এটেনচন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছর্ডাৰ

নিমি বৰগোহাঁই

এটেনচন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছর্ডাৰ (ADHD) হৈছে একপ্রকাৰৰ মানসিক স্বাস্থ্যজনিত বিকাৰ, যিয়ে ইম্পলচিভ আৰু হাইপাৰএক্টিভ আচৰণৰ সৃষ্টি কৰিব পাৰে ৷ প্রাপ্তবয়স্ক্ আৰু শিশু উভয়ৰে এই অৱস্থা হব পাৰে যদিও শিশুৰ ক্ষেত্রত এই অৱস্থা বেছিকৈ দেখা যায় ৷ এই স্নায়ুজনিত বিকাৰে শিশুৰ স্কুলত কর্মক্ষমতা আৰু লগতে তেওঁলোকৰ সম্পর্ককো প্রভাৱিত কৰে বুলি জনা যায় ৷ মনোযোগ ঘাটি অতিক্রিয়াশীলতা বিকাৰৰ লক্ষণ আৰু লক্ষণসমূহ ব্যক্তিভেদে বেলেগ বেলেগ আৰু যদি আপুনি কি বিচাৰিব নাজানে তেন্তে চিনাক্ত কৰাটো প্রত্যাহ্বানজনক হব পাৰে ৷ শিশুৱে এডিএইচডিৰ কিছুমান ব্যক্তিগত লক্ষণ অনুভৱ কৰিব পাৰে, কিন্তু সকলোৰে লক্ষণ একে নহয় ৷ ৰোগ নির্ণয় কৰিবলৈ আপোনাৰ শিশুৰ চিকিৎসকে আপোনাৰ শিশুটিক বিভিন্ন মাপকাঠীৰ ভিত্তিত মূল্যায়ন কৰিব৷ আপোনাৰ শিশুটিৰ মনোযোগ ঘাটিৰ অতিক্রিয়াশীলতা হব পৰা কিছুমান লক্ষণ আৰু ইয়াৰ কিছু সমাধান আগবঢ়োৱা হল

  • মোৰ লৰাৰ বয়স ৫ বছৰ ৷ মোৰ লৰাটো অলপ শ্লো ৷ ডাক্তৰক দেখুৱালো, বহু চিকিৎসাও কৰিছোঁ ৷ তা attention deficiency আছে বুলি কৈছে ৷ মানে কথা–বতৰা বা আন আন কামবোৰ কৰোঁতে সেই কথা–বার্তাবোৰৰ সঠিক উত্তৰ দিওঁতে কিছু পলম কৰে বা ঠিক ৰিপ্লাই দিব নোৱাৰে ৷
  • আপোনাৰ লৰাটোৱে কথা কওঁতে খেলিমেলি কৰে বুলি কৈছে আৰু লগতে ডাক্তৰে আপোনাক মনোযোগ কম থকা বুলি কৈছে ৷ প্রথম কাৰণটো হৈছে যিহেতু আপোনাৰ লৰাই শুদ্ধভাৱে উত্তৰ দিব নোৱাৰে, খেলিমেলি কৰে তাৰ হয়তো কথা বা মাত ওলাওঁতে দেৰি হৈছিল ৷ বহুত সময়ত দেখা যায় যিবোৰ লৰা–ছোৱালীৰ কথা কওঁতে দেৰি হয়, সময়মতে নকয় বা নুফুটে, সেইসকল শিশুৰ পৰৱর্তী সময়ছোৱাত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দেখা যায় ৷  মনোযোগৰ অভাৱো ইয়াৰ এটা কাৰণ ৷ যিহেতু শিশুটিয়ে ভালদৰে প্রকাশ কৰিব নোৱাৰে সি তাৰ অস্বস্তিবোধখিনি আচৰণেদি প্রকাশ কৰে ৷ আপোনাৰ লৰাৰ ক্ষেত্রতো সেইটোৱেই হৈছে ৷ মনোযোগৰ অভাৱ কাৰণে সি তাৰ পঢ়া–শুনাখিনি সময়ত কৰিব নোৱাৰে ৷ সেই কাৰণে সি কিমান পিছপৰি আছে নির্ণয় কৰিবলৈ বুদ্ধিৰ পৰীক্ষাৰ প্রয়োজন ৷
  • মোৰ ছোৱালীৰ বয়স ৪ বছৰ৷ আজি কিছুদিনৰ পৰা হঠাৎ মন কৰিছোঁ মোৰ ছোৱালীয়ে ভালদৰে কথা নকয় ৷ কিবা ভেবা লাগি চাই থাকে ৷ ডাক্তৰে কৈছে মবাইলমেনিয়া হৈছে ৷ মনোযোগৰ অভাৱ হৈছে ৷ কি কৰা যায় এটা উপায় দিবচোন ৷
  • আপোনাৰ ছোৱালীৰ চাৰি বছৰ বয়স হৈছে ৷ চাৰি বছৰত আচলতে  মবাইল হাতত দিয়াটো একেবাৰে অনুচিত ৷ প্রথম কথা অতিমাত্রা মবাইল চালে লৰা–ছোৱালীৰ কথা কোৱা, সামাজিক বুদ্ধি ইত্যাদিত প্রভাৱ পৰে ৷ মবাইল ফোনে হওক বা টিভিয়ে হওক লৰা–ছোৱালীক সদায় সময়সীমা বান্ধি দিব লাগে ৷ মবাইলত চোৱা অনুষ্ঠানবোৰে লৰা–ছোৱালীৰ মনত বহুত নেতিবাচক প্রভাৱ পেলায়৷ প্রথম কথা আপুনি আপোনাৰ চাৰি বছৰীয়া ছোৱালীজনীক মবাইল দিয়াটো বন্ধ কৰক, তেতিয়াহে তাইৰ কথা–বতৰাবোৰ স্পষ্ট হব আৰু মনোযোগ বাঢ়িব ৷
  • মোৰ দুটা লৰা ৷ ডাঙৰটোৰ তুলনাত সৰুটো অলপ বেছি সক্রিয়৷ সৰু কৰাটো বেছি সক্রিয় নহয়৷ কিন্তু এনে লাগে সৰুটো অলপ বেছি ভাবুক ৷ স্কুলত শিক্ষকৰ লগত মই এই কথা আলোচনা কৰিছোঁ ৷ শিক্ষকসকলেও মন কৰিছে তাৰ অলপ মনোযোগ কম ৷ পঢ়া–শুনা অলপ লেহেম ৷
  • লৰা–ছোৱালীৰ জীৱনত পঢ়া–শুনা এটা গুৰুত্বপূর্ণ অধ্যায় ৷ বহু ক্ষেত্রত দেখা যায় এটা শিশুৱে যদি স্কুলত কাৰো লগত মিলা–মিছা নকৰে, অকলে থাকিয়ে ভাল পায়, নিজৰ লগতে ব্যস্ত হৈ থাকে ৷ আপোনাৰ সৰু লৰাটো পঢ়া–শুনাত মন্থৰ বুলি কৈছে আৰু লগতে তাৰ মনোযোগ কম ৷ প্রথম কথা হৈছে তাৰ পঢ়া–শুনা যদি লেহেমীয়া, তেনেহলে তাক সঠিকভাৱে জানিবলৈ আপুনি তাৰ এটা আই কিউ পৰীক্ষা কৰাওক ৷ সি পঢ়া–শুনাত কঠিনতা পাব পাৰে, যাৰ কাৰণে তাৰ মনোযোগ কম আৰু পঢ়া–শুনাত বিশেষ পাৰদর্শিতা দেখুৱাবলৈ সক্ষম হোৱা নাই ৷ মনোযোগ বেোৱাৰ কিছুমান প্রণালী আছে ৷ সেই প্রণালীবোৰ প্রয়োগ কৰিলে সুফল পাব পাৰে ৷
  • এজন অভিভাৱক হিচাপে মই এটা কথা জানিব খুজিছোঁ যে পঢ়া–শুনাত লৰা ছোৱালীক মনোযোগ আকর্ষণৰ কাৰণে কি কি কৰা উচিত
  • পঢ়া–শুনাত মনোযোগ আকর্ষণ কৰিবলৈ প্রথমতে লৰা–ছোৱালীৰ হাতত মবাইল দিয়াটো বন্ধ কৰিব লাগিব৷ দুই বছৰৰ পৰা পাঁচ বছৰৰ শিশুৰ  স্ক্রীন টাইম এঘণ্টাৰ বেছি দিয়াটো অনুচিত ৷ এঘণ্টাৰ সময়খিনিত বাছনীয় অনুষ্ঠানহে চাবলৈ দিব পাৰে৷ মনোযোগ বঢ়াবলৈ আপুনি আপোনাৰ শিশুটিৰ পপাৰ সময়ছোৱাত লগতে বহল সেই সময়ছোৱাৰ তিনিটা বিশেষ বৈশিষ্ট্য হৈছে অমনোযোগিতা, উতনুৱা আৰু ইচ্ছাকৃত ৷ অমনোযোগিতাৰ কাৰণে লৰা–ছোৱালীয়ে স্কুলৰ কামবোৰ সম্পূর্ণ কৰিব নোৱাৰে ৷ সৰু সৰু ভুলবোৰ কৰোঁতে লিখোঁতে৷ সঘনাই নিজৰ বহী, পেঞ্চিল, ৰবৰ ইত্যাদি হেৰুৱায় অথবা যতে–ততে থৈ পাহৰি যায় ৷  উতনুৱা হৈছে এজন ছাত্র বা ছাত্রীয়ে নিজৰ ঠাইডোখৰত বহি থাকিব নোৱাৰে ৷ খুব কথা কয় ৷ বেলেগে কোৱা কথা শুনিবলৈ ধৈর্য নাথাকে ৷ পঢ়াৰ সময়ত মনটো উন্মত্ত হৈ উঠে ৷ বহু সময়ত সৰু লৰা–ছোৱালীৰ ক্ষেত্রত বিনাকাৰণত জঁপিয়াই, অনবৰতে দৌৰি ফুৰা, খিৰিকীত বগাই যোৱা দেখিবলৈ পোৱা যায় ৷ কেতিয়াবা আক্রমণাত্মকো হৈ উঠে ৷ সকলো সময়তে স্থিৰে থাকিব নোৱাৰে ৷ বহু ক্ষেত্রত আনে নোসোধাকৈ উত্তৰ দি দিয়ে ৷ শ্রেণীকোঠাত আন লৰা–ছোৱালীক দিগদাৰী দিয়া, বেলেগৰ কথাৰ মাজত মাত দিয়া ইত্যাদি ব্যৱহাৰসমূহ দেখিবলৈ পোৱা যায় ৷ আপুনি নিজে মবাইল বা লেপটপ ব্যৱহাৰ কৰাৰ পৰা দূৰত থাকক৷ নম্বৰৰ সলনি শিশুটিক স্কুলত কি কি কৰিলে বা শিকিলে তাৰ সবিশেষ লওক ৷ যদিও নম্বৰ পোৱাটো দৰকাৰী, যদি নম্বৰ কম পায়, তথাপি তাক ভাল নম্বৰ পাবলৈ উৎসাহ যোগাব, তেতিয়াহে সি পঢ়াৰ প্রতি আগ্রহ দেখুৱাব, ভাল ফলাফল দেখুৱালে তাক পুৰস্কাৰ দিয়ক ৷ সৰু বস্তু যিটোৱে তাক পঢ়াৰ প্রতি আগ্রহ বেোৱাত সহায় কৰিব ৷ সদায় লৰা–ছোৱালীক উৎসাহ দিব লাগে ৷ পুৰস্কাৰ আৰু শাস্তি দুটা উপায় আছে ৷ শাস্তিতকৈ পুৰস্কাৰহে বেছি প্রশংসনীয়৷ আপুনি এই নিয়ম প্রয়োগ কৰি চাওক, নিশ্চয় আপোনাৰ লৰা–ছোৱালীৰ পঢ়াৰ প্রতি আগ্রহ বাঢ়িব ৷

nattention deficiencyৰ কিবা লক্ষণ আছে নেকি

  • হয় মনোযোগৰ অভাৱ, ইংৰাজীত attention deficiency বুলি কোৱা হয় ৷ ইয়াৰ লক্ষণসমূহ হৈছে একেবাৰে কম সময়ৰ কাৰণে মনোযোগৰ প্রসাৰ বয়স অনুযায়ী অন্যৰ কথা শুনিবলৈ অধৈর্য, সম্পূর্ণভাৱে যিকোনো কাম কৰিবলৈ কঠিনতা, অতি সোনকালে উন্মত্ত হোৱা, বয়স অনুযায়ী ব্যৱস্থাপনাৰ দক্ষতা, অপৰিপক্ব অধ্যয়নৰ দক্ষতা ৷
  • Attention deficit hyperactivity disorder ছোৱালীতকৈ লৰাৰ ক্ষেত্রত বেছি দেখা যায় নেকি
  • সমীক্ষা মতে ছোৱালীতকৈ লৰাৰ মনোযোগ আৰু উন্মত্ত আচৰণৰ দোষ ছোৱালীতকৈ বেছি বুলি কোৱা হয় ৷ আচলতে বহুসংখ্যক ছোৱালীৰ অমনোযোগিতাটো বেছি, যিটো Attention deficit hyperactivity disorderৰ ৰোগ নির্ণয় সমীক্ষাৰ ভিতৰত নপৰে৷ Attention deficit hyperactivity disorder লৰা–ছোৱালী উভয়ৰে ক্ষেত্রতে হয় ৷ লৰাৰ ক্ষেত্রত বেছি হোৱাটো হয়তো কিছু ক্ষেত্রত শুদ্ধভাৱে সময়মতে ৰোগ নির্ণয় অথবা সময়ত বিশেষজ্ঞৰ ওচৰলৈ নপঠিওৱা এক কাৰণ হব পাৰে ৷ এই সম্পর্কে এতিয়াও সমীক্ষা চলি আছে ৷
  • মোৰ ছোৱালীজনী ৭ বছৰৰ ৷ মন কৰিছোঁ যে প্রতিদিনে স্কুলত কিবা নহয় কিবা বস্তু এৰি আহে ৷ লিখাবোৰ সম্পূর্ণ নকৰে ৷ ইয়াৰ কাৰণ কি হব পাৰে বাৰু
  • আপোনাৰ ছোৱালীৰ লক্ষণকেইটা দেখি মনোযোগৰ অভাৱৰ নিচিনাই লাগিছে ৷ ইতিমধ্যে মই বহুকেইজনৰ প্রশ্নৰ উত্তৰত উল্লেখ কৰিছোঁ Attention deficit hyperactivity disorderৰ কাৰকসমূহ ৷ তাৰ ভিতৰত আপোনাৰ ছোৱালীজনীৰ লক্ষণটোও পৰে ৷

আচলতে বিসংগতি বা মনোযোগৰ অভাৱ অভিভাৱকসকলে যদি তেওঁলোকৰ লৰা–ছোৱালীৰ মাজত পৰিলক্ষিত কৰে পলম নকৰি বিশেষজ্ঞৰ সহায় লওক ৷ যিমানেই সোনকালে অসুবিধাবোৰ ধৰা পৰিব সিমানেই সোনকালে তাৰ প্রতিকাৰ আৰু সুফল পাব ৷ উপেক্ষা নকৰি প্রতিকাৰ গ্রহণ কৰক ৷

ফোনঃ ৯৮৬৪০-৯৬৫১৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.