ৱাশ্বিংটন ডিচিৰ কিছু স্মৃতি

২০১৭ চনৰ অক্টোবৰ মাহত আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণৰ আমাৰ আন এখন ঠাই আছিল ৱাশ্বিংটন ডিচি ৷ মিনিয়াপলিচৰ Saint Paul International Airport ৰ পৰা ২৫ তাৰিখে আমি তিনিজন বন্ধু দুপৰীয়া ১২.৩০ বজাত যাত্রা কৰি চাৰে চাৰি ঘণ্টা যাত্রাৰ অন্তত আবেলি ৫ বজাত ৱাশ্বিংটন ডিচিৰ Ronald Reagan Washington National Airport পালোঁহি ৷ উল্লেখ্য যে এইটোৰ উপৰি ৱাশ্বিংটন ডিচিত দুটা আন্তর্জাতিক বিমানবন্দৰো আছে ৷ প্রথম অৱস্থাত ৱাশ্বিংটন ৰাষ্ট্রীয় বিমানবন্দৰ হিচাপে জনাজাত এই বিমানবন্দৰটো ১৯৯৮ চনত ৰাষ্ট্রপতি ৰনাল্ড ৰিগানৰ সন্মানার্থে তেওঁৰ নামেৰে নামকৰণ কৰা হয় ৷ বিমানবন্দৰৰ পৰা টেক্সি এখন লৈ আগতে ঠিক কৰি থোৱা হোটেল Days Inn ত গৈ উপস্থিত হওঁ ৷ এইখন এখন মধ্যমীয়া বাজেটৰ হোটেল ৷ অৱশ্যে সকলোখিনি সুবিধাই উপলব্ধ ৷ হোটেলতে দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা আছিল যদিও আমাৰ সময় নিমিলাত ওচৰতে থকা ৰেষ্টুৰেন্ট এখনত খাবলৈ যাওঁ৷ আমেৰিকাৰত থকা দিনকেইটাত আমাৰ খোৱা–বোৱাত বৰ সমস্যা হৈছিল ৷ অকল মিনিয়াপলিচত থকা দিনকেইটাত বন্ধু অঞ্জন শর্মাৰ বাসগৃহত অসমীয়া খাদ্য খাইছিলোঁ ৷ তাৰ বাহিৰে বাকী দিনকেইটাত আমি বিচৰা ধৰণে খাদ্য পোৱা নাছিলোঁ ৷ ভাৰতীয় ৰেষ্টুৰেন্ট বিচাৰিবলৈও বৰ অসুবিধা, যতে–ততে পোৱা নাযায়ম৷ আবেলিৰ সময়খিনি হোটেলৰ ওচৰে–পাঁজৰে অলপ ঘূৰি–পকি সন্ধিয়ালৈ হোটেললৈ ঘূৰি আহোঁ ৷

ৱাশ্বিংটন ডিচি আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাজধানীম৷ ডিচি মানে হল District of Columbia এই মহানগৰীখনৰ নাম ৰখা হৈছিল আমেৰিকাৰ প্রথমজন ৰাষ্ট্রপতি জর্জ ৱাশ্বিংটনৰ নামেৰেম৷ কলম্বাছৰ প্রতি সন্মান জনাই Federal District খনৰ নাম ৰখা হৈছিল District of Columbia ৱাশ্বিংটন নামৰ ঠাই আমেৰিকা যুক্তৰাষ্ট্রত কেইবাখনো আছে ৷ ৰাজধানী ৱাশ্বিংটন যিহেতু District of Columbia ত অৱস্থিত, সেয়েহে ৱাশ্বিংটনৰ পিছত ডিচি শব্দ দুটা যোগ কৰি ৱাশ্বিংটন ডিচি বুলি কোৱা হয় ৷ কিন্তু আজিকালি কিছুমানে চমুকৈ ডিচি বুলিহে কবলৈ লৈছে ৷ আন এখন বিখ্যাত ৱাশ্বিংটন, ঠাই নহয়, এখন ৰাজ্য ৷ আমেৰিকাৰ উত্তৰ পশ্চিমে কানাডা ৰাজ্যৰ সীমাতে লাগি আছে এই ৰাজ্যখন ৷

আমেৰিকা যুক্তৰাষ্ট্রৰ পূব উপকূলৰ ওচৰত অৱস্থিত এই ৱাশ্বিংটন ডিচি ৷ ইয়াক মেৰিলেণ্ড ৰাজ্যখনে ঘেৰি আছে আৰু পোটোমেক Potomac নদীয়ে ভার্জিনিয়া ৰাজ্যখনৰ পৰা পৃথক কৰি ৰাখিছে ৷ ঠাইখনৰ প্রাকৃতিক সৌন্দর্য অতি মনোৰম ৷ প্রকৃতিয়ে প্রদান কৰা সৌন্দর্য আৰু মানুহৰ কৌশল দুয়োটা লগ লাগি যাদুকৰী প্রভাৱ পেলোৱা বাবে আমেৰিকাৰ সকলো মহানগৰীৰ ভিতৰতে ৱাশ্বিংটন ডিচিয়ে বিশেষ ৰূপ লৈছে ৷ ৰাজধানী নগৰী আৰু ফেডাৰেল ৰাজ্যৰ মুঠ মাটিকালি ১৭৭ বর্গকিঃমিঃ৷ ইয়াৰ ভিতৰত মাটি ১৫৮.১ আৰু পানী ১৮.৯ বর্গকিঃমিঃ ৷ ২০২০ চনৰ লোকপিয়ল অনুসৰি মুঠ জনসংখ্যা ৬৮৯৫৪৫জন ৷ বিশ্বৰ বিভিন্ন ঠাইৰ পৰা অহা পর্যটকসকলৰ অন্যতম আকর্ষণস্থলী এই ৱাশ্বিংটন ডিচি ৷ বছৰি বহুত নিযুত পর্যটক ইয়ালৈ ফুৰিবলৈ আহে ৷ পৃথিৱীৰ হাজাৰ হাজাৰ ভ্রমণকাৰীক আকর্ষণ কৰাবলৈ কিমান শৃংখলাবদ্ধভাৱে কিমান পৰিপাটিকৈ সজাই তুলিছে, এইবোৰ ভাবিলে সঁচাই আচৰিত লাগে৷ স্বাধীনতা লাভৰ পিছত ইমান কম সময়ৰ ভিতৰতে শ্রেষ্ঠ, ধনী আৰু শক্তিশালী জাতি হিচাপে নিজকে প্রতিষ্ঠা কৰিব পৰাটো তেওঁলোকৰ বাবে অতি গৌৰৱৰ বিষয় ৷

ৱাশ্বিংটন ডিচি প্রাসাদ, স্মৃতিসৌধ, অনেক আর্ট গেলাৰী আৰু যাদুঘৰৰ মহানগৰী হিচাপে বিখ্যাত ৷ এখন সযত্নে পালিত অতি ধুনীয়া মহানগৰী, যত ইয়াৰ প্রতিটো অংশতে সুন্দৰ নগৰ পৰিকল্পনা আৰু স্থাপত্য কলাৰ চিনাকি পোৱা যায় ৷ খালী ঠাইত থকা মিহি ঘাঁহনি আৰু ফুলনিয়ে গ্রীষ্মকালত ৱাশ্বিংটন ডিচিক এক মনোমোহা নগৰীলৈ পর্যবসিত কৰে ৷

ৱাশ্বিংটন ডিচিৰ অক্টোবৰ মাহৰ বতৰ বৰ মনোমোহা ৷ দিনৰ গড় উষ্ণতা প্রায় ২১° চেলচিয়াছ আৰু ৰাতিৰ উষ্ণতা প্রায় ১৭° চেলচিয়াছ ৷

হোৱাইট্ হাউছ : ২৬ অক্টোবৰত হোটেল Days Inn ত পুৱাৰ আহাৰ গ্রহণ কৰি আমি ৰাওনা হলোঁ ২.৭ কিঃমিঃ দূৰত থকা Van Dorn Street মেড্রো ষ্টেচনলৈ ৷ উদ্দেশ্য হোৱাইট্ হাউছ আৰু তাৰ আশে–পাশে থকা বিখ্যাত স্মৃতিচিহ্ণসমূহ দর্শন কৰা ৷ হোটেলৰ নিজা গাড়ীৰে আমাক থৈ অহাৰ ব্যৱস্থা কৰা হৈছিল ৷ লাছ্ ভেগাছ্ আৰু নিউয়র্কৰ সৰু–ডাঙৰ হোটেলবোৰৰো এই সুব্যৱস্থা আছে ৷ তাৰ বাবদ তেওঁলোকক কোনো অতিৰিক্ত ভাৰা দিব নালাগে ৷ আমাৰ প্রথম লক্ষ্যস্থান আছিল হোৱাইট হাউছ ৷ যিহেতু আমাৰ কোনো গাইড নাছিল, গতিকে আমি মবাইলত থকা গুগ্ল মেপ চাই হোৱাইট হাউছৰ নিকটৱর্তী ষ্টেচন Mc Pherson Square লৈ টিকট লৈছিলোঁ ৷ দূৰত্ব প্রায় ১১ কিঃমিঃ ৷ অৱশ্যে এইক্ষেত্রত ষ্টেচনত থকা কর্মচাৰীৰো সহায় লৈছিলোঁ ৷ পর্যটকসকলৰ প্রতি সদায় এই কর্মচাৰীসকলৰ সহযোগিতামূলক আচৰণে আমাক বাৰুকৈয়ে অভিভূত কৰিছিল ৷  ইয়াৰ মেড্রো লাইনবোৰ তিনিটা ভাগত বিভক্ত কমলা, ৰূপালী আৰু নীলা ৷ McPherson Square ষ্টেচনটো তিনিওটা লাইনতে উপলব্ধ ৷ প্রায় ২০ মিনিট যাত্রাৰ পিছতে আমি Mc Pherson Square ষ্টেচনত উপস্থিত হৈছিলোঁ ৷ ইয়াৰ পৰা হোৱাইট হাউছৰ দূৰত্ব ১ কিঃমিঃতকৈ অলপহে বেছি ৷ অনায়াসে খোজকাঢ়ি যাব পাৰি ৷

ষ্টেচনৰ পৰা ওলাই আমি পোনে পোনে হোৱাইট হাউছলৈ বুলি ৰাওনা হলোঁ ৷ পর্যটকেৰে ভৰা ঠাই, তেওঁলোক যিফালেৰে গৈছে আমিও পিছে পিছে গৈ থাকিলোঁ ৷ ডাঙৰ মুকলি এলেকা, নিৰাপত্তাৰক্ষীয়ে দপ্দপাই আছে ৷ পোছাক পিন্ধা নিৰাপত্তাৰক্ষীৰ বাহিৰেও পোছাক নিপিন্ধা ৰক্ষীও আছে৷ কেইবাতৰপীয়া নিৰাপত্তা বেষ্টনী ৷ ভয়ে ভয়ে আগবাঢ়িলোঁ ৷ দূৰৰ পৰা বগা ঘৰটো দেখি ভাব হল এইটোৱেই সেই বিখ্যাত হোৱাইট হাউছ ৷ ওচৰলৈ গৈ লোৰ বেৰবোৰৰ মাজেৰে চালোঁ আৰু দূৰৰ পৰাই কিছু ফটো মবাইলৰ কেমেৰাত বন্দী কৰিলোঁ ৷ ঘৰটোৰ চাৰিওফালে বহুতো জোপোহা গছ আছে আৰু সন্মুখ ভাগ পৰিষ্কাৰ আৰু বিভিন্ন ৰঙৰ ফুল আৰু ঘাঁহনিৰে ভৰা ৷ বিভিন্ন দেশৰ অসংখ্য পর্যটকেৰে ভৰি আছিল ৷ ঠাইখিনিত ৰাস্তাও বহুত ৷ ৰাস্তাবোৰৰ মাজত ডাঙৰ ডাঙৰ চাৰি ফুট মান ওখ লোৰ খুঁটাৰে ঠাই বিশেষে ৰাস্তা বন্ধ কৰি ৰখা আছে ৷ লোৰ খুঁটাবোৰ চাই ভাবিছিলোঁ সেইবোৰ চিৰস্থায়ী ৷ কিন্তু আমাৰ ধাৰণাক নস্যাৎ কৰি যিটো দৃশ্য দেখিলোঁ সেইটোহে চাবলগীয়া ৷ নিৰাপত্তাৰক্ষীৰ গাড়ী ওচৰ চাপি আহিলে খুঁটাবোৰ মাটিৰ তললৈ তৎক্ষণাৎ সোমাই যায় আৰু লগে লগে গাড়ীখনো পাৰ হৈ যায় ৷ গোটেই হোৱাইট হাউছৰ চৌহদটো আমেৰিকাৰ দুটা নিৰাপত্তা সংগঠন United States Secret Service আৰু United States Park Police-এ নিৰাপত্তা দি ৰাখে ৷ আমেৰিকাত ২০০১ চনৰ ১১ ছেপ্তেম্বৰত ঘটা শিহৰণকাৰী সন্ত্রাসবাদী আক্রমণৰ পিছত হোৱাইট হাউছৰ নিৰাপত্তা ব্যৱস্থা আৰু অধিক কটকটীয়া কৰা হৈছে ৷ আমি খোজকাঢ়ি পিছফালৰ পৰা গৈ সন্মুখ ভাগ পালোঁগৈ ৷ লোৰ বেৰবোৰৰ পৰা বহুদূৰত থকা ঘৰটোৰ বাৰাণ্ডা বা ঘৰৰ ওচৰত থকা মানুহবোৰ ভালকৈ মনিব নোৱাৰি ৷

হোৱাইট হাউছেই হল মার্কিন যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতিগৰাকীৰ বাসভৱন আৰু কার্যালয়৷ ইয়াৰ নির্মাণ কার্য আৰম্ভ হৈছিল ১৭৯২ চনৰ ১ অক্টোবৰত ৷ প্রায় ৮ বছৰৰ অন্তত ১৮০০ চনৰ ১ নৱেম্বৰত ইয়াৰ নির্মাণ কার্য শেষ হয় ৷ ইয়াৰ মুঠ মজিয়াৰ কালি ৫১০০ বর্গমিটাৰ ৷ আয়াৰলেণ্ডত জন্মগ্রহণ কৰা স্থাপত্য শিল্পী জেমচ্ হোবান আছিল হোৱাইট হাউছৰ নক্সা প্রস্তুতকর্তা ৷ তেওঁৰ নক্সা মতেই ইয়াৰ নির্মাণ হয় আৰু পিছলৈ নতুন সংযোজন বা সৰু সুৰা পৰিৱর্তন কৰা হয় ৷ ১৮১২ চনত ব্রিটিছ সৈন্যৰ আক্রমণত হোৱাইট হাউছৰ বাহিৰৰ আৰু ভিতৰৰ কিছু অংশৰ ক্ষতি হয় যদিও লগে লগেই ইয়াৰ পুনঃনির্মাণ কৰা হয় ৷ লোক–বিশ্বাস অনুসৰি আক্রমণত পুৰি গৈ কলা হোৱা অংশবোৰৰ ওপৰত বগা প্রলেপ সনা হৈছিল ৷ তাৰ পিছৰ পৰাই এই ৰাষ্ট্রপতি ভৱনে নাম পালে হোৱাইট হাউছ ৷

আমেৰিকাৰ ২য় ৰাষ্ট্রপতি জন্ আডামছ্ হল এই হোৱাইট হাউছত থকা প্রথমজন ৰাষ্ট্রপতি ৷ তেওঁ ১৮০০ চনৰ নৱেম্বৰ মাহত ইয়াত প্রৱেশ কৰে৷ উল্লেখ্য যে হোৱাইট হাউছ নির্মাণৰ বাবে এই স্থানখিনি জর্জ ৱাশ্বিংটনে পছন্দ কৰিছিল যদিও তেওঁ ইয়াত থাকিব নোৱাৰিলে ৷

ঘৰটো ছয় মহলীয়া ৷ ইয়াৰে দুটা মহল মাটিৰ তলত৷ ইয়াতেই ৰাষ্ট্রপতিৰ কার্যালয় অৱস্থিত ৷ ঘৰটোত ১৩২টা কোঠালি, ৩৫টা বাথৰুম, ৪১২খন দুৱাৰ আৰু ১৪৭খন খিৰিকী আছে ৷ ইয়াৰ বাহিৰেও ইয়াত টেনিছ কর্ট, চিনেমা গৃহ, ছুইমিং পুল আদিও আছে ৷ প্রতি সপ্তাহত প্রায় ৩০ হাজাৰ পর্যটক হোৱাইট হাউছ দর্শনৰ বাবে আহে ৷ এই ঘৰটোলৈ চাওঁতে নতুন দিল্লীত থকা ৰাষ্ট্রপতি ভৱনলৈ মনত পৰিল ৷ মনত এটাই ভাব হল যে হোৱাইট হাউছ বিশ্ববিখ্যাত হলেও আমাৰ দেশৰ ৰাষ্ট্রপতি ভৱনটোহে বেছি চকুত লগা যেন লাগে ৷

কিছু সময় তাত অতিবাহিত কৰি আমি আমাৰ পিছৰ গন্তব্যস্থলী লিংকন্ স্মৃতিসৌধ Lincoln Memorial আৰু জাতীয় মল Natonal Mallলৈ যাত্রা কৰিলোঁ ৷ দূৰত্ব প্রায় ২.৭ কিঃমিঃ (১.৭ মাইল) ৷ ওচৰৰ ঠাইসমূহ চাই যাব পাৰিম বুলিয়েই আমি কিছু চুটি ৰাস্তাৰে পোনাই খোজকাড়িয়ে ৰাওনা হলোঁ ৷

লিংকন স্মৃতিসৌধ আৰু জাতীয় মল:  পূবৰ কেপিটল্ হিলৰ পৰা পষ্চিমৰ লিংকন স্মৃতিসৌধলৈ আৰু বহলে স্মীথছোনিয়াম যাদুঘৰ আৰু আর্টগেলাৰী সামৰি এই দীঘল বহল ঠাইখনকেই জাতীয় মল বুলি কোৱা হয়৷ বেছিভাগ পর্যটক ইয়াত থূপ খাই থাকে ৷ ঠাইখন প্রায় আয়তক্ষেত্রাকাৰ৷ মাজত পূবা–পশ্চিমা আৰু উত্তৰা–দক্ষিণা ৰাস্তা আছে ৷

লিংকন স্মৃতিসৌধটো জাতীয় মলৰ পষ্চিম দিশত অৱস্থিত ৷ এই প্রকাণ্ড চৌহদটোত সকলোৱেই খোজকািিয়েই ঘূৰি ফুৰা দেখিলোঁ ৷ ইতিমধ্যে কিছু ভাগৰুৱা অনুভৱ কৰিছিলোঁ যদিও কিবা নতুন বস্তু দেখা পোৱাৰ আনন্দত সেই ভাগৰ যেন মনৰ পৰা আঁতৰি গৈছিল ৷ গতিকে পোনে পোনে আমি লিংকন স্মৃতিসৌধলৈকে যোৱাৰ সিদ্ধান্ত ললোঁ ৷  আমেৰিকাৰ ষষ্ঠদশ ৰাষ্ট্রপতি আব্রাহাম লিংকনৰ স্মৃতিত এইটো নির্মাণ কৰা হৈছিল৷ ইয়াৰ নক্সা প্রস্তুত কৰিছিল হেনৰী বেকনে Henry Bacon আৰু স্থাপত্য শিল্পী আছিল ডেনিয়েল চেষ্টাৰ ফ্রেন্স Daniel Chester French৷ ১৯১৪ চনৰ পৰা ১৯২২ চনৰ ভিতৰত ইয়াক নির্মাণ কৰা হৈছিল৷ মাটিকালি ২৫৩৯ বর্গমিটাৰ ৷ স্মৃতিসৌধটো চাৰিকোণীয়া৷ চাৰিওফালে বাৰাণ্ডাত ঘূৰণীয়া স্তম্ভৰ শাৰী ৷

আব্রাহাম লিংকনক যদিও আততায়ীয়ে হত্যা কৰিছিল, তেওঁ কিন্তু বহুতৰে প্রিয় আছিল ৷ স্মৃতিসৌধটোৰ ভিতৰত প্রকাণ্ড ওখ ভেটি এটাৰ ওপৰত এখন ডাঙৰ ডাঙৰ শিলৰ চকীত ১৫৯ টন ওজনৰ লিংকনৰ মূর্তিটো বহুৱাই থোৱা হৈছে৷ বহি থকা অৱস্থাত মূৰৰ পৰা ভৰিলৈকে দৈর্ঘ্য ১৯ ফুট, থিয় কৰালে ই হয়তো ২৮ ফুট মান হবগৈ ৷ লিংকন স্মৃতিসৌধটোৰ প্রাচীৰত এই মহান ৰাষ্ট্রপতিজনৰ ১৮৬৩ চনৰ ১৯ নৱেম্বৰত প্রদান কৰা বিখ্যাত গেটিছবার্গ ভাষণ আৰু এটা উদ্বোধনী ভাষণ লিপিবদ্ধ কৰা আছে ৷ সময়ৰ অভাৱত পঢ়িব পৰা নগল যদিও ফটোৱে উঠাই আনিলোঁ ৷ এই ঠাইখিনি অসংখ্য পর্যটকেৰে ঠাহ খাই থাকে ৷ আমি মূর্তিটোৰ সন্মুখত আৰু স্মৃতিসৌধটোৰ ওচৰে–পাঁজৰে কিছু  ফটো উঠিলোঁ ৷

লিংকন স্মতিসৌধটোৰ সন্মুখত এটা দীঘল জলাধাৰ আছে ৷ ইয়াক ৰিফ্লেকটিং পুখুৰী Reflecting Pool হিচাপে জনা যায়৷ অত্যন্ত চাফ–চিকুণ এই পুখুৰীটোত সৰু লৰা–ছোৱালীবোৰে বৰ আনন্দ মনেৰে পানীত উমলি থকা লক্ষ্য কৰিলোঁ ৷

জাতীয় মলটোৰ ওচৰে–পাঁজৰে অসংখ্য চাবলগীয়া বস্তুবোৰৰ ভিতৰত Vietnam Veterans Memorial, Korean War Memorial, World War II Memorial, National Gallery of Arts, আৰু ৱাশ্বিংটন স্মৃতিস্তম্ভ Washington Monument আদি ৷

১৮৮৪ চনত মার্বল আৰু গ্রেনাইট পাথৰেৰে নির্মিত ৱাশ্বিংটন স্মৃতিস্তম্ভটো ৫৫৫ ফুট ওখ ৷ ই ডিষ্ট্রিক কলম্বিয়াৰ ভিতৰত আটাইতকৈ ওখ স্মৃতিস্তম্ভ ৷ ৰিফ্লেকটিং পুখুৰী আৰু লিংকন স্মৃতিসৌধৰ পূব পিনে ই অৱস্থিত ৷ জর্জ ৱাশ্বিংটনে ব্রিটেইনৰ অধীনৰ পৰা ১৭৮৪ চনত আমেৰিকাক মুক্ত কৰিছিল ৷ সেয়েহে তেওঁৰ স্মৃতিত এই স্মৃতিস্তম্ভটো দুটা পর্যায়ত সম্পূর্ণকৈ সজা হৈছিল ৷ ১৮৪৮ চনত আৰম্ভ কৰি ৬ বছৰ কাম কৰাৰ পিছত ২৩ বছৰ ইয়াৰ কাম বন্ধ হৈ আছিল ৷ প্রথমে আমেৰিকাৰ নাগৰিকৰ পৰা পুঁজি সংগ্রহ কৰি পুঁজি শেষ হোৱাত নির্মাণ কার্য সাময়িকভাৱে স্থগিত কৰিবলগীয়া হৈছিল ৷ পিছত ১৮৭৬ চনত ১৮সংখ্যক ৰাষ্ট্রপতি ইউলিচেছ এছ গ্রেণ্ট Ulysses S Grant (১৮৬৯-১৮৭৭)-এ আইন প্রণয়ন কৰি ১৮৭৭ চনত ইয়াৰ নির্মাণ কার্য পুনৰ আৰম্ভ কৰে৷ পিছৰ অংশটোৰ বৰণ সামান্য ইফাল–সিফাল হোৱাৰ বাবে দূৰৰ পৰাই দুটা অংশ যে বেলেগে বেলেগে কৰা সেইটো ধৰিব পাৰি ৷  স্মৃতিস্তম্ভটোৰ মাজেৰে ওপৰলৈ উঠি গৈ নগৰীখন চোৱাৰ ব্যৱস্থা আছে ৷

লিংকন স্মৃতিসৌধ আৰু ৱাশ্বিংটন স্মৃতিস্তম্ভৰ মাজত, ৰিফ্লেকটিং পুখুৰীৰ পূব পিনে আৰু ৰেইনব পুখুৰীৰ এটা ফালে অৱস্থিত আন এটা উল্লেখযোগ্য স্থান হল World War II Memorial ২য় বিশ্বযুদ্ধত অংশ লোৱা ১৬ নিযুত আমেৰিকানৰ চাৰি লাখ মানুহে মৃত্যুক সাবটি লৈছিল আৰু এই মৃত লোক তথা জোৱানসকলৰ স্মৃতি ৰক্ষার্থে এই স্মৃতিস্তম্ভ নির্মাণ কৰা হৈছিল ৷ ইয়াৰ বেৰত লিখা আছে‘‘Here we mark the Price of Freedom’’.

এই স্মৃতিস্তম্ভটোৰ নির্মাণ কার্য আৰম্ভ হয় ২০০১ চনৰ ছেম্পেম্বৰ মাহত আৰু ইয়াক মুকলি কৰা হয় ২০০৪ চনৰ ২৯ এপ্রিলত৷ এতিয়া দেশী–বিদেশী পর্যটকৰ প্রধান আকর্ষণ স্থল ৷ স্মৃতিস্তম্ভটো সজোৱা সময়ৰ আমেৰিকাৰ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলবোৰৰ সংখ্যা অনুসৰি ১৭ ফুট ওখ গ্রেনাইটৰ ৫৬টা খুঁটা তৈয়াৰ কৰি তাত ওক্ Oak গছৰ পাত আৰু ঘেঁহুৰ আকৃতিৰ নিচিনাকৈ খোদিত কৰা আছে ৷ ওক্ গছৰ পাত, ঘেঁহুৱে তেওঁলোকৰ অপর্যাপ্ত কৃষি, উন্নত শিল্প আৰু শক্তিৰ কথাকে বুজায়৷ ৰেইনব পুখুৰীৰ মাজত আৰু পুখুৰীৰ পাৰত চাৰিওফালে থকা পানীৰ ফোঁৱাৰাবোৰে ইয়াৰ সৌষ্ঠৱ দুগুণে বৃদ্ধি কৰিছে ৷ নিশাৰ ৰং–বিৰঙৰ লাইটৰ পোহৰত ইয়াৰ সৌন্দর্য কিমান যে ধুনীয়া হব মনতে কল্পনা কৰি লৈছিলোঁ ৷ আমেৰিকাৰ সকলো স্মৃতিচিহ্ণসমূহৰ সংৰক্ষণ আৰু ইয়াৰ চাৰিওফালৰ পৰিষ্কাৰ পৰিৱেশ সঁচাই শলাগিবলগীয়া৷  আমাৰ ভ্রমণ সূচী সীমিত আছিল বাবে জাতীয় মলত থকা আটাইবোৰ ঠাই সম্পূর্ণকৈ উপভোগৰ পৰা বঞ্চিত হৈছিলোঁ যদিও সেইখিনি চায়েই আমি পৰম তৃপ্তি লাভ কৰিছিলোঁ ৷

প্রায় ২ ঘণ্টা মান তাত কটাই এইবাৰ আমি ৰাওনা হলোঁ আমাৰ আন দুটা গন্তব্যস্থলী কেপিটল্ বিল্ডিং আৰু উচ্চতম ন্যায়ালয়লৈ ৷ দূৰত্ব বেছি নাছিল ৷  ইতিমধ্যে খোজকাড়ি যথেষ্ট ভাগৰুৱা অনুভৱ কৰিছিলোঁ আৰু হাতত সময়ো তাকৰ ৷ সেয়েহে টেক্সি এখন লোৱাটোৱে ঠিক কৰিলোঁ ৷

কেপিটল্ বিল্ডিং আৰু উচ্চতম ন্যায়ালয়: কেপিটল্ হিল অলপ ওখ ঠাই আৰু ইয়াতেই অৱস্থিত কেপিটল্ বিল্ডিং৷ দেখাত কলকাতাৰ ভিক্টোৰিয়া মেমৰিয়েলৰ লগত কিছু সাদৃশ্য আছে৷ ভিক্টোৰিয়া মেমৰিয়েলৰ দৰে বগা কিন্তু আকৃতি বহুত ডাঙৰ৷ এক বিশাল চৌহদ৷ ৫ মহলীয়া এই বিল্ডিংটোৰ মাটিকালি ৬৭০০০ বর্গমিটাৰ ৷ ১৭৯৩ চনৰ ছেপ্ঢেম্বৰ মাহৰ ৮ তাৰিখে ইয়াৰ নির্মাণ কার্য আৰম্ভ হৈছিল আৰু সমাপ্ত হয় ১৮০০ চনত ৷ অৱশ্যে ইয়াৰ নক্সা বহুবাৰ সলনি কৰা হৈছিল ৷ ইয়ালৈ ৰাজধানী স্থানান্তৰিত কৰাৰ আগতে নিউয়র্ক আৰু ফিলাডেলফিয়া আছিল আমেৰিকাৰ ৰাজধানী ৷ ১৮০১ চনৰ মার্চ মাহত ৱাশ্বিংটন ডিচিলৈ স্থায়ীভাৱে ৰাজধানী স্থানান্তৰিত কৰা হয় ৷

কেপিটল্ বিল্ডিংটোৰ গম্বুজৰ চূডাত Statue of Freedom নামৰ স্বাধীনতাৰ প্রতীক মূর্তি এটি বিদ্যমান ৷ Thomas Crawford–এ নক্সা প্রস্তুত কৰি নির্মাণ কৰা ব্রঞ্জৰ সামৰিক হেলমেট পৰিহিত এই নাৰীমূর্তিটো ৫.৯ মিঃ ৰজ্ঝপ্ত ফুট ওখ, ওজন ৬৮০০ কিঃগ্রাঃ৷ মূৰত সামৰিক হেলমেট পৰিহিত এই নাৰীমূর্তিগৰাকীৰ সোঁহাতত এখন খাপত ভৰোৱা নাল সংযুক্ত তৰোৱাল Sheathed Sword আৰু বাঁওহাতত এটি থোপা সদৃশ ফুল যাক কোৱা হয় Laurel Wreath, লগতে আছে এখন ঢাল Shield ৷ মুঠতে গ্রীক স্থাপত্য আৰু ভাস্ক্র্যৰ নিদর্শনেৰে ভৰপূৰ হৈ আছে সমগ্র ভৱনটো ৷ এইখিনিতে উল্লেখযোগ্য যে আমেৰিকাৰ ইতিহাস একেবাৰে নতুন ৷ আমেৰিকাৰ ঘৰবোৰ ইউৰোপ মহাদেশৰ ঘৰৰ দৰে৷ কাৰণ ১৬ শতিকাৰ ইউৰোপৰ মানুহবোৰেই আমেৰিকাত বসতি স্থাপন কৰিছিলহি ৷ তেওঁলোকে লগত লৈ আহিছিল ঘৰ নির্মাণৰ আর্হি, সংসৃক্তি, পৰম্পৰা ইত্যাদি ৷ মই ইউৰোপ ভ্রমণ কৰা নাই যদিও বিভিন্ন ভ্রমণ কাহিনী পঢ়ি কথাটো উপলব্ধি কৰিব পাৰিছিলোঁ ৷

কেপিটল্ বিল্ডিংটোৰ সন্মুখ ভাগত এখন প্রকাণ্ড পকী চোতালসদৃশ আহল–বহল ঠাই আছে ৷ পিছফালটো সেউজীয়া ঘাঁহেৰে আবৃত এটা প্রকাণ্ড চৌহদ ৷ এই কেপিটল্ বিল্ডিঙৰ পৰাই আমেৰিকাৰ চৰকাৰী কার্য পৰিচালনা হয় ৷ হাউছ্ অৱ্ ৰিপ্রেজেনটেটিভ লোকসভা আৰু চিনেট ৰাজ্যসভা বহা কোঠালিবোৰ আটকধুনীয়া আৰু বিল্ডিংটোৰ দুই মূৰত অৱস্থিত ৷ ইয়াত অনুষ্ঠিত হোৱা বিভিন্ন উল্লেখযোগ্য অনুষ্ঠানসমূহৰ ভিতৰত বছৰি হোৱা স্বাধীনতা দিৱস উৎযাপন আৰু জাতীয় স্মৃতি সংগীত দিৱসেই প্রধান ৷ প্রতি চাৰি বছৰৰ অন্তত ইয়াত অনুষ্ঠিত হোৱা ৰাষ্ট্রপতিৰ উদ্বোধনী অনুষ্ঠানটোও অন্য এক আকর্ষণীয় অনুষ্ঠান ৷

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থাকিলেও কিন্তু এই কেপিটল্ বিল্ডিং কেইবাবাৰো শত্রুৰ আক্রমণৰ সন্মুখীন হবলগীয়া হৈছিল ৷ ১৮৩৫ চনৰ ৩০ জানুৱাৰীৰ পৰা শেহতীয়াভাৱে ২০২১ চনৰ এপ্রিল মাহলৈকে কেইবাটাও আক্রমণৰ সন্মুখীন হবলগীয়া হৈছে এই কেপিটল্ বিল্ডিং ৷ কুখ্যাত ৯১১ সন্ত্রাসবাদী আক্রমণৰো লক্ষ্য আছিল এই কেপিটল্ বিল্ডিং ৷ সন্ত্রাসবাদীয়ে অপহৰণ কৰা United Airlines Flight 73ৰ দ্বাৰা ইয়াক আক্রমণৰ লক্ষ্য কৰি লোৱা হৈছিল ৷ কিন্তু বিমানখনৰ ভিতৰত থকা যাত্রীসকলে অপহৰণকাৰীসকলৰ্ পৰা বিমানখনৰ নিয়ন্ত্রণ নিজৰ হাতলৈ নিবৰ চেষ্টা কৰোঁতেই পেনচিলভেনিয়াৰ Shanksville নামৰ ঠাইত ই বিধবস্ত হয় ৷

এই আক্রমণৰ পিছৰে পৰাই কেপিটল্ বিল্ডিঙৰ ৰাস্তা আৰু মুকলি ঠাইৰ বিভিন্ন পৰিৱর্তন ঘটাই নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হয় ৷ শেহতীয়াভাৱে ২০২১ চনৰ এপ্রিল মাহত ডনাল্ড্ ড্রাম্পৰ সমর্থনকাৰীয়ে ঘটোৱা বিক্ষোভৰ পিছতো কেপিটল্ বিল্ডিঙৰ সুৰক্ষা ব্যৱস্থাত আমূল পৰিৱর্তন ঘটোৱা হৈছে৷

আমেৰিকাৰ বিভিন্ন ৰাজ্যৰ কেপিটল্ বিল্ডিংবোৰ আমাৰ ইয়াৰ দৰে মানুহৰ জনসমাগমৰ মাজত নাথাকি সাধাৰণতে অলপ আঁতৰত থাকে৷ ওচৰত মানুহৰ বসতি নাথাকে৷ আমি মিনিয়াপলিচত থাকোঁতে ছেণ্ট পলত থকা মিনছেটা ৰাজ্যৰ কেপিটল্ বিল্ডিংটো দেখাৰ সৌভাগ্য হৈছিল ৷ সুন্দৰ এক মনোমোহা পৰিৱেশ ৷

কেপিটল্ বিল্ডিং চৌহদত কিছুসময় জিৰণি লৈ তাৰ পৰা আমি তিনিও ৰাস্তাৰে খোজকাঢ়ি যোৱাৰ পিছত One First Street ত আন এটা প্রকাণ্ড বগা ৰঙৰ ধুনীয়া বিল্ডিং দেখা পালোঁ৷ সন্মুখত যথেষ্ট নিৰাপত্তাৰক্ষী দেখি ভয়ে ভয়ে ভয়ে গৈ সুধিলোঁ এইটো কি বিল্ডিং আমি ভবামতেই তেওঁলোকে কলে এইটো উচ্চতম ন্যায়ালয়৷ ইয়াক মার্বল পেলেচ্ নামেৰেও জনা যায় ৷ ই আমেৰিকা যুক্তৰাষ্ট্রৰ মুখ্য ন্যায়াধীশসহ আনকেইজন সহযোগী ন্যায়াধীশৰ কার্যালয় আৰু বাসস্থান ৷ পাঁচ মহলীয়া এই বিল্ডিংটো মুখ্য ন্যায়াধীশ Charles Evans Hughesৰ তত্ত্বাৱধানত ১৯৩২ চনৰ পৰা ১৯৩৫ চনৰ ভিতৰত নির্মাণ কৰা হৈছিল ৷ পর্যটকসকলক অকল ৰাজহুৱা অংশলৈকেহে যোৱাৰ অনুমতি দিয়ে যদিও সময়ৰ অভাৱৰ বাবে বাহিৰৰ পৰাই চাই আত্মসন্তুষ্টি লাভ কৰিলোঁ ৷

ইয়াৰ পিছত আমাৰ পিছৰ গন্তব্যস্থলী আছিল পেণ্টাগন আৰু পেণ্টাগন স্মৃতিসৌধ Pentagon Memorial৷ সেই উদ্দেশ্যে আমি Mc Pherson Square মেড্র ষ্টেচনলৈ ৰাওনা হলোঁ৷

পেণ্টাগন আৰু পেণ্টাগন স্মৃতিসৌধ: Mc Pherson Square Metro ষ্টেচনলৈ আহি আমি পেণ্টাগন স্মৃতিসৌধলৈ যাবৰ বাবেBlue Lineত উপলব্ধ হোৱা মেড্রো ৰেলৰ বাবে অপেক্ষা কৰিলোঁ ৷ আগবেলাটো যথেষ্ট ঘূৰি পকি বেছ ভাগৰুৱা হৈ পৰিছিলোঁ৷ ষ্টেচনতে কিছু সময় জিৰণি ললোঁ৷ পেণ্টাগন স্মৃতিসৌধৰ নিকটৱর্তী মেড্রো ষ্টেচনটো হল পেণ্টাগন চিটী ষ্টেচন৷ দূৰত্ব ৫ মাইল ৷ মাত্র ১৩ মিনিটৰ যাত্রা৷ ইতিমধ্যে আমি পুৱাই Van Dorn Street ষ্টেচনত দিনটোৰ বাবে টিকট এখন কৰি লৈছিলোঁৱেই৷

পৃথিৱীৰ বিভিন্ন দেশত থকা মেড্রো ৰেল ব্যৱস্থাৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্রৰ ব্যৱস্থাই সর্ববৃহৎ বুলি জনা যায় ৷ ৩২টা মেড্রো ৰেল ব্যৱস্থা থকা এই ৰেলসমূহৰ কিছুসংখ্যক মাটিৰ ওপৰেৰে আৰু কিছুসংখ্যক মাটিৰ তলেৰে চলাচল কৰে ৷ ৰেলৰ দবাবোৰ অতি উন্নতমানৰ ৷ আসনবোৰ আহল–বহল আৰু বৰ আৰামদায়ক ৷ মজিয়াত কার্পেট পৰা, খিৰিকীবোৰ Fixed, খুলিব নোৱাৰি ৷ শৌচাগাৰৰ সুবিধাবোৰ উৰাজাহাজৰ দৰেই, অত্যন্ত চাফ–চিকুণ ৷ মেড্রো ৰেলবোৰত সাধাৰণতে যাত্রীৰ ভিৰ তুলনামূলকভাৱে কম ৷ হয়তো ৰেলৰ চলাচলৰ সংখ্যা বেছি হোৱা বাবেই যাত্রীৰ কম হবও পাৰে ৷ ভাৰতবর্ষৰ তুলনাত  ৩ গুণ ডাঙৰ আমেৰিকা মহাদেশৰ বর্তমানৰ জনসংখ্যা প্রায় ৩৩ কোটি ৷ অথচ ভাৰতবর্ষৰ জনসংখ্যা ১৩৮ কোটি ৷ এইবোৰ কথাকেই আমি আলোচনা কৰি আহি থাকোঁতে কেতিয়া পেণ্টাগন চিটী ষ্টেচন পালোঁহি গমেই নাপালোঁ৷  ষ্টেচনৰ পৰা পেণ্টাগন আৰু পেণ্টাগন স্মৃতিসৌধলৈ দূৰত্ব নিচেই কম ৷ আমি খোজকািিয়েই ৰাওনা হলোঁ ৷

পেণ্টাগন ৷ আমেৰিকা যুক্তৰাষ্ট্রৰ প্রতিৰক্ষা দপ্তৰৰ সদৰ৷ ৱাশ্বিংটন ডিচিৰ পোটোমেক নদীৰ কাষত ভার্জিনিয়া প্রদেশৰ Arlington Countryত অৱস্থিত আমেৰিকাৰ সামৰিক বিভাগৰ মুখ্য কার্যালয় বিল্ডিং ৷ এজন আমেৰিকান স্থপতিবিদ George Berg Stromৰ আর্হিত নির্মাণ কৰা এই বিল্ডিংটোৰ নির্মাণ কার্য আৰম্ভ হয় ১৯৪১ চনৰ ১১ ছেপ্ঢেম্বৰত আৰু সম্পূর্ণ হয় ১৯৪৩ চনৰ ১৫ জানুৱাৰীত ৷

এই পেণ্টাগন হল পৃথিৱীৰ আটাইতকৈ বৃহৎ কার্যালয় ভৱন ৷ ইয়াৰ মজিয়াৰ মুঠ মাটিকালি ৬.৫ নিযুত বর্গফুট৷ ইয়াৰে ৩.৭ নিযুত বর্গফুট কার্যালয়ৰ কাৰণে ব্যৱহূত হয় ৷ সামৰিক আৰু অসামৰিক বিভাগৰ মুঠ কর্মচাৰীৰ সংখ্যা প্রায় ২৬ হাজাৰ ৷ ভৱনটো নির্মাণ কৰা সময়ত মাটিখিনি পাঁচটা ৰাস্তাৰে আগুৰি আছিল আৰু সেইবাবেই পাঁচ বাহুৰ আর্হিযুক্ত ভৱন নির্মাণ কৰিবলগীয়া হৈছিল ৷ সেইবাবেই এই ভৱনটোৰ নাম পেণ্টাগন ৰখা হয় ৷ মুঠ ৭টা মহলৰ ভিতৰত ৫টা মাটিৰ ওপৰত আৰু ২টা মাটিৰ তলত আছে ৷

২০০১ চনৰ ১১ ছেম্পেম্বৰ ৷ সমগ্র আমেৰিকাবাসীৰ বাবে আছিল এটি কলা দিন৷ সেইদিনাই আমেৰিকাৰ বিভিন্ন ঠাইত আল–কায়দা সন্ত্রাসবাদীয়ে ঘটোৱা আত্মঘাতী আক্রমণৰ পৰা এই পেণ্টাগনো বাচি যোৱা নাছিল ৷ American Airlines Flight 77 বিমানখন ৱাশ্বিংটনৰ Dulles  আন্তর্জাতিক বিমানবন্দৰৰ পৰা লছ্ এঞ্জেলেছ্ আন্তর্জাতিক বিমানবন্দৰলৈ গৈ থকা অৱস্থাত আল–কায়দা সন্ত্রাসবাদীৰ এটি ৫জনীয়া দলে অপহৰণ কৰি নি পুৱা তাৰ স্থানীয় সময়মতে ৯.৩৭ বজাত ইচ্ছাকৃতভাৱে পেণ্টাগনৰ পশ্চিম দিশত বিধবস্ত কৰায় ৷ সৃষ্টি হয় এক অবর্ণনীয় পৰিৱেশৰ ৷ আক্রমণৰ সময়ত পেণ্টাগন ভৱনটোৰ কিছু অংশৰ পুনঃনির্মাণৰ কাম চলি আছিল বাবে সেই অংশটোৰ মুঠ ৪৫০০ কর্মচাৰীৰ ভিতৰত মাত্র ৮০০জনহে উপস্থিত আছিল সেইদিনা ৷ যাৰ ফলত হতাহতৰ সংখ্যা কম হৈছিল৷ বিমানখনত থকা ৫৯জন যাত্রী, ৬জন বিমানকর্মী আৰু পেণ্টাগনৰ ১২৫জন কর্মচাৰীসহ মুঠ ১৮৪জনৰ মৃত্যু হয়৷ অৱশ্যে অপহৰণকাৰী ৫জনো মৃত্যুৰ দুৱাৰডলিৰ পৰা বাচি যোৱা নাছিল ৷

এই ১৮৪জন লোকৰ স্মৃতি ৰক্ষার্থেই নির্মাণ কৰা হৈছিল পেণ্টাগন স্মৃতিসৌধ ৷ পেণ্টাগন কার্যালয়ৰ নিচেই ওচৰতে থকা এই স্মৃতিসৌধটো Julie Beckman আৰু Keith Baseman নামৰ দুজন স্থপতিবিদৰ আর্হিত নির্মাণ কৰা এই সৌধটোৰ প্রাৰম্ভিক নির্মাণ কার্য আৰম্ভ হয় ২০০৬ চনৰ ১৫ জুনত আৰু প্রায় দুবছৰ পিছত নির্মাণ কার্য সমাপ্ত হোৱাৰ পিছত ২০০৮ চনৰ ১১ ছেপ্ঢেম্বৰত জনসাধাৰণৰ বাবে মুকলি কৰা হয় ৷

দর্শনার্থীৰ বাবে এই স্মৃতিসৌধটো বছৰৰ ৩৬৫ দিনৰ ২৪ ঘণ্টাই খোলা থাকে ৷ গোটেই স্মৃতিসৌধটোৰ মুঠ মাটিকালি ৭৮০০ বর্গমিটাৰ ৷ মুকলি ঠাইখিনিত নিহতসকলৰ স্মৃতি ৰক্ষার্থে নির্মিত ১৮৪খন স্মাৰকCantilevered বেঞ্চ সুন্দৰকৈ নির্মাণ কৰা হৈছে ৷ প্রত্যেকখনতেই আক্রমণত নিহত হোৱাসকলৰ নাম, বয়স আৰু আক্রমণৰ সময়ত অৱস্থানৰ সবিশেষ খোদিত কৰা আছে ৷ বেঞ্চবোৰ তেওঁলোকৰ জন্ম চনৰ ক্রম অনুসৰি সজোৱা হৈছে ৷ ৩ বছৰীয়া Dana Falkenbergৰ পৰা ৭১ বছৰীয়াCaptain John Yamnickyলৈকে ৷ দুর্ঘটনাৰ দিনা বিমানখনৰ ভিতৰত থাকি নিহত হোৱা আৰু পেণ্টাগন কার্যালয়ৰ ভিতৰত থাকি নিহত হোৱাসকলৰ স্মৃতিত সজোৱা বেঞ্চবোৰ কিছু ব্যৱধান ৰাখি সজোৱা হৈছে ৷ প্রত্যেকখন বেঞ্চৰ তলতেই এটি সৰু জলাধাৰ আছে যিটোৱে সন্ধিয়াৰ পোহৰ প্রতিফলিত কৰে ৷

স্মৃতিসৌধটোৰ দুৱাৰমুখত ডাঙৰ গ্রেনাইট শিলৰ ফলি এখন দেখিবলৈ পোৱা যায়, যত দুর্ঘটনাৰ দিনটো অর্থাৎ September 11, 2001 খোদিত কৰা আছে ৷ লিখা আছে–‘‘We claim this ground in remembrance of the events of September 11, 2001.

To honur the 184 people whose lives were lost, their families, and all who sacrifice that we may live in freedom. We will never forget.’’ তদুপৰি নিহত ১৮৪জনৰ নামো তাত খোদিত কৰা আছে ৷

আল–কায়দা সন্ত্রাসবাদীসকলৰ অমানৱীয় কার্যৰ সাক্ষী হৈ আছে এই পেণ্টাগন স্মৃতিসৌধ৷ ভাবিলে আচৰিত লাগে কিমান নির্দয় হব পাৰে এই সন্ত্রাসবাদীসকল৷ নিৰীহ, নিৰপৰাধী লোকক পণবন্দী কৰি হত্যা কৰি তেওঁলোকৰ উদ্দেশ্য কিমান দূৰ সফল হয় সেয়াও এক বিচার্য বিষয়৷

কিছু সময় তাত ঘূৰি–পকি আমি আকৌ পেণ্টাগন চিটী মেড্রো ষ্টেচনলৈ  আহি সংযোগী ৰেল ধৰিVan Dorn Street মেড্রো ষ্টেচনলৈ উভতি আহিলোঁ৷ সেইদিনাই ৰাতি ১০.২০ বজাত বিমানযোগে আমাৰ পিছৰ গন্তব্যস্থলী আছিল বাফেলো ৷ উদ্দেশ্য বিখ্যাত নায়েগ্রা জলপ্রপাত দর্শন ৷

You might also like
Leave A Reply

Your email address will not be published.