গুড–বেড কলেষ্টেৰল

ডাঃ প্রাঞ্জল প্রতিম বৰা

আমাৰ শৰীৰৰ তেজত উচ্চ মাত্রাত কলেষ্টেৰলৰ (Cholesterol  ) ৰ  উপস্থিতি আৰু ইয়াৰ ফলত হব পৰা সমস্যাৰ বিষয়ে আমি প্রায় বেছিভাগ লোকেহ অলপ হলেও জানো ৷ ভাৰতবর্ষত প্রায় প্রতি তিনিজন লোকৰ মাজত এজন লোকৰ অধিক কলেষ্টেৰলৰ সমস্যা আছে ৷ হয়তো আমাৰ খাদ্যাভাষ আৰু জীৱনশৈলী ইয়াৰ বাবে যথেষ্ট পৰিমাণে দায়ী ৷ হার্টএটেক্ আৰু ষ্ট্রক্, পৃথিৱীৰ দুটা বৃহৎ মৃত্যুৰ কাৰণৰ বাবেও উচ্চ কলেষ্টেৰলেই বহুত ক্ষেত্রত প্রধান কাৰণ হৈ পৰে ৷

কিন্তু আপুনি জানেনে

  • কলেষ্টেৰল অবিহনে আমি জীয়াহ থাকিব নোৱাৰোঁ ৷
  • উচ্চ কলেষ্টেৰল বংশগতও হব পাৰে ৷
  • প্রাপ্তবয়স্কই নহয় সৰু লৰা–ছোৱালীৰো কলেষ্টেৰলৰ সমস্যা হব পাৰে ৷
  • শৰীৰৰ পৰা ওলোৱা ঘামে কলেষ্টেৰলৰ পৰিমাণ নিয়ন্ত্রণ ৰখাত সহায় কৰে ৷

কলেষ্টেৰল কি

সহজ অর্থত কবলৈ গলে কলেষ্টেৰল হল আমাৰ শৰীৰৰ কোষসমূহত থকা এবিধ ফেট্জাতীয় পদার্থ বা Lipid যি শৰীৰৰ কোষবোৰৰ গঠন আৰু হৰমন, ভিটামিন ডি আদিৰ প্রস্তুতি আদিত ব্যৱহাৰ হয় ৷ কলেষ্টেৰল শৰীৰৰ বাবে ভাল আৰু বেয়া দুয়োটা বুলিয়ে কব পাৰোঁ ৷ অর্থাৎ সঠিক মাত্রাত থকাটো শৰীৰৰ বাবে প্রয়োজনীয় ৷ কিন্তু তেজত প্রয়োজনীয় মাত্রাতকৈ বাঢ়ি যোৱাৰ লগে লগে ই চিন্তাৰ কাৰণ হৈ পৰে ৷ আমাৰ তেজত থকা কলেষ্টেৰল দুই ধৰণৰ ক LDL বা Low density cholesterol, যাক কোৱা হয়, বেড কলেষ্টেৰল আৰু খ HDL বা High density cholesterol, যাক কোৱা হয় গুড কলেষ্টেৰল ৷ কলেষ্টেৰল এবিধ তেলজাতীয় পদার্থ, যি তেজৰ লগত মিলি নাযায় ৷ কেৱল শৰীৰতে যে ইয়াৰ প্রস্তুত হয় তেনে নহয় ৷ আমি খোৱা কিছুমান তেলজাতীয় খাদ্যৰ পৰাও হয়াক পাওঁ ৷

নিয়মীয়া মাত্রাত কলেষ্টেৰল আমাৰ শৰীৰৰ বাবে প্রয়োজনীয়, কাৰণ

  • ই শৰীৰৰ কোষবোৰৰ গঠনত সহায় কৰে ৷
  • খাদ্য হজম হোৱাত সহায় কৰে ৷
  • শৰীৰৰ বাবে ভিটামিন ডি প্রস্তুত কৰে ৷
  • যকৃত বা লিভাৰত পিত্ত ৰস প্রস্তুত কৰে৷
  • টেষ্টষ্টেৰন, ইষ্ট্রজেন আৰু এড্রিনেল হৰমন প্রস্তুত কৰে ৷

তদুপৰি HDL, যাক আমি গুড বুলি কওঁ, এহবিধ কলেষ্টেৰলে আন কলেষ্টেৰলসমূহ শোষণ কৰি যকৃতলৈ ওভতাই পঠিয়ায় ৷ ফলত হূদযন্ত্রৰ বিসংগতিৰ পৰা শৰীৰক ৰক্ষা কৰাত সহায় কৰে ৷ আনহাতে অধিক মাত্রাত বেড কলেষ্টেৰলসমূহ বািি যোৱা মানেহ আমি বিপদৰ মুখলৈ আগবাঢ়ি যোৱা ৷ আমাৰ শৰীৰত যিবোৰ তেজ পৰিবহণ কৰা ধমনী আছে, সেইবোৰত কলেষ্টেৰল জমা হলে ঠেক হৈ পৰে, যাক কোৱা হয় Atherosclerosis বুলি ৷ ধমনীৰ ভিতৰত হ গোট খাই খাই চামনিজাতীয় গোটা অংশৰ সৃষ্টি কৰে, যাক কোৱা হয় Plaque formation বুলি ৷ ইয়াৰ ফলত তেজৰ চলাচল তেজ পৰিবহণ কৰা ধমনীৰ ভিতৰত বাধাগ্রস্ত হয় আৰু হয়েই পিছলৈ হার্টএটেক বা ষ্ট্রকৰ দৰে অৱস্থাৰ প্রধান কাৰণ হব পাৰে ৷

কলেষ্টেৰলৰ প্রধান উৎস দুটাই এটা যকৃতৰ দ্বাৰা প্রস্তুত হয় আৰু আনটো হল আমাৰ খোৱা খাদ্য ৷ বংশগত কাৰণ, মানুহৰ জীৱনশৈলীৰ উপৰি আমি কেনেধৰণৰ খাদ্য খাওঁ, সেইটো ইয়াৰ বাবে অতিকৈ গুৰুত্বপূর্ণ ৷

এতিয়া আহক শৰীৰত কলেষ্টেৰল বাঢ়িছে বুলি গম পোৱাৰ কেইটামান লক্ষণৰ বিষয়ে জানো ৷ বহুতো লোকেই এই বিষয়ে গম নাপায় ৷ কাৰণ ইয়াৰ লক্ষণসমূহ আমি সহজে বুজিব নোৱাৰোঁ ৷

  • সংৰক্ষিত লিপিডে যিহেতু তেজৰ চলাচলত বাধা দিয়ে আৰু শৰীৰৰ মাংসপেশীত অক্সিজেন আৰু পুষ্টিৰ বিতৰণত বাধা দিয়ে, গতিকে প্রথম লক্ষণ হিচাপে শৰীৰৰ যিকোনো অংশ ফুলি উঠিব পাৰে ৷ হাতৰ আঙুলি বা হাতৰ তলুৱাও হব পাৰে ৷
  • Bad breath আৰু মুখ শুকাই যোৱা ৷ কাৰণ কলেষ্টেৰল যিহেতু যকৃতত প্রস্তুত হয়, অধিক মাত্রাত ই পাচন ক্রিয়াক প্রভাৱিত কৰিব পাৰে ৷
  • চকুৰ দৃষ্টিৰ সমস্যা ৷
  • মূৰ ঘূৰোৱা আৰু মূৰৰ বিষ আৰু বেলেঞ্চৰ সমস্যা ৷ কাৰণ অধিক কলেষ্টেৰলে cellular oxygen ৰ ওপৰত প্রভাৱ পেলায় ৷
  • দুর্বল, ভাগৰ আৰু অধিক শুবলৈ ইচ্ছা ৷
  • বুকুৰ বিষ, কফ আৰু Constipationৰ বহুত কাৰণ আছে ৷ কিন্তু অধিক কলেষ্টেৰলো এনেবোৰ সমস্যাৰ এটা প্রধান কাৰণ হব পাৰে ৷
  • Xanthelasma, অর্থাৎ চকুৰ পতাৰ ওপৰত আৰু তলত কলেষ্টেৰল জমা হোৱা, যাক সহজে দেখিলেই চিনি পোৱা যায় ৷

বেড কলেষ্টেৰল বাঢ়িলে হব পৰা সমস্যা

  • কলেষ্টেৰল বাঢ়ি গলে তেজৰ চলাচল বাধাগ্রস্ত হৈ হূদযন্ত্রৰ অক্সিজেনযুক্ত তেজ পোৱাত বাধা আহি পৰে ৷  তাৰ বাবে আপুনি বুকুৰ বিষ অনুভৱ কৰিব পাৰে ৷ ইয়াক কোৱা হয় Angina বুলি ৷
  • মানুহৰ মগজুৱে প্রায় ২৫ শতাংশ কলেষ্টেৰল পায় আৰু মগজুৱে পোৱা এই কলেষ্টেৰল স্নায়ুৱিক কোষসমূহৰ গঠনৰ বাবে প্রয়োজন ৷ গতিকে কলেষ্টেৰলৰ পৰিমাণ অধিক হৈ গলে ই মগজুৰ ওপৰত ক্রিয়া কৰে ৷ ফলত ষ্ট্রক, স্মৃতিশক্তি কমি যোৱা, কথা কোৱা বা লৰচৰ কৰাত অসুবিধা বা নার্ভৰ সমস্যা আদিত ভুগিব পাৰে ৷
  • কলেষ্টেৰলে পিত্তত ৰস প্রস্তুত কৰি খাদ্য হজম কৰে ৷ কিন্তু বেড কলেষ্টেৰল অধিক জমা হলে ই আমাৰ গলব্লাডাৰ অংশত সৰু সৰু টান ষ্টনৰ সৃষ্টি কৰিব পাৰে ৷ যাক কোৱা হয় গলষ্টন ৷ গলষ্টন বাহিৰ কৰিবলৈ ছার্জাৰীৰ প্রয়োজন ৷

কলেষ্টেৰল নিয়ন্ত্রণৰ পদ্ধতি

  • শৰীৰত কলেষ্টেৰলৰ পৰিমাণ সঠিক ৰাখিবলৈ আৰু গুড কলেষ্টেৰলৰ মাত্রা বঢ়াবলৈ সপ্তাহত কমেও ৫ দিন ৩০ মিনিটৰ বাবে ব্যায়াম আৰু এইৰবিক ব্যায়াম কৰক ৷
  • যদি শৰীৰৰ জোৰাবোৰত কোনো সমস্যা নাই, তেনেহলে নিয়মীয়াকৈ এক বা দুই মাইল লাহে লাহে জগিং কৰক ৷
  • বয়োজ্যেষ্ঠ লোকসকলে জগি নকৰি নিয়মীয়াকৈ খোজ কাঢ়িলেও একে ফল পাব ৷
  • যদিহে আঁঠুৰ বিষ আছে, চাইক্লিং কৰিলে কলেষ্টেৰল নিয়ন্ত্রণত থকাৰ উপৰি আঁঠুৰ বিষৰ বাবেও উপকাৰী ৷
  •  সাঁতোৰা কলেষ্টেৰল আৰু শৰীৰৰ ওজন নিয়ন্ত্রণ দুয়োটাৰ বাবেই প্রয়োজনীয় ৷
  • আপোনাৰ সক্ষমত অনুসৰি weight lifting exercise কৰিব পাৰে ৷

নিয়মীয়া আৰু সঠিক যত্ন, সঠিক খাদ্যাভাষ আৰু জীৱনশৈলীৰ সহায়ত আপুনি উচ্চ কলেষ্টেৰলজাতীয় সমস্যাৰ পৰা সদায় দূৰত থাকিব পাৰে ৷

ফোনঃ  ৮৬৩৮৩-৮৮০৭৭

You might also like

Comments are closed, but trackbacks and pingbacks are open.