শালমইনা | সাৱধানতা আৰু প্রতিকাৰ

গীতাশ্রী গগৈ হাতীবৰুৱা

মুখত শালমইনা ওলালে বহু ক্ষেত্রত অসুবিধাৰ সন্মুখীন হব লগা হয় ৷ লগাওঁ বুলি যিকোনো ক্রীম বা প্রসাধন সামগ্রী লগাব নোৱাৰি, মেকআপ কৰিবলৈও অসুবিধা হয় আৰু ব্যৱহাৰ কৰিলেও শালমইনা বেছি হোৱাৰ ভয় থাকে ৷ শালমইনা ওলোৱা ফলত দাগ ৰৈ যোৱাও দেখা যায় ৷ কিছুমান ক্ষেত্রত সাৱধান হলে এই সমস্যাৰ পৰা বহুখিনি হাত সাৰি থাকিব পাৰি ৷ জানো আহক কেনেকৈ ৷

তৈলাক্ত বা তেলেতীয়া ছালত শালমইনাৰ সমস্যা বেছিকৈ দেখা যায় ৷ সেয়েহে এই ধৰণৰ ছালক বেছি যত্নৰ প্রয়োজন ৷ যিমান পাৰে ছালখনক অতিৰিক্ত তেলৰ পৰা মুক্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব ৷ ৰাতি শোৱাৰ আগতে ছালখন সদায় পৰিষ্কাৰ কৰিব ৷ মুখ ধোৱা পানীখিনি সামান্য গৰম কৰি এচিকুট নিমখ মিহলাই লব আৰু নিমযুক্ত চাবোন ব্যৱহাৰ কৰিব ৷ মূৰত যাতে উফি নহয় তাৰ প্রতি লক্ষ্য ৰাখিব ৷ মূৰত হোৱা উফিৰ পৰাও শালমইনা হোৱাৰ সম্ভাৱনা থাকে ৷

  • মুখ মচা গামোচা বা টাৱেলখন সদায় পৰিষ্কাৰ কৰি ৰাখিব আৰু ধোৱাৰ সময়ত পানীখিনিত ডেটল বা চেভলন মিহলি পানীৰে ধুব ৷
  • গাৰুৰ কভাৰ সদায় ডেটল মিহলি পানীৰে ধুব আৰু গাৰুটো ৰদত দিব ৷
  • যিমান পাৰি নিজকে ধূলি, বালি আৰু ৰদৰ পৰা আঁতৰত ৰাখিব ৷ ৰদত ওলাব লগা হলেও শালমইনা ৰদৰ পৰা বচাইহে ওলাব ৷ দেখা যায় বহু লোকে শালমইনাত নখ লগাই এনে কৰিলে দাগ হোৱাৰ সম্ভাৱনা বেছি ৷
  • অতিকমেও দুইবাৰ ফেচৱাছ কৰিব ৷
  • শালমইনাৰ ওপৰত কোনো কাৰণতে স্কার্ব নকৰিব ৷
  • অত্যধিক তেল আৰু মচলাযুক্ত খাদ্য পৰাপক্ষত নোখোৱাটোৱে ভাল ৷
  • প্রয়োজন অনুযায়ী শীতল পানী খাব ৷ দিনটোত ৩ পৰা ৪ লিটাৰ
  • চেনিৰ পৰা তৈয়াৰী খাদ্য পৰাপক্ষত কমকৈ খাব ৷ যেনে– কেক, আইচ ক্রীম, চকলেট, মিঠাই আদি ৷
  • ফল–মূল, সেউজীয়া শাক–পাচলি বেছিকৈ খাব ৷
  • শালমইনা দূৰীকৰণত পদিনা অতি উৎকৃষ্ট ৷ পদিনাৰ পাত পানীত দি উতলাই ঠাণ্ডা কৰি সেই পানীৰে মুখ ধুব ৷
  • পদিনাৰ ৰসৰ লগত বেচন মিহলাই শালমইনা হোৱা ঠাইত লগাওক আৰু শুকুৱাৰ পিছত ধুই পেলাওক ৷
  • পদিনাৰ পেষ্টৰ লগত গোলাপ জল মিহলাই মুখত লগাওক আৰু বিশ মিনিটৰ পিছত ধুই পেলাওক ৷
  • মূলটানি মাটিৰ লগত পদিনাৰ ৰস মিহলাই মুখত লগালে মুখৰ তেলেতীয়া ভাব দূৰ হয় আৰু শালমইনাৰ পৰাও বহুখিনি সকাহ পোৱা যায় ৷
  • এক চামুচ এলভেৰা জেল, আধা চামুচ নিম পেষ্ট, আধা চামুচ পদিনা পেষ্ট ভালকৈ মিহলাই মুখত লগাওক আৰু আধা ঘন্টাৰ পিছত ধুই পেলাওক ৷
  • মূলটানি মাটি দুই চামুচ আৰু এলভেৰা জেল  প্রয়োজন অনুযায়ী লৈ ভালকৈ মিহলাই মুখত লগাওক আৰু আঠ–দহ মিনিটৰ পিছত ধুই পেলাওক ৷ এনেকৈ সপ্তাহত দুই বা তিনিবাৰ কৰিব পাৰিলে ভাল ৷
  • ঘৰতে কৰা হালধি গুড়িৰ লগত এলভেৰা জেল লগায়ো মুখত লগাব পাৰে ৷
  • মচুৰ দাইল পিচি মুখত লগালেও শালমইনা আৰু তাৰ পৰা হোৱা দাগ বহুখিনি নির্মূল হয় ৷
You might also like
Leave A Reply

Your email address will not be published.