মন : সুস্থ জীৱনৰ শক্তিশালী উপাদান

জোনাকী দেৱী কাশ্যপ

“A grateful mind is a great mind which eventually attracts to itself great things.”-Plato

মন বুলিলে সাধাৰণতে বুজা যায় যে, বুদ্ধি তথা বিবেকবোধৰ‌ এক সমষ্টিগত ৰূপ যি চিন্তা, অনুভূতি ,আবেগ, ইচ্ছা তথা কল্পনাৰ মাধ্যমেৰে প্ৰকাশ হয়।মন এক আধ্যাত্মিক ধাৰণা যাক মানুহে মাথোঁ কল্পনা কৰিব পাৰে স্পর্শ কৰিব পৰা নাযায়।

এটি সৰু কাহিনী –

এজন ৰজাৰ আস্তাবলত বহুত ঘোঁৰা আছিল।আটাইবোৰ শক্তিশালী আছিল।তাৰ ভিতৰত এটা ঘোঁৰা সকলোতকৈ বেছি হুচিয়াৰ, শক্তিশালী আৰু যুদ্ধ কৌশলত পাৰ্গত আছিল।সেই ঘোঁৰাটোৱে ৰজাক সকলো যুদ্ধত জয়ী কৰায়।সেয়ে সেইটো ঘোঁৰা ৰজাৰ বৰ মৰমৰ আছিল।সময়ৰ লগে লগে ঘোঁৰাটো বুঢ়া হ’বলৈ ধৰিলে। ৰজাই ভাবিলে এতিয়া কিজানি তেওঁৰ মৰমৰ ঘোঁৰাটোৱে আগৰ নিচিনাকৈ যুদ্ধ কৰিব নোৱাৰিব,সেয়ে তাক যুদ্ধক্ষেত্ৰত যোৱাটো বন্ধ কৰি দিলে। ঘোঁৰাটোৱে আস্তাবলতে থাকিবলৈ ল’লে আৰু কাষৰ পথাৰত ঘাঁহ খাবলৈ যায়।

এদিনাখন ঘোঁৰাটোৱে ঘাঁহ খাবলৈ বহু দূৰলৈকে গুচি গ’ল। যেতিয়া তাৰ পিয়াহ লাগিল কাষৰ খাল এটাত পানীৰ পিয়াহ আঁতৰাবলৈ নামিল।খালটোৰ বোকাৰে ভৰি আছিল।সি নমাৰ লগে লগে তাৰ ভৰিবোৰ বোকাত সোমাই গ’ল।সি যিমানেই ওলাবলৈ চেষ্টা কৰে সিমানে বোকাত সোমাই গৈ থাকিল। তেতিয়া সি জোৰে জোৰে চিঞৰিবলৈ ধৰিলে। তাৰ শব্দ শুনি গাঁৱৰ মানুহে তাক উঠাবলৈ যত্ন কৰিলে কিন্তু নোৱাৰিলে। তাৰ পিছত গাঁৱৰ মানুহে ৰজাৰ ওচৰলৈ গৈ ক’লে যে,মহাৰাজ আপোনাৰ মৰমৰ ঘোঁৰাটো বোকাত পোত গৈ আছে তাক বহুত চেষ্টাৰ পিছতো আমি উঠাব পৰা নাই । তাকে শুনি ৰজাই নিজে সৈনিক সকলক লৈ তাত উপস্থিত হ’ল। তেখেতে আপ্ৰাণ চেষ্টা কৰিলে কিন্তু নোৱাৰিলে। তেতিয়া ৰজাই ৰাজ্যৰ বিদ্বানসকলক মাতি পৰামৰ্শ বিচাৰিলে।এজন বৃদ্ধ বিদ্বানে ৰজাক পৰামৰ্শ দিলে যে, মহাৰাজ আপোনাৰ মৰমৰ ঘোঁৰাটোৰ ওচৰত তৎক্ষণাৎ যুদ্ধৰ নাগাৰা বজাওক।ঢাল-তৰোৱালৰ শব্দ শুনাওক , এটা যুদ্ধৰ পৰিৱেশৰ সৃষ্টি কৰক। সেইমতে সকলো কৰা হ’ল। ৰজাৰ মৰমৰ ঘোঁৰাটোৱে নিজে নিজে চেষ্টা কৰি ওপৰলৈ উঠি আহিল…

কোনো বিষয়ৰ প্রতি সম্পর্কিত হ’বলৈ হ’লে মানুহৰ চিন্তা-চেতনা ধ্যান- ধাৰণা বা সুখ-দুঃখ অনুভূতিৰ প্রয়োজন হয় যি মানুহৰ মন তথা শৰীৰৰ আচৰণৰ মাধ্যমেৰে বহিঃপ্রকাশ ঘটায়। মানুহৰ বহুতো জৈবিক চাহিদা আছে, এইবিলাক পূৰণ কৰাৰ বাবে মানুহ নানা ধৰণৰ আচৰণ কৰি থাকে। জৈবিক চাহিদাবিলাকৰ ভিতৰত হৈছে ক্ষুধা, তৃষ্ণা, টোপনি, যৌনতা প্রভৃতি। এই চাহিদাবিলাক যেতিয়া পূৰণ হৈ যায়, তেতিয়া মানুহে মানৱীয় তথা বুদ্ধি বৃত্তি ধৰণৰ নানা ধৰণৰ কার্যাৱলী সুচাৰুৰূপে সম্পাদন কৰিব পাৰে।
সুস্থ জীৱনৰ বাবে মন শক্তিশালী উপাদান। জীৱনৰ ভাল -বেয়া সময়ত পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ মন সুস্থিৰ অৱস্থাত থকাটো জৰুৰী।মন সুস্থিৰ তথা সবল কৰি ৰখাৰ কেইটামান উপায় আলোচনা কৰোঁ আহক –

👉 মানসিক চাপৰ সময়ত সঠিক সিদ্ধান্ত ল’বলৈ আবেগৰ নিয়ন্ত্ৰণ কৰাটো উচিত।

👉 গোটেই পৃথিবী বিৰুদ্ধ হৈ গ’লেও নিজৰ মন বিচলিত হ’বলৈ দিব নালাগে।

👉 যদি পৰিৱর্তন একান্ত প্রয়োজনীয় হৈ উঠে, তেন্তে সেই ক্ষেত্ৰত মনৰ প্রস্তুতি থকাটো জৰুৰী। এনে কৰিলে উন্নতিৰ গতি থমকি ৰৈ নাথাকে।

👉 ব্যক্তিগত তথা বৃত্তিগত জীৱনত যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হ’ব মনক সাহসী কৰি তোলা উচিত।

👉 ব্যৰ্থতা তথা ভুলৰ পৰা শিক্ষা লৈ মন শক্তিশালী কৰি গঢ়ি তুলিব লাগে।

👉 অন্যক সুখী কৰাৰ বিষয়ে খুব বেছি ব্যস্ত থাকিব নালাগে ,কাৰণ মানুহক সন্তুষ্ট কৰা সহজ নহয়। তাতকৈ নিজৰ মন ভাল লগা কামবোৰ কৰক।

👉 কোনো কামৰ দ্রুত ফলাফল আশা কৰিব নালাগে।

👉 নিজৰ মন নিয়ন্ত্ৰণৰ ক্ষমতা অন্যৰ হাতত যাতে গুচি নাযায় সেইটো মনোযোগ দিয়াটো উচিত। আপোনাৰ মনৰ শক্তিয়ে হ’ব আপোনাৰ যোগ্যতা।

👉 যিটো বিষয়ত আপোনাৰ নিয়ন্ত্রণত নাই সেই বিষয়ে অভিযোগ নুতুলিব। কিন্তু নিজৰ কথা, চালচলন তথা কার্যকলাপত পূর্ণ নিয়ন্ত্রণ ৰাখিব লাগে।

👉 ব্যর্থতাত কেতিয়াও মন মৰহি যাব দিব নালাগে।

👉 সকলো সময়তে ইতিবাচক মানসিকতা ৰাখক। নেতিবাচক মানুহৰ সঙ্গত থাকিলেও নিজৰ ওপৰত আস্থা অটুট ৰখাটো জৰুৰী।মনক দুর্বল হ’ব দিব নালাগে।

👉 অন্যৰ সফলতাৰ প্ৰতি হিংসা কৰাটো অনুচিত। বৰং আপোনাৰ যি আছে তাতে সন্তুষ্ট হ’ব লাগে।

মন সদায় সুস্থ তথা আনন্দত ৰাখিবলৈ যত্ন কৰক, তেতিয়া জীৱন নিশ্চিতভাৱে সুস্থ সুন্দৰ হ’ব।

When the mind is still, it gets the power to fulfill any thought.”

ফোন -৮৭২৪০-৮৬৬৩০

You might also like

Comments are closed, but trackbacks and pingbacks are open.