ফাইব্রমিয়াল্জিয়া আৰু মাংসপেশীৰ বিষ

প্রাঞ্জলপ্রতিম বৰা

ভাৰতবর্ষৰ প্রায় দুইৰ পৰা চাৰি শতাংশ লোকৰ মাজত দেখা পোৱা শৰীৰৰ যিকোনো অংশত হৈ থকা নেৰানেপেৰা বিষৰ কাৰণ হল   ফাইব্রমিয়াল্জিয়া (Fibromyalgia) ৷ বিশেষকৈ ৩০ৰ পৰা ৫০ বছৰৰ ভিতৰত মধ্যম বয়সৰ লোকসকলৰ মাজত বিশেষভাৱে দেখা যায় ৷ ফাইব্রমিয়াল্জিয়া অর্থাৎ শৰীৰৰ মাংসপেশীসমূহৰ প্রতিডাল ফাইবাৰ্তে যেন বিষ ৷ ইয়াক এহবাবেই এক আচৰিত ধৰণৰ সমস্যা বুলি ধৰা হয়, কাৰণ এজন ফাইব্রমিয়াল্জিয়াত ভোগা লোকৰ শৰীৰৰ যিকোনো অংশ যেনে– হাত, ভৰি, পিঠি, আঁঠু আদি শৰীৰৰ বিভিন্ন অংশত বিষ বহুত দিন ধৰি থাকে ৷ কিন্তু এই বিষৰ প্রকৃত কাৰণ জনাটো সম্ভৱ নহয় ৷ যেতিয়া এজন লোক এইধৰণৰ বিষৰ বাবে চিকিৎসকৰ ওচৰত যায়, তেওঁৰ এক্সৰে, এম্ আৰ আহ, বিভিন্ন ধৰণৰ তেজৰ পৰীক্ষা যেনে– হিমগ্লবিন,ESR, CRP, RA factor , ভিটামিন আদিৰ পৰীক্ষা কৰা হয় আৰু এই সকলো পৰীক্ষাৰ ফলাফল নর্মেল অহা দেখা যায় ৷ কিন্তু সকলো নর্মেল থকাৰ পিছতো যদি তেওঁৰ শৰীৰৰ বিভিন্ন গাঁঠি, মাংসপেশী আদিত অহৰহ বিষ হৈয়ে থাকে, তেনেহলে এনে এজন লোকে ফাইব্রমিয়াল্জিয়া ৰোগত ভোগা বুলি ধৰি লোৱা হয় ৷ অর্থাৎ ই এক Exclusive diagnosis , যত কোনো কাৰণ নাই তাত ফাইব্রমিয়াল্জিয়া হোৱা বুলি ধৰি লোৱা হয় ৷ বেছিভাগ ক্ষেত্রতে এজন লোকৰ অত্যধিক চিন্তা, ভয় ভাব, উচ্চ উদ্বিগ্ণতা আদি মানসিক কাৰণৰ লগত ফাহব্রমিয়াল্জিয়াৰ ফলত হোৱা শৰীৰৰ বিষৰ সম্বন্ধ থকা দেখা যায় ৷ যিসকল লোকে কম কম কথাতে অধিক চিন্তা কৰে বা জীৱনত কিবা ডাঙৰ দুখ পাইছে বা ষ্ট্রেছত পৰিছে, তেওঁলোকৰ মাজত অধিক ফাইব্রমিয়াল্জিয়াৰ সমস্যা দেখা যায় ৷

ফাইব্রমিয়াল্জিয়া কিয় হয় বহুতেই ফাইব্রমিয়াল্জিয়াক বাতবিষৰ লগত তুলনা কৰে ৷ কিন্তু দুয়োটাই পৃথক ৷ কাৰণ ফাইব্রমিয়াল্জিয়াত ভোগা এজন লোকৰ শৰীৰৰ সকলো নর্মেল থাকে আৰু শৰীৰৰ ওজনো কমি নাযায় ৷ আমি যদি ফাইব্রমিয়াল্জিয়া হোৱা কাৰণটো সহজ ভাষাত বুজিব যাওঁ তেনেহলে মগজু pain pathwayৰ বিষয়ে জানিব লাগিব ৷ যেতিয়া আমি শৰীৰৰ হাত, ভৰি আদি শৰীৰৰ কোনো অংশত আঘাত পাওঁ আমাৰ শৰীৰৰ স্নায়ু বা নার্ভবোৰে আমাৰ মগজুক জানিবলৈ দিয়ে যে আমি শৰীৰত দুখ পাহছোঁ ৷ ফলত লগে লগে মগজুত এক ৰাসায়নিক পদার্থ নিঃসৰণ হয় আৰু এই ৰসায়ন নিঃসৰণ হোৱাৰ ফলত আমি বিষ অনুভৱ কৰোঁ ৷ কিন্তু ফাইব্রমিয়াল্জিয়াত ভোগা লোক এজনৰ প্রয়োজনতকৈ বেছি এনে ৰসায়ন মগজুত নিঃসৰণ হয় ৷ যদি একেবাৰে সৰু আঘাতো শৰীৰত লাগে বা কেতিয়াবা আঘাত নোহোৱাকৈয়ে মগজুত যথেষ্ট ৰসায়ন নিঃসৰণ হয় আৰু লোকজনে বহুত বেছি বিষ অনুভৱ কৰে ৷ অর্থাৎ ই একপ্রকাৰৰ Amplified disease৷ যেনেকৈ আমি মাহক এটা হাতত লৈ সৰুকৈ কথা কলেওamplification হৈ বহুত ডাঙৰকৈ শুনা যায়, ঠিক সেহদৰে ফাইব্রমিয়াল্জিয়াত সামান্য এটা শাৰীৰিক কাৰণ, আঘাত বা স্পর্শই মগজুত বহুত বেছি ৰসায়ন নিঃসৰণ কৰে আৰু সেহ বিষৰ অনুভ amplified হৈ বহুত বেছি অনুভৱ কৰা যায় ৷

ফাইব্রমিয়াল্জিয়াৰ লক্ষণ

  • প্রধান লক্ষণ হল শৰীৰত নেৰানেপেৰাকৈ লাগি থকা বিয়পি যোৱা এক বিষ ৷ কোনো এটা অংশতে সীমাবদ্ধ নাথাকি শৰীৰৰ বিভিন্ন অংশত বিয়পি পৰা বিষ ৷
  • শৰীৰত কিছুমান ট্ৰিগাৰ পইণ্টৰ সৃষ্টি হয়, আৰু সেই অংশত লাহেকৈ স্পর্শ কৰিলে বা টিপি দিলে বিষ অনুভৱ হয় ৷
  • যি ঔষধেই ব্যৱহাৰ নকৰক কিয় খুব বেছি এক সপ্তাহমান বিষ নিয়ন্ত্রণ হয় যদিও পিছলৈ সেহ ঔষধে কাম নকৰা হয় ৷
  • ৰাতি টোপনি নহা আৰু হাত–ভৰিত বিষ হোৱা ৷
  • কোনো কামতে মন বহাব নোৱাৰা ৷
  • কম শক্তি
  • কোনো কাৰণ নোহোৱাকৈ ভয় ভয় লগা ৷
  • বুকুত বিষ কিন্তুECGত কোনো অস্বাভাৱিকত দেখা নাযায় ৷
  • পেটত সদায় গেছ, এচিডিটি আদিৰ সমস্যা আৰু খিংখিঙীয়া মনোবৃত্তিৰ লক্ষণ ৷
  • অতি বেছি চিন্তা, চাপ আৰু ডিপ্রেছন্ ৷

ফাইব্রমিয়াল্জিয়া ৰোগৰ চিকিৎসাৰ ক্ষেত্রৰ এটা সামগ্রিক পদ্ধতি অনুসৰণ কৰা হয় অর্থাৎ এনে ৰোগত ভোগা লোক এজনৰ সকলো দিশ সামৰি চিকিৎসা কৰা হয় ৷

বিভিন্ন ধৰণৰ বিষনাশক আৰু ফাইব্রমিয়াল্জিয়াৰ লক্ষণসমূহ কম কৰিবলৈ ঔষধ দিয়া হয় ৷ কিন্তু ঔষধ দিলেও বৰ বেছি দিনলৈ ঔষধ খাবলৈ দিয়াটো কেতিয়াও চিকিৎসাৰ উদ্দেশ্য নহয় ৷ সেইবাবে যোগাসন, ব্যায়াম আদিৰ ওপৰত গুৰুত্ব দিয়া হয় ৷ কাৰণ ফাইব্রমিয়ালজিয়াত ভোগা লোক এজনৰ পৰা চিন্তা আৰু বিষৰ সংবেদনশীলতা আঁতৰাই পঠিওৱাৰ প্রয়োজন ৷ অর্থাৎ তেওঁৰ মনটোক বেমাৰৰ চিন্তাৰ পৰা অন্যমনস্ক্ কৰাৰ প্রয়োজন ৷  মগজুৰ পৰা অযথা চিন্তা, চাপ বা বিষ আহিব বুলি কৰি থকা চিন্তা আঁতৰাই পঠিওৱাত ব্যায়াম, যোগাসন আদিয়ে সহায় কৰে ৷ ব্যায়ামে শৰীৰত বিষ কম কৰা হৰমনৰ পৰিমাণ বৃদ্ধি কৰে ৷

শৰীৰত ভিটামিন আদি কম থাকিলে তাক পূৰা কৰিবলৈ চেষ্টা কৰা হয় ৷ এনে এজন লোকক ভালদৰে বুজাই দিয়া হয় তেওঁৰ এই সমস্যাৰ কোনো সাংঘাতিক প্রভাৱ নাই ৷ সময়ে সময়ে কিছুমান টেষ্ট বা পৰীক্ষা কৰাৰ প্রয়োজন যদিও অযথা কিছুমান টেষ্ট কৰাৰ প্রয়োজন নাথাকে ৷ কাৰণ বাৰে বাৰে চেক আপ আৰু টেষ্ট কৰাৰ ফলত তেওঁ উৎকণ্ঠা আৰু মানসিক চাপ বাঢ়িব পাৰে আৰু ইয়াৰ ফলত বিষ বাঢ়িব পাৰে ৷

Life style change বৰ গুৰুত্বপূর্ণ ৷ নিজৰ ভাল লগা কামবোৰৰ লগত বেছিকৈ সময় অতিবাহিত কৰাৰ চেষ্টা কৰাৰ প্রয়োজন আৰু মন বেয়া কৰা কথা, চিন্তা, কাম আদিৰ পৰা আঁতৰত থকাৰ প্রয়োজন ৷ বিভিন্ন stretching, strenthening আৰু flexion ব্যায়াম কিছুমান কৰা প্রয়োজন ৷ প্রথম অৱস্থাত ব্যায়াম কৰোঁতে অসুবিধা পাব পাৰে ৷ সেইবাবে লাহে লাহেহে  ব্যায়ামৰ পৰিমাণ বঢ়োৱা উচিত ৷ টোপনি নিয়মীয়া হোৱা, সময় মতে শোৱা আৰু উঠাৰ প্রয়োজন ৷ চাই, কেফেইন, ধূমপান আদি বন্ধ কৰা উচিত ৷ আটাইতকৈ গুৰুত্বপূর্ণ হল ফাইব্রমিয়াল্জিয়া ৰোগত ভোগা লোক এজনক পৰিয়ালৰ লোকে সহায় কৰা আৰু উৎসাহ দিয়া, যাতে তেওঁৰ মনত এই ভাব নাহে যে তেওঁৰ সাংঘাতিক কিবা বেমাৰ হৈছে ৷ পৰিয়ালৰ লোকৰ সহযোগিতা পোৱা বহুতো লোকেই অতি সোনকালে আৰোগ্য হোৱা দেখা পোৱা যায় ৷ একমাত্র ধনাত্মক মনোভাৱৰ দ্বাৰা এজন ফাইব্রমিয়াল্জিয়া অৱস্থাত ভোগা এজন লোক বহুত সুস্থ হৈ উঠিব পাৰে ৷

ফোনঃ  ৮৬৩৮৩-৮৮০৭৭

You might also like

Comments are closed, but trackbacks and pingbacks are open.