গুৱাহাটী ৰে Guwahati

সুনয়না ফুকন মহন্ত

বৰলা কাই ধাৰাবাহিকৰ জনপ্রিয় অভিনেতা ভোলা–কেৰপাৰ যুটিয়ে গুৱাহাটী ৰে Guwahati’ ধাৰাবাহিকৰ জৰিয়তে ৰংৰ পর্দাত পুনৰ ভুমুকি মাৰি দর্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে ৷ যোৱা ২৮ মার্চৰ পৰা সম্প্রচাৰ হোৱা ধাৰাবাহিকখনে দর্শকক এক নতুন সোৱাদ দিবলৈ নিচ্চয় সক্ষম হব ৷ যদিও হাস্যৰসক প্রাধান্য দি ধাৰাবাহিকখনৰ কাহিনী আগবাঢ়িব, তাৰ মাজেৰে গাঁৱলীয়া সহজ–সৰল মানুহৰ দৈনন্দিন জীৱন সংগ্রাম, সুখ–দুখ, হাঁহি–কান্দোন, অর্থাৎ বাস্তৱ ছবিখনৰ সজীৱ প্রতিফলনৰ প্রচেষ্টা কৰিব পৰিচালকে ৷ গুৱাহাটী ৰে Guwahati’ শীর্ষক এখন সুন্দৰ হাস্য–ব্যংগ ধাৰাবাহিক এনেদৰে সজাই তোলাৰ আঁৰত আছে দুজন জনপ্রিয় অভিনেতা ভোলা অর্থাৎ পৰাগ শর্মা আৰু কেৰপা অর্থাৎ কবীন্দ্র দাস ৷ ধাৰাবাহিকখনত নগৰীয়া সভ্যতাৰ কৃত্রিমতা, ব্যক্তিকেন্দ্রিকতা যিদৰে থাকিব, সমান্তৰালভাৱে থাকিব নগৰীয়া মানুহৰ সহূদয়তা, সহমর্মিতাৰ কথাও আৰু লগতে থাকিব আমাৰ প্রতিঘৰৰ দৈনন্দিন জীৱনৰ পাৰিবাৰিক সংঘাত, মান–ভিমান, হাঁহি–কান্দোন, প্রেম–বিচেছদ আৰু বহুতো ৷

গুৱাহাটী ৰে Guwahati’ৰ মূল দুই চৰিত্র নীলো আৰু ধাৰোৱে নতুন ঠিকনা বিচাৰি গুৱাহাটীলৈ আহি কি কৰিব, কাক লগ পাব, কি সমস্যাৰ সন্মুখীন হব এই সকলোবোৰেই হব ধাৰাবাহিকখনৰ মূল উপজীব্য ৷ বহুতো অভিনেতা–ভিনেত্রীৰ সমাহাৰেৰে ধাৰাবাহিকখনৰ প্রতিটো খণ্ড আগবািিছে ৷ ভাৰাঘৰৰ দুই জনপ্রিয় অভিনেতা দুলাল বেজবৰুৱা, মন্মথ বৰুৱাই দুটা কেন্দ্রীয় চৰিত্রত অভিনয় কৰা ধাৰাবাহিকখনৰ আন অভিনেতা–ভিনেত্রীসক হল ক্রমে অমিয় শর্মা, মনোজ শইকীয়া, দীপজিৎ ওজা, গোপাল ডেকা, জুৰি শর্মা, জানমণি তামুলী, মিনা ইংতি, জ্যোতিৰূপা শর্মা, পৰীস্মিতা, অজয় ডেকা, মিনালী বডো, শেৱালি নেওগ, প্রীতি কাশ্যপ, প্রীতম যোগী আদি বহুতো জ্যেষ্ঠ–কনিষ্ঠ অভিনেতা–ভিনেত্রী৷ শিশু শিল্পী হিচাপে ভুমুকি মাৰিছে কৌস্তভ আৰু জিঞাই৷ ধাৰাবাহিকখনৰ প্রতিটো দৃশ্য সুন্দৰকৈ সম্পাদনা কৰিছে হূষীকেশ দাসে৷ পোষ্টাৰ ডিজাইন আৰু গ্রাফিক্স ৰাকেশ বর্মনৰ৷ ইতিমধ্যে ধীৰু ডেকাৰ কথাৰে দীক্ষু শর্মাৰ কণ্ঠত জনপ্রিয় হৈ পৰা গুৱাহাটী ৰে Guwahati’ ধাৰাবাহিকখনৰ শীর্ষগীতটি সুৰ আৰু সংগীতেৰে সজাই তুলিছে অহিৰ ভৈৰৱে৷ ধাৰাবাহিকখনৰ প্রতিটো দৃশ্যক অহিৰ ভৈৰৱৰ আৱহ সংগীতে অধিক প্রাণৱন্ত কৰি তুলিছে ৷ গুৱাহাটী আৰু বিভিন্ন মনোৰম ঠাইত দৃশ্যগ্রহণ কৰা ধাৰাবাহিকখনৰ চিত্রগ্রহণ সূৰুযৰ ৷

জন্মলগ্ণৰে পৰা দর্শকক নতুন সৃষ্টিৰে মনোৰঞ্জনৰ প্রচেষ্টা চলাই অহা ৰং চেনেলে এই ধাৰাবাহিকখনৰ জৰিয়তেও সকলো শ্রেণীৰ দর্শকক সম্পূর্ণ প্রাধান্য দি পৰিয়ালৰ সকলোৱে উপভোগ কৰিব পৰাকৈ এই ধাৰাবাহিকখন আগববাইছে ৷ সেয়ে গুৱাহাটী ৰে Guwahati’ক আপোনালোকে প্রতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া ৬.৩০ বজাত উপভোগ কৰি আদৰি লব বুলি ৰং পৰিয়ালে আশা প্রকাশ কৰিছে ৷

ফোন ঃ ৯৮৫৪০-৯২৩০৩

You might also like
Leave A Reply

Your email address will not be published.