ডুবাই মহানগৰীৰ অৰঙে–দৰঙে

ডঃ হৰিশংকৰ কাকতী

যোৱা এপ্রিল মাহত আমাৰ ডুবাই ভ্রমণৰ ২য় দিনা অর্থাৎ ৯ এপ্রিলত আমাৰ দিনজোৰা কার্যসূচী আছিল ডুবাই মহানগৰীৰ উল্লেখযোগ্য স্থানসমূহ দর্শন কৰাৰ ৷ হোটেলতে পুৱাৰ আহাৰ গ্রহণ কৰাৰ পিছত আমাৰ ১০জনীয়া দলটোক নিবলৈ শীত–তাপ নিয়ন্ত্রিত ব্যৱস্থা থকা মিনি বাছ এখন হোটেলৰ সন্মুখত উপস্থিত হলহি ৷ প্রায় ১০.৩০ বজাত আমাৰ যাত্রা আৰম্ভ হল মহানগৰ অভিমুখে ৷

আমাৰ প্রথম গন্তব্যস্থলী আছিল জাবিল ৰাজপ্রাসাদ Zabeel Palaceলৈ ৷ এইটো হৈছে ডুবাই পৌৰসভাৰ অধ্যক্ষ হিজ ৰয়েল হাইনেছ্ শ্বেইখ হামদান বিন ৰছিদ আল্ মাকতুমৰ চৰকাৰী বাহগৃহ ৷ ইয়াতেই শ্বেখে ৰাষ্ট্রদূত আৰু বিদেশী গণ্যমান্য ব্যক্তিসকলক আদৰে ৷ ৰাজপ্রাসাদটো দর্শনার্থীৰ বাবে মুকলি নহয় ৷ চাৰিওফালে সদায় কঠোৰ নিৰাপত্তীয়ে আগুৰি থাকে ৷ চৌহদটোৰ চাৰিওফালে নিৰাপত্তাৰক্ষীৰে বেষ্টিত এখন সুন্দৰকৈ প্রতিপালিত কৰা বাগিচা আছে ৷ এজনে মাত্র এটা নির্দিষ্ট স্থানলৈকেহে আগবাঢ়ি যাব পাৰে ৷ আমি দূৰৈৰ পৰাই প্রাসাদটোৰ সৌন্দর্য উপভোগ কৰি দুই–এখন ফটো মবাইলৰ কেমেৰাত বন্দী কৰিলোঁ ৷

সংযুক্ত আৰব আমীৰ শ্বাহী চমুকৈ ইউ এ ইৰ প্রাক্তন প্রধানমন্ত্রী শ্বেইখ ৰছিদৰ বাসস্থান আছিল এই ৰাজপ্রাসাদটো ৷ ইয়াক জাবিল অঞ্চলত নির্মাণ কৰা হৈছিল, যিখিনি ঠাই পূর্বতে কেৱল বালিৰে আবৃত উদং ঠাই আছিল ৷ বর্তমান ইয়াৰ চাৰিওফালে সুউচ্চ অট্টালিকাবোৰ গঢ়ি উঠিছে ৷ ১৯৬০ চনত নির্মাণ কৰা এই প্রাসাদটোত শ্বেখ ৰছিদে ১৯৯০ চনলৈ মৃত্যুৰ আগলৈকে বাস কৰিছিল ৷ অত্যাধুনিক ইলেকট্ৰনিক যন্ত্রৰ দ্বাৰা নিয়ন্ত্রিত ই বিশ্বৰ অন্যতম সুৰক্ষিত ৰাজপ্রাসাদ ৷ বর্তমান ডুবাইৰ লেণ্ডমার্কসমূহৰ ভিতৰত অন্যতম আৰু ডুবাইৰ ভ্রমণ কৰিবলগীয়া ঠাইসমূহৰ ভিতৰত অন্যতম পর্যটন স্থলী ৷ প্রায় আধা ঘণ্টা  সময় তাত কটাই আমি এইবাৰ ৰাওনা হলোঁ বিখ্যাত জুমেইৰাহ বীচ্চ Jumeirah Beachলৈ ৷

জুমেইৰাহ বীচ্চ হৈছে এক বগা বালিৰ সমুদ্রতীৰ ৷ পাৰস্য উপসাগৰৰ উপকূলত সংযুক্ত আৰব আমীৰ শ্বাহীৰ ডুবাইৰ জুমেইৰাই জিলাৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে ৷ সমুদ্রতীৰত গঢ় লৈ উঠিছে ডাঙৰ ডাঙৰ হোটেল, ৰিজর্ট, হাউছিং কমপ্লেক্স, যাৰ ভিতৰত আছে বিখ্যাত বুর্জ অল্ আৰৱ Burj Al Arab হোটেল, ৱাটাৰ পার্ক, জুমেইৰাই বীচ্চ হোটেল, পূৰণি শৈলীৰ মেদিনাট্ জুমেইৰাই এখন আৰবীয় সৰু মহানগৰ আৰু শ্বপিং কমপ্লেক্স ইত্যাদি ৷ এই মানৱ নির্মিত বীচ্চখনত বগা বালি আৰু পৰিষ্কাৰ নীলা পানীৰ ওপৰত নীলা আকাশৰ সৌন্দর্য পর্যটকসকলৰ মনোৰঞ্জনৰ বাবে এক উপযুক্ত পৃষ্ঠভূমি ৷  মনোৰঞ্জনৰ আন আন সমলসমূহ হল সাঁতোৰ, ৰৌদ্রস্নান Sun Bath, উইণ্ড চার্ফিং Wind Surfing আৰু কায়াকিং Kayaking ইত্যাদি ৷  তদুপৰি সাগৰৰ পাৰত এখন পার্ক আছে, যত শিশুৰ খেলা–ধূলাৰ বাবে নির্দিষ্ট স্থান, বার্বিকিউ পিট্ Barbecue Pit, আৰু পথচাৰীৰ বাবে খোজ কা সুকীয়া পথ ৷ ইয়াৰ বাহিৰেও ইয়াত প্রতিবছৰে বিখ্যাত খাদ্য উৎসৱ অনুষ্ঠিত হয়, যিটো ডুবাইৰ আটাইতকৈ ডাঙৰ খাদ্য উৎসৱ ৷  এই উৎসৱটোত সমগ্র বিশ্বৰ বিভিন্ন প্রান্তৰ নানা ধৰণৰ খাদ্য সম্ভাৰৰ আয়োজন কৰা হয় ৷

বীচ্চত কিছু সময় কটাই দুই–এখন ফটো উঠি আমি আমাৰ পিছৰ গন্তব্যস্থলীলৈ ৰাওনা হলোঁ ৷ সমুদ্রতীৰৰ পৰা ওলাই আহি আমাৰ গাড়ী জুমেইৰাই বীচ্চ ৰোডেৰে আগবাঢ়িল, যাক বিশ্বৰ আটাইতকৈ শীতল পথ বুলি নামকৰণ কৰা হৈছে ৷ ডুবাইৰ ৩০ শতাংশতকৈও অধিক কোটিপতি এই আইকনিক জুমেইৰাই বীচ্চ ৰোডত বাস কৰে ৷ কিছদূৰ যোৱাৰ পিছত আমি উপস্থিত হলো বীচ্চৰ পানীৰ যুৱলিত প্রযুক্তিবিদ্যাৰ অনবদ্য প্রয়োগেৰে নির্মাণ কৰি উলিওৱা বুর্জ–ল্–আৰব নামৰ অভিজাত পঞ্চ তাৰকা হোটেলখনৰ ওচৰত যদিও কেতিয়াবা ভুলকৈ পৃথিৱীৰ একমাত্র সপ্ত তাৰকা হোটেল বুলি দাবী কৰা হয় উপস্থিত হলোঁ ৷ জুমেইৰাই হোটেল গ্রুপৰ দ্বাৰা পৰিচালিত এই বিলাসী হোটেলখন বিশ্বৰ অন্যতম ওখ হোটেল যদিও ইয়াৰ মুঠ উচ্চতাৰ শতকৰা ৩৯ ভাগ দখল কৰিব নোৱাৰা স্থানেৰে গঠিত ৷  হোটেলখন ডুবাইৰ উপকূলৰ পৰা ২৮০ মিটাৰ দূৰত্বত মানৱসৃষ্ট এটা কৃত্রিম দ্বীপত নির্মিত আৰু ইয়াক মূল ভূখণ্ডৰ সৈতে ব্যক্তিগত দলং এখনেৰে সৈতে সংযুক্ত কৰা হৈছে ৷  হোটেলখন গঠনৰ আকৃতি জাহাজ এখনৰ পালৰ সৈতে মিল থকাকৈ ডিজাইন কৰা হৈছে ৷ ইয়াৰ নির্মাণ চালে চকুৰোৱা ৷ মাটিৰ পৰা ২১০ মিটাৰ উচ্চতাত হোটেলৰ ছাদৰ ওপৰত হেলিপেড এখন নির্মাণ কৰা হৈছে ৷ ১৯৯৪ চনত নির্মাণকার্য আৰম্ভ হোৱা এই হোটেলখন ১৯৯৯ চনৰ এক ডিচেম্বৰত মুকলি কৰা হয় ৷ হেলিপেডখন ৫৯নং মহলাৰ ওপৰত অৱস্থিত, যত আছে বক্সিং ৰিং, টেনিছ কর্ট আৰু কাইট চাৰফিং জাম্পৰ বাবে সর্বোচ্চ জাম্পিং পইণ্ট ৷

হোটলখন পৰিচালনা কৰে জুমেইৰাহ গ্রুপে ৷ ইয়াত ১৯৯ টা আছুতীয়া ছুইট আছে, যত প্রত্যেকতেই আঠজনকৈ কর্মচাৰী অনবৰতে নিয়োগ হৈ থাকে ৷ আটাইতকৈ সৰু চুইটটোৰ আয়তন ১৬৯ বর্গমিটাৰ আৰু ডাঙৰটোৰ আয়তন ৭৮০ বর্গমিটাৰ ৷ ৰয়েল ছুইট প্রতিটোৰ নিশাৰ ভাৰা ২৪ হাজাৰ মার্কিন ডলাৰ ৷ হোটেলখনৰ ওচৰলৈ যোৱা নিষেধ বুলি গাইডে আমাক কোৱাত আমি আটায়ে গেটৰ ওচৰতে কেইখনমান ফটো উঠিলোঁ ৷  অৱশ্যে টিকট কাটি হোটেলখন চোৱাৰ সুবিধা আছে ৷ এজনৰ বাবে টিকটৰ মূল্য ৫০০ ডিৰহাম, ভাৰতীয় টকাৰ হিচাপত প্রায় ১১৫০০ টকা৷ গতিকে দূৰৰ পৰা চায়ে তৃপ্তি লভিলোঁ ৷ তাৰ পৰা কিছুদূৰ যোৱাৰ পিছত আন এখন পঞ্চতাৰকা হোটেলৰ সন্মুখত আমাৰ গাড়ীখন ৰল ৷ সন্মুখৰ প্রাংগণত দৌৰি যাব খোজা অৱস্থাত থকা সোণোৱালী ঘোঁৰাকেইটাৰ মূর্তিকেইটাৰ ফটো ললোঁ ৷  ইয়াৰ পিছত আমাৰ যাত্রা আৰম্ভ হল পাম জুমেইৰাই অভিমুখে ৷ যাওঁতে জুমেইৰাই মছজিদ আৰু ৰাষ্ট্রপতি ভৱন দূৰৈৰ পৰাই গাইডে দেখুৱালে ৷

পাম জুমেইৰাই হৈছে সংযুক্ত আৰব আমিৰ শ্বাহীৰ ডুবাইৰ জুমেইৰাহত পাৰস্য উপসাগৰৰ কৃত্রিম দ্বীপপুঞ্জৰ এটা৷ ইয়াৰ নির্মাণ আর্হি অতি চমৎকাৰ ৷ খেজুৰ গছৰ আর্হিত সাগৰৰ ভিতৰলৈ মানুহৰ বসতিস্থল ববাই নিয়া হৈছে ৷ গা–গছ আৰু পাতবোৰত সুন্দৰ আর্হিৰ ঘৰ ৷ ইয়াৰ উপৰি এই দ্বীপপুঞ্জটো বিলাসী হোটেল, আডম্বৰপূর্ণ এপার্টমেণ্ট টাৱাৰ আৰু উন্নতমানৰ গ্লবেল ৰেষুটৰেণ্ঢৰ বাবে জনাজাত ৷ ইয়াত ভাৰতৰ প্রখ্যাত চিত্রতাৰকা শ্বাহৰুখ খানৰো এটা অট্টালিকা আছে বুলি গাইডে আমাক জনালে ৷ ডুবাইৰ মূল ভূখণ্ডৰ সৈতে ৫.৪ কিঃমিঃ দীঘল দূৰত্বৰ দীঘল দূৰত্বত থকা পাম জুমেইৰাহক মনো ৰেলে সংযোগ কৰিছে ৷ ইয়াক ডুবাইৰ মেট্ৰৰ ৰেড্ লাইনলৈকে সম্প্রসাৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে ৷ ২০০৯ চনৰ ৩০ এপ্রিলৰ পৰা এই লাইনটোৰ চলাচল আৰম্ভ হৈছিল ৷ এইটো মধ্যপ্রাচ্যৰ প্রথম মনো ৰেল ৷ এই মনো ৰেলে আটলাণ্টিছ হোটেলক দ্বীপটোৰ তলত থকা গেটৱে টাৱাৰৰ লগত সংযোগ কৰিছে ৷

আমি অৱশ্যে আটলাণ্টিছ হোটেলখন দূৰৈৰ পৰাই চাব লগা হৈছিল ৷ কাৰণ আমি যি ঠাইত থিয় হৈ আছিলোঁ তাৰ পৰা আমাৰ আৰু হোটেলখনৰ মাজত এখন ৱাটাৰ পার্ক আছিল ৷ এইখন হোটল পাম জুমেইৰাহৰ শীর্ষত অৱস্থিত এখন বিলাসী হোটেল ৰিজর্ট ৷ ২০০৮ চনৰ ২৪ ছেপ্ঢেম্বৰত  এই হোটেলখন আৰু ইয়াত থকা ৱাটাৰ পার্কখন মুকলি কৰা হয় ৷ গাইডে আমাক কোৱা মতে হোটেলখনত দুটা পানীৰ তলত নির্মিত হোটেলৰ কোঠা আছে যি দুটা বিশ্বৰ মাত্র ক্ষুদ্র মুষ্টিমেয় পানীৰ তলত নির্মিত হোটেলৰ কোঠাৰ ভিতৰত দুটা আৰু বিশ্বৰ আটাইতকৈ অনন্য বাসস্থানৰ তালিকাত বিদ্যমান ৷

কিছুসময় তাত কটোৱাৰ পিছত আমি আমাৰ পিছৰ গন্তব্যস্থলী ডুবাইৰ বিখ্যাত ডুবাই মল Dubai Mall অভিমুখে ৰাওনা হলোঁ ৷ প্রায় ডেৰ বজাত আমাক সকলোকে ডুবাই মলৰ সন্মুখত নমাই দিলে ৷ আমি আটায়ে মলৰ ভিতৰতেই কিবা এটা খাই লোৱাৰ সিদ্ধান্ত গ্রহণ কৰিলোঁ ৷ খোৱা হোৱাৰ পিছত মলৰ ভিতৰখন চোৱাৰ উদ্দেশ্য আগবাঢ়িলোঁ ৷ আমাৰ হাতত পর্যাপ্ত সময় আছিল৷ মুঠ মাটিকালিৰ ক্ষেত্রফলৰ হিচাপত ডুবাই মল বিশ্বৰ আটাইতকৈ ডাঙৰ মল ৷ ১৩ মিলিয়ন বর্গফুটতকৈও অধিক প্রায় ৫০খন মান ফুটবল খেলপথাৰৰ সমতুল্য এই মলৰ মুঠ আভ্যন্তৰীণ মজিয়াৰ আয়তন ৫.৯ মিলিয়ন বর্গফুট৷ মলটো ২০০৮ চনৰ চ্ছ্র নৱেম্বৰত মুকলি কৰা হৈছিল প্রায় ১০০০ খুচুৰা বিক্রেতাৰ সৈতে ৷ বর্তমান ইয়াত ১২০০খনৰো অধিক বিশ্বমানৰ দোকান, ২৫০টা কোঠালিৰ হোটেল, ২২খন বিশাল চিনেমা পর্দাৰ লগতে ১২০খন ৰেষুটৰেণ্ট আৰু কেফেও আছে ৷ তদুপৰি বিশ্ববিখ্যাত একুৱাৰিয়াম, পানীৰ তলৰ চিৰিয়াখানা Under water zoo, অত্যাধুনিক মিউজিকেল ফোঁৱাৰা, কৃত্রিম জলপ্রপাত আদি নানান আমোদ প্রমোদৰ ব্যৱস্থা থকা মহলীয়া এই মলটোত ৩টা পার্কিং স্থানত ১৪০০০ৰো অধিক গাড়ী ৰখা ঠাই আছে ৷ মলটোলৈ প্রতিবছৰে প্রায় পাঁচ কোটিৰো অধিক দর্শনার্থী আহে ৷ ইয়াত বিশ্ববিখ্যাত এপল কোম্পানীৰ দুটাকৈ শ্বৰুম আছে ৷ এই শ্বৰুমত উপলব্ধ আইফোন আৰু অন্যান্য সামগ্রী তুলনামূলকভাৱে অইন দেশতকৈ সস্তা বাবে বিশ্বৰ বিভিন্ন দেশৰ পর্যটকে তাত ক্রয় কৰি থকা দেখিলোঁ ৷ ডুবাই যিহেতু শুল্ক্মুক্ত বন্দৰ, গতিকে ইয়াত উপলব্ধ সকলো ইলেকট্ৰনিক সামগ্রী আৰু সোণৰ দাম বিশ্বৰ আন সকলো ঠাইতকৈ তুলনামূলকভাৱে কম ৷ মলটোত ঘূৰি ফুৰোঁতে ধুনীয়াকৈ আইনাৰ শ্বকেজত সজাই থোৱা এটা কমোড Commode আৰু এখন গীটাৰ দেখিলোঁ ৷ সোণ আৰু হীৰা খচিত কমোডটোৰ মূল্য ১২৮৮৬৬৭ মার্কিন ডলাৰ আৰু হীৰা খচিত গীটাৰখনৰ মূল্য ২০০০০০ মার্কিন ডলাৰ ৷

মলটোত প্রথম সোমাই যাওঁতেই দেখিছিলোঁ বিভিন্ন প্রজাতিৰ জলজ প্রাণী বিচৰণ কৰি থকা এটা বৃহৎ আকাৰৰ একুৱাৰিয়াম ৷ এই একুৱাৰিয়াম আৰু পানীৰ তলৰ চিৰিয়াখানাত ৩৩০০০তকৈও অধিক ১৪০টা মান প্রজাতিৰ জলজ প্রাণী আছে ৷ একুৱাৰিয়ামটোৰ এক কোটি লিটাৰৰ জলাধাৰটোত ৪০০বিধ শ্বার্ক, ৰেই Ray এবিধ সাগৰীয় চেপেটা মাছ, বালিৰ বাঘ শ্বার্ক  Sand Tiger Shark আৰু আন বহুতো সাগৰীয় প্রজাতিৰ প্রাণী আছে ৷ দুটা স্তৰৰ পৰা প্রাণী সুন্দৰকৈ দেখা যায়৷ এই একুৱাৰিয়ামটো আৰু পানীৰ তলৰ চিৰিয়াখানা বিশ্বৰ অন্যতম ইনডৰ একুৱাৰিয়াম আৰু ই বিশ্বৰ সর্ববৃহৎ এক্রাইলিক পেনেৰে Largest Acrylic Pane ই হল একুৱাৰিয়াম আৰু প্রাণীবোৰ ৰখা জলাধাৰৰ বাবে পানী সোমাব নোৱাৰা কাঁচৰ দৰে এক স্বচ্ছ স্ফটিক পদার্থৰে তৈয়াৰী আদর্শ সামগ্রী নির্মাণ কৰা বাবে গীনিজ বিশ্ব ৰেকর্ডৰ অধিকাৰী হৈছে ৷ বহু এলেকাজুৰি একুৱাৰিয়ামটো দেখি আমি আটায়ে অভিভূত হৈ পৰিলোঁ ৷ টিকট কাটি ইয়াৰ ভিতৰলৈ সোমোৱাৰ ব্যৱস্থা আছে যদিও সময় আৰু অর্থ দুয়োটাৰে অভাৱৰ বাবে বাহিৰৰ পৰাই চাই নয়ন সার্থক কৰিলোঁ ৷ দুই–এখন দোকানত সোমালোঁ যদিও অত্যধিক দাম দেখি ক্রয় কৰাৰ পৰা বিৰত থাকিবলগীয়া হল ৷

ইতিমধ্যে আমাৰ সময়ো হৈ আহিল ৷ এইবাৰ আমাৰ পিছৰ গন্তব্যস্থলী আছিল মলটোৰ অলপ আঁতৰত থকা পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকা অষ্টম আষ্চর্য খ্যাত বুর্জ খলিফালৈ ৷ কাৰিকৰী চমৎকাৰিতাৰ উৎকৃষ্ট নিদর্শন বুর্জ খলিফা সংযুক্ত আৰব আমিৰ শ্বাহীৰ এটি আকাশচুম্বী অট্টালিকা ৷ মুঠ উচ্চতা ৮২৯.৮ মিটাৰ  চ্,৭২২ ফুট৷ ২০০৪ চনৰ ৬ জানুৱাৰীত ইয়াৰ নির্মাণ কার্য আৰম্ভ হৈছিল ৷ প্রথম পাঁচ বছৰৰ পিছত ২০০৯ চনৰ এক অক্টোবৰত বাহিৰৰ অংশ সম্পূর্ণ হয় ৷ চৰকাৰীভাৱে ৪ জানুৱাৰী ২০১০ চনত এইটো মুকলি কৰা হয় ৷ নির্মাণ কার্যত খৰচ হৈছিল প্রায় ১.৫ বিলিয়ন মার্কিন ডলাৰ ৷    ১১০০০০ মেট্ৰিক টনতকৈও অধিক ওজনৰ যিবোৰ প্রায় এক লাখ পূর্ণবয়স্ক্ হাতীৰ ওজনৰো অধিক ১.৫৯ মিলিয়ন ঘনফুট চ্ছ্রপ্ত,০০০ কিউবিক মিটাৰতকৈ অধিক কংক্রিট ব্যৱহাৰ কৰা হৈছিল ভৱনটোৰ কংক্রিট আৰু তীখাৰ ভেটি নির্মাণৰ বাবে, যত ১৯২টা স্তূপ Pile আছে, যিবোৰ ১৬৪ ফুট প্তঙ্ম মিটাৰতকৈ অধিক গভীৰতাত পুতি থোৱা হৈছে ৷ ডুবায়ে আন্তঃৰাষ্ট্রীয় স্বীকৃতি লাভ কৰাৰ পিছত সংযুক্ত আৰব আমিৰ শ্বাহীৰ প্রাক্তন ৰাষ্ট্রপতি শ্বেইখ খলিফা ইবন জায়িদ আল নাহিয়ানৰ সন্মানত এই ভৱনটোৰ নাম ৰখা হৈছে ৷ গীনিজ বিশ্ব ৰেকর্ডছৰ মতে ইয়াত অভিলেখ ১৬৩ টা মহলা আছে ৷ ১৬০নং মহলালৈ যাবলৈ ২৯০৯ টা চিৰিৰে উঠিব লাগে আৰু শেষৰ তিনিটা মহলাৰ বাবে জখলা ব্যৱহাৰ কৰা হয় ৷ ১৮২১ ফুট উচ্চতাৰ ১৪৮নং মহলাত থকা আকাশ পর্যবেক্ষণ ডেক্টোৱেই হৈছে জনসাধাৰণৰ বাবে মুকলি আটাইতকৈ ওখ আউটডৰ পর্যবেক্ষণ মহলা ৷ অৱশ্যে তালৈ যাবলৈ হলে বিশেষ টিকট ক্রয় কৰিব লাগে ৷ ষ্টেণ্ডার্ড টিকটৰে দর্শনার্থীক কেৱল ১২৪ আৰু ১২৫নং মহলালৈকেহে যাবলৈ অনুমতি দিয়া হয় ৷

আমি আটায়ে শাৰী পাতি তলৰ মহলাত থকা লিফ্টৰ ওচৰ পালোঁহি ৷ ইতিমধ্যে অসংখ্য পর্যটকে ভিৰ কৰিছেহি ৷ দুখন ডাঙৰ লিফ্ট অবিৰাম গতিত চলি আছে ৷ প্রায় এক মিনিটৰ ব্যৱধানত আমি ১২৪নং মহলাত উপস্থিত হলোঁ ৷  লিফ্টৰ পৰা নামি ১২৪নং মহলাৰ পর্যবেক্ষণ কেন্দ্রলৈ গৈ থাকোঁতে এই বিস্ময়কৰ ভৱনটোৰ নির্মাণৰ লগত জডিত স্মৰণীয় অভিযন্তাসকলৰ ছবিসহ পৰিচয় আৰু নির্মাণৰ বিভিন্ন স্তৰসমূহৰ টোকাসম্বলিত ছবিবোৰ ঠায়ে ঠায়ে প্রদর্শিত হৈ থকা দেখিলোঁ৷ ১২৪নং মহলাৰ পৰা মায়ানগৰী ডুবাইৰ নয়নাভিৰাম দৃশ্য উপভোগ কৰি ৰোমাঞ্চিত হৈ পৰিলোঁ ৷ লাহে লাহে সন্ধিয়া হৈ অহাত প্রাণোচ্ছল মহানগৰীখনৰ চাৰিওফালে বিজুলী চাকিবোৰ লি উঠিল ৷ ওপৰৰ পৰা গোটেই মহানগৰীখনৰ নিশাৰ দৃশ্য প্রাণভৰি উপভোগ কৰিলোঁ ৷ কিছুসময় তাত কটোৱাৰ পিছত খটখটিৰে ১২৫নং মহলালৈ উঠি গলোঁ ৷  তাৰ পৰাও ডুবাইৰ নিশাৰ দৃশ্য উপভোগ কৰিব পাৰি ৷

বুর্জ খলিফাত ১৯৫৭টা পার্কিং স্থান, ৩০৪টা বিলাসী হোটেলৰ কোঠা আৰু ৯০৪টা এপার্টমেণ্ট আছে ৷ এপার্টমেণ্টবোৰৰ দাম আকাৰৰ ওপৰত নির্ভৰ কৰে ৷ একোটাৰ দাম কোটিৰ ঘৰত ৷ ভাৰতৰ বোলছবি জগতৰ নামী–দামী তাৰকাসমূহৰ ইয়াত এপার্টমেণ্ট আছে বুলি জনা যায় ৷ হোটেলৰ ষ্টেণ্ডার্ড কোঠা আৰু ছুইটৰ ভাৰা প্রতিনিশা ৪৩ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি বিলাসী ছুইটৰ বাবে প্রতিনিশা কেইবালাখ টকা হয় ৷  কিছু সময় তাত অতিবাহিত কৰি আমি লিফ্টেৰে তললৈ নামি আহিলোঁ ৷ ইমান পর্যটকে লানি নিছিগাকৈ দর্শন কৰাৰ পিছতো সকলো ব্যৱস্থা সুশৃংখলিতভাৱে চলি আছে ৷ তললৈ নামি আঁহোতে টিকটৰ লগত বিনামূলীয়াকৈ থকা স্নেক্সৰ সুবিধা উপভোগ কৰিলোঁ এখন সৰু ৰেষুটৰেণ্ঢত ৷ তাত থকা কর্মচাৰী এজন উত্তৰ ভাৰতীয় ৷ আমাক অসমৰ পৰা যোৱা বুলি জানি বৰ আদৰ–সাদৰ কৰিলে ৷

তললৈ নামি আহি আমি ইতিমধ্যে ডুবাই মলৰ পিছফালে থকা আহল–বহল চোতাল এখনত উপস্থিত হলোঁ ৷ চোতালখনৰ গাতে লাগি আছে কৃত্রিমভাৱে নির্মিত এটা হ্রদ ৷ ইয়াতে সন্ধিয়া প্রদর্শন কৰা হয় হ্রদটোত থকা পানীৰ ফোঁৱাৰাবোৰৰ সংগীতৰ লহৰে লহৰে বিভিন্ন নাচোন ৷ আচলতে ই এটা কৰিগ্রাফী কৰা ফাউণ্টেইন ব্যৱস্থা ৷ বিভিন্ন ৰঙৰ সমাহাৰৰ মাজেৰে চালিত হোৱা এই ফোঁৱাৰাবোৰৰ অপূর্ব সকলোৰে মন মুহি নিয়ে ৷ ইয়াক ডুবাই ফাউণ্টেইন শ্ব বুলিও কোৱা হয় ৷ প্রতিটো দিনেই সন্ধিয়া ৬ বজাৰ পৰা নিশা ১১ বজালৈ ৩০ মিনিটৰ ব্যৱধানত এই শ্ব অনুষ্ঠিত হয় ৷  ২০০৯ চনৰ ৮ মেত এই ফাউণ্টেইনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় ৷ কৃত্রিম হ্রদটোত অনুষ্ঠিত এই ফাউণ্টেইন শ্বত ৬৬০০টা লাইট আৰু ৫০টা ৰঙীন প্রজেক্টৰৰ দ্বাৰা আলোকিত কৰা হয় ৷ বিভিন্ন ভাষাৰ সংগীতৰ সৈতে এই ফাউণ্টেইনে যিকোনো মুহূর্ততে ২২ হাজাৰ গেলন পানী ৫০০ ফুট ওপৰলৈ ছটিয়াই দিব পাৰে ৷ এই ফোঁৱাৰাসমূহে বতাহত পানীক বহুতো ভিন্ন ৰঙৰ সংমিশ্রণ আৰু বিভিন্ন আর্হিত প্রক্ষেপ কৰে ৷ ফোঁৱাৰাসমূহৰ পৰা অহা পোহৰৰ ৰশ্মি বহুদূৰৰ পৰাই দেখিবলৈ পোৱা যায় ৷ এক দৃষ্টিনন্দন দৃশ্যৰ জীৱন্ত সাক্ষী হৈ ৰলোঁ আটায়ে ৷ গোটেই প্রকল্পটো নির্মাণত ব্যয় হৈছিল প্রায় ২১৮ মিলিয়ন মার্কিন ডলাৰ ৷

এই অনুষ্ঠানটোৰ সমসাময়িকভাৱে আন এটি অনুষ্ঠানো চলি আছিল, সেইটো হৈছে আইকনিক বুর্জ খলিফা লেজাৰ শ্ব ৷ এই লেজাৰ শ্বৱে বিশ্বৰ আটাইতকৈ ওখ টাৱাৰটোৰ লগতে ডুবাইৰ আকাশখনো কেলিডস্কোপিক ৰং আৰু লেজাৰৰ পোহৰেৰে আলোকিত কৰে ৷ এই শ্বৰ বাবে ১২ লাখ লাইট ব্যৱহাৰ কৰা হয় ৷ অতি মোহনীয় দৃশ্য, চাই থাকিলেই চাই থাকিবৰ মন যায় ৷ কিছুসময় তাত কটাই সেইবোৰৰ দৃশ্যসমূহ মবাইলৰ কেমেৰাত বন্দী কৰি ৰেষুটৰেণ্ট এখনত নিশাৰ আহাৰ খাই হোটেললৈ ঘূৰি আহিলোঁ ৷

ফোন ঃ ৯৪৩৫১-৪১৭২১

You might also like

Comments are closed, but trackbacks and pingbacks are open.