গ্রীষ্মত সৌন্দর্য ৰক্ষাৰ সচেতনতা

বিষয়া ভূঞা

ঋতুভেদে জলবায়ুৰ পৰিৱর্তন হয় ৷ আৰু এই পৰিৱর্তনে আমাৰ শৰীৰ আৰু মনত প্রভাৱ পেলায় ৷ শৰীৰ বুলি কলে আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটা দিশেই বুজায় ৷ তাৰ ভিতৰত বাহ্যিক ক্ষেত্রত পৰা প্রভাৱ অতি সোনকালেই চকুত পৰে ৷ আজিৰ লেখাত আমি গ্রীষ্ম ঋতুৰ ক্ষতিকাৰক প্রভাৱৰ পৰা আমাৰ শৰীৰক কেনেদৰে বচাই ৰাখি আমাৰ সৌন্দর্য অটুট ৰাখিব পাৰোঁ, তাৰে কিছুমান পৰামর্শ আগববালোঁ ৷

গ্রীষ্ম ঋতুৰ আৰম্ভণিৰ পৰাই আমি খোৱা–লোৱাৰ ক্ষেত্রত কিছু সাৱধান হব লাগে ৷ অতি সহজতে হজম হোৱা ধৰণৰ খাদ্য খাব লাগে ৷ তেল মচলাযুক্ত খাদ্য কমাই খাব ৷ পানী যথেষ্ট পৰিমাণে খাব ৷ বজাৰৰ ঠাণ্ডা পানীৰ পানীয়ৰ সলনি নেমুৰ চৰবত, বেলৰ চৰবত, ভীমকলৰ চৰবত, দৈ আদি ঘৰতে তৈয়াৰ কৰি খাব ৷ বতৰৰ সকলো ধৰণৰ শাক–পাচলি, ফলমূল খাদ্য তালিকাত ৰাখিব ৷

গৰমত কমেও দুবাৰকৈ গা ধুই গাৰ ছাল পৰিষ্কাৰ কৰি ৰাখিব ৷ দিনত এবাৰকৈ দেহৰ ছালত পাতলকৈ স্ক্রাব কৰিব ৷ ব্যক্তি বিশেষে কিছুমানৰ ঘামৰ পৰা দুর্গন্ধ ওলায় ৷ তেনেকুৱা হলে নিমপাত সিজোৱা পানী ঠাণ্ডা কৰি চেকি লৈ গা ধোৱা পানীত মিহলি কৰি লব ৷ ইয়াৰ ফলত ঘামত হোৱা বীজাণু সংক্রমণ বন্ধ হব আৰু ঘামৰ দুর্গন্ধ নাথাকিব ৷ গা ধোৱা পানীত গোলাপৰ পাহি, গোলাপজল নাইবা ডিডৰেণ্ট মিহলাই লব পাৰে ৷ ইয়াৰ ফলত আপুনি সজীৱতা অনুভৱ কৰিব আৰু দেহৰ দুর্গন্ধও নাথাকিব৷ গা ধোৱাৰ পিছত সমগ্র দেহৰ পানী ভালদৰে মচি লৈ টেল্কম পাউডাৰ লগাব ৷ গৰমৰ দিনকেইটাত আৰামদায়ক কপাহী কাপোৰ পিন্ধিব ৷

দেহৰ ছালৰ দৰে মুখৰ ছালখনো দুই–তিনিবাৰকৈ পৰিষ্কাৰ কৰিব ৷ প্রত্যেকবাৰ ছাল পৰিষ্কাৰ কৰাৰ পিছতেই টোনাৰ ব্যৱহাৰ কৰিব নাপাহৰিব ৷ ঘৰৰ বাহিৰলৈ ওলোৱাৰ আধা ঘণ্টা আগতেই মুখৰ ছালৰ লগতে দেহৰ ওলাই থকা অংশটো ছানস্ক্রীন সানিব ৷ ছালত যদি কলা দা বা অন্য সমস্যা আছে তেতিয়াহলে ছানব্লক ব্যৱহাৰ কৰিব ৷ ৰদত ওলালে ছাতি আৰু ছানগ্লাছ ব্যৱহাৰ কৰিব ৷ কেতিয়াও ৰদৰ পৰা আহিয়েই গা ধোৱা বা মুখ ধোৱা উচিত নহয় ৷ দেহৰ উত্তাপ স্বাভাৱিক হোৱাৰ পিছতহে গা বা মুখ ধুব লাগে ৷  নিয়মিত পৰিষ্কাৰ–পৰিচ্ছন্ন উপৰি সপ্তাহত এদিনকৈ হলেও মুখৰ ছালত পেক ব্যৱহাৰ কৰিব ৷ ছালৰ প্রকৃতি অনুযায়ী কেইটামান পেক বনোৱাৰ দিহা তলত দিয়া হল

তৈলাক্ত ছালৰ বাবেঃ

  • তিয়ঁহৰ ৰস, নেমুৰ ৰস, মৌ আৰু গোলাপজল মিহলি কৰি ২০ মিনিট সময়ৰ বাবে মুখত লগাই ৰাখিব আৰু দুই হাতেৰে ঠাণ্ডা পানী ছটিয়াই ধুই দিব ৷
  • অমিতাৰ লগত বিলাহী, অলপ সিজোৱা আলু আৰু অলপ কমলাৰ ৰস নাইবা কমলাৰ বাকলিৰ গুড়ি মিহলি কৰি পেক বনাই ২০ মিনিট সময়ৰ বাবে মুখত লগাব তাৰ পিছত ঠাণ্ডা পানীৰে ধুই দিব ৷

শুকান ছালৰ বাবেঃ

  • চাউলৰ গুড়ি দুচামুচৰ লগত মৌ আৰু এটা কণীৰ বগা অংশ মিহলি কৰি মুখত লগাই তিনি চাৰি মিনিট মালিচ কৰিব আৰু ১৫-২০ মিনিট সময়ৰ পিছত ঠাণ্ডা পানীৰে মুখ ধুব ৷
  • আমলখিৰ ৰসৰ লগত নেমুৰ ৰস মিহলাই চুলিত লগালে চুলিও মজবুত হয় আৰু উফিও কমে ৷

গৰমত মেকআপ সদায় পাউডাৰ বেচহে লগাব ৷ তেতিয়াহলে বেছি সময়লৈ থাকিব আৰু ঘামৰ পৰিমাণো কমি থাকিব ৷ বাহিৰলৈ ওলালে লগত দুখনকৈ পৰিষ্কাৰ কপাহী ৰুমাল ৰাখিব ৷ গা ধুই উঠিয়েই ডিঅ’ ব্যৱহাৰ কৰিব ৷ কাপোৰত ভাল পাৰফিউম লগাব আৰু পাতল ৰঙৰ কাপোৰ পিন্ধিব ৷  এনেদৰে কৰিলে এই গৰমতো আপোনাৰ দেহ মন সজীৱ হৈ থাকিব ৷

You might also like
Leave A Reply

Your email address will not be published.