি বান্ধি ল’ব লাগে। ৰং খেলাৰ অন্তত সামান্য গৰম পানীৰে  ভেষজ শ্বেম্পুৰে মুৰ ধুই কণ্ডিচনাৰ লগাব লাগে

শুকান বতৰত পানী , দৈ ,ফল ,ফলৰ ৰস্ সেউজীয়া শাক-পাচলি, বাদাম, নাৰিকল , নৰসিংহ পাত আদি যঠেষ্ট খাব লাগে ।

ফোনঃ ৯৯৫৪২-৪৬২১৬

You might also like

Comments are closed, but trackbacks and pingbacks are open.