ৰঙ্গমঞ্চ নাট্য উৎসৱ

প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টছ  প্ৰাইভেট লিমিটেড ৰ সৌজন্যাত আৰু আইনা জীৱনৰ আলোচনী উদ্যোগত অনুষ্ঠিত হোৱা এক বৃহৎ প্ৰতিযোগিতা ৰঙ্গমঞ্চ নাট্য উৎসৱ

অসমৰ চুকে কোনে সিচঁৰিত হৈ থকা নাট্য প্ৰতিভা সমূহ উলিয়াই আনি এখন উপযুক্ত মঞ্চ প্ৰদান কৰা উদ্দেশ্যে আগত লৈ সৃষ্টি হৈছিল একাংকিকা নাটকৰ অন্যতম অনুষ্ঠান ৰঙ্গমঞ্চ নাট্য উৎসৱ।

         

 

  • অসমৰ অপেছাদাৰী নাট্য দল সমূহৰ মাজৰ পৰা ভিন্ন প্ৰতিভা বিকশিত কৰাৰ মানসেৰে ২০১৮ বৰ্ষত এই প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণ মুকলি কৰা হয় ।
   
----আৱদ্ধ আকাশ নাটকৰ কিছু দৃশ্যাংশ----
  • ২০১৮ বৰ্ষত অসমৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৮০ টা  নাট্য দলে অংশগ্ৰহণ কৰিছিল।

উল্লেখ্য যে ইয়াৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ নাটক সমূহ অনুষ্ঠিত হৈছিল  শিৱসাগৰ, তেজপুৰ আৰু গুৱাহাটীত ।

ইয়াৰ মাজৰ পৰা মুঠ ১৮ খন নাটক চেমি ফাইনেল ৰাউণ্ড ৰ বাবে নিৰ্বাচন কৰি তাৰে মাজৰ পৰা শক্তিশালী জুৰী যে ৬ খন নাটক চূড়ান্ত পৰ্য্যায়ৰ বাবে নিৰ্বাচন কৰে ।

----২০১৮ বৰ্ষৰ শ্ৰেষ্ঠ নাটক দৃষ্টিৰ কিছু দৃশ্যাংশ----

 ২০১৮ বৰ্ষৰ এই ৰংগমঞ্চ নাট্য় উৎসৱত শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰে গুৱাহাটীৰ নটতীৰ্থ নাট্য় দলে। গুৱাহাটীৰ GMCH প্ৰেক্ষাগৃহত অনুষ্ঠিত ফাইনেলত নটতীৰ্থ নাট্য়দলৰ ‘দৃষ্টি’ নাটকখনে শ্ৰেষ্ঠত্বৰ খিতাপ আজুৰি আনে। দ্বিতীয় শ্ৰেষ্ঠ নাটকৰূপে বিবেচিত হয় নগাঁও জ্যোতিশিল্প নাট্য়দলৰ ‘আবদ্ধ আকাশ’ আৰু তৃতীয় শ্ৰেষ্ঠ নাটকৰূপে বিবেচিত হয় নগাঁও প্ৰচেনিয়াম নাট্য়দলৰ  ‘সন্ধ্যা যেতিয়া  নামে’ নাটকখনে।

----২০১৮ বৰ্ষৰ ৰঙ্গমঞ্চ নাট্য উৎসৱ ৰ সামৰণি অনুষ্ঠান পৰ্ব----
  •  ২০১৮ বৰ্ষৰ চূড়ান্ত পৰ্য্যায়ৰ অনুষ্ঠানৰ জুৰী সদস্য পদ অলংকৃত কৰে আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন, বলিউড ৰ প্ৰসিদ্ধ অভিনেত্ৰী ৰিছা চদ্দা আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত অভিনেত্ৰী মলয়া গোস্বামী উপস্থিত থাকি শ্ৰেষ্ঠ নাট্য দল তথা শ্ৰেষ্ঠ অভিনেতা আৰু অভিনেত্ৰী সকলক বঁটা প্ৰদান কৰি উৎসাহিত কৰে।
  • ২০২২ বৰ্ষৰ এই উৎসৱ ৰ প্ৰাৰম্ভিক পৰ্য্যায় প্ৰতিযোগিতা অনুষ্ঠিত হয় তেজপুৰ চহৰৰ বান থিয়েটাৰত
----২০২২ বৰ্ষৰ তেজপুৰ বান থিয়েটাৰত অনুষ্ঠিত প্ৰাৰম্ভিক পৰ্য্যায়ৰ নাটকৰ কিছু দৃশ্যাংশ----
----তেজপুৰ বান থিয়েটাৰ ত অনুষ্ঠিত ৰঙ্গমঞ্চ নাট্য উৎসৱ ৰ স্নেপশ্বট----

    
  • অসমৰ ভিন্ন প্ৰান্তৰ পৰা ৩২ টা নাট্য দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।
  • ইয়াৰে পৰা চূড়ান্ত প্ৰতিযোগিতালৈ মুঠ ৪ খন নাটক নিৰ্বাচন কৰা হয় ।
   

 

  • ২০২২ ৰ শ্ৰেষ্ঠ নাট্য গোষ্ঠী সন্মান লাভ কৰে মঙ্গলদৈ ৰ জেংৰাই নাট্য গোষ্ঠী যে।   “ডিগনিটি অফ লেবাৰ ” শীৰ্ষক নাটক খনৰ বাবে এই বঁটা প্ৰদান কৰা হয়।
----২২ বৰ্ষৰ ৰঙ্গমঞ্চ নাট্য উৎসৱ ৰ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এক কৰ্মশালা----




----২০২২ ৰ শ্ৰেষ্ঠ নাটক ডিগনিটি অফ লেবাৰ----
  • দ্বিতীয় শ্ৰেষ্ঠ নাটক হিচাপে বিবেচিত হয় ন কছাৰী ৰ নাট্য দল স্পেচ ৰ দ্বাৰা নিবেদিত “প্ৰেম ” নামৰ নাটক খন।
----২০২২ ৰ দ্বিতীয়  শ্ৰেষ্ঠ নাটক প্ৰেম----

 

  • জীৱন মুখী বাট” নাটকৰ বাবে বোকাখাতৰ নৱ্য নাট্য কৰ্মী গোষ্ঠীক তৃত্বীয় শ্ৰেষ্ঠ নাট্য দল হিচাপে ঘোষণা কৰা হয়।
----২০২২ ৰ তৃতীয় শ্ৰেষ্ঠ নাটক  জীৱন মুখী বাট----

 

  • বিজয়ী সকলক স্মাৰক, মানপত্ৰ আৰু  ক্ৰমে ২ লাখ,  ১.৫o লাখ আৰু ১ লাখ কৈ নগদ ধনেৰে পুৰস্কৃত কৰা হয় কৰা হয় । ইয়াৰ উপৰিও ব্যক্তিগত শিতানৰ বিজয়ী সকলকো মোটা অংকৰ ধনেৰে পুৰস্কৃত কৰা হয় ।

 

  • ২২ বৰ্ষৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে আন্ত ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা আছিল হুছেইন, অসমীয়া চলচিত্ৰ জগতৰ পিতামহ স্বৰূপ অভিনেতা প্ৰাঞ্জল শইকীয়া আৰু বলিউড ৰ প্ৰখ্যাত অভিনেত্ৰী তিস্কা চোপ্ৰা
----২২ বৰ্ষ ৰঙ্গমঞ্চ নাট্য উৎসৱ ৰ সামৰণি অনুষ্ঠানত বঁটা প্ৰদান মূহুৰ্ত----

  
----নাটকৰ কিছু দৃশ্যাংশ----

  

উল্লেখ্য যে ২২ বৰ্ষৰ মাছখোৱা আই টি এ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল বলিউড ৰ প্ৰতিথযশা অভিনেত্ৰী জিনত আমন আৰু আৰিফ জকাৰীয়াৰ নাট্য প্ৰদৰ্শন। হাইদৰ হাচান ৰ পৰিচালনাৰে জিনত আমান আৰু আৰিফ জাকাৰিয়া ই প্ৰদৰ্শন কৰে ।

----ডিয়েৰেষ্ট বাপু -লভ কস্তুৰবা শীৰ্ষক নাটক কিছু দৃশ্যাংশ----
----22 বৰ্ষৰ ৰংগমঞ্চ নাট্য প্ৰতিযোগিতাত ব্যক্তিগত শিতানৰ বিজয়ী সকলৰ তালিকা----

drama list

চুক্তি অনুসৰি শ্ৰেষ্ঠ অভিনেতা অভিনেত্ৰী সকলক প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টছ প্ৰাইভেট লিমিটেডৰ ৰং চেনেল ৰ ধাৰাবাহিক সমূহত অভিনয় সুযোগ প্ৰদান কৰা হৈছে।

  • বিজয় শংকৰ শইকীয়া ৰং চেনেল ৰ জনপ্ৰিয় ধাৰাবাহিক শান্তি এপাৰ্টমেণ্টত অভিনয় কৰিছিল।
  • গীতাৰ্থ শৰ্মাই বাহ অমৰাৱতি বাহ  আৰু মোৰ মিনতি তৰা হয় যদি ৰং ৰ ধাৰাবাহিকত অভিনয়ৰ সুযোগ লাভ কৰিছে।
  • ৰণাল্ড হুছেইন, জ্যোতিশ্ৰী আৰ বৈশ্য আৰু পৰাগ বৰুৱাই ৰং ৰ ধাৰাবাহিক কহুৱা বনৰ ছাঁ ত অভিনয়ৰ সুযোগ লাভ কৰিছে ।
----নাটকৰসমূহৰ কিছু দৃশ্যাংশ----
   
   
   

 

  • এই বৰ্ষৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ৰঙ্গমঞ্চ নাট্য উৎসৱ ৰ তৃতীয় সংস্কৰণ অনুষ্ঠিত কৰাৰ যো-জা চলিছে।
  • এই বৰ্ষত নাটকৰ লগতে মূকাভিনয় প্ৰতিযোগিতাও সংযোজন কৰা হৈছে।
  • এনেদৰেই প্ৰতি বছৰে আৰু বেছি পৰিবেশ্য কলাৰ সংযোজন ঘটাই ৰঙ্গমঞ্চ নাট্য উৎসৱ ক এক বৃহৎ পৰিবেশ্য কলা উৎসৱলৈ (Performing Art Festival) ৰূপান্তৰ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।

Comments are closed, but trackbacks and pingbacks are open.