চাববাছ মিথু- তাৰকা ক্রিকেটাৰ মিতালী ৰাজৰ জীৱন আধাৰিত ছবি

প্রণৱজ্যোতি মহন্ত

জীৱনীমূলক চলচিচত্র বা বায়পিক(biopic) হৈছে এনে এখন চলচিচত্র, যিয়ে কোনো অকাল্পনিক বা ঐতিহাসিক ভিত্তিত ব্যক্তি বা মানুহৰ জীৱনক নাটকীয় ৰূপায়ণ কৰে ৷ এনে ছবিত এজন ব্যক্তিৰ জীৱন দেখুওৱা হয় আৰু মুখ্য চৰিত্রটোৰ প্রকৃত নাম ব্যৱহাৰ কৰা হয় ৷ অৱশ্যে ডকুমেণ্ড্রী ছবি, বায়পিকৰ পৰা সম্পূর্ণ পৃথক ৷
শেহতীয়াকৈ মুকলি হৈছে এখন নতুন বায়পিক, নাম চাববাছ মিথু ৷ যি হৈছে ভাৰতীয় মহিলা ক্রিকেট দলৰ প্রাক্তন অধিনায়ক মিতালী ৰাজৰ জীৱনৰ আধাৰত নির্মিত এখন ছবি ৷ ৰূপালী পর্দাত মিতালীৰ চৰিত্রত অভিনয় কৰিছে তাপসী পান্নুৱে ৷
চাববাছ মিথুত মিতালী ৰাজৰ এগৰাকী পেছাদাৰী ক্রিকেটাৰ হোৱাৰ যাত্রাৰ বিষয়ে সামৰি লোৱা হৈছে ৷ তেওঁৰ শৈশৱ কেনে আছিল ক্রিকেটৰ সৈতে প্রথম পৰিচয় কেনেকৈ হৈছিল কি পৰিস্থিতিয়ে তেওঁক হতাশ হবলৈ বাধ্য কৰাইছিল আৰু অৱশেষত মিতালীয়ে এই সকলো কেনেকৈ জয় কৰিলে এই সকলো কথাই ছবিখনত স্থান লাভ কৰিছে ৷ কিন্তু যেতিয়াৰ পৰাই ক্রিকেট শুনিবলৈ, চাবলৈ আৰু বুজিবলৈ আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰাই এটা শাৰী অবিৰতভাৱে শুনিবলৈ পাইছেছা যে ক্রিকেট হৈছে ভদ্রলোকৰ খেল ৷
এটা সময় আছিল যেতিয়া সকলোৱে ভাবিছিল যে ক্রিকেট পুৰুষৰ খেল ৷ সেয়া ভবাটোও স্বাভাৱিক ৷ সেইটোৱেই আছিল মিতালীৰ বাবে আটাহতকৈ ডাঙৰ প্রত্যাহ্বান ৷ পুৰুষ ক্রিকেট খেলুৱৈক সেনা জোৱানৰ সৈতে তুলনা কৰা সমাজত মহিলা ক্রিকেটৰ বাবে স্থান সৃষ্টি কৰাটো অতিকৈ প্রত্যাহ্বান আছিল মিতালীৰ ৷ একে সময়তে প্রত্যাহ্বান ৰূপে থিয় দিছিল মহিলা ক্রিকেটৰ বিষয়ে কাৰো ধাৰণা নাছিল ৷ তাৰ আগলৈকে তেওঁলোকৰ কোনো পৰিচয় নাছিল ৷ এই পৰিচয়ৰ ওপৰতো এক আচৰিত দৃশ্য ছবিখনত দেখুওৱা হৈছে ৷ যেতিয়া মিতালীৰ নেতৃত্বত মহিলা দলটোক পুৰুষ ক্রিকেট দলৰ জার্ছী পিন্ধিবলৈ দিয়া হৈছিল, তেতিয়া তেওঁলোকে এই বিষয়ত প্রতিবাদ কৰি ক্রিকেট বর্ডৰ অধ্যক্ষৰ ওচৰত বিষয়টো উপস্থাপন কৰে ৷ কিন্তু অধ্যক্ষই তেওঁৰ এজন কর্মচাৰীক মাতি আনি কেহগৰাকীমান মহিলা ক্রিকেটাৰৰ নাম কবলৈ কয় ৷ কর্মচাৰীজনে এটাও নাম কব নোৱাৰে ৷ যাৰ বাবে অধ্যক্ষৰ সন্মুখত থকা মহিলা খেলুৱৈসকলে লাজ অনুভৱ কৰে আৰু তেওঁলোকৰ পৰিচয়ৰ ওপৰত সন্দিহান হৈ পৰে ৷
আপুনি যদি কোনো এজন লোকক প্রশ্ণ কৰে যে বর্তমান ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক কোন স্বাভাৱিকতেই সেই লোকজনে কোনো সময় নষ্ট নকৰাকৈ উত্তৰ দিব ৰোহিত শর্মা ৷ কিন্তু তেওঁ কেতিয়াও উত্তৰ দিয়াৰ পূর্বে নাভাবিলে বা প্রশ্ন কৰাজনক নোসোধে যে ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক মানে পুৰুষ দলৰ নে মহিলা দলৰ অধিনায়ক হয়তো তাৰ পিছতহে তেওঁ উত্তৰটো দিব লাগিছিল ৷ আচলতে আজিও আমাৰ সমাজত মহিলা ক্রিকেটৰ বিষয়ে প্রচাৰ আৰু প্রসাৰত কোনোবাখিনিত আসোঁৱাহ আছে ৷
ছবিখনৰ আৰম্ভণিতে ক্রিকেটত কেৰিয়াৰ গঢ়িবলৈ বহু যুঁজ দিবলগীয়া হোৱা মিতালী বা মিথুৰ কাহিনীক দেখুওৱা হৈছে ৷ মিথু সৰুতেই ক্রিকেটৰ প্রতি আকর্ষিত হৈছিল ৷ কিন্তু ক্রিকেটক পুৰুষৰ খেল বুলি গণ্য কৰা হোৱাৰ বাবেই তাইক খেলিবলৈ দিয়া হোৱা নাছিল ৷ ছবিখন ৮ বছৰীয়া মিতালীয়ে ভাৰতনাট্যম শিকাৰ পৰা আৰম্ভ হৈছে ৷ তেতিয়া তেওঁ নুৰী নামৰ এগৰাকী ছোৱালীক লগ পায় ৷ দুয়ো একেলগে ভাৰতনাট্যম শিকে, মিতালীয়ে নুৰীক ভাৰতনাট্যম শিকাব নোৱাৰে, কিন্তু নুৰীয়ে মিতালীক ক্রিকেট খেলিবলৈ শিকায় ৷ ইয়াৰ পিছত দুয়ো ঘৰত নোকোৱাকৈ ক্রিকেট খেলিবলৈ যাবলৈ আৰম্ভ কৰিলে ৷ তাৰ পিছত এদিন প্রশিক্ষক সম্পাথৰ দৃষ্টি কণমানি মিথুৰ ওপৰত পৰে ৷ প্রশিক্ষকজনে তেওঁক প্রথম দৃষ্টিতে পৰীক্ষা কৰিলে আৰু ক্রিকেট খেলা শিকাবলৈ আৰম্ভ কৰে ৷
মেচৰ অনুশীলনৰ সময়ত যেতিয়া মিথুৱে ভৰিখন ক্রীজত ৰাখিবলৈ সক্ষম হোৱা নাছিল, তেতিয়া তেওঁ জোতাত গজাল মাৰি দিয়ে ৷ অৱশ্যে ঘৰলৈ অহাৰ পিছত তেওঁৰ ফুলা ভৰিত বৰফো বান্ধি দিয়ে ৷ তাৰ পিছত প্রশিক্ষকৰ সহায়ত মিথুৱে নিজৰ সপোন পূৰণৰ দিশত আগবাঢ়ি যায়, কিন্তু ক্রিকেট একাডেমীত তেওঁক আন মহিলা ক্রিকেটাৰে হাৰাশাস্তি কৰিব ধৰে ৷ এই সকলো কথা সহ্য কৰি, যথেষ্ট কষ্ট ভুগি, তেজ–ঘাম বোৱাই খেলপথাৰত খেলিবলৈ আহোতে তেওঁ বেটেৰে প্রতিটো বলৰ উপযুক্ত উত্তৰ দিয়ে ৷ অৱশ্যে ইয়াৰ পিছত কি হয় জানিবলৈ আপুনি ছবিখন চাব লাগিব ৷
ছবিখনত এনে কিছুমান ছিকুৱেঞ্চো আছে, যিবোৰে আমাক ভাবিবলৈ বাধ্য কৰাইছে ৷ যেনে বিমানবন্দৰত মহিলা ক্রিকেট দলটোৰ প্রতি বৈষম্যৰ দৃশ্যৰ বিপৰীতে পুৰুষ ক্রিকেট দলটোৱে বিমানবন্দৰত উপস্থিত হলেহ ছেলফি লোৱাৰ শাৰী পতাৰ দৃশ্য ছবিখনত দেখুওৱা হৈছে৷
চাববাছ মিথুৰ কিছুমান মুহূর্তৰ বাবে ছবিখনে দর্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছে ৷ তাপসী পান্নুৱে কিছুদিনৰ পৰা অবিৰতভাৱে শাৰীৰিক আৰু মানসিকভাৱে দাবীদাৰ কিছুমান ভূমিকা পালন কৰি আহিছে ৷ তেওঁৰ কঠোৰ পৰিশ্রম চাববাছ মিথুত খুব সুন্দৰকৈ দেখা গৈছে ৷ ক্রিকেটৰ খেলপথাৰত তেওঁৰ বেটিং, ছিক্স–ফৰৰ শ্বট আদিয়ে তেওঁৰ পৰিশ্রম পৰিস্ফূট হৈছে ৷ সমান্তৰালকৈ ১৫ বছৰীয়া মিতালীৰ জোতাত ভৰি দিয়ে তাপসীয়ে আগবাঢ়ি গৈছে ৷ সেই সময়ৰ ভয়, সংকোচ, সকলোৱে তেওঁৰ মুখ আৰু ভংগিমাত বিচাৰি পাইছে ৷ এগৰাকী সৰু ছোৱালীৰ পৰা এগৰাকী আত্মবিশ্বাসী খেলুৱৈলৈকে গোটেই দলটোৰ দায়িত্ব তেওঁ কান্ধ পাতি লৈছে ৷ তাপসীয়ে নিজৰ চৰিত্রৰ এহ দুয়োটা দিশেই খুব সুন্দৰকৈ আগবঢ়াই নিবলৈ সক্ষম হৈছে ৷
ছবিখনত অভিনেতা–ভিনেত্রীৰ ক্ষেত্রত তাপসী মুখ্য চৰিত্র ৷ কিন্তু ছবিখন চোৱাৰ পিছত আন এখন মুখ আপোনাৰ মনত ৰৈ যাব ৷ তেওঁ হৈছে মিতালীৰ শৈশৱৰ চৰিত্রত অভিনয় কৰা সৰু ছোৱালীজনী ৷
চাববাছ মিথু এখন ডাঙৰ ছবি নহব পাৰে, কিন্তু এটা কথাৰ বাবে ছবিখনৰ শলাগ লোৱা উচিত যে ই পূর্বৰ সকলো বায়পিকসমূহৰ পৰা পৃথক ৷ অৱশ্যে ছবিখনৰ ইণ্ঢাৰভেল বা দ্বিতীয়ার্ধৰ ওপৰত যদি অলপ বেছি প্রচেষ্টা কৰা হলহেঁতেন, তেন্তে ই এখন স্মৰণীয় ছবি হব পাৰিলেহেঁতেন ৷
উল্লেখ্য যে চলিত বর্ষৰ ৮ জুনত ক্রিকেটৰ আটাইকেইটা ফর্মেটৰ পৰা অৱসৰ ঘোষণা কৰিলে মিতালী ৰাজে৷ ছচিয়েল মিডিয়াত এক আৱেগিক পোষ্ট কৰি মিতালীয়ে লিখিছিল, বছৰৰ পিছত বছৰ ধৰি ইমান মৰম আৰু সমর্থনৰ বাবে বহুত বহুত ধন্যবাদ ৷ এতিয়া দ্বিতীয় ইনিংছৰ বাবে সাজু হৈছোঁ ৷ আপোনালোকৰ শুভেচ্ছা আৰু সমর্থন বিচাৰিছো ৷
মন কৰিবলগীয়া যে মিতালী ৰাজ হৈছে আন্তর্জাতিক ক্রিকেটত সর্বাধিক ৰান সংগ্রহ কৰা মহিলা ক্রিকেট খেলুৱৈ আৰু এদিনীয়া আন্তর্জাতিক ক্রিকেটত ৬০০০ ৰান অতিক্রম কৰা একমাত্র মহিলা খেলুৱৈ ৷ ইয়াৰ লগতে তেওঁ এদিনীয়া ক্রিকেটত একাদিক্রমে সাতবাৰ অর্ধশতক কৰা প্রথমগৰাকী মহিলা ক্রিকেটাৰ ৷ মিতালী ৰাজ বিশ্বকাপ ক্রিকেটত দুবাৰ অধিনায়ক হিচাপে খেলা প্রথমগৰাকী ভাৰতীয় খেলুৱৈ ৷
ফোনঃ ৯৩৬৫৪-৬৯৩৬৭

You might also like
Leave A Reply

Your email address will not be published.