অভিভাৱকৰ উচ্চাকাংক্ষা

জোনাকী দেৱী কাশ্যপ

এটি সন্তান যিয়ে নিজৰ বিফলতাৰ বাবে আত্মহত্যাৰ দৰে ঘটনা সংঘটিত কৰিলে ৷ এটি সন্তান যিয়ে সফলতাৰ জখলাত আগুৱাই অতিৰিক্ত বোজা কঢ়িওৱা যেন অনুভৱ কৰিব ধৰিলে, মনে বিচৰা পাঠ্যক্রম পঢ়িব পোৱা নাই ৷ এনে ঘটনা আমাৰ সমাজত প্রায়ে সংঘটিত হৈ আছে ৷ সকলো মানুহেহ নিজৰ সন্তানক সামর্থ্য অনুসৰি সকলো সা–সুবিধা দি সিহঁতৰ ভৱিষ্যৎ সুদৃ হোৱাটো বিচাৰে ৷ সন্তানৰ সফলতাত সুখী হয় আৰু বিফলতাত দুখী হয় ৷ অভিভাৱকৰ অতিমাত্রা উচ্চাকাংক্ষাই সন্তানৰ ভৱিষ্যৎ উজ্জ্বল কৰাৰ পৰিৱর্তে বিনষ্টহে কৰে ৷ বর্তমান সমাজত নম্বৰমুখী প্রতিযোগিতা অধিক হব ধৰিছে ৷ এই অসুস্থকৰ প্রতিযোগিতাৰ বাবেই বহু অসফল শিক্ষার্থীয়ে নিজকে শেষ কৰিবলৈ উদ্যত হয় ৷ সন্তানে ৯০ শতাংশ নম্বৰ পাই উত্তীর্ণ হলেও কোনোবা অভিভাৱক সন্তুষ্ট নহয়, কোনোবা আকৌ সন্তানে ৬০ শতাংশ পালেও অসন্তোষ নকৰি সন্তানক আগুৱাই যাবলৈ প্রেৰণা দিয়ে ৷ শিশুৰ পৰা অভিভাৱকে আশা কৰা সাফল্যৰ মাত্রা কেতিয়াবা এনে এটা পর্যায় পায়গৈ যে ই সন্তানটিৰ স্বাভাৱিক বিকাশৰ পৰিপন্থী হৈ উঠে ৷ আমিৰ খান অভিনীত বলীউডৰ ছবি থ্রী ইডিয়টছ আৰু তাৰে জমীন পৰ ছবি দুখন চালে এই কথাটো বাৰুকৈয়ে উপলব্ধি হয় ৷ নিশ্চয় প্রায়সংখ্যকে এহ ছবি দুখন চাইছে ৷

সকলো শিশু সকলো বিষয়তে সমানে পার্গত হব নোৱাৰে, সেই কথা কিছুমান অভিভাৱকে মানিবলৈ টান পায় ৷ সুক্লীয়া পাঠ্যক্রম, হোমৱর্ক, ঘৰুৱা শিক্ষকৰ নিয়মীয়া বোজাৰ উপৰি এনে অভিভাৱকসকলৰ শিশুসকল আর্টৰ ক্লাছ কৰা, সাঁতুৰিবলৈ যোৱা, টেনিছ–বেডমিণ্ঢন, কাৰাটে খেলিবলৈ যোৱা আদি এসোপামান কামৰ ভৰত চেপেটা হৈ যায় ৷ ফলস্বৰূপে কোনোটো কামৰ প্রতিয়েই শিশুটিৰ আগ্রই নাথাকে আৰু ফলাফল কেতিয়াও আশানুৰূপ নহয় ৷ অভিভাৱকে শিশুৰ বিফলতাক কেনেকৈ সফলতালৈ পৰিৱর্তন কৰিব পাৰে, সেই বিষয়ে কিছু কথা আলোচনা কৰোঁ আহক

  • প্রথমে শিশুৰ আগ্রহ, অভিৰুচি জানিবলৈ যত্ন কৰাটো উচিত ৷
  • শিশুটিয়ে শাৰীৰিক তথা মানসিকভাৱে কিবা সমস্যাৰ সন্মুখীন হৈ আছে নেকি জানিবৰ চেষ্টা কৰিব লাগে ৷
  • শিশুটিক আন শিশুৰ লগত অনবৰত তুলনা কৰি গালি–গালাজ কৰি থকাটো উচিত নহয় ৷
  • শিশুৰ ভৱিষ্যৎ সম্পর্কে অধিক উদ্বিগ্ন হব নালাগে ৷
  • পৰিয়ালত শিশুৰ প্রতি ব্যৱহাৰ গণতান্ত্রিক হব লাগে ৷
  • শিশুৰ মনত আত্মবিশ্বাসৰ ভাব গঢ় দি তুলিবৰ যত্ন কৰিব লাগে ৷
  • কম নম্বৰ পোৱা বাবে খং কৰাতকৈ সেই বিষয়টো অধিক মনোগ্রাহী কৰি পঢ়াবলৈ লওক ৷
  • শিশুৰ যুক্তিসংগত প্রয়োজনবোৰ পূৰণৰ চেষ্টা কৰিব লাগে ৷
  • শিশুক সমালোচনা কৰাৰ পৰা বিৰত থকাটো উচিত ৷
  • বিদ্যালয় সপ্তাহ অথবা বিদ্যালয়ৰ অন্যান্য কার্যসূচীসমূহত অংশগ্রহণৰ বাবে উৎসাহ প্রদান কৰিব লাগে ৷
  • শিশুৰ সৃষ্টিশীলতাক উৎসাহিত কৰিব লাগে ৷
  • কিছুসংখ্যক অভিভাৱকে শিশুটোৱে পঢ়াৰ পৰিৱর্তে সৃজনাত্মক ক্রিয়াত ব্যস্ত থাকিলে খং বা গালি–গালাজ কৰে, হয়ে শিশুৰ মনত বেয়া প্রভাৱ পেলায় ৷ নিশ্চয়কৈ পঢ়া–শুনা অত্যন্ত জৰুৰী ৷ কিন্তু শিশুটিক খং কৰাৰ পৰিৱর্তে মৰমেৰে বুজাওক ৷ শিশুটিয়ে নির্দিষ্ট পাঠ ঠিকমতে পঢ়া হোৱাৰ পিছত তাক নিজৰ মতে ভালপোৱা কামবোৰ কৰিবলৈ দিয়ক ৷
  • জীৱনৰ বিফলতাৰ সন্মুখীন হৈও আগুৱাই নিজকে প্রতিষ্ঠা কৰা টমাছ আলভা এডিচনৰ দৰে মহান ব্যক্তিসমূহৰ জীৱনী শিশুক পঢ়িবলৈ দিয়া উচিত ৷
  • অভিভাৱকে নিজৰ শিশুটিক এক অসাধাৰণ ব্যক্তি(Genius) ৰূপে গঢ় দিবলৈ চেষ্টা কৰিব নালাগে ৷

জর্জ বার্নার্ড শ্বই কৈছিল, সকলো মানুহ সকলো কামৰ বাবে উপযুক্ত নহয়, কিন্তু প্রত্যেকজন মানুহেহ কোনোবা নহয় কোনোবা কামৰ বাবে উপযুক্ত ৷ নিজৰ শিশুটি কোনটো কামৰ বাবে উপযুক্ত সেয়া অর্থাৎ শিশুটিৰ কিহত ৰাপ আছে, সেয়া অনুধাৱন কৰাটো প্রয়োজন ৷ সকলো শিশুৱেহ ভিন্ন ৷ সকলোৱে কোনোবা ক্ষেত্রত বিফল হলেও কোনোবা ক্ষেত্রত সফল নিশ্চতভাৱে হব ৷ কিন্তু সেয়া কেৱল অভিভাৱকে দিয়া মৰম, উৎসাহৰ দ্বাৰাহে সম্ভৱ৷ কামনা কৰিছোঁ, সকলো শিশু সফল হওক

ফোনঃ  ৮৭২৪০-৮৬৬৩০

You might also like

Comments are closed, but trackbacks and pingbacks are open.