আর্জেণ্টিনা চেম্পিয়নঃ  স্বপ্ন সার্থক মেছিৰ

যোগেশ কলিতা

সপোন থাকে বিশ্বকাপ জিনাৰ ৷ থাকে তীব্র আৱেগ ৷ দুভৰিৰ পদছন্দত লাস্যময় হৈ পৰে সেউজ ঘাঁহনি ৷ এটা টিকট পোৱাৰ বাবে লাখ লাখ টকা খৰচ কৰে অনুৰাগীয়ে ৷ কি দিয়া নাই এই ফুটবল বিশ্বকাপে ৷ একতাৰ বান্ধোন ৷ সপোন পূৰণৰ আশা ৷ ফিফা বিশ্বকাপ ফুটবল মানেই আৱেশ, ৰোমাঞ্চ, শিহৰণ ৷ তাতে যদি থাকে মেছি, ৰনাল্ডো বা এমবাপেৰ দৰে তাৰকা ৷ অনুভৱৰ মাদকতাই সুকীয়া ৷

সফল সামৰণি পৰিল কাটাৰ বিশ্বকাপ– মৰুৰ দেশত দুভৰিয়ে প্রাণ পালে সকলোৰে ৷   মন জিনিলে মৰক্কো, ক্রৱেচিয়াই ৷ সপোন পূৰাণে মেছিৰ ৷ বহু ইতিহাসৰ সাক্ষী হৈ ৰল কাটাৰ ৷ জন্ম দিলে নতুন তাৰকা এমবাপেৰ ৷

 দেশৰ হৈ বিশ্বকাপ জিকিব নোৱাৰাৰ দুখ আঁতৰিল মেছিৰ ৷ মেছিয়ে আর্জেণ্ঢিনাক উপহাৰ দিলে বিশ্বকাপ ৷ খিতাপৰ যুঁজত ফ্রান্সক সামগ্রিকভাৱে ৭-৫ গলত পৰাজিত কৰি আর্জেণ্ঢিনাই অর্জন কৰিলে কাটাৰ বিশ্বকাপ ৷ ফাইনেল মেচখনৰ ২৩ মিনিটত মেছিয়ে পেনাচ্টীৰ জৰিয়তে দলক অগ্রগতি প্রদান কৰে ৷ পেনাচ্টীৰ সিদ্ধান্ত বিতর্কিত হলেও মেছিয়ে সুযোগৰ সদ্ব্যৱহাৰ কৰি বিশ্বকাপৰ ইতিহাসত আর্জেণ্ঢিনাৰ হৈ সর্বাধিক ১৪টা গল দিয়াৰ কৃতিত্ব অর্জন কৰে ৷ তেওঁ ১৪ টা গল দিয়াৰ বিপৰীতে ৮টা গল দিয়াত সতীর্থক সহায় কৰিছে ৷ ফাইনেল মেচখনত মেছিয়ে তিনিটা গল দি চলিত বিশ্বকাপত মুঠ আঠটা গল দিবলৈ সক্ষম হয় ৷ টাইব্রেকাৰত আর্জেণ্ঢিনাই চ্ছ্র টা গল দিয়াৰ বিপৰীতে ফ্রান্সে মাত্র দুটাহে গল স্কৰ কৰাত মেছিৰ দলটোৱে বিশ্বকাপ দখল কৰিবলৈ সক্ষম হয় ৷

মেছিৰ বিশ্বজয়

এহবাৰ বিশ্বকাপ ফুটবলৰ ফাইনেল মেচখনৰ কেন্দ্রবিন্দু আছিল মেছি ৷ বল পালেই তেওঁ যিকোনো প্রকাৰে সুযোগ সৃষ্টিৰ চেষ্টা চলাইছিল ৷ সামান্যতম ফাঁক পালেই পাছ দিয়াৰ চেষ্টা কৰিছিল ৷ কেৰিয়াৰৰ অন্তিমখন মেচত অভাৱনীয় প্রদর্শনেৰে ৰাজকীয় বিদায় ললে ফুটবলৰ ৰাজকুমাৰ মেছিয়ে ৷ অন্তিম বিশ্বকাপত ৮টা গলেৰে আন এক বিৰল কৃতিত্বও গঢ়িলে আর্জেণ্টাইন তাৰকাগৰাকীয়ে ৷

উল্লেখ্য যে ২০০৬ৰ বিশ্বকাপত প্রথমবাৰৰ বাবে অৱতীর্ণ হয় মাৰাডোনাৰ উত্তৰসূৰী মেছিয়ে ৷ আর্জেণ্ঢিনাৰ হৈ ছার্বিয়া আৰু মণ্টেনেগ্রোৰ বিৰুদ্ধে পৰিৱর্ত খেলুৱৈ ৰূপে নামিছিল তেওঁ ৷ প্রথম মেচখনত মেছিয়ে গল দিছিল যদিও সেইবাৰৰ বিশ্বকাপত পৰিৱর্ত হৈয়েই খেলিবলগীয়া হৈছিল ৷ কোৱার্টাৰ ফাইনেলত জার্মানীৰ হাতত পৰাজিত হৈ বিদায় লৈছিল আর্জেণ্ঢিনাই ৷ ২০১০ চনৰ বিশ্বকাপৰ পূর্বে অৱশ্যে নিজকে প্রতিষ্ঠা কৰি পেলাইছিল মেছিয়ে ৷ সেইবাৰ আর্জেণ্ঢিনাৰ দায়িত্বত আছিল তেওঁৰে পূর্বসূৰী মাৰাডোনা ৷ সেইবাৰো কোৱার্টাৰ ফাইনেলত জার্মানীৰ হাতত স্বপ্নভংগ হৈছিল মেছিৰ দলৰ ৷ সুদীর্ঘ ২৮ বছৰৰ পাছত ২০১৪ চনৰ বিশ্বকাপত ফাইনেল খেলিছিল মেছিৰ আর্জেণ্ঢিনাই ৷ মেছিক কেন্দ্র কৰিয়ে দল গঠন কৰিছিল প্রশিক্ষকে ৷ সেইবাৰ গ্রুপ পর্যায়ত চাৰিটা গল দিছিল মেছিয়ে ৷ কিন্তু ফাইনেলত অতিৰিক্ত সময়ৰ গলত জার্মানীৰ হাতত পৰাস্ত হৈছিল মেছি বাহিনী ৷ বহু প্রতীক্ষিত  ট্ৰফীৰ কাষলৈ গৈ ব্যর্থ হব লগা হৈছিল আর্জেণ্টিনা ৷ ২০১৮ চনতো ব্যর্থ হৈছিল মেছি বাহিনী ৷ কোনোমতে গ্রুপ পর্ব অতিক্রম কৰাৰ পাছত প্রি–কোৱার্টাৰ ফাইনেলত ফ্রান্সৰ হাতত পৰাজিত হৈছিল দলটো ৷ সেইবাৰ কিলিয়ান এমবাপেৰ ধুমুহাত ছিন্ন–ভিন্ন হৈছিল আর্জেণ্ঢিনাৰ ৰক্ষণ বিভাগ ৷ সাতটা বেলন ডি অৰ, অলিম্পিকৰ স্বর্ণপদক, বার্চিলোনাৰ হৈ চেম্পিয়নছ লীগকে ধৰি বিশ্বৰ প্রায় সকলো সফলতা আঁজুৰি আনিছিল মেছিয়ে ৷ কিন্তু তেওঁৰ কেবিনেটত আধৰুৱা হৈ ৰৈছিল এটি বিশ্বকাপ ৷ ২০১৪ৰ পৰা ২০১৯ চনৰ ভিতৰৰ এই পাঁচ বছৰ আর্জেণ্ঢিনাৰ ফুটবল ইতিহাসত আটাহতকৈ কঠিন সময় হিচাপে পৰিগণিত হৈছে ৷ দুবাৰ কোপা আমেৰিকাৰ ফাইনেলত উপনীত হৈও দলটো পৰাজিত হবলগীয়া হৈছিল ৷ ৰাষ্ট্রীয় দলৰ পৰা অৱসৰ ঘোষণা কৰিছিল মেছিয়ে ৷ কিন্তু ২৮ বছৰ পাছত ২০২১ চনত কোপা আমেৰিকা জয় কৰি যাত্রা আৰম্ভ কৰিছিল তাৰকা ফুটবলাৰগৰাকীয়ে৷ কালি নিশা কাটাৰৰ লুছাহল ষ্টেডিয়ামত মেছিৰ সেহ যাত্রা সম্পূর্ণ হল ৷  ৩৭ বছৰ পাছত পুনৰ বিশ্বকাপ জয় কৰিলে আর্জেণ্ঢিনাই ৷ এইবাৰ খিতাপ জয়ত মুখ্য ভূমিকা গ্রহণ কৰিলে মেছিয়ে৷ দুবছৰ পূর্বেই প্রয়াত হৈছে মাৰাডোনা ৷ মেছি বাহিনীয়ে স্বপ্ন  স্পর্শ কৰা তেওঁ দেখা নাপালে ৷ তথাপি মেছিয়ে মাৰাডোনাৰ বাবে আৰু সতীর্থসকলে মেছিৰ বাবে আর্জেণ্ঢিনাক উপহাৰ দিলে বিশ্বকাপ ৷

মেছি, ক্রিষ্টিয়ানো ৰনাল্ডোৰ পাছত তাৰকা কিলিয়ান এমবাপে

বিগত ১৬ বছৰ ধৰি ফুটবল বিশ্বত শাসন চলাইছে মেছি আৰু পর্তুগীজ তাৰকা ক্রিষ্টিয়ানো ৰনাল্ডোৱে ৷ কিন্তু এইবাৰ বিশ্বকাপে ক্রীড়াপ্রেমীক দিলে এজন ন–তাৰকা ৷ যাৰ দুভৰিৰ যাদু ইতিমধ্যে সকলোৰে মুখে মুখে ৷ তেওঁ হৈছে ২৩ বছৰীয়া ফ্রান্সৰ তাৰকা খেলুৱৈ কিলিয়ান এমবাপেই ৷ ফ্রান্সৰ হৈ দহ নম্বৰৰ জার্ছী পিন্ধা এমবাপেৰ জন্ম হৈছিল পেৰিছৰ উত্তৰ দিশৰ এখন সৰু চহৰ বণ্ডিত৷ ফ্রান্সৰ প্রতিটো ক্লাব আৰু ইউৰোপৰ কেহবাটাও ডাঙৰ দলেও তেওঁৰ বিষয়ে জ্ঞাত হৈছিল ৷ অৱশেষত এমবাপেৰ পৰিয়ালে ১১ বছৰীয়া এমবাপেৰ বাবে ইংলেণ্ডৰ চেলছী ক্লাবৰ প্রস্তাৱ গ্রহণ কৰিলে ৷ চেলছীয়ে কিলিয়ানক লৈ গৈছিল এসপ্তাহৰ প্রশিক্ষণৰ বাবে ৷ ১৮ বছৰ বয়সত ফ্রান্সৰ ৰাষ্ট্রীয় দলৰ হৈ খেলাৰ সুযোগ লাভ কৰে তেওঁ৷ ইয়াৰ পিছত সমগ্র ইউৰোপৰ ক্লাবত তেওঁক চুক্তিবদ্ধ কৰাৰ প্রতিযোগিতা আৰম্ভ হয় ৷

বিশ্বকাপৰ প্রাইজমানী

কাটাৰত সদ্যসমাপ্ত বিশ্বকাপ ফুটবলৰ শ্বাসৰুদ্ধকৰ ফাইনেল মেচখনত ২০১৮ বর্ষৰ চেম্পিয়ন ফ্রান্সক পৰাস্ত কৰাৰ সুবাদত আর্জেণ্ঢিনা ফুটবল দলটোৱে ৩৪৪ কোটি টকা লাভ কৰে ৷ ইফালে, ৰানার্ছআপ ফ্রান্সে লাভ কৰিলে ২৪৫ কোটি টকা ৷ আনহাতে, ২০১৮ চনৰ ৰাছিয়া বিশ্বকাপৰ ৰানার্ছআপ ক্রৱেচিয়াই কাটাৰ বিশ্বকাপত তৃতীয় স্থান লাভ কৰি ২২০ কোটি টকা লাভ কৰাৰ বিপৰীতে ছেমিফাইনেলত প্রৱেশ কৰাৰ সুবাদত মৰক্কোৱে ২০৪ কোটি লাভ কৰে ৷ ইফালে, বিশ্বকাপৰ কোৱার্টাৰত প্রৱেশ কৰিব নোৱাৰিলেও নেদাৰলেণ্ডছ, ব্রাজিল, ইংলেণ্ড আৰু পর্তুগালে লাভ কৰে ১৩৮ কোটি টকাকৈ ৷ আমেৰিকা, অষ্ট্রেলিয়া, জাপান, দক্ষিণ কোৰিয়া, পোলেণ্ড, চেনেগাল, স্পেইন আৰু ছুইজাৰলেণ্ডে ১০৬ কোটি টকাকৈ লাভ কৰে ৷  বিশ্বকাপৰ গ্রুপ পর্যায়ৰ পৰা বাহিৰ হোৱা দলসমূহেও লাভ কৰে ধন ৷ গ্রুপৰ পৰা বাহিৰ হোৱা ১৬খন দেশে লাভ কৰে ৭৪ কোটি টকা ৷

ফিফাৰ ইতিহাস

অলিম্পিক ক্রীড়া প্রতিযোগিতা বিশ্বৰ আটাহতকৈ ডাঙৰ ক্রীড়া প্রতিযোগিতা হব পাৰে, কিন্তু বিশ্বকাপ ফুটবলে সকলো ক্রীড়াপ্রেমীকে আকর্ষণ কৰে ৷ ফুটবল বুলিলেই কিবা এটা বিশেষ আছে ৷ আচলতে ই এক সহজ খেল, যত খেলপথাৰৰ দলীয় মনোভাৱ আৰু কৌশলৰ উপৰি ব্যক্তিগত ক্রীড়াবিদ্যা, শক্তি আৰু উৎসাহৰ উত্থান ঘটে ৷ সাধাৰণতে এই খেল বিশ্বৰ প্রায়বোৰ দেশেই খেলে ৷ যাৰ বাবে এইবিধ খেল সমগ্র বিশ্বতেই জনপ্রিয় ৷ ফুটবল বিশ্বকাপৰ আয়োজন কৰে ফিফা অর্থাৎ ফেডাৰেচন ইণ্টাৰনেচনেল  ফুটবল এছচিয়েচনে ৷

আৰু চাৰিটা বছৰৰ বাবে অপেক্ষা কৰিব লাগিব দ্য গ্রেটেষ্ট শ্ব অন দ্য আর্থলৈ ৷

ফোনঃ  ৬০০১৫-২১৭৮০

You might also like
Leave A Reply

Your email address will not be published.