পিঠিৰ বিষ কিয় হয়

ডাঃ অনুপ বৈশ্য

পিঠিৰ বিষ সম্পর্কে প্রায়বোৰ ৰোগীয়ে গেষ্ট্রিকৰ বাবে হোৱা বুলি ভাবে৷ কঁকালৰ দৰেই পিঠিখন কেতবোৰ ৰাজহাডৰ টুকুৰা এটাৰ লগত আনটো লাগি থাকে ৷ এই অংশক thorasic vertebrae বুলি কোৱা হয়৷এই অংশৰ ৰাজহাডডালৰ বেছিকৈ চলন movement কৰাৰ ক্ষমতা নাথাকে, কিয়নো এই অংশৰ হাডবোৰ আমাৰ বুকুৰ কামিহাডৰ লগত লাগি থাকে৷ লগতে কামিহাডৰ ভিতৰত হাওফাঁও থাকে ৷ সেয়েহে উশাহ–নিশাহ ললে ৰাজহাডডাল শৰীৰৰ সন্মুখৰ পিনে আৰু পিছফালে লৰচৰ কৰে ৷ হালিলে সন্মুখৰ পিনে বক্র হয়৷ পিছফালে হালি কাম খুব কমেই কৰা যায়৷ এই অংশৰ বিষৰ প্রধান কাৰণ হৈছে এনেধৰণৰ

¨ মহিলাসকলে যিহেতু সন্মুখৰ পিনে হালি কাম কৰে৷ তাৰ বাবেও এনে হয় ৷

¨ অফিচত কাম কৰা ব্যক্তিয়ে আজিকালি প্রয়োগ হোৱা চকীত বহু সময় বহি থাকিল বিষ হব পাৰে ৷

¨ বহু সময় মটৰচাইকেল বা অন্য বাহন চলালেও পিঠিখন সন্মুখৰ পিনে বহু সময় হালি থাকে বাবে বিষ হয় ৷

¨ কেঁচুৱাক মাকে স্তনপান কৰাবলৈ বহু সময় একটি হৈ থাকিলেও পিঠিৰ বিষ হব পাৰে ৷

¨ থেকেচা খাই পৰিলে কেতিয়াবা এই অংশৰ ৰাজহাড নষ্ট হবলৈ ধৰে, যাকcollapse of vertebrae বুলি কোৱা হয়৷ এনে অৱস্থাত পিঠিৰ অংশৰ ৰাজহাডডাল বেঁকা হবলৈ ধৰে বাবেও পিঠিৰ বিষ হয় ৷

¨ হাডৰ ক্ষয় হৈ কাঁইটৰ দৰে হাড বািিব পাৰে, যাক osteophyte বুলি কোৱা হয়৷ এই কাঁইটে মাংসপেশী আৰু নার্ভবোৰক হেঁচি থাকিলেও পিঠিৰ বিষ হব পাৰে ৷

¨ হাৰ দুর্বল হলেও osteoporosis পিঠিৰ বিষ হয় ৷

¨ ৰাজহাডত বীজাণুৰ সংক্রমণ হলেও বিষ হব পাৰে৷ ৰাজহাডত যক্ষ্মা ৰোগ হোৱা ৰোগীৰো প্রাৰম্ভিক অৱস্থাত পিঠিৰ বিষ হব পাৰে৷

¨ হাওফাঁওৰ বিভিন্ন ৰোগটো পিঠিৰ বিষ হয় ৷

¨ গেষ্ট্রাইটিজ হোৱা ৰোগী আৰু পিত্তশয় gall bladderৰ ৰোগৰ বাবেও পিঠিৰ কোনো অংশত বিষ হব পাৰে ৷

¨ পিঠিত আঘাত লাগিলেও বিষ হয় ৷

মুঠৰ ওপৰত পিঠিৰ বিষৰ কাৰণ ভিন্ন৷ পিঠিৰ ৰাজহাডৰ টুকুৰাবোৰৰ মাজত থকা স্পঞ্জসদৃশ ডিস্ক্ খুব পাতল হয় বাবে ইয়াৰ ক্ষয় হোৱা সম্ভাৱনা অধিক ৷ তদুপৰি আমাৰ আধুনিক জীৱনশৈলীয়ে আমাক সন্মুখৰ পিনে হালিবলৈ বাধ্য কৰাইছে ৷

পৰিত্রাণৰ উপায় :

আমি আমাৰ ৰাজহাডডাল সদায় পোন কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে৷ অন্ততঃ সদায় সন্ধিয়া আৰু পুৱা অতি সহজ যোগাসন মৎসাসন কৰিব লাগে ৷ এনে কৰিলে ৰাজহাডডাল পিছফাললৈ বক্র কৰা হয় আৰু নার্ভৰ চেপা খোৱা কমি যায়, লগতে ডিস্ক্খন ক্ষয় নাযায়৷ ইয়াৰ উপৰি অভিজ্ঞ চিকিৎসকে বা physiotherapist–Aspinal manipulation নামৰ এবিধ ব্যায়াম কৰাই দিয়ে৷ যি খুব ফলপ্রসূ ৷ এজন অভিজ্ঞ আয়ুর্বেদিক চিকিৎসকে এইক্ষেত্রত আয়ুর্বেদিক ঔষধ ব্যৱহাৰ কৰি লগতে মেৰুদণ্ডডালৰ ব্যায়াম কৰাই দি এই ৰোগৰ পৰা মুক্তি দিব পাৰে ৷ সামান্য চিকিৎসাৰে এই ৰোগ সমূলে নাশ কৰিব পাৰি ৷

ফোন : ৮৬৩৮২-১১৭১১

You might also like
Leave A Reply

Your email address will not be published.