প্রেমৰ সাজ

লক্ষ্মীছায়া ডেকা

প্রেমৰ যদিও কোনো নির্দিষ্ট সময় বা পৰিধি নাথাকে বুলি কোৱা হয়, আজিৰ প্রজন্মৰ সদাব্যস্ত দিনসমূহত সেই নির্দিষ্ট সময়ত লগ পোৱাৰ মাদকতা অতি যান্ত্রিকতাত পৰিণত হৈ পৰে ৷ দৈনন্দিন কর্মব্যস্ততাৰ মাজত মবাইলৰ বার্তা দিয়াটোও কেতিয়াবা অসম্ভৱ হৈ উঠে ৷ তাৰ মাজতে প্রিয়জনক লগ পাবলৈ নিজক কিছু পৰিমাণে সাজু হৈ যোৱাৰ সাজপাৰৰ বিষয়ে আগবঢ়োৱা হৈছে ৷

আৰামদায়ক সাজ : আপুনি নিজে যি সাজত সাধাৰণতে সুবিধা বা আৰাম লাভ কৰে, তেনে সহজেই ব্যৱহাৰ কৰিব ৷ বেছি ৰংচঙীয়া বা জকমকীয়া বাহুল্যতাযুক্ত সাজ পৰিধান নকৰাকৈ কেৱল ষ্টাইলিছ সাধাৰণ লুক ধৰি ৰাখিব ৷ নিজৰ ব্যক্তিত্বক তুলি ধৰা কাপোৰ পছন্দ কৰক ৷

স্কার্ট–টপ : এই সাজ পৰিধান কৰিলে যিকোনো ছোৱালীকে খুব মৰমলগা দেখা যায় ৷ একৰঙী টপৰ লগত সৰু সৰু গুটিৰ নিচিনা ফুলাম দীঘল বহেমিয়ান স্কার্ট  পিন্ধিব ৷ মিডিয়াম দৈর্ঘ্যৰ হলেও ভাল লাগিব ৷

টিউনিক : দেখাত খুব সাধাৰণ  হলেও এনে সাজে কিশোৰীসকলক সুগঢ়ী দেখায় ৷ যিকোনো হিলৰ সৈতে পনীটেইল চুলি বান্ধি  দীঘল চেইন পিন্ধিব ৷ বুটজোতাও ভাল লাগিব ৷ অন্যথা স্নিকাৰ বা স্পর্ট শ্বুও ব্যৱহাৰ কৰিব পাৰে ৷

ফ্রক : যিকোনো ধৰণৰ সময়ত উপযুক্ত সাজ ৷ চুটি বা দীঘল বা মিডিয়াম যিমান দীঘল হলে আপোনাৰ সুবিধা হয়, নির্বাচন কৰিব পাৰে ৷ মিহি কোমল কাপোৰেৰে তৈয়াৰী আৰু কোমল ৰং লব ৷ ডিঙি বা পিঠি বেছি ওলোৱা নলব ৷ ফ্রীলযুক্ত  হলে বহু বেছি ভাল লাগিব ৷

জীনছ–কুর্তা : পশ্চিমীয়া ডিজাইনৰ টপৰ সলনি চুটি সুন্দৰ ডিজাইনৰ এথনিক কুর্তি ডেনিমৰ লগত মিলাই চাব ৷ সৰু স্কার্ফ লব পাৰে ৷ সৰু হিল বা ৰাজস্থানী জুট্টীৰ লগত ভাল ড্রেণ্ডীলুক আহিব ৷

শাৰী : কর্মব্যস্ত মহিলাসকলৰ বাবে শাৰী উপযুক্ত ৷ যদি আপুনি সুবিধাজনক বুলি ভাবে, তেন্তে শাৰীৰ আঁচলখন জাপি নলৈ একতৰপীয়া কৰি মেলি লব ৷ বেছি দীঘল নহলে চুলি মিহিকৈ ফণিয়াই মেলি লব ৷ নহলে অলপীয়াকৈ মেচি বান এটা বনাই লব ৷ পাতল অলংকাৰ পৰিধান কৰিলে ভাল লাগিব ৷ হিল পিন্ধিব ৷

ফর্মেল লুক : যদিহে আপুনি অতি কম সময়ৰ বাবে নিজৰ কামখিনি বাদ দি আহিব বিচাৰিছে তেন্তে ফর্মেল লুকতো বেয়া নালাগিব ৷ চিগাৰেট পেন্টৰ সৈতে কম্বিনেশ্বন কৰি কোমল মৰমলগা ৰঙৰ ব্লেজাৰ বহুত ভাল লাগিব ৷ সৰু লকেট থকা চেইন পিন্ধিব পাৰে ৷ অলপ ডাঙৰ ফিউজন ষ্টাইলৰ নেকপিছো ভাল লাগিব ৷ ঘড়ী পিন্ধিব পাৰে ৷ ওখ হিলযোৰৰ লগত খাপ খোৱাকৈ চুলি বান্ধি লব ৷

 ফোন : ৯৭০৬১-০১১৪২

You might also like
Leave A Reply

Your email address will not be published.