বিষয়া ভূঞা
বিয়া ৷ প্রত্যেকজনী ছোৱালীৰ সপোনৰ দিন ৷ জীৱনৰ এই বিশেষ দিনটোত সকলোতকৈ সুন্দৰী হৈ উঠিবলৈ প্রত্যেকজনী ছোৱালীয়ে ইচ্ছা কৰে ৷ বিয়াৰ দিনটোত ধুনীয়া দেখিবলৈ আমি বিয়াৰ আগদিনা দৌৰাদৌৰি কৰিলে নহব ৷ এই বিশেষ দিনটোৰ বাবে আমি দুই–তিনি মাহ আগৰ পৰাই প্রস্তুতি চলাব লাগিব ৷ ভৰিৰ আঙুলিৰ পৰা চুলিলৈকে সম্পূর্ণ দেহৰ যত্ন লব লাগিব ৷
বিয়াৰ তিনি মাহ আগত :
- আগতে যদি ব্যায়াম কৰাৰ অভ্যাস নাই, তেতিয়াহলে বিয়াৰ তিনি মাহ আগৰ পৰাই নিয়মিত ব্যায়াম কৰি শৰীৰটো আটিল কৰি ৰাখক ৷
- খোৱা–লোৱাৰ ওপৰত গুৰুত্ব দিব ৷ তিনিও সাঁজতে পেট পূৰাই নাখাই অলপ ভোক ৰাখি খাবলৈ চেষ্টা কৰিব ৷
- খাদ্য তালিকাত এণ্ঢিক্সিডেণ্ঢযুক্ত খাদ্য বেছিকৈ ৰাখিব৷ হালধীয়া, সেউজীয়া, ৰঙা ৰঙৰ ফল আৰু চবজি খাব ৷ ছাল উজ্জ্বল হব আৰু শৰীৰো ভাগৰি নপৰে ৷
- ছাল আৰু চুলিৰ বাবে প্রটিনযুক্ত খাদ্য খাওক৷ কণী, পনিৰ, গাখীৰ, দৈ আদি খাদ্য তালিকাভুক্ত কৰক ৷
- আঁহযুক্ত খাদ্য খাওক যাতে পেট পৰিষ্কাৰ হৈ থাকে ৷
- চাহ, কফী কমকৈ খাওক ৷ ইয়াৰ সলনি ভেজিটেবল্ চুপ খাব ৷
- শৰীৰত দুর্বলতা অনুভৱ কৰিলে এটা মাচ্ঢি–ভিটামিনৰ ছাপ্লিমেণ্ঢ লব পাৰে৷
বিয়াৰ দুমাহ আগতে :
বিয়াৰ দুমাহমান আগৰ পৰাই আপুনি ছাল আৰু চুলিৰ যত্ন লবলৈ আৰম্ভ কৰক৷
- আপোনাৰ ছালখন পৰীক্ষা কৰাই লৈ ছালৰ বাবে সঠিক ক্লিনজিং, টোনিং আৰু মইশ্বৰাইজিং কৰা অভ্যাস কৰক ৷
- আগৰ পৰা ফেচিয়েল কৰা অভ্যাস নাথাকিলেও বিয়াৰ দুমাহ আগৰ পৰা নিয়মিত ৰূপে ফেচিয়েল কৰাব ৷
- ফেচিয়েল বহুত ধৰণৰ থাকিলেও আপোনাৰ ছালৰ লগত মিলা ফেচিয়েলহে কৰাব ৷
- সপ্তাহত এবাৰকৈ স্ক্রাব কৰিব ৷ তেতিয়া ছালৰ মৃতকোষ আঁতৰি ছাল উজ্জ্বল হব ৷ স্ক্রাব কৰিবৰ বাবে ১৪ কাপ দৈৰ লগত সমান পৰিমাণৰ কাজুবাদাম পিহা মিহলাই মুখত লগাব ৷ ১০ মিনিট পিছত লাহে লাহে ঘঁহি ঘঁহি স্ক্রাব কৰিব ৷ তাৰ পিছত কুহুমীয়া পানীৰে ধুই দিব ৷
- স্ক্রাব কৰাৰ পিছত ঘৰতে এটা পেক তৈয়াৰ কৰি লগাব পাৰে ৷ তাৰ বাবে ২ চামুচ চন্দন পাউডাৰ আৰু ১ চামুচ বাদাম তেল মিহলি কৰি পানীৰে সানি পেষ্ট বনাই লওক আৰু মুখ, ডিঙি আৰু পিঠিত ভালদৰে লগাওক ৷ ১৫ মিনিট পিছত ধুই দিয়ক ৷ ছালৰ উজ্জ্বলতা বাঢ়িব ৷
- নেমুৰ ৰসৰ লগত কেঁচা গাখীৰ মিহলাই ৰাতি শুবৰ সময়ত মুখত লগাব ৷ এদিন এৰি এদিন লগাব ৷ ইয়ে এষ্ট্রিনজেণ্ঢৰ কাম কৰিব ৷
- দুমাহ আগৰ পৰাই নিয়মিতভাৱে মেনিকিউৰ, পেডিকিউৰ কৰাব ৷
- ছালৰ উজ্জ্বলতাৰ বাবে ভিটামিন ইছাপ্লিমেণ্ট লব পাৰে ৷
- দুমাহ আগৰ পৰাই নিয়মিতভাৱে চুলিখিনি স্পা কৰাব ৷
- সপ্তাহত এবাৰকৈ হট অইল মাছাজ লব ৷ বডী স্পা কৰাব ৷
- ছাল–চুলি সৌন্দর্যশালী কৰিবলৈ অলপ সময়ৰ প্রয়োজন হয় ৷ সেইবাবে দুই–তিনি মাহ আগৰে পৰাই যত্ন লব লাগে ৷
- চুলিত ৰং কৰিব বিচাৰিলে দুসপ্তাহ আগতে কৰাব৷ তেতিয়াহে নতুন ৰং ছেট হব ৷
- চুলিৰ নতুন কাট দিয়াৰ কথা ভাবিছে যদি এসপ্তাহ আগতে কটাওক ৷ কাৰণ নতুন লুকত ছেট হবলৈ অলপ সময়ৰ প্রয়োজন হয় ৷
- বিয়াৰ তিনি দিন আগতে বডী ৱাক্সিং কৰাই লব ৷
- জোৰোণৰ আগদিনা থ্রেডিং, ফেচিয়েল কৰাব আৰু মেহেন্দী অঁকাই লব ৷
- বিয়াৰ দিনটোৰ মেক–আপৰ বাবে প্রথমে বেচ মেক–আপ ভালদৰে লগাই লব ৷ তাৰ পিছত উজ্জ্বল ৰং যেনে ৰঙা, গুলপীয়া আদি ৰঙৰ আইশ্বেড লগাই ভালদৰে ব্লেণ্ড কৰি লব ৷ সোণালী ৰঙেৰে হাইলাইট কৰিব ৷ কাজল আৰু আইলাইনাৰ ডাঠ কৰি লগাব ৷ আইলাইনাৰ চকুৰ কাষৰ ফালে অলপ টানি লব৷ মাস্কাৰা লগাব ৷ গুলপীয়া ৰঙৰ ব্লাচাৰ লগাব ৷ উজ্জ্বল ৰঙা ৰঙৰ লিপষ্টিক লগাব ৷ কেশসজ্জা সুন্দৰ কৰিব ৷ উন্নতমানৰ সুগন্ধি লগাব ৷ নিজে নকৰি আপুনি ভাল মেক–আপ আর্টিষ্ট এজনকো মাতিব পাৰে ৷
- বিয়াৰ দিনটোত পৰম্পৰাগত সাজ পৰিধান কৰিব ৷
ফোন: ৯৪৩৫৬-৩৫৪৬৬