ৰাজহাড়ৰ আঘাত আৰু চিকিৎসা

ডাঃ দ্বীপজ্যোতি শর্মা

আমাৰ শৰীৰৰ গুৰুত্বপূর্ণ অংগৰ ভিতৰত মেৰুদণ্ড হৈছে কলা বেণ্ডৰ দৰে এক দীঘল নলী, যি তল পিঠিৰ সৈতে সংযোগ হৈ মগজুলৈ বিস্তৃত থাকি স্নায়ুৰ সংকেত বহন কৰাৰ উপৰি দেহৰ সংবেদনশীল অনুভৱ আৰু লৰচৰ কৰাত সহায় কৰে ৷ অৱশ্যে বিভিন্ন কাৰণত এই মেৰুদণ্ডৰ আঘাতৰ ফলত যিকোনো অংশ বা মেৰুদণ্ডৰ নলীৰ শেষত স্নায়ুৰ ক্ষতি কৰাৰ ফলত সংবেদন আৰু শৰীৰৰ অন্যান্য কার্যত স্থায়ী পৰিৱর্তন হয় ৷ সেই হেতুকে ব্যক্তি এজনৰ বিভিন্ন অংশত কার্যক্ষমতা বা গতিশীলতা হেৰুৱাব লগা হব পাৰে ৷ আনহাতে, আঘাতৰ তীব্রতাৰ ওপৰত নির্ভৰ কৰি দেখা দিয়া লক্ষণবোৰ হৈছে

– মেৰুদণ্ডৰ অধিক আঘাতৰ ফলত শৰীৰৰ বেছিভাগ অথবা আংশিক পক্ষাঘাত হিচাপে টেড্রাপ্লেজিয়া অর্থাৎ বাহু, হাত,Trunk, ভৰি প্রভাৱিত হোৱাৰ লগতে পেৰাপ্লেজিয়া প্রধানকৈ ভৰি, পেলভিছ অংশ আক্রান্ত হয় ৷

  • তেনেদৰে হাত আৰু ভৰিৰ সংবেদন হেৰুওৱা বা পৰিৱর্তন হোৱা ৷
  • মূৰ, ডিঙি, পিঠিত বিষ বা চাপ পৰা ৷
  • শৰীৰৰ যিকোনো অংশ লৰচৰ কৰিবলৈ দুর্বলতাৰ বা অক্ষমতা ৷
  • মূত্রাশয় আৰু অন্ত্রৰ নিয়ন্ত্রণ নথকা ৷
  • খোজকা আৰু শ্বাস–প্রশ্বাসৰ অসুবিধা ইত্যাদি ৷

মেৰুদণ্ডৰ আঘাতক প্রধানকৈ দুই প্রকাৰে শ্রেণীবদ্ধ কৰিব পাৰি ৷ অসম্পূর্ণ আঘাতঃ এই আঘাতত মেৰুদণ্ডই মগজুলৈ কিছুমান বার্তা প্রেৰণ কৰিবলৈ সক্ষম হয় আৰু ক্ষতিগ্রস্ত স্থানৰ তলৰ অংশত পেশীৰ কার্যকলাপ কিছু নিয়ন্ত্রণত থাকে ৷

সম্পূর্ণ আঘাতঃ ইয়াত আঘাতৰ স্থানৰ অংশত স্নায়ু যোগাযোগ নহৈ সংবেদনশীল আৰু মটৰ কাংচন লৰচৰ, কথা কোৱা হেৰুৱায় পেলায় ৷

দৰাচলতে, মেৰুদণ্ডৰ অংশবোৰ চাৰিটা শাখাক প্রভাৱিত কৰে ৷ সেইকেইটা ক্রমে

  •  ছাৰভাকেল মেৰুদণ্ডৰ আঘাতঃ  ই কান্ধৰ ওপৰৰ মূৰ আৰু ডিঙি অঞ্চলত প্রভাৱ পেলায় ৷
  • বক্ষ মেৰুদণ্ডৰ আঘাতঃ  এই আঘাতে বুকুৰ ওপৰৰ অংশ মধ্য পিঠি আৰু পেটৰ পেশীক আক্রান্ত কৰে ৷
  • লাম্বাৰ মেৰুদণ্ডৰ আঘাতঃ  কঁকাল আৰু ভৰিৰ অংশত প্রভাৱিত কৰি ব্যক্তি এজন হুইল চেয়াৰ বা ত্রেছ সহায়কৰ সৈতে খোজ কাঢ়িব লগা হব পাৰে ৷
  • চেক্রেল মেৰুদণ্ডৰ আঘাতঃ  ইয়াৰ ফলত উৰুৰ পিছফালত নিতম্ব বা পেলভিক অংশত চাপ পেলায় ৷

প্রকৃততে মেৰুদণ্ডৰ সংকোচন বহুতো সম্ভাৱত কাৰক নতুবা হঠাতে আহিব পাৰে যদিও মুখ্য কাৰকবোৰৰ ভিতৰত

  • কিছুমান ক্ষয়কাৰী ৰোগ যেনেঃ  আর্থ্রাইটিছ আদিও মুখ্য কাৰণ হব পাৰে ৷
  • মেৰুদণ্ড বা ৰজ্জুৰ চাৰিওফালৰ এলেকাৰ আঘাত ৷
  • হাড়ৰ স্পাৰবোৰ মেৰুদণ্ডৰ নলী সংকুচিত কৰিলে ৷
  • মেৰুদণ্ডৰ ওচৰৰ স্থানত কর্কট বা কর্কট ৰোগবিহীন টিউমাৰ বিকশিত হলে হব পাৰে ৷
  • আনহাতেদি আকস্মিক দুর্ঘটনা, বন্দুকৰ গুলী, ছুৰীৰ আঘাতে মেৰুদণ্ডত প্রৱেশ কৰিলে আশংকা থাকে ৷
  • মেৰুদণ্ডৰ আশে–পাশে ৰক্তক্ষৰণ, ফুলা প্রদাহ আৰু তৰল জমা হোৱাৰ ফলতো হয় ৷
  • তেজৰ যোগান অৱৰোধ, ভিটামিনৰ অভাৱ ৷

অটোইমিউন ৰোগ ৰোগ প্রতিৰোধ প্রণালীত আক্রান্ত কৰা, চিফিলিছ বেক্টেৰিয়াৰ সংক্রমণ আদিও কাৰক হিচাপে থিয় দিয়ে ৷

ৰোগ নির্ণয় আৰু চিকিৎসাঃ

মেৰুদণ্ডৰ আঘাতৰ মানুহ এজনক চিকিৎসকে প্রথমে বিভিন্ন সংবেদনশীল কার্য পৰীক্ষণ কৰি দুর্বলতা বা স্নায়ৱিক চিহ্ণসমূহ নিৰীক্ষণ কৰি ৰেডিলজিকেল অংশ হিচাপে এক্সৰে, চিটি স্কেন, এম আৰ আই পৰীক্ষাৰ সহায় লোৱা হয় ৷ তাৰ বাহিৰেও স্নায়ু কোষৰ পুনর্জন্মৰ বৃদ্ধি বা বাকী থকা স্নায়ুবোৰৰ কার্যক্ষমতা উন্নত কৰাৰ বাবে প্রয়োজনসাপেক্ষে অস্ত্রোপচাৰ তথা ঔষধৰ প্রয়োগ কৰাৰ সমান্তৰালকৈ এইক্ষেত্রত শাৰীৰিক চিকিৎসায়ো মেৰুদণ্ডৰ সংকোচন, স্নায়ুৰ পুনৰুত্থান কাৰণে কার্যক্ষমতা বৃদ্ধি, শক্তিশালী কৰাত অপৰিহার্য ভূমিকা পালন কৰাৰ লগতে জীৱনৰ মান আৰু স্বতন্ত্রতা বৃদ্ধিত দীর্ঘম্যাদী স্বাস্থ্য অৱস্থাৰ স্থিতি ঘূৰাই অনাত পূৰামাত্রা সহায় কৰি প্রয়োজনীয় দক্ষতা পুনৰুদ্ধাৰ কৰে ৷

যিহেতু, মেৰুদণ্ডৰ আঘাত প্রায়ে অপ্রত্যাশিত৷ সেয়ে লব লগা সাৱধানতাবোৰৰ ভিতৰত আছে

  • গাড়ী চলাওঁতে সদায়েই ছীটবেচ্ট পিন্ধিব ৷
  • খেলা–ধূলা কার্যবোৰত উপযুক্ত সুৰক্ষা সঁজুলি প্রয়োগ কৰক ৷
  • কেতিয়াও অগভীৰ বা অস্পর্শ পানীত ডুব নিদিব ৷
  • ঘৰৰ বৃদ্ধসকলক পৰিয়ালৰ সদস্যসকলে চলাফিৰা কৰোঁতে কিছু মন দিয়া উচিত ৷

ফোনঃ  ৬০০০৩-৪২৩৫৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.