আমলখি আৰু ইয়াৰ স্বাস্থ্য উপকাৰিতা

24

দৈনিক এটা হ’লেও আমলখি খাওক

ভিটামিন C গুণেৰে ভৰপূৰ আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (immunity) বঢ়ায়।

আপুনি জানেনে  এটা সৰু আমলখিত কমলাৰ তুলনাত ১৫-২০ গুণ বেছি ভিটামিন C থাকে, যিয়ে শৰীৰক সুস্থ ৰাখে।

আমলখিৰ মূল উপকাৰিতাসমূহ (স্বাস্থ্যকৰ গুণ):

  • ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়ঃ ভিটামিন C আৰু এন্টি-অক্সিডেন্টে, সৰ্দি-কাহ, সংক্ৰমণ, (Flu) ৰ পৰা ৰক্ষা কৰে। শীতত বিশেষকৈ উপকাৰী।
  • হজম শক্তি ভাল কৰেঃ ফাইবাৰে কোষ্ঠকাঠিন্য, গেছ, এচিডিটি দূৰ কৰে। খালি পেটত আমলখিৰ ৰস খালে হজম ভাল হয়।
  • চুলি আৰু ছালৰ বাবে অতি উপকাৰীঃ চুলি সৰা, অকালতে পকা, উফি দূৰ কৰে। ছাল উজ্জ্বল কৰে, বয়স বঢ়া ৰোধ কৰে (anti-aging)।
  • ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰেঃ ব্লাড চুগাৰ লেভেল কমায়, ডায়েবেটিছ ৰোগীৰ বাবে ভাল।
  • হাৰ্টৰ স্বাস্থ্যঃ কোলেস্টেৰল কমায়, ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, হাৰ্টৰ ৰোগৰ ঝুঁকি হ্ৰাস কৰে।
  • চকুৰ স্বাস্থ্যঃ দৃষ্টিশক্তি ভাল ৰাখে, চকুৰ ৰোগ যেনে কেটাৰেক্ট প্ৰতিৰোধ কৰে।
  • ওজন কমোৱাত সহায়ঃ মেটাবলিজম বঢ়ায়, শৰীৰৰ টক্সিন বাহিৰ কৰে।
  • যকৃত (লিভাৰ) আৰু কিডনী ভাল ৰাখে – টক্সিন ক্লিয়াৰ কৰে।
  • দাঁত আৰু মুখৰ স্বাস্থ্যঃ নিঃশ্বাসৰ দুৰ্গন্ধ দূৰ কৰে, দাঁত মজবুত কৰে।
  • ১-২ টা কেঁচা আমলখি ৰাতিপুৱা খালি পেটত খাওক (তিতা লাগিলে লাহে লাহে অভ্যাস কৰক)।
  • ৰসঃ ১-২ চামুচ আমলখিৰ ৰস গৰম পানী বা মৌৰ লগত মিহলাই খাওক।
  • শুকান আমলখিঃ শুকাই ৰখা আমলখি চূৰ্ণ কৰি গৰম পানীত মিহলাই খাওক (কোষ্ঠকাঠিন্যত ভাল)।
  • মিঠাঃ মৌ বা গুৰৰ লগত মিহলাই খাব পাৰে, সোৱাদ ভাল হয়।
  • চুলিৰ বাবেঃ আমলখিৰ ৰস নাৰিকল তেলত মিহলাই মালিচ কৰক।

সাৱধানতা

  1. অত্যধিক খালে পেটৰ সমস্যা (ডায়েৰিয়া, বমি) হ’ব পাৰে।
  2. অ্যালাৰ্জি থাকিলে বা ৰক্ত পাতল কৰা ঔষধ খাই থাকিলে ডাক্তৰৰ পৰামৰ্শ লওক।
  3. গৰ্ভৱতী মহিলাই সীমিত পৰিমাণত খাব।

 

শীতকালত নিয়মিত আমলখি খালে শৰীৰ গৰম ৰাখে আৰু ৰোগৰ পৰা দূৰত ৰাখে।

You might also like

Comments are closed, but trackbacks and pingbacks are open.