ৰেচিপি

আহমণি গোহাঁই দিহিঙীয়া

কচুশাক, মচন্দৰি, কণবিলাাহীৰে বাহুমাছৰ তৰকাৰী

উপকৰণ-

কচু শাক এমুঠি

মচন্দৰি পাতৰ আগ এমুঠি

কণবিলাহী জোখমতে

মাছ ৫/৬ টুকুৰা

আলু এটা

নহৰু ৫/৬ কোঁহ

আদাৰ পেষ্ট ১ চাহ চামুচ

কেঁচা জলকীয়া ৩/৪টা

পিঁয়াজ এটা

মগুদাহল এমুঠি

প্রস্তুত প্রণালী : প্রথমে কচু শাকখিনি চোঁচ গুচাই টুকুৰাকৈ কাটি  মচন্দৰি, মগুদাইল, আলুৰে সৈতে অলপ বহল কৰি লব ৷ বহল কৰি পানী টুকি লব ৷ এতিয়া মাছকেইডোখৰ আধা ভাজি লব ৷ মাছ ভজা তেলতে মিহিকৈ কুটি লোৱা পিঁয়াজ, মিহিকৈ কুটি লোৱা নহৰু, আদাৰ পেষ্ট আৰু কেঁচা জলকীয়া ফুৰণত দিব ৷ অলপ ভাজি কণবিলাহীখিনি তেলত দিব ৷ ভাজি থাকোঁতেই বহল কৰি থোৱা কচুশাকখিনিও তাতে দি ভাজি থাকিব ৷ নিমখ–হালধি জোখ মতে দিব ৷ অলপ সময় ভাজি জোখত পানী আৰু মাছকেইডোখৰ দি ভালকৈ কম জুইত উতলিবলৈ দিব ৷ এনেকৈ অলপ সময় উতলাই জোলখন ডাঠ হলে এটুকুৰা নেমু চেপি নমাই থব ৷ মচন্দৰি, কচুশাক, কণবিলাহীৰ মাছৰ তৰকাৰীখন সঁচাকৈয়ে অতি সোৱাদযুক্ত ৷ আপোনাক সকলোৰে জ্ঞাত কচুশাকত থকা ভৰপূৰ আইৰন, বিলাহীত থকা ভিটামিন চি আমাৰ শৰীৰৰ বাবে অতি প্রয়োজনীয় ৷

বাবৰি, পালেঙেৰে ৰৌ মাছৰ টেঙা–জলা  পাতল জোল

উপকৰণ-

ৰৌমাছ ৪/৫ টুকুৰা

বাবৰি ৮/৯টা মান আগ

কুমলীয়া পালেং আধা মুঠি

আলু এটা বহল কৰি লব ৷

বিলাহী দুটা গুটি গুচাই পেষ্ট বনাই লব ৷

জলকীয়া ২/৩টা

পিঁয়াজ এটা

তেজপাত এখিলা

প্রস্তুত প্রণালী : প্রথমে মাছখিনি ভালকৈ ধুই নিমখ–হালধি সানি আধা ভাজি লব ৷ আলু বহল কৰি টুকুৰা কৰি লব ৷ বিলাহী আৰু জলকীয়া একেলগে পেষ্ট বনাই লব ৷ পালেঙৰ পাত মিহিকৈ কুটি লব ৷ মাছ ভাজি হলে সেই তেলতে মিহিকৈ কুটি লোৱা পিঁয়াজ ফুৰণত দিব ৷ পিঁয়াজ ৰঙচুৱা হলে পেষ্ট কৰি থোৱা বিলাহীখিনি দি অলপ ভাজিব ৷ বিলাহীৰ পানী কমিলে আলু আৰু পালেংখিনি দি কম জুইত ভাজি থাকিব ৷ পালেংখিনি  গলি গলে জোখত পানী আৰু মাছখিনি দি উতলিবলৈ দিব ৷ জোখমতে নিমখ–হালধি দিব ৷ এনেকৈ জোলখন ভালকৈ উতলাই তেল বিৰিঙি আহিলে খুব মিহিকৈ বাবৰিখিনি কাটি ২/৩ মিনিট কম জুইত থৈ নমাই গৰমে গৰমে পৰিৱেশন কৰিব ৷ বাবৰিৰ নিজস্ব সুগন্ধৰে মাছৰ জোলখনৰ  স্বকীয়  মাত্রা দিয়ে ৷

ৰহদৈৰে ভাঙন মাছৰ জোল

শীতকাল বুলি কলেই বিভিন্ন ধৰণৰ ৰং–বিৰঙৰ শাক–পাচলি আৰু ৰঙীন ফল–মূলবোৰে চকুৰ আগেদি অগা–দেৱা কৰে ৷ তদুপৰি ৰঙীন ফাগুনেও এই সময়ত মন উতলা কৰে ৷ শীতকালত হোৱা প্রতিবিধ শাক–পাচলিতেই বিভিন্ন ধৰণৰ ভিটামিন, খনিজ লৱণ আৰু লৌহপদার্থ পোৱা যায় ৷ যিবিলাক আমাৰ শৰীৰৰ কাৰণে অতি প্রয়োজনীয় ৷ মোৰ সৰু বাগিচাখনত শীতকালত হোৱা কেইবিধমান শাক–পাচলি আৰু টাবতে হোৱা ৰহদৈৰে ৰন্ধা কেহটামান ৰেচিপি আগবঢ়ালোঁ ৷

উপকৰণ-

ভাঙন মাছ ৪/৫ টুকুৰা

ৰহদৈ ৪টা

মেথি আধা চাহ চামুচ

আলু এটা বহল কৰি লোৱা

ধনিয়া পাত জোখমতে

কেঁচাজলকীয়া ৩/৪টা

নিমখ–হালধি জোখমতে

চেনি সামান্য

প্রস্তুত প্রণালী : প্রথমে মাছখিনি আধা ফ্রাই কৰি লব ৷ ৰহদৈকেইটা বহল কৰি ৰস উলিয়াই চেকি লব ৷ আলুটো বহল কৰি টুকুৰা কৰি লব ৷ এতিয়া মাছ ভজা তেলতে মেথিকেইটা ফুটাই লব ৷ মেথিৰ ভজা গোন্ধ ওলালে ৰহদৈৰ ৰসখিনি তাতে ঢালি দিব ৷ লগতে বহল আলুটোও জোলখনত দি দিব ৷ কেঁচা জলকীয়া ফালি দিব ৷ জোলখন  অলপ  উতলিলে মাছখিনি দি পুনৰ কম জুইত উতলিবলৈ দিব ৷ এনেকৈ উতলাই জোলখন ডাঠ হলে ওপৰত মিহিকৈ কটা ধনিয়া পাত দি নমাই গৰমে গৰমে পৰিৱেশন কৰিব ৷ ৰহদৈৰ সৈতে মাছৰ জোলখন অতি সোৱাদযুক্ত হয় ৷ ৰহদৈ স্বাস্থ্যৰ কাৰণেও অতি উপযোগী ফল ৷

শীতৰ মিহলি পাচলি আৰু মিচিমি গাজ টেঙা দি ৰৌমাছ বহল

জনজাতীয় ৰেচিপি

মিচিমি জনগোষ্ঠী

শীতকালত হোৱা বিভিন্ন পাচলি আৰু মিচিমি শুকান গাজ টেঙা দি ৰৌ মাছ বহল

প্রণালী : কেৰাহীত পানী গৰম কৰি তাত বিলাহী, আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট দিব ৷ উতলি থাকোঁতেই তাত বতৰৰ পাচলি বন্ধাকবি অলপ ডাঙৰকৈ কটা, ওলকবি, দীঘলীয়াকৈ কাটি লোৱা বিণ, আলু আৰু লগতে কেঁচা মাছখিনি দি দিব ৷ ১০ মিনিট মান উতলাৰ পিছত তাত শুকান গাজ টেঙা আৰু কেপচিকাম দি ৫ মিনিট উতলাই নমাই থব ৷ তেলবিহীন মাছৰ তৰকাৰী ৷ স্বাস্থ্যৰ উপযোগী ৷ বতৰৰ মিহলি পাচলি আৰু গাজ টেঙা দি ৰন্ধা মাছৰ জোলখন নাখালে ইয়াৰ সোৱাদ অনুমান কৰিব নোৱাৰি ৷

You might also like
Leave A Reply

Your email address will not be published.