হেলডী ড্রিংক : ডেটক্স ৱাটাৰ

বর্ণালী শর্মা বশিষ্ঠ

যদিহে আপুনি শৰীৰৰ অতিৰিক্ত ফেট কমাব বিচাৰে অথবা নিজকে হেলডী ৰূপত পাব বিচাৰে, তেন্তে শৰীৰৰ অলাগতিয়াল আৰু অনিষ্টকাৰী টক্সিনসমূহক আঁতৰোৱাৰ প্রয়োজন ৷ ইয়াৰ বাবে নিতৌ আপুনি আঠ–দহ গ্লাছ পানী খোৱা অতি আৱশ্যক ৷ পানীয়ে আমাৰ শৰীৰটোক সজীৱ কৰি ৰখাত সহায় কৰে ৷

আপুনি বাৰু খালী পানী খাই বেয়া পায় নেকি চিন্তা নকৰিব ৷ এতিয়াৰ পৰা কিছু এনে সামগ্রী পানীৰ সতে মিলাওক, যিয়ে পানীৰ সোৱাদ বঢ়োৱাৰ লগতে শৰীৰৰ অলাগতিয়াল টক্সিনসমূহ দূৰ কৰিব পাৰি ৷ যাক আমি ডেটক্স পানী বুলি কওঁ ৷ চাহৰ দৰে ডেটক্স পানীও বহুত লাভদায়ক শৰীৰৰ বাবে ৷ আহকচোন দহটা ডেটক্স ৱাটাৰৰ ৰেচিপি আলোচনা কৰোঁ ।

আপেল চিনামোন ডেটক্স ৱাটাৰ : এই ড্রিংকটোৱে কেলৰি কম কৰে, লগতে অলাগতিয়াল চর্বিসমূহ কমোৱায় ৷ শৰীৰৰ মেটাবলিজম আঁতৰায় ৷ এই ড্রিংকটো বনাবলৈ আপেল পাতলকৈ চকলিয়াই এটা কাচৰ বটলত বিশুদ্ধ পানীত ডুবাই থওক ৷ এটুকুৰা ডালচেনিও দি থব ৷ এইদৰে তিনি চাৰি ঘণ্টা থোৱাৰ পিছত ই খোৱাৰ উপযোগী হৈ উঠিব ৷

ফেট বার্নি ডেটক্স ৱাটাৰ : ফেট বার্নি ডেটক্স ৱাটাৰ চর্বি কমোৱাৰ ক্ষেত্রত বিশেষভাৱে উপযোগী ৷ ইয়াক প্রস্তুতৰ বাবে প্রয়োজন আপেল,  ছাইডাৰ ভিনেগাৰ, এচামুচ নেমু ৰস, এচামুচ ডালচেনিৰ গুডি, আধাফাল আপেল ৷ এতিয়া আপেলখিনিৰ বাহিৰে আটাইবোৰ মিক্সাৰত গ্রাইণ্ড কৰি লৈ এটা কাচৰ বটলত বিশুদ্ধ পানীত মিহলাই কিছু ঘণ্টাৰ বাবে থৈ দিয়ক ৷ কিছু সময় পিছত ইয়াক খাব পাৰিব ৷

কুকুম্বাৰ লেমন ডেটক্স ৱাটাৰ : এই ডেটক্স ৱাটাৰে ইমিউনিটী ছিষ্টেম ববাই শাৰীৰিক সুৰক্ষা প্রদান কৰে ৷ আনহাতে তিয়ঁহত প্রচুৰ পৰিমাণে পানী থকা বাবে শৰীৰটো সতেজ কৰি ৰাখে ৷ এই ড্রিংকটো বনাবলৈ আঠ কাপ পানী, আধা ফাল তিয়ঁহ, এটা নেমুৰ ৰস, কেইটামান পদিনা পাতৰ প্রয়োজন ৷ এতিয়া এটা বটলত তিয়ঁহ, নেমুৰ ৰস আৰু পদিনাৰ পাত দি পানীখিনি মিহলাই গোটেই নিশাটোৰ বাবে ফ্রীজত ভৰাই ৰাখক আৰু পুৱা ফ্রীজৰ পৰা উলিয়াই নর্মেল টেম্পাৰৰ হলে ইয়াক সেৱন কৰক ৷

এলভেৰা ডেটক্স ৱাটাৰ : আপুনি হয়তো জানেই এলভেৰা আমাৰ স্বাস্থ্যৰ বাবে কিমান লাভদায়ক ৷ এলভেৰা ডেটক্স ৱাটাৰ সেৱনে আপোনাৰ ব্লাড চার্কুলেচন ববায়, লগতে হজম শক্তিও বৃদ্ধি কৰে ৷ এনার্জী ববায়, ভাগৰ আঁতৰায় ৷ এই ড্রিংকটো বনাবলৈ অতি সহজ ৷ ইয়াৰ বাবে প্রয়োজন মাথোঁ দুই চামুচ এলভেৰা জেল, দুই চামুচ নেমু ৰস আৰু একাপ পানী ৷ এই আটাইখিনি মিহলাই এটা চিচাৰ পাত্রত ৰাখি অলপ সময় ফ্রীজত থৈ দিয়ক ৷ কিছু সময় পিছত সেৱন কৰক ৷

আদা আৰু নেমু : আদা আৰু নেমু ফেট বার্নিঙৰ বাবে খুব উপযোগী ৷ দৈনিক আদা খালে প্রাকৃতিক বিষ নিৰাময় হয় বুলি প্রাচীন যুগৰে পৰা শুনি আহিছোঁ ৷ আৰু নেমুৱে শৰীৰৰ টনিক্সসমূহ আঁতৰায় ৷ এই ড্রিংকটো বনাবলৈ মাত্র দুবিধ সামগ্রীৰ প্রয়োজন ৷ এক ইঞ্চি আদা সৰু সৰুকৈ কাটি লৈ একাপ পানীত আধাফাল নেমু ৰসৰ সতে ডুবাই থওক ৷ গোটেই ৰাতি এইদৰে ফ্রীজত থৈ পুৱা খাওক ৷

পেপাৰমিণ্ট গ্রেপ ডেটক্স ৱাটাৰ: এই ড্রিংকটোৱে কিডনী চাফা কৰে লগতে বেক্টেৰিয়া ধবংস কৰে ৷ স্কিন ভালে ৰাখে ৷ হজম শক্তি বৃদ্ধি কৰে ৷ ইয়াৰ বাবে প্রয়োজনীয় সামগ্রীসমূহ হল এক লিটাৰ পানী, আধা ফাল নেমু অথবা কমলাৰ ৰস, আঙুৰ দুই চাৰিটা, একাপ তিয়ঁহ মিহিকৈ কটা, এচামুচ ৰুকি লোৱা আদা, কেইটামান পদিনা পাত ৷ এতিয়া আটাইবোৰ সামগ্রী একেলগে মিহলাই চৌবিবশ ঘণ্টা এইদৰে ৰাখি সেৱন কৰক ৷

ৱাটাৰমেলন ডেটক্স ৱাটাৰ : তৰমুজত অতিৰিক্ত ভিটামিন আৰু মিনাৰেলছ পোৱা যায় ৷ এই ড্রিংকটো বনাবলৈ একাপ তৰমুজ আৰু চাৰিকাপ পানীৰ প্রয়োজন ৷ এতিয়া তৰমুজখিনি টুকুৰা কৰি এটা কাচৰ বটলত ভৰাই পানীৰ সতে কিছু ঘণ্টাৰ বাবে ফ্রীজত ৰাখক ৷ কিছু সময় পিছত সোৱাদ লওক ৷

মেংগো জিনজাৰ ডেটক্স ৱাটাৰ : আম আৰু আদাই শৰীৰৰ মেটাবলিজম আঁতৰায় ৷ আৰু আদাই প্রাকৃতিকভাৱে বিষ নিৰাময় কৰে ৷ আমে হজম শক্তি বৃদ্ধি কৰি শৰীৰৰ ডার্ক চার্কলসমূহ আঁতৰায় ৷ এই ড্রিংকটো বনাবলৈ এচকল আদা, এটা আম যথেষ্ট ৷ আদাখিনি সৰুকৈ কাটি এটা বটলত আমৰ টুকুৰাৰ সতে পানী দি থৈ দিয়ক ৷ বৰফ কেইটুকুৰামান ইচ্ছা কৰিলে দিব পাৰে ৷ এতিয়া ইয়াক তিনি ঘণ্টাৰ বাবে ফ্রীজত থৈ দিয়ক ৷ সময় হলে উলিয়াই আনি ইয়াৰ সোৱাদ উপভোগ কৰক ৷

পাইনেপল এণ্ড বাচিল ডেটক্স : আনাৰস আৰু তুলসীৰ ৰসে টক্সিন আঁতৰাই ষ্ট্রেছসমূহ কমায় ৷ হার্টৰ বাবে এই ড্রিংকটো খুব উপযোগী ৷ ইয়াক বনাবলৈ আধা কাপ কটা আনাৰস, দুই কাপ আপেল চাইডাৰ ভিনেভাৰ, পানী, চাৰি পাঁচটা তুলসী পাতৰ প্রয়োজন ৷ আটাইবোৰ সামগ্রী একেলগে  মিহলাই কিছু সময় ৰাখি সেৱন কৰক ৷ তুলসীৰ সুগন্ধি বিয়পি পৰিব পানীখিনিত ৷

শ্লিম ডাউন ডেটক্স ৱাটাৰ : এই ডেটক্স ৱাটাৰে শৰীৰৰ অতিৰিক্ত চর্বি কমায় ৷ শৰীৰৰ ৰক্তপ্রৱাহ বৃদ্ধি কৰায় ৷ ইয়াক বনাবলৈ আধাকাপ তিয়ঁহ, আধাফাল নেমু, এক লিটাৰ পানী, চাৰি পাঁচটা পদিনা পাত ৷ আটাইবোৰ সামগ্রী পানীৰ সতে মিহলাই কেইঘণ্টামান ৰাখি থওক ৷ তাৰ পিছত সেৱন কৰক ৷ নেমুৱে পাচন শক্তি বৃদ্ধি কৰে৷ আৰু আঙুৰে ফেট কমায় ৷

ফোন : ৯৭০৬৬-৭২৫০৪

You might also like
Leave A Reply

Your email address will not be published.