বৰষুণৰ বতৰত স্বাস্থ্যৰ প্রতি নজৰ ৰাখক

ডাঃ ৰীণা দেৱী

বাৰিষাৰ দিনবোৰত দৈহিক সুস্থতা অটুট ৰখাৰ বাবে খোৱা–বোৱা, পৰিষ্কাৰ–পৰিচ্ছন্ন প্রতি বিশেষ ধ্যান ৰখা দৰকাৰ ৷ নহলে সংক্রমণ আৰু বিভিন্ন ৰোগ হবলৈ বেছিপৰ নালাগে ৷ সেই গতিকে বাৰিষাত হব পৰা স্বাস্থ্য সমস্যা, ইয়াৰ সমাধানৰ উপায়, খোৱা–বোৱা ইত্যাদিৰ বিষয়ে বিতংকৈ জানো আহক ৷

গ্রীষ্মৰ প্রকোপৰ পিছত হঠাতে যেতিয়া বৰষুণ আহে, তেতিয়া ঠাণ্ডাৰ লগে লগে বিভিন্ন ৰোগ আৰু সমস্যাও আহে ৷ যেনে– ডেংগু, ফাংগল ইনফেকচন, ডায়েৰীয়া, মেলেৰিয়া, ভাইৰেল ৰ আদি ৷

ডেংগুঃ এনে বতৰত ডেংগু মহে কামুৰিলে সবাতোকৈ বেছি সমস্যা হয় ৷ ৰোগীৰ তীব্র ৰ হয় আৰু শৰীৰ নিথৰ হৈ পৰে ৷ এই অৱস্থাত যদি তৎক্ষণাৎ চিকিৎসা কৰোৱা নহয় ৰোগীৰ প্রাণনাশৰ আশংকাও বাঢ়ো । সেই গতিকে এনে বতৰত যেতিয়াই ৰ উঠে, তেতিয়া কথাষাৰ সহজভাৱে লোৱা উচিত নহয় ৷ চিকিৎসকৰ ওচৰলৈ অৱশ্যে যাব লাগে ৷

সাৱধানতাঃ

১.আনৰ কথামতে অথবা ফার্মাচিষ্টে কোৱামতে দৰব নাখাব ৷

২.ঘৰৰ ওচৰে–পাঁজৰে পানী জমা হবলৈ নিদিব ৷

৩.ঘৰৰ ভিতৰ–বাহিৰ পৰিষ্কাৰ শুকানকৈ ৰাখিব ৷

৪.মনত ৰাখিব– পৰিষ্কাৰ পানীতেই ডেংগু মহৰ উৎপত্তি হয় ৷

ডায়েৰীয়াঃ এই ৰোগ সংক্রমণৰ দ্বাৰা হয় ৷ পেটৰ বিষ আৰু বমি হয়, যি কাৰণত শৰীৰত পানীৰ অভাৱ হব ধৰে ৷

সাৱধানতাঃ

১.ৰোগীক সঘনে অ আৰ এছ মিহলি পানী খুৱাই থাকিব ৷

২.পাতলীয়া আহাৰ দিব ৷ খিচিৰী উত্তম হব ৷

৩.চিকিৎসকৰ দ্বাৰা শৰীৰ পৰীক্ষা কৰাই তেওঁৰ দিহা–পৰামর্শ মানি চলক ৷

মেলেৰিয়াঃ  এই ৰোগত ৰোগীৰ তীব্র ৰৰ লগতে ঠাণ্ডা লাগে ৷

সাৱধানতাঃ

১.ঘৰৰ ভিতৰে–বাহিৰে পানী জমা হবলৈ নিদিব ৷

২.শুবৰ সময়ত আঁঠুৱাৰ ব্যৱহাৰ কৰিব ৷

৩.ঘৰত মহ–মাখি আৰু অন্যান্য কীট–পতংগৰ পৰা হাত সাৰিবলৈ ভাল কোম্পানীৰ কীটনাশকৰ ব্যৱহাৰ কৰক ৷

জণ্ডিচঃ  এনে বতৰত বহুতৰে জণ্ডিচ হয় ৷ ই যকৃতৰ সংক্রমণৰ ফলত হোৱা ৰোগ ৷ এই ৰোগ লেতেৰা পানী তথা দূষিত খাদ্যৰ পৰা হয় ৷

সাৱধানতাঃ

১.ৰোগীক কম চর্বিযুক্ত খাদ্য খুৱাওক ৷

২.আহাৰত কার্ব–হাইড্রেট যেনে– কল, চাউল আদি অন্তর্ভুক্ত কৰক ৷

৩.পানী উতলাই ঠাণ্ডা কৰি খাওক ৷

৪.বাটৰ কাষৰ খাদ্যবস্তু খোৱাৰ পৰা বিৰত থাকক ৷

ফাংগল ইনফেকচনঃ বৰষুণৰ দিনবোৰত ভৰিৰ আঙুলিৰ কোমল অংশবোৰ ফাংগল ইনফেকচনৰ চিকাৰ হয় ৷ ইয়াৰ ফলস্বৰূপে লা–পোৰা, খজুৱতি, ছাল ফটা, ৰঙা পৰা ইত্যাদি হব ধৰে ৷

১.ফাংগল ইনফেকচন হলে বিশুদ্ধ দৈ সংক্রমিত ঠাইসমূহত লগাই আধা ঘণ্টাৰ পিছত কুহুমীয়া পানীৰে ধুব ৷ এনেদৰে দিনত দুবাৰকৈ কৰিব ৷

২.নাৰিকল তেলো লাভদায়ক ৷ ইয়াকো ব্যৱহাৰ কৰিব পৰা যায় ৷

৩.সংক্রমিত অংশ শুকানকৈ আৰু মুকলিকৈ ৰখা ভাল ৷

৪.মোজা ব্যৱহাৰ কৰাসকলে সূতাৰ পৰিষ্কাৰ মোজা ব্যৱহাৰ কৰিব ৷

৫.ছালখন অতি ঠাণ্ডা আৰু গৰম বাতাৱৰণৰ পৰা বচাব ৷

৬.বৰষুণত তিতিলে ঘৰ পোৱা মাত্রকে গা ধুই পেলাওক অথবা ভৰিহাল ভালদৰে ধোৱক ৷

এনেবোৰ কাম নকৰিবঃ

১.পলিয়েষ্টাৰ অথবা নাইলন– গাত লিপিট খাই ধৰা কাপোৰ নিপিন্ধিব ৷

২.শৰীৰটোক বহু সময়লৈ তিতা অৱস্থাত নাৰাখিব আৰু তিতা কাপোৰো নিপিন্ধিব ৷

৩.বাৰিষাৰ বতৰত চামৰাৰ জোতা–চেণ্ডেল নিপিন্ধিব ৷

৪.ভৰিহাল বৰষুণৰ পানীত বহু সময়লৈ তিয়াই নাৰাখিব ৷

কি খাবঃ

১.বাৰিষাৰ দিনবোৰত পাচন–তন্ত্র দুর্বল হৈ পৰে, যাৰ বাবে ডায়েৰীয়া, খাদ্যৰ বিষক্রিয়া আদি হোৱাৰ সম্ভাৱনা বেছি থাকে ৷ ইয়াৰ পৰা ৰেহাই পাবলৈ নিজৰ খাদ্য তালিকাৰ প্রতি বিশেষ ধ্যান দিয়াৰ প্রয়োজন ৷

২.বতৰৰ ফল খাওক৷ যেনে– জামু, চেৰী, লিচু, আনাৰস ইত্যাদি ৷ এই ফলবোৰ খাবলৈয়ে যে সোৱাদযুক্ত হয় এনে নহয়, বৰঞ্চ ভিটামিন তথা পুষ্টিদায়ক গুণেৰে ভৰপূৰো হয় ৷

৩.হার্বেল টী খাওক ৷ ইয়াত আদা, তুলসী, পদিনা, ইলাচি মিহলাওক ৷ ই বাৰিষাত হোৱা ফাংগল তথা বেক্টেৰিয়েল ইনফেকচনৰ পৰাও বচায় ৷

৪.খাদ্যৰ লগত অলপমান মৌ খাওক ৷ ই হজম শক্তি ঠিকে ৰাখে ৷

৫.প্রতিদিনৰ খাদ্যত লাউ, কোমোৰা, কেৰেলা আদি পাচলি প্রাধান্য দিয়ক ৷

৬.এণ্টি–বেক্টেৰিয়েল আৰু এণ্টি অক্সিডেণ্টেৰে ভৰপূৰ মচলা আদি খাদ্যত ব্যৱহাৰ কৰক ৷ যেনে– মেথি, জিৰা, হালধি– এইসমূহে বাৰিষা কালত হব পৰা সংক্রমণৰ পৰা বচায় ৷

এনে উপায় অৱশ্যে কৰকঃ

৭.বাৰিষা বতৰত ফিচ্টাৰ কৰা তথা উতলোৱা পানীহে খাব ৷

৮.বৰষুণৰ দিনকেইটাত প্রতিদিনৰ খাদ্যত তুলসীকো অন্তর্ভুক্ত কৰক ৷ দিনে তিনি চাৰিটা তুলসীৰ পাত খাওক ৷ ই এণ্টি–ক্সিডেণ্টেৰে ভৰপূৰ ৷

৯.ভেজিটেব্ল চুপ খাওক আৰু তাত নহৰু মিহলাওক ৷ নহৰুৱে ৰোগ প্রতিৰোধক ক্ষমতা বঢ়ওৱাৰ উপৰি শৰীৰৰ পৰা দূষিত পদার্থ বাহিৰ কৰে ৷

১০.খুব পানী খাওক ৷ এনে কৰিলে পেট পৰিষ্কাৰ হৈ থাকিব ৷

১১.প্রতিদিনে ব্যায়ামৰ অভ্যাস কৰক ৷

১২.বতৰৰ ফল পাচলি খাওক ৷

১৩.আহাৰ গ্রহণ কৰাৰ আগেয়ে আৰু পিছত ভালদৰে হাত ধোৱক ৷

১৪.সাধাৰণতে বাৰিষাৰ দিনবোৰত বহুসংখ্যকে সেউজীয়া শাক–পাচলি খোৱাৰ পৰা বিৰত থাকে ৷ যদি আপুনি খাবলৈ বিচাৰে, তেন্তে পাচলিবোৰ অন্ততঃ পাঁচ–দহ মিনিট উতলা গৰম পানীত ডুবাই ৰাখক ৷

১৫.এনে সময়ত খাদ্য ভালদৰে প্রস্তুত কৰি খাওক ৷ কেঁচা বা আধা সিজা খাদ্য গ্রহণ নকৰিব ৷

এইসমূহ খোৱাৰ পৰা বিৰত থাকিবঃ

১.পালেং, বন্ধাকবি আদি নাখাব ৷ এইবোৰত সৰু পোক থাকিব পাৰে ৷ খাবই যদি বিচাৰে, তেন্তে কুহুমীয়া পানীৰে ধুই লৈ খাওক ৷

২.আলু, ভেণ্ডি, মটৰ, ফুলকবি আদিও খোৱাৰ পৰা বিৰত থাকক ৷ কিয়নো এইবোৰ সহজে হজম নহয় আৰু ইয়াৰ পৰা সংক্রমণ হোৱাৰ সম্ভাৱনাও  বাঢ়ে ৷

৩.বজাৰত মুকলিকৈ ৰখা খাদ্য দ্রব্য নাখাব ৷ যেনে– ষ্ট্রীট ফুড, পকৰী, ভেলপুৰি আদি ৷

৪.অধিক চাহ–কফী খোৱাৰ পৰা বিৰত থাকিব ৷

ফোনঃ ৯০৮৫৯-৪১৪৪৭

You might also like
Leave A Reply

Your email address will not be published.