ডাঃ নিতুল বৈশ্য
প্ৰতিগৰাকী ব্যক্তিৰেই জীৱনত একোটা লক্ষ্য থাকে, আৰু থকাটো উচিত। লক্ষ্যহীন জীৱন বঠাহীন নাওৰ দৰে বুলি কোৱা হয়। মৌলিক প্ৰয়োজন অৰ্থাৎ অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ অভাৱ পূৰণৰ লক্ষ্যক একেবাৰে প্ৰাৰম্ভিক বা আদ্যকালীন লক্ষ্য (Primordial goal) বুলি ধৰা হয়। তিনি মৌলিক প্ৰয়োজন অৰ্থাৎ আহাৰ, আৱৰণ আৰু আৱাসৰ প্ৰয়োজন পূৰণৰ পাছতেই প্ৰতিগৰাকী ব্যক্তিয়েই তাৰ পৰৱৰ্তী উচ্চতৰ লক্ষ্য নিৰ্ধাৰণৰ প্ৰচেষ্টা কৰে। নিজে নিৰ্ধাৰণ কৰি লোৱা লক্ষ্যত উপনীত হ’বলৈ প্ৰতিগৰাকী ব্যক্তিয়ে কঠোৰ পৰিশ্ৰমো কৰে। কিন্তু সুনিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰা আৰু নিৰ্ধাৰিত লক্ষ্যপ্ৰাপ্তিৰ হকে সুস্থিৰ কাৰ্যপন্থা যুগুত কৰা – ইয়াতেই বহুলোক বিভ্ৰান্ত হয়।
সফলতা প্ৰাপ্তিৰ প্ৰথম আৰু প্ৰধান চৰ্তটোৱে হ’ল যে এক সুনিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণৰ বাবে সুস্থিৰ সিদ্ধান্ত লোৱাৰ সক্ষমতা। কিন্তু আমাৰ ইচ্ছা, মনোবাঞ্ছা, লক্ষ্য, উদ্দেশ্য আৰু পৰিকল্পনা আদি বুলিলে আমি কি বুজোঁ ? এইসমূহ শব্দপুঞ্জই একেখিনি কথাকে বুজায় নে ইয়াৰ মাজত প্ৰভেদ বিৰাজমান? আহকচোন, পোনপ্ৰথমে আমি আমাৰ এই ধাৰণাক সুস্পষ্টতা প্ৰদান কৰোঁ।
- সময়সীমা নথকা লক্ষ্য = কল্পনা (Fantasy)
- লক্ষ্য + সময়সীমা = উদ্দেশ্য (Objective)
- লক্ষ্য + সময়সীমা + পৰিকল্পনা = মনোবাঞ্ছা (Intention)
- লক্ষ্য + সময়সীমা + পৰিকল্পনা + নিয়মিত পদক্ষেপ = সফলতা (Success)
- ব্যক্তিগত অৰ্থপূৰ্ণ লক্ষ্য + সময়সীমা + পৰিকল্পনা + নিয়মিত পদক্ষেপ = পৰিপূৰ্ণতা (Fulfillment)
কিন্তু আমি লক্ষ্য কেনেকৈ নিৰ্ধাৰণ কৰিম ? লক্ষ্য নিৰ্ধাৰণৰ উপায়সমূহনো কি কি ?
লক্ষ্য নিৰ্ধাৰণৰ উজু আৰু জনপ্ৰিয় পদ্ধতিসমূহ এনেধৰণৰ –
(ক) SMART লক্ষ্য:
- নিৰ্দিষ্ট (Specific),
- মাপযোগ্য (Measurable),
- সাধনযোগ্য (Achievable),
- প্ৰাসংগিক (Relevant),
- সময়-সীমাবদ্ধ (Time-bound)।
(খ) OKRs (Objectives and Key Results): উচ্চাকাংক্ষী লক্ষ্য স্থাপন আৰু মাপযোগ্য ফলাফল।
(গ) পিছলৈ লক্ষ্য নিৰ্ধাৰণ (Backward Goal Setting): চূড়ান্ত লক্ষ্যৰ পৰা আৰম্ভ কৰি আগবাঢ়ি পদক্ষেপ স্থাপন কৰা।
(ঘ) মাইণ্ড মেপিং (Mind Mapping): লক্ষ্যসমূহ আৰু সংপৃক্ত ভাববোৰ কল্পনাৰে সংযুক্ত কৰা।
(ঙ) ৭-ধাপৰ লক্ষ্য নিৰ্ধাৰণ প্ৰক্ৰিয়া:
- লক্ষ্যসমূহ চিনাক্ত কৰা
- লক্ষ্যসমূহ SMART কৰা
- লক্ষ্যসমূহক অগ্ৰাধিকাৰ দিয়া
- এক কার্যপন্থা তৈয়াৰ কৰা
- সম্ভাব্য বাধাসমূহ চিনাক্ত কৰা
- দায়িত্বশীলতা সৃষ্টি কৰা
- পৰ্যালোচনা আৰু সংশোধন কৰা
(চ) পোমোডোৰো পদ্ধতি (Pomodoro Technique) : ই এনে এক সময় ব্যৱস্থাপনা পদ্ধতি য’ত কাম একোটাক সৰ্বাধিক মনোযোগসহ সময়-পৰিসৰ কিছুমানত বিভক্ত কৰা হয়, আৰু ইয়াৰ মাজত কেতবোৰ সৰু সৰু বিৰতি থাকে।
(ছ) অভ্যাস অনুসৰণ (Habit Tracking): দীঘলীয়া লক্ষ্য সাধনৰ বাবে নিয়মিত অভ্যাস গঢ়া।
(জ) ৫-৪-৩-২-১ লক্ষ্য নিৰ্ধাৰণ পদ্ধতি:
- ৫ দীৰ্ঘম্যাদী লক্ষ্য
- ৪ মধ্যম্যাদী লক্ষ্য
- ৩ স্বল্পম্যাদী বা হ্ৰস্বম্যাদী লক্ষ্য
- ২ বিকাশযোগ্য দক্ষতা
- ১ জন দায়িত্বশীল ব্যক্তি
(ঝ) WOOP (Wish, Outcome, Obstacle, Plan): ইচ্ছা, প্ৰত্যাশিত ফলাফল, সাম্ভাৱ্য বাধা আৰু বাধাক প্ৰতিহত কৰিবলৈ প্ৰয়োজনীয় পৰিকল্পনা।
(ঞ) ৯০ দিনৰ লক্ষ্য-নিৰ্ধাৰণ পদ্ধতি: ৯০ দিনৰ সময়সীমাত স্বল্পম্যাদী লক্ষ্যসমূহত মনোনিবেশ কৰা।
আহকচোন, এতিয়া আমি লক্ষ্য নিৰ্ধাৰণৰ দুই জনপ্ৰিয় পদ্ধতি SMART আৰু WOOP-ৰ বিষয়ে কিছুকথা বিতংভাৱে আলোচনা কৰোঁহক।
SMART এটা সংক্ষিপ্ত ৰূপ যাৰ অৰ্থ হৈছে Specific (নিৰ্দিষ্ট), Measurable (মাপযোগ্য), Achievable (সাধনযোগ্য), Relevant (প্ৰাসংগিক) আৰু Time-bound (সময়-সীমাবদ্ধতাৰে সৈতে)।
SMART লক্ষ্য অৰ্থাৎ সাধনযোগ্য আৰু প্ৰাসংগিক এক সুনিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰিত সময়ৰ ভিতৰত সমাপন কৰাৰ তাড়নাই লক্ষ্যপ্ৰাপ্তিৰ সম্ভাৱনীয়তা বঢ়াই তোলে।
(A) S – নিৰ্দিষ্ট (Specific):
- আপুনি কি সফল কৰিব বিচাৰে সেয়া স্পষ্টভাৱে সংজ্ঞায়িত কৰক।
- অস্পষ্ট লক্ষ্য পৰিহাৰ কৰক।
- সুনিৰ্দিষ্ট ভাষা আৰু বিৱৰণ ব্যৱহাৰ কৰক।
উদাহৰণ: “মই স্বাস্থ্যকৰ হ’বলৈ বিচাৰো”ৰ পৰিৱৰ্তে “মই ৩ মাহত ১০ পাউণ্ড ওজন হ্ৰাস কৰিম”।
(B) M – মাপযোগ্য (Measurable):
- প্ৰগতিৰ পৰিমাণৰ পৰ্যালোচনা কৰক।
- সংখ্যা, শতাংশ বা দৃশ্যমান পৰিসংখ্যা ব্যৱহাৰ কৰক।
উদাহৰণ: “মই প্ৰতি দিনৰ চেনিৰ পৰিমাণ ২০ গ্ৰামলৈ কমাম” (মাপযোগ্য)।
(C) A – সাধ্যসাধ্য (Achievable):
- উৎস আৰু সীমাৰেখাৰ ভিত্তিত বাস্তৱসম্মত লক্ষ্য স্থাপন কৰক।
- দক্ষতা, সময় আৰু বাজেট বিবেচনা কৰক।
- নিজকে চেলেঞ্জ কৰক, কিন্তু অসম্ভৱ লক্ষ্য স্থাপন কৰা পৰিহাৰ কৰক।
উদাহৰণ: “মই সপ্তাহত ৩ বাৰ ৩০ মিনিট ব্যায়াম কৰিম” (সাধনযোগ্যতা)।
(D) R – প্ৰাসংগিক (Relevant):
- লক্ষ্যবোৰক মূল্যবোধ, প্ৰয়োজন, প্ৰাসংগিকতা আৰু অগ্ৰাধিকাৰৰ সৈতে মিলাই চলক।
- সোধক, “এই লক্ষ্যটো সঁচাকৈয়ে মোৰ বাবে গুৰুত্বপূর্ণ নেকি?”
- লক্ষ্যবোৰে দীঘলীয়া দৃষ্টিভংগীক সমৰ্থন কৰা উচিত। এই কথা বিবেচনা কৰক।
উদাহৰণ: “স্পেনিচ ভাষা শিকিলে মোৰ কৰ্মজীৱন উন্নত হ’ব” (প্ৰাসংগিক)।
(E) T – সময়-সীমাৰ সৈতে (Time-bound):
- সুনিৰ্দিষ্ট সময়সীমা বা সময়-সীমা নিৰ্ধাৰণ কৰক।
- তৎকালীনতা আৰু কেন্দ্ৰণ সৃষ্টি কৰক।
- ডাঙৰ লক্ষ্যবোৰ সৰু সৰু ব্যৱস্থাপনাযোগ্য কৰ্মত বিভাজিত কৰক।
উদাহৰণ: “মই ৬ সপ্তাহৰ ভিতৰত মৌলিক স্পেনিচ বাক্য শিকিম” (সময়-সীমাৰ সৈতে)।
SMART লক্ষ্যৰ এটা উদাহৰণঃ “মই আগন্তুক ১২ সপ্তাহৰ ভিতৰত প্ৰতিসপ্তাহৰ ৫ দিন প্ৰতিদিনে ৫ কিঃমিঃকৈ খোজ কাঢ়িম!”
এই লক্ষ্যটো হৈছে:
(১) নিৰ্দিষ্ট (৫ কিঃমিঃ)
(২) মাপযোগ্য (পৰ্যবেক্ষণ কৰিব পৰা যায়)
(৩) সাধনযোগ্য (সপ্তাহত ৫ দিন)
(৪) প্ৰাসংগিক (স্বাস্থ্যৰ উন্নতি)
(৫) সময়-সীমাৰ সৈতে (১২ সপ্তাহ)
SMART লক্ষ্য স্থাপনে স্পষ্টতা, অনুপ্ৰেৰণা আৰু দায়িত্ববোধৰ সৃষ্টি কৰে, যাৰ ফলত সফলতাৰ সম্ভাৱনা বৃদ্ধি পায়।
WOOP হৈছে জাৰ্মান মনোবিজ্ঞানী গেব্ৰিয়েল অয়েটিঙেনে আগবঢ়োৱা লক্ষ্য-নিৰ্ধাৰণৰ এটা পদ্ধতি।
WOOP-ৰ অৰ্থ হৈছে:
- W – (Wish) ইচ্ছা (বা আকাংক্ষা): আপোনাৰ সুনিৰ্দিষ্ট, ধনাত্মক আৰু সাধনযোগ্য লক্ষ্য নিৰ্ধাৰণ কৰক, যি আপুনি সফল কৰিব বিচাৰে।
- O -(Outcome) ফলাফল: আপোনাৰ ইচ্ছা পূৰণ হ’লে সৰ্বোত্তম সম্ভাৱ্য ফলাফল পৰিকল্পনা কৰক।
- O -(Obstacle) বাধা: আপোনাৰ লক্ষ্যপ্ৰাপ্তিত সৰ্ববৃহৎ প্ৰত্যাহ্বান বা অন্তৰায় কি হ’ব পাৰে, তাক বিচাৰি উলিয়াওক।
- P -(Plan) পৰিকল্পনা: লক্ষ্যপ্ৰাপ্তিৰ সেই মুখ্য বাধাটোৰ বিষয়ে পূৰ্বেই ধাৰণা কৰি তাক প্ৰতিহত কৰিবলৈ কাৰ্যপন্থা যুগুতাওঁক।
WOOP পদ্ধতিয়ে লক্ষ্য-নিৰ্ধাৰণ আৰু লক্ষ্য-সাধনৰ মাজৰ প্ৰভেদ পূৰণ কৰিবলৈ সহায় কৰেঃ
- লক্ষ্য আৰু আশা কৰা ফলাফলসমূহ পৰিষ্কাৰ কৰা
- সম্ভাব্য বাধাসমূহ স্বীকাৰ কৰা
- পৰিস্থিতি ভিত্তিক বিকল্প পৰিকল্পনা বিকাশ কৰা
WOOP ব্যৱহাৰ কৰি আপুনি ভালদৰে প্ৰস্তুত থাকিব পাৰে যাতে প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি আপোনাৰ লক্ষ্যৰ দিশে আগবাঢ়িব পাৰে।
লক্ষ্য একোটা বাছনি কৰি তাক কাৰ্যতঃ সফল কৰাৰ বাবে মনত ৰাখিবলগীয়া কেতবোৰ স্বৰ্ণকথা হ’ল –
(১) পৰিশ্ৰমেই পৰিত্ৰাণ। কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই। নিজে নিৰ্ধাৰণ কৰি লোৱা কৰ্মক্ষেত্ৰত শীৰ্ষ আৰোহণৰ বাবে কৰা কঠোৰতম পৰিশ্ৰমে জীৱনটো অৰ্থবহ কৰি তোলে।
(২) পৰি যোৱা গাখীৰলৈ হেঁপাহ কৰিব নালাগে। যি হৈ গ’ল, যাক পৰিৱৰ্তন কৰিব নোৱাৰি, তাক লৈ হতাশ হৈ সময় নষ্ট কৰি লাভ নাই।
(৩) ডাঙৰ ডাঙৰ লক্ষ্যবোৰ সৰু সৰু ব্যৱস্থাপনাযোগ্য কৰ্মত বিভাজন কৰি ল’ব লাগে।
(৪) দায়িত্বশীলতা সৃষ্টি কৰা উচিত। নিজৰ লক্ষ্যৰ কথা এগৰাকী বিশ্বস্ত বন্ধু বা পথপ্ৰদৰ্শকৰ সৈতে শ্বেয়াৰ কৰক। ইয়ে আপোনাক আপোনাৰ নিৰ্বাচিত লক্ষ্যৰ প্ৰতি অধিক দ্বায়িত্বশীল কৰি তুলিব।
(৫) কেতিয়াও ৰৈ নাযাব। পাৰিলে চেকুৰি যাওক, নোৱাৰিলে দৌৰক। দৌৰিব নোৱাৰিলে খোজকাঢ়ি যাওক, খোজকাঢ়িব নোৱাৰিলে বগাই যাওক, একো কৰিব নোৱাৰিলে চুচৰি-বাগৰি যাওক। মুঠতে গৈ থাকক। নিয়মীয়াকৈ আগবাঢ়ি যাওক আৰু প্ৰগতি পৰ্যালোচনা কৰক।
(৬) সৰু সৰু সাফল্যবোৰ উদযাপন কৰক।
(৭) সফলতা বা পূৰ্ণতাপ্ৰাপ্তিৰ ওপৰত নহয়, দৈনন্দিন উন্নতিৰ ওপৰত চকু দিয়ক।
(৮) লক্ষ্যপ্ৰাপ্তিৰ বাবে অকল লক্ষ্যটোক ভাল পালেই নহ’ব। লক্ষ্যপ্ৰাপ্তিৰ পথটোকো ভাল পাব লাগিব। সফলতাৰ মধুপান কৰিবলৈ কণ্টকিত পথত খোজ কাঢ়িবই লাগিব।
(৯) প্ৰতিযোগিতাত নামি পৰক। কিন্তু এই প্ৰতিযোগিতা আনৰ লগত নহয়। প্ৰতিদিনে প্ৰতিযোগিতা হোৱা উচিত নিজৰ লগত। যোৱা বছৰ আজিৰ এই একেটা দিনত আপুনি য’ত যি পৰ্যায়ত আছিল, আজি ঠিক এবছৰৰ পিছত নিজক এবছৰৰ আগৰ আপোনাৰ লগত তুলনা কৰক। এই এটা বছৰত আপুনি কিমানখিনি উন্নতি কৰিলে পৰ্যালোচনা কৰক। কালিৰ আপোনাৰ লগত আজিৰ আপোনাক তুলনা কৰক। কালিতকৈ আজি কি উন্নয়ন কৰিলে, কি বিকাশ কৰিলে, কি শিকিলে, কি দক্ষতা আহৰণ কৰিলে – তাক পৰ্যালোচনা কৰক আৰু কাইলৈৰ বাবে কাৰ্যপন্থা যুগুত কৰক।
(১০) প্ৰতিকূল পৰিস্থিতিক অনুকূল পৰিস্থিতিলৈ ৰূপান্তৰ কৰি নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰক। ভাল সময় আহিব বুলি ৰৈ নাথাকিব। যি আছে, তাৰেই আৰম্ভ কৰম। য’ত আছে, তাৰ পৰাই আৰম্ভ কৰক।পাৰ্ফেক্ট হ’বই লাগিব বুলি কোনো কথা নাই, আপোনাৰ ওচৰত থকা নিৰ্দিষ্ট সম্পদ ব্যৱহাৰ কৰি নিখুঁতকৈ কৰিবলৈ চেষ্টা কৰক।
আৰম্ভ কৰকচোন। এদিন সুকলমে শেষ হ’বই।
ফোনঃ ৭৮৯৬২৪৬০০১
Comments are closed, but trackbacks and pingbacks are open.