গল্পঃ প্ৰণোদন

65

পল্লৱী শইকীয়া

: আইতা নাহিলে মই ভাত নাখাওঁ৷ কণমানি ছোৱালীজনীৰ চিঞৰত কঁপি উঠিছে স্নেহালয়ৰ চাৰিবেৰ৷

: নমস্কাৰ, প্ৰতিৰক্ষালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ৷ আজি আমাৰ সমল ব্যক্তিগৰাকী বিশেষ কাৰণবশতঃ উপস্থিত থাকিব নোৱাৰাৰ বাবে আপোনালোকক আন এজন বক্তাই ‘জীৱনৰ গুণগত মানৰ’ ওপৰত ভাষণ প্ৰদান কৰিব৷ কোঠাটোৰ পৰা কিছুমান বিৰক্তিসূচক শব্দ উফৰি আহিল৷

: মানুহগৰাকী নাহিলে দেখোন আবেলিটো কিবা বৰ উৰুঙা হৈ পৰে৷ বয়োজে্যষ্ঠ আলয়ৰ সেউজীয়া ঘাঁহনিডৰাত খোজ কাঢ়ি কাঢ়িয়েই প্ৰায় সত্তৰ বছৰীয়া এজন ব্যক্তিয়ে মুখেৰে বিৰবিৰাই আছে৷

জীৱনৰ সাধনা বিষাদৰ মৰহা পাপৰিৰে জীৱনৰ কৰণী সজোৱাত নহয়, বিষাদক পৰাস্ত কৰি ভাস্বত জ্যোতিৰে জীৱন জিলিকোৱাতহে৷ ব্যস্ততাৰেহে বিষাদক হাৰ মনাব পাৰি, অকৰ্মণ্যতাৰে নহয়৷ কাৰণ শ্বেইক্সপীয়েৰে কোৱাৰ দৰে এই পৃথিৱী কোনো মঞ্চ নহয় বা মানুহো ভাৱৰীয়া নহয়৷ জীৱন এক পৰম সত্য৷ মানুহৰ ব্যক্তিগত জীৱন খন্তেকীয়া, কিন্তু এই ক্ষুদ্ৰ জীৱনবোৰৰ বিনিময়তে সৃষ্টি হয় একো একোটা মহাজীৱনৰ৷ হাস্পতালৰ আই. চি. ইউৰ সন্মুখৰ চকীখনত বহি বহিয়েই কথাখিনি ভাবি আছে ৰাণীয়ে৷ জীৱনৰ একমাত্ৰ সম্বল মাকজনী যি এজোপা বটগছৰ দৰে তাইৰ লগতে অনেক জীৱনক জীয়ন দি ৰাখিছে, তেখেতৰ কিবা এটা হ’লে যে সকলো বিশৃংখল হৈ পৰিব৷

: চাহ কাপ খাই ল৷ নেমু দিয়া আছে অলপ ফ্ৰেছ লাগিব৷

ৰাণীৰ অস্থিৰ মনটোক কিছু সকাহ দিয়াৰ চেষ্টাৰে এয়া নিমি৷

: নিমি, তই ইয়াত কেনেকৈ? আৰু মাক এনেদৰে তই ?

: মই তোৰ ঘৰলৈ গৈছিলোঁ৷ ভাবিলো ইয়ালৈ আহিছো যেতিয়া তোক এবাৰ লগ কৰি যাওঁ৷

: তই মোৰ ঘৰলৈ গৈছিলি ?

: অঁ আকৌ, তাত গৈহে দেখিলো মায়ে উশাহ ল’ব নোৱাৰি চটফটাই আছে৷

: তই ইয়ালৈ আনি ভালেই কৰিলি নিমি৷ আচলতে দুবছৰৰ পৰাই মাক এইজন ডাক্তৰেই চিকিৎসা কৰি আছে৷

: মোক তোৰ ঘৰত থকা ল’ৰাজনেহে ক’লে ইয়ালৈকে আনিবলৈ আৰু তেওঁ কাগজপত্ৰবোৰো লৈ আহিছে লগত৷

: মই যে তোক কি বুলি ধন্যবাদ জনাম!

:হেই কি কথা কৈছ’? তোৰ মা মানে মোৰো জানো মা নহয়?

সঁচাই আজি নিমি নোহোৱা হ’লে মাকক যথাসময়ত হাস্পতাল পোৱাবলৈ দিগদাৰেই হ’লহেঁতেন৷ মিটিংখনত সোমাওঁতেই অভ্যাসবশতঃ ফোনটো ছাইলেণ্ট কৰি ৰখাৰ বাবেই ৰাণীয়ে সিহঁতৰ সহায়কাৰী ৰাজুৰ ফোনটো অহা গম পোৱা নাছিল৷ নিমিৰ প্ৰতি কৃতজ্ঞতাত মনটো পূৰ্ণ হৈ পৰাৰ সময়তে তাইৰ বাবে এসময়ত পূৰ্ণতা নোপোৱা সেই প্ৰেমৰ ফুলপাহ সুঁৱৰি ৰাণীৰ মনটো ভাৰাক্ৰান্ত হৈ পৰিল৷

নিমি মানে নিমিষা বৰা, ৰাণীৰ এসময়ত অতি ঘনিষ্ঠ বান্ধৱী আছিল ৷ এটা সৰু ঘটনাৰ বাবেই ৰাণীৰ জীৱনৰ সকলো খেলিমেলি হৈ পৰিছিল৷ আজিৰ পৰা প্ৰায় দহ কি বাৰ বছৰৰ আগৰ কথা, তেতিয়া সিহঁত হায়াৰ ছেকেণ্ডাৰী প্ৰথম বৰ্ষত পঢ়িছিল৷ গান আৰু কবিতাৰ তীব্ৰ অনুৰাগী আছিল ৰাণী৷ সেই সূত্ৰেই আকাশৰ লগত বন্ধুত্ব ক্ৰমে গাঢ় হৈ উঠিছিল ৷ আকাশৰ প্ৰতিটো গানেই চুই গৈছিল ৰাণীৰ মন আৰু সিও তাইৰ বাবেই প্ৰাণঢালি গাই গৈছিল ইটোৰ পিছত সিটো গান৷ কলেজৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানবোৰ ৰঙীন হৈ পৰিছিল আকাশৰ গান আৰু ৰাণীৰ কবিতাৰে৷

আকাশে নীলিম কুমাৰ, প্ৰণৱ কুমাৰ বৰ্মন আৰু হীৰুদাৰ কবিতা ফিউজন কৰি জন্ম দিছিল ৰাণীৰ বাবে এটা প্ৰেমৰ কবিতা৷ কবিতাটো তাইক দিবলৈ পিছে তাৰ মনটোৰ সংগ দিব পৰা নাছিল তাৰ হাত আৰু ভৰি দুখনে৷

প্ৰেমৰ পৰা দূৰত্ব বজাই ৰখা ৰাণীয়ে কথাটো উমান পোৱালৈ সিহঁতে দ্বিতীয় বৰ্ষত ভৰি দিলেগৈ৷ কথা হৈছিল সিদিনা ৰাণীয়ে আকাশক নেহৰু পাৰ্কত বহি মনৰ কথাবোৰ খুলি কোৱাৰ৷ সেইমৰ্মে তাই অগ্ৰসৰ হৈছিল পাৰ্কৰ অভিমুখে৷ পাৰ্কত উপস্থিত হৈয়েই ৰাণী সেই বিশেষ চকীখনত দৃষ্টি নিবদ্ধ হোৱাত প্ৰস্তৰ হৈ পৰিছিল৷ হাতত এপাহ ৰঙা গোলাপ লৈ আকাশে এটা আঁঠু মাটিত ভেঁজা দি নিমিৰ চকুলৈ চাই একেবাৰে চিনেমাৰ ভংগিমাৰে কিবা এটা কৈ আছিল৷ ৰাণীৰ হৃদয়ত অংকুৰণ হোৱা প্ৰেমৰ বীজটো যেন সেইদিনাই মৰহি যোৱাৰ উপক্ৰম হৈছিল৷

সেইদিনাৰ ঘটনাটোৰ পিছত ৰাণীৰ কলেজৰ বাকী দিনবোৰ পাৰ হৈছিল আকাশ আৰু নিমি অবিহনে৷ স্নাতক ডিগ্ৰীৰ বাবে ৰাণীয়ে বাছি লৈছিল দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ এখন আগশাৰীৰ কলেজ৷ দেউতাকৰ অবিহনে জীৱনৰ প্ৰতিটো মুহূৰ্ত সাহসেৰে আগুৱাই নিয়াত সহায়ক হৈছিল তাইৰ মাকৰ সদায় এটা মিঠা হাঁহিৰে উপচি থকা মুখখনৰ লগতে প্ৰণোদিত কৰা কথাবোৰ৷ ৰাণী নিজৰ কেৰিয়াৰ আৰু লক্ষ্যক লৈ অধিক সচেতন হৈ পৰিবলৈ ধৰিছিল৷ সৰুৰে পৰা পুহি ৰখা প্ৰশাসনিক বিষয়াৰ সপোনটো বাস্তৱিক ৰূপ দিয়াৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিছিল৷ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি জঁপিয়াই পৰিছিল UPSC আৰু APSCৰ বিভিন্ন পৰীক্ষাসমূহত৷ যাৰ পৰিপ্ৰেক্ষিতে বৰ্তমান  তাই এগৰাকী অতিৰিক্ত উপায়ুক্ত হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে৷

ব্যস্ত হাস্পতালখনৰ চকীত বহি বহিয়েই ৰাণীয়ে আওৰাই আছে কথাবোৰ৷ নিমি গ’লগৈ৷ এগৰাকী নাৰ্ছৰ মাতত তাই সচকিত হৈ পৰিল৷

: অজন্তা দত্তৰ এটেণ্ডেণ্ট আছে নেকি?

: হয়, মই আছোঁ৷ কওকচোন৷

: তেখেতক কেবিনলৈ ছিফ্‌ট কৰা হ’ব, আপুনি কেবিনতে ৱেইট কৰিব৷

কথাষাৰ শুনা মাত্ৰেই ৰাণী গৈ মাকৰ বাবে ৰখা নিৰ্দিষ্ট কেবিনটো পালেগৈ৷ মাকক লৈ অনা হৈছিল কেবিনলৈ৷

: মা, অলপ ভাল পাইছানে?

: এইবাৰ বাচিলো অ’ আই৷ মোৰ কিবা এটা হোৱা হ’লে তোৰহে বৰ বিপদ হ’লহেঁতেন৷

: তোমাৰ নিচিনা ইমান শক্তিশালী মানুহগৰাকীৰ কিবা হ’ব পাৰে নেকি? আৰু মই কেতিয়াও একো হ’বলৈও নিদিওঁ নহয়৷

অশ্ৰুসিক্ত নয়নেৰে মাকে তাইৰ ফালে চাই থৰ লাগিছিল আৰু তাইৰো চকুপানীয়ে সঘনাই দুগাল উপচাই পেলাইছিল৷

: সোনকালে তোৰ বিয়াখন পাতিব পৰা হ’লে মই শান্তিৰে মৰিব পাৰিলোঁহেঁতেন অ’ আই৷

কথাষাৰে তাইৰ বুকুখনত শেলে বিন্ধাদি বিন্ধিছিল৷ বিয়াৰ বাবে ল’ৰা নহাও নহয়৷ এজনৰ লগত যদি মনৰ মিল বিচাৰি নাপায় আনজনে আকৌ তাইৰ উচ্ছপদবীক লৈ হীনমন্যতাত ভোগে৷ মুঠৰ ওপৰত তাইৰ জীৱনলৈ মিঃ পাৰফেক্টজনৰ আগমন হোৱা নাই৷ জীৱনৰ ত্ৰিশটা বসন্ত গৰকা ৰাণীৰ প্ৰেমৰ দৰে বিবাহো এক সপোনেই হৈ ৰ’ব বুলিহে ভয়৷ মাকৰ সপোন জীয়েকৰ কপালখনত ৰঙা বেলিটো অঁকাৰ৷

: মা, কালি স্নেহালয়ৰ পৰা ফোন কৰিছিল৷ আজি বোলে তুমি কিবা দিয়াৰ কথা আছিল ল’ৰা-ছোৱালীবোৰক!

: এৰা অ’, আজি অলপ ফলমূল দিম বুলি কৈছিলোঁ৷ এতিয়া এয়াহে হ’ল মোৰ৷ ৰাজুকে দিবলৈ পঠাই দিবি নহ’লে৷

: হ’ব দিয়া পঠাই দিম৷ তুমি অলপ জিৰাই লোৱা৷

: আৰু শুনচোন প্ৰতিৰক্ষা আৰু বয়োজে্যষ্ঠ আলয়তো মোৰ কথাটো জনাই দিবি৷ অহা সপ্তাহতহে যাব পাৰিম৷

: মই খবৰ দিম তুমি চিন্তা নকৰিবা৷ এইবোৰ কথা এতিয়া বাদ দিয়াচোন৷ নিজৰ কথা ভাবা৷

: মইতো নিজৰ কথাই ভাবোঁ, সেই কাৰণে তেওঁলোকৰ পৰা কেতিয়াও পৃথক হ’ব নোৱাৰোঁ৷ তেওঁলোকেই মোৰ জীৱনী শক্তি৷

হাঁহিৰে উজলি থকা মুখখন দেখিলে মানুহে পোনতে অনুভৱ কৰি ল’ব পাৰিব যে ৰাণীৰ মাক যেন জীৱনত কোনো দুৰ্যোগৰ সন্মুখীন হোৱাই নাই আৰু যেন এটা নিশ্চিন্ত নিৰুদ্বেগ জীৱন যাপন কৰি আহিছে৷ এই অনুমান হয়তো শুদ্ধ নহয়, হয়তো তেওঁৰ জীৱনটোৱে আৰু বেছি শক্তিশালী হোৱাৰ মানসিক শক্তি বহন কৰিবলৈ শিকাইছে৷ সেয়ে শৰীৰ আৰু মনৰ হাজাৰ বাধাকো নেওচি একমাত্ৰ নিজৰ মানসিক শক্তিৰ বলতে মন পুলকিত কৰাৰ আপ্ৰাণ চেষ্টা কৰি গৈছে স্নেহালয়ৰ অনাথ শিশুসকলক৷ কৰ্কট ৰোগগ্ৰস্তসকলৰ মনোবল বৃদ্ধিৰ বাবে বিভিন্ন ধৰণৰ প্ৰণোদিত ভাষণ আগবঢ়াই আহিছে এই প্ৰতিৰক্ষা নামৰ সংস্থাটোৰ জৰিয়তে৷ নিজৰ ষাঠি ঊধ্বৰ্ৰ বয়সক আওকাণ কৰি বয়োজ্যেষ্ঠ আলয়ৰ সমূহ আৱাসীক জীৱন উদ্‌যাপনৰ কৌশল শিকাই আহিছে এইগৰাকী মহিলাই৷

সন্ধিয়া হোৱাৰ অলপ আগতে ৰাণী অফিচৰ পৰা আহি ঘৰ সোমাই চাহকাপ খাবলৈ বুলি লওঁতেই নিমিৰ ফোন আহিল৷

: নিমি, ক’৷

: মাক ৰিলিজ দিলে নেকি?

: অঁ দিলে আজি ৰাতিপুৱা৷

: আজি সন্ধিয়া কফি একাপৰ বাবে তোৰ সময় ওলাব নেকি?

: ঠিক আছে, সন্ধ্যা সাত বজাত CCDত৷

মনটো ঠিক ভাল লাগিছে নে বেয়া লাগিছে তাই ধৰিব পৰা নাই ৷ একপ্ৰকাৰৰ চঞ্চল অনুভৱ কৰিছে তাই৷ CCDৰ সন্ধ্যাটো বৰ ৰঙীন৷ মনটো সুখ আৰু সন্তুষ্টিয়ে জীপাল কৰি তুলিছে৷ লগত এগৰাকী বান্ধৱী ৷ কথাৰ মাজেৰে দুয়ো উভতি গৈছে কলেজৰ দিনবোৰলৈ৷ ৰাণীৰ কলেজৰ প্ৰথম প্ৰেমৰ বৰষুণজাকত তিতাৰ আগৰ ধুমুহাৰ তাণ্ডৱৰ বৰ্ণনা কৰি গৈছে নিমিয়ে ৰাণীক৷

: সেইদিনা আকাশে বৰ নাৰ্ভাছ কৰিছিল জান৷

: সেইবোৰ বাদ দে আৰু আজি৷ মই আঁতৰি আহিলোঁ সেইবোৰৰ পৰা বহু নিলগলৈ৷

:বহু পলমকৈ হ’লেও আজি তই শুনিব লাগিব কথাবোৰ৷ মই তোক কৈহে যাম৷

: হ’ব, ক’ব খুজিছ যেতিয়া কৈ যা৷ মোক আৰু সেইবোৰ কথাই কোনো ধৰণে প্ৰভাৱান্বিত নকৰে নিমি৷

: নহয় অ’ তই ভুল বুজিছিলি৷ সেইদিনা আকাশ বৰ ফূৰ্তিত আছিল৷ তোৰ প্ৰেমত অতদিনে হাবুডুবু খাই থকা আকাশক তই নিজেই লগ কৰি কিবা ক’ম বুলি পাৰ্কলৈ মতাৰ আনন্দত সি নিজকে চম্ভালিব পৰা নাছিল৷ তোৰ বাবে সদায় প্ৰাণঢালি গান গোৱা আকাশে সিদিনা গানৰ সুৰ পাহৰি গৈছিল৷ তোৰ বাবে লিখি থোৱা কবিতাটো আওৰাবলৈ লওঁতে তাৰ খোকোজা লাগিছিল প্ৰতিটো শাৰীতে৷

: আৰু মই গৈ যি দেখিছিলো সেয়া কি আছিল?

: এপাহ ৰঙা গোলাপৰ সুগন্ধিৰ মাজেৰে সি তোক বিলাই দিব খুজিছিল হৃদয়ৰ সমস্তখিনি৷

: হুঁম… কৈ যা বাকীখিনি, মই শুনি আছোঁ৷

: সেই সময়ত ময়ো গৈছিলোঁ ভণ্টিৰ লগত পাৰ্কলৈ৷ তই কেনেকৈ ক’লে ভাল পাবি, তাৰ মৰমৰ আত্মপ্ৰকাশৰ বাবে তোক কি ক’ব তাকে মোক কৈ আখৰা কৰি আছিল অ’ সি৷

: কি ?

: হয় অ’ তই বিশ্বাস ক’ৰ৷ তই যেতিয়া গুচি আহিছিলি আমি তোক খুউব চিঞৰিছিলোঁ৷ তই উঠা টেম্পোৰ পিছে পিছে আমিও আহিছিলো কিন্তু তোকহে লগ কৰিব নোৱাৰিলোঁ৷

: সেই সময়ত মোৰ হৃদয়খন ভাঙি থানবান হৈ পৰিছিল জান ৷ প্ৰেমৰ পৰা দূৰত অৱস্থান কৰা মই প্ৰেমৰ প্ৰথম খোজতে এনেদৰে উজুটি খোৱাটো মোৰ বাবে অসহ্যকৰ আছিল৷

: এতিয়াতো তই বিশ্বাস কৰিছ ৰাণী?

: !!

: তই ভুল বুজি আমাক সেইদিনাৰ পৰাই আঁতৰি আছিলি৷ তোক বাৰে বাৰে কথাখিনি ক’ব বিচাৰিছিলোঁ কিন্তু তইতো আমাক একেবাৰে পাত্তাই নিদিলি ৰাণী৷ এটা কথাও নুশুনিলি তই৷

: মোক মায়েও বুজাইছিল কোনো কথা সম্পূৰ্ণকৈ নজনাকৈ মতামত দিয়াটো ভুল কথা আৰু মই সেই ভুলটোকে কৰি পেলালোঁ নিমি৷ আচলতে মাৰ কথাই সঁচা, অত্যন্ত খং আৰু দুখত লোৱা কোনো সিদ্ধান্তই শুদ্ধ নহয়৷

নিমিয়ে এটা ভিডিঅ’ কলেৰে সংযোগ কৰিছিল আকাশক৷ আকাশৰ চকুহাল তেতিয়াও দগমগাই আছিল৷ ৰাণীয়ে ভালদৰে চাব পৰা নাছিল আকাশক, একো কথাই ক’ব পৰা নাছিল তাই৷ গভীৰ অন্তদ্বৰ্ন্দ্বত ভাগি পৰিছিল ৰাণী ৷ নিমিৰ মুখেৰেই গম পাইছিল তাই আকাশ এতিয়া এজন প্ৰতিষ্ঠিত মিউজিক ডাইৰেক্টৰ৷

নিমিৰ লগত CCDত কটোৱা সময়খিনিৰ পিছত আজি এই ৰাতিটো ৰাণীৰ বাবে এটা নিদ্ৰাবিহীন দীঘল ৰাতি হৈ পৰিছিল৷ দুবছৰ আগতে মাকৰ হাৰ্টৰ বিসংগতিৰ খবৰটো ডাক্তৰজনে দিওঁতে তাইৰ যিদৰে চিন্তাত দিকবিদিক হেৰুৱাইছিল আজি নিমিৰ এই কথাখিনিয়েও যেন তাইৰ চিন্তাত আউল লগাই দিলে৷ দুবছৰ আগৰ মাকৰ অসুখৰ দিনবোৰলৈ মনত পৰিলে তাইৰ বুকুৰ ভিতৰখনত এজাক ধুমুহাই তচনচ কৰি যায়৷

****************

সেইদিনা তাইৰ চাকৰি পোৱা এমাহ সম্পূৰ্ণ হৈছিল৷ মাক আৰু তাই আবেলি ওলাই গৈছিল সিহঁতৰ ঘৰৰ কাষতে থকা ৰেস্তোৰাঁখনলৈ৷ মাকে কৈ গৈছিল তাইৰ শৈশৱৰ বহুতো টুকুৰা কথা৷ দেউতাকৰ আকস্মিক মৃত্যুৱে মাক আৰু তাইৰ জীৱনলৈ কঢ়িয়াই অনা কাল অমানিশাবোৰৰ কথা৷ দেউতাকৰ অবৰ্তমানত তেওঁলোকক দেউতাকৰ পৰিয়ালৰ মানুহে গৃহহীন কৰা সময়বোৰৰ কথা৷ দিকবিদিক হেৰুৱাই ঘূৰি ফুৰোঁতেই হেৰুৱাইছিল দুবছৰীয়া পুত্ৰক৷ সামান্য এখন জ্বৰতে নিথৰ হৈ পৰিছিল কণমানিটোৰ দেহ৷ বৰষুণ আৰু অন্ধকাৰত ডুবি ৰৈছিল মাক আৰু জীয়েক সেই নিথৰ দেহটোৰ সৈতে ৰাস্তাৰ দাঁতিতে থকা জিৰণি চ’ৰাটোত৷ তেওঁলোকে কথা পাতিছিল সেই এনজিঅ’টোৰ বিষয়ে যাৰ সহায়ত মাকে কোনোমতে খোপনি পুতিছিল পাঁচ বছৰীয়া ছোৱালীজনীৰ সৈতে এই মহানগৰীখনত৷ দিনবোৰ সহজ মুঠেই নাছিল কিন্তু সহজ হৈ পৰিছিল একমাত্ৰ মাকৰ সেই হাঁহিমুখীয়া স্বভাৱটোৰ বাবে য’ত লুকাই আছিল বিষাদক পৰাস্ত কৰাৰ এটা সবল মন৷ অসংলগ্ন কথাৰ মাজতে ঢলি পৰিছিল মাক তাইৰ গাতে৷ ওচৰত থকা দুই চাৰিজন মানুহ আহি গোট খাইছিল৷ এজনে এম্বুলেঞ্চ মাতি পঠালে৷ লৈ যোৱা হৈছিল মাকক চিকিৎসাৰ বাবে৷ বহুসময় আই চি ইউত ৰখা মাকক হেৰুওৱাৰ যন্ত্ৰণাত কাটৰ হৈছিল ৰাণী৷

মানুহৰ মনৰ শৰীৰৰ ওপৰত প্ৰচণ্ড প্ৰভাৱ থাকে৷ কাৰণ মনৰ অৱস্থা অনুসৰি শৰীৰৰ ৰসায়ন সলনি হৈ থাকে৷ উৎকণ্ঠা, মনৰ ওপৰত চাপ, দুশ্চিন্তা, প্ৰতিহিংসা, ক্ৰোধ আদি মনৰ অৱস্থাই শৰীৰৰ প্ৰচুৰ ক্ষতি কৰে৷ আনহাতেদি মনৰ প্ৰবল শক্তিৰে ব্যাধিমুক্তও হ’ব পাৰি৷ তদুপৰি মনে বিচৰা ধৰণেৰে শৰীৰকো গঢ় দিব পাৰি৷ মনৰ শৰীৰৰ ওপৰত প্ৰভাৱক আজিৰ চিকিৎসা বিজ্ঞানেও স্বীকাৰ কৰে৷ যিটো সম্ভৱ হৈ উঠিছিল ৰাণীৰ মাকৰ ক্ষেত্ৰতো৷

হাৰ্টৰ বিসংগতিৰ বাবে তেওঁৰ স্বাস্থ্যৰ ইমানেই অৱনতি ঘটিছিল যে জীয়াই থকাৰ আশাও একেবাৰে নগণ্য হৈ পৰিছিল৷ ডাক্তৰৰ এই কথাত ৰাণী সৰ্বস্বান্ত হৈ পৰিছিল৷ অলসভাৱে পৰি থকা মাকৰ ভৰিৰ ওচৰতে বহি তাই মাকক চাই আছিল৷ দুচকুৰে বাগৰি অহা অবাধ্য পানীৰ গতিটোক তাই ৰুধিব পৰা নাছিল৷ ভগৱানক বাৰে বাৰে কাকূতি-মিনতি কৰি প্ৰাৰ্থনা কৰিছিল মাকক ঘূৰাই দিবলৈ৷ তাই যিকোনো উপায়েৰে মাকক আৰোগ্য কৰি তুলিবলৈ ডাক্তৰক অনুৰোধ কৰিছিল৷

কেইবাদিনো ধৰি ৰাণীৰ মাকৰ চিকিৎসা চলিল৷ এদিন ডাক্তৰজনে ৰাণীক তেওঁৰ কেবিনলৈ মাতি পঠালে৷ ৰাণীৰ মনৰ ভয় আৰু যন্ত্ৰণাৰ দোদুল্যমান পৰিস্থিতিত এনেদৰে ডাক্তৰজনে মাতি পঠিওৱাত অস্থিৰ হৈ সোমায় গৈছিল ডাক্তৰজনৰ কেবিনলৈ৷

: ছাৰ, মোক মাতিছিল?

: হয়, বহক৷ সন্মুখৰ চকীখনলৈ দেখুৱাই ৰাণীক বহিবলৈ দিলে ডাক্তৰজনে৷

: ছাৰ, মাৰ স্বাস্থ্যৰ কিবা ??

: আপোনাৰ মাক যিমান পাৰি আৰোগ্য কৰিবলৈ আমি চেষ্টা কৰি আছোঁ৷ যদিও তেখেতৰ স্বাস্থ্যৰ বহুগুণে অৱনতি ঘটিছে আপোনাক এটা কথা জনাবলৈ পাই যথেষ্ট সুখী হৈছোঁ যে তেখেতৰ জীয়াই থকাৰ ইচ্ছাশক্তি প্ৰবল দেখা পাইছোঁ৷ একমাত্ৰ এই ইচ্ছাশক্তিৰ বাবেই আমি আশাবাদী হৈ পৰিছোঁ তেখেতৰ আৰোগ্যৰ বাবে৷

: হয় নেকি? অশেষ ধন্যবাদ ছাৰ৷ মাৰ আগতেও মনোবল যথেষ্ট আছিল ৷ তেখেতে কম বয়সতে উকা কপালখন লৈ অশেষ কষ্ট আৰু সাহসেৰে আগুৱাই গৈছে জীৱনৰ প্ৰতিটো ঘাত-প্ৰতিঘাত৷

: মেডাম, আপুনি হয়টো শুনিছে Placebo effectৰ কথা৷ বৰ্তমান আমি চিকিৎসকসকলে এই placebo effectত আস্থা ৰাখিবলৈ আৰম্ভ কৰিছোঁ৷

: হয়, মই এ পি জে আব্দুল কালামৰ এটা বক্তৃতাত শুনিবলৈ পাইছিলোঁ মন আৰু শৰীৰৰ সম্পৰ্কৰ বিষয়ে৷ এই Placebo effectও নিশ্চয় ইয়াৰ লগতে সংযুক্ত নহয় জানো?

: Yes, True Health starts with the activation of Life Energy, the Healing Power within. ৰোগীসকলক চিকিৎসাৰ লগতে মানসিক শক্তিৰো যথেষ্ট প্ৰয়োজন আছে৷

: নিশ্চয়কৈ সেই কথা নুই কৰিব নোৱাৰি৷ অশেষ ধন্যবাদ ছাৰ, কথাখিনি মোক ভালদৰে বুজাই দিয়াৰ বাবে৷

: ডাক্তৰ জনৰ লগত কথা পাতি আশ্বস্ত হৈছিল ৰাণী৷ মাকৰ মনোবলৰ ওপৰত তাইৰ বিশ্বাস আগৰ পৰাই আছিল৷ মাকে আত্মবিকাশ সম্পৰ্কীয় গ্ৰন্থসমূহ পঢ়া তাই প্ৰত্যক্ষ কৰিছিল আৰু তাইক কোৱা এতিয়াও মনত পৰে মানুহে যদি নিজকে যুৱক বুলি দৃঢ়ভাৱে ভাবে, তেন্তে তেওঁ যুৱকৰ দৰে হৈ থাকিব আৰু ব্যাধিমুক্ত হৈ থাকিম বুলি ভাবিলে ব্যাধিয়ে মানুহক যন্ত্ৰণা দিব নোৱাৰে৷

: মাকৰ প্ৰবল মনোবল আৰু জীয়েকৰ লগতে তেওঁৰ মুখলৈ চাই জীয়াই থকাসকলক দিশহাৰা কৰি এৰি যাব নোৱাৰাৰ তাড়নাক জীয়ন দি জীয়াই থাকিল মানুহগৰাকী৷ জীয়াই থকাৰ এই তীব্ৰ হেঁপাহৰ নামেইতো জীৱন৷ কাৰণ মৃত্যু মানেই যে সকলো শেষ৷

****************

কথাবোৰ ভাবি ভাবি ৰাণীয়ে বাগৰ সলাই থাকোঁতেই পূবে শুকুলা আকাশৰ আৱৰণ ফালি বেলিটোৱে ভুমুকি মাৰিছিল৷ পুৱাৰ কোমল ৰ’দে আহি তাইৰ কোঠাৰ খিৰিকীৰ কাঁচত খুন্দিয়াইছিলহি৷ চৰাইজাকৰ কিৰ্‌ কিৰ্‌ শব্দই চৌপাশ মুখৰ কৰি তুলিছিল৷ এই ন-সূৰুযৰ হেঙুলীয়া কিৰণে ৰাণীৰ মনটোত যেন নতুন আনন্দৰ সঞ্চাৰ কৰিছিল৷

ৰাণী উঠি আহিল বিছনাৰ পৰা৷ পাৰ হৈ যোৱা দিনবোৰৰ সকলো চিন্তা সামৰি তাই জীৱনটো নতুনকৈ আৰম্ভ কৰাৰ বাবে প্ৰস্তুত কৰিব নিজকে৷ খিৰিকীৰে চাই পঠিয়ালে দূৰ-দিগন্তলৈ৷

: মা, তুমি উঠিলাই নেকি? গা কেনেকুৱা তোমাৰ এতিয়া?

: উঠিলোঁ অ’, জানই দেখোন মই দেৰিলৈকে শুই থাকিবই নোৱাৰোঁ৷ মই গা ভাল পাইছোঁ৷ এতিয়া চিন্তা কৰিব লগা একো নাই৷

: হয় নেকি মোৰ মৰমীজনী?

: পিছে তই আজি ইমান সোনকালে উঠিলি যে? আজি অফিচলৈ যাবি নহয়?

: নাই এনেয়ে, আজি সোনকালে সাৰ পালোঁ৷ অফিচলৈ যাম৷ এইকেইদিন ভালদৰে কামবোৰ কৰিবই পৰা নাই নহয়৷

ৰাণী ওলাই গৈছে অফিচলৈ বুলি৷ এটা আশান্বিত মন আৰু এবুকু জোনাক বুকুত সাবটি৷ অফিচৰ কেবিনত বহি নেট অন কৰাৰ লগে লগে ম’বাইলত অনেক নটিফিকেচনৰ মাজত জিলিকি আছিল এটা অচিনাকি নম্বৰৰ হোৱাটছএপ মেছেজ৷

এটা অডিঅ’ ক্লিপ৷

চিনাকি সুৰ চিনাকি কণ্ঠৰ এটা মন চুই যোৱা গীত৷

সন্তুষ্টিত জীপাল হৈ উঠিল ৰাণীৰ মন৷

ফোন: ৮৬৩৮২-৩৮১২১

 

 

 

 

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.