গাউট ৰোগ

ৰাজীৱ কাশ্যপ

শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধিৰ ফলত গাউট নামৰ এবিধ গাঁঠিৰ বিষ হয় ৷ এই ৰোগ ভাৰতবর্ষত অধিক হাৰত দেখা পোৱা যায় ৷ এই ৰোগ হলে গাঁঠিবোৰ ফুলি উঠে, ৰঙচুৱা হয় আৰু বিষ হয় ৷ আমি খোৱা কিছুমান খাদ্যত পিউৰিন নামৰ এবিধ দ্রব্য থাকে ৷  এই পিউৰিন ভাঙি ইউৰিক এচিড উৎপন্ন হয় ৷ ইউৰিক এচিড এবিধ বর্জিত পদার্থ আৰু ই তেজত মিহলি হৈ বৃক্কত অৱশোষিত হৈ প্রস্রাৱৰ লগত ওলাহ যায় ৷ শৰীৰত ইউৰিক এচিডৰ পৰিমাণ অধিক বৃদ্ধি হলে ইয়াৰ পৰা দানাকাৰ ইউৰেটৰ সৃষ্টি হয় আৰু গাঁঠিবোৰত জমা হয় ৷ ইয়াৰ ফলত গাঁঠিবোৰ উখহি উঠে আৰু বিষ হয় ৷ গাউট হলে সচৰাচৰ ভৰিৰ বুুা আঙুলিটোৰ গাঁঠিটো প্রথমে আক্রান্ত হয় যদিও আঁঠু, এংকল, কিলাকুটিৰ গাঁঠি, মণিবন্ধৰ গাঁঠি আৰু হাতৰ আঙুলিৰ গাঁঠিসমূহতো এই বিষ হোৱা দেখা যায় ৷ এই বিষ আৰম্ভ হোৱাৰ ৪-১২ ঘণ্টাৰ পিছত বিষ অধিক হয় ৷ গাঁঠিটো উখহি উঠে, গৰম হয় আৰু সঞ্চালন কৰিব নোৱাৰা হয়, লগতে ৰো উঠিব পাৰে ৷ তেজত ইউৰিক এচিড পৰীক্ষা কৰিলে এই ৰোগ চিনাক্ত কৰিব পাৰি ৷ তেজত সাধাৰণতে ৬.৮ mg/dcl তকৈ কম পৰিমাণৰ ইউৰিক এচিড থাকিব লাগে ৷ যদি ইয়াতকৈ ইউৰিক এচিডৰ পৰিমাণ অধিক হয় তেতিয়া গাউট হয় ৷ ১৪ দিনৰ ভিতৰত এহ বিষ কমি যায় ৷ বিষ কমি যোৱাৰ পিছত উখহা গাঁঠিৰ ছালত খজুৱতি হয় আৰু ছাল এৰি যাব পাৰে ৷

গাউট ৰোগ কিছুমান কাৰকৰ ওপৰত নির্ভৰ কৰে ৷ সেইবোৰ হৈছেঃ

  •  বয়স আৰু লিংগঃ মতা মানুহৰ গাউটৰ সমস্যা মাইকী মানুহতকৈ অধিক হোৱা দেখা যায় ৷ মতা মানুহৰ ৩০-৫০ বছৰৰ ভিতৰতে সাধাৰণতে গাউটৰ সমস্যাই দেখা দিয়ে ৷ মাইকী মানুহৰ ক্ষেত্রত ৰজঃনিবৃত্তিৰ পিছত এই ৰোগত ভোগা দেখা যায়৷ ৫০ বছৰৰ ঊধর্বত মতা মানুহৰ তুলনাত মাইকী মানুহৰহে এই ৰোগ হোৱা দেখা যায় ৷
  • আহাৰঃ  চর্বিযুক্ত মাংস( Red Meat), সাগৰীয় খাদ্য, ফলৰ পৰা পোৱা শর্কৰা (Fructose) আদি অধিক পৰিমাণে গ্রহণ কৰিলে শৰীৰত হউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পায় ৷ দীর্ঘদিন ধৰি আৰু অধিক পৰিমাণে মদ্যপান কৰা লোকসকলৰো হউৰিক এচিডৰ সমস্যা হোৱা দেখা যায় ৷
  • মেদবহুলতাঃ  অত্যধিক মেদবহুল ব্যক্তিৰ শৰীৰত যদি অধিক পৰিমাণৰ ইউৰিক এচিড উৎপন্ন হয়, তেতিয়া বৃক্কহ এই হউৰিক এচিড বাহিৰলৈ উলিয়াই পঠিয়াওঁতে অসুবিধা হয় ৷ শৰীৰত থাকি যোৱা হউৰিক এচিডে গাউটৰ সৃষ্টি কৰে ৷
  •  কিছুমান ৰোগৰ আনুষংগিক ৰোগ হিচাপেও দেহত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হয় ৷ সেইবোৰ হল, অনিয়ন্ত্রিত উচ্চ ৰক্তচাপ, পুৰণি মধুমেহ ৰোগ, বৃক্কৰ ৰোগ, হূদৰোগ আদি৷ সীহৰ বিষক্রিয়াৰ বাবেও শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বাঢ়িব পাৰে ৷
  •  কিছুমান ঔষধ সেৱন কৰিলে পার্শ্বক্রিয়া হৈও ইউৰিক এচিড বাঢ়িব পাৰে ৷ উচ্চ ৰক্তচাপত ব্যৱহাৰ হোৱা কিছুমান ঔষধ,Thiazide Diuretics, কম পৰিমাণৰ এচ্পিৰিন আদি ঔষধ সেৱন কৰিলে ইউৰিক এচিড বাঢ়িব পাৰে ৷
  • বংশগত কাৰকৰ বাবেও ইউৰিক এচিড বাঢ়িব পাৰে ৷ কোনো ব্যক্তিৰ হউৰিক এচিডৰ সমস্যা থাকিলে জিনৰ প্রভাৱত বংশৰ আন লোকৰো এই সমস্যা হোৱা দেখা যায় ৷
  •  শৰীৰত ভিটামিন–ডিৰ পৰিমাণ অধিক হলেও গাউট হব পাৰে ৷
  •  আঘাত পালে বা ছার্জাৰী হোৱাৰ পিছতো গাউট হব পাৰে ৷
  •  মানসিক চাপ, উদ্বিগ্ণতা আদিৰ ফলতো শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বাঢ়িব পাৰে ৷

 গাউটৰ পৰা হব পৰা জটিলতাঃ

  • সঘনাই গাউটৰ সমস্যাত ভোগা কিছুমান লোকৰ এবাৰ গাউট হোৱাৰ পিছত পুনৰ আৰু এই সমস্যা নহয় ৷ কিন্তু কিছুমান লোকৰ সঘনাই গাউটৰ সমস্যা হৈ থাকে ৷ এটা বছৰৰ ভিতৰত কেইবাবাৰো এই ৰোগ হয় ৷ এনে ব্যক্তিয়ে ডাক্তৰৰ পৰামর্শ অনুসৰি দৰব আৰু খাদ্য গ্রহণ কৰিব লাগে ৷
  • বৃক্কৰ পাথৰ( Kidney Stone) শৰীৰত বহুদিন ধৰি হউৰিক এচিড বাঢ়ি থাকিলে আৰু ইয়াৰ চিকিৎসা নকৰিলে ইউৰিক এচিডৰ পৰা সৃষ্টি হোৱা দানাকাৰ ইউৰেটবোৰ মূত্র পৰিবাহী নলীৰ দ্বাৰা অৱশোষিত হৈ জমা হৈ পাথৰৰ সৃষ্টি কৰিব পাৰে ৷ মূত্রবাহী নলীত অধিক হউৰেট জমা হলে বৃক্ক বিকলো হব পাৰে ৷ ইউৰিক এচিড নিয়ন্ত্রণ কৰিবলৈ দৰব ব্যৱহাৰ কৰিলে বৃক্কত পাথৰ সৃষ্টি হোৱাত বাধা দিয়ে ৷

ইয়াৰ বাহিৰেও ইউৰিক এচিডৰ পৰা সৃষ্টি হোৱা ইউৰেটৰ দানাবোৰ ছালৰ তলত জমা হয়, যাক টোফি (Tophi) বোলে ৷  এই টোফিবোৰ খালী চকুৰে ধৰিব পাৰি ৷ এই টোফিসমূহ শৰীৰৰ বিভিন্ন অংশ যেনে হাত–ভৰিৰ আঙুলি, কিলাকুটি কলাফুল, এংকল জইণ্টৰ আশে–পাশে, কাণৰ লটি আদিত জমা হব পাৰে ৷ এই টোফিবোৰ সাধাৰণতে নিবিষায় ৷ যেতিয়া পুনৰ গাউটৰ লক্ষণসমূহ দেখা দিয়ে, তেতিয়া টোফিবোৰ হেঁচি দিলে বিষ অনুভৱ হয় ৷ ইউৰিক এচিড নিয়ন্ত্রণ কৰা দৰব খোৱা লোকসকলৰ শৰীৰত টোফি সৃষ্টি নহয় ৷

ইউৰিক এচিড প্রতিৰোধ কৰা উপায়ঃ  গাউটৰ সমস্যা এবাৰ হোৱাৰ পিছত আকৌ হোৱাৰ সম্ভাৱনা থাকে৷ সেয়েহে ইয়াৰ অসুবিধাসমূহ যেনে বিষ, গাঁঠি উখহা আদিৰ পৰা আৰোগ্য লাভ কৰাৰ পিছত খোৱা খাদ্যৰ কিছুমান নীতি–নিয়ম মানি চলিলে ভৱিষ্যতে এই ৰোগ পুনৰ হোৱাত বাধা দিব পাৰোঁ ৷ নিয়মসমূহ এনেধৰণৰ

  • পানী যথেষ্ট পৰিমাণে খাব লাগে ৷ এজন প্রাপ্তবয়স্ক্ লোকে দিনে ৩-৫ লিটাৰ পানী খাব লাগে ৷ অৱশ্যে মিঠা পানীয়, ফলৰ ৰস যত Fructose অধিক থাকে আদি খাব নালাগে ৷
  • মদ্যপানৰ অভ্যাস এৰিব লাগে বা এৰিব নোৱাৰিলেও কমাব লাগে ৷ এলকহলৰ ভিতৰত বিয়েৰে গাউট সৃষ্টি কৰাৰ সম্ভাৱনা ববায় ৷ ধূমপানো এই ৰোগৰ বাবে ক্ষতিকাৰক ৷
  • কম চর্বিযুক্ত দুগ্ধজাত সামগ্রী খাব লাগে ৷ শৰীৰৰ বাবে প্রয়োজনীয় প্রটিন গাখীৰ আৰু গাখীৰৰ পৰা প্রস্তুত কৰা সামগ্রীৰ পৰা গ্রহণ কৰিব লাগে ৷ কম চর্বিযুক্ত দুগ্ধজাত সামগ্রীয়ে গাউটৰ পৰা সুৰক্ষিত কৰে ৷
  • মাংস আৰু ডাঙৰ চর্বিযুক্ত মাছ খাব নালাগে ৷ চৰাইৰ মাংস আৰু সাগৰীয় মাছো অতি ক্ষতিকাৰক ৷ ইয়াৰ বাহিৰেও আন কিছুমান খাদ্য খালে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হয় ৷ সেইবোৰ হৈছে, মাহজাতীয় শস্য, বীনজাতীয় খাদ্য, মটৰ,  কাঠফুলা, পালেং শাক, ফুলকবি, শতমূল, আইচক্রীম, কেক, পেষ্টি, ভজা খাদ্য, ইষ্টৰ দ্বাৰা প্রস্তুত কৰা খাদ্য আদি ৷ এইবোৰ খাদ্য খাব নালাগে ৷
  • শৰীৰৰ ওজন নিয়ন্ত্রিত কৰি ৰাখিব লাগে ৷ মেদবহুল ব্যক্তিৰ ইউৰিক এচিড ববাৰ সম্ভাৱনা বেছি ৷ কিন্তু দেহৰ ওজন কমাবলৈ লঘোনে থকা বা কম সময়ত বেছিকৈ ওজন কমা এই দুয়োটাই সাময়িকভাৱে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে ৷

গাউটৰ লক্ষণসমূহ দেখা দিয়াৰ লগে লগেই ডাক্তৰৰ পৰামর্শ লব লাগে ৷ তেজৰ পৰীক্ষাত ইউৰিক এচিড ববাটো নিশ্চিত হলে চিকিৎসকে প্রদান কৰা দৰব গ্রহণ কৰিব লাগে ৷ সোনকালে চিকিৎসা আৰম্ভ কৰিলে গাউটৰ পৰা হব পৰা আনুষংগিক সমস্যাবোৰৰ পৰা হাত সাৰিব পাৰি ৷ ইয়াৰ উপৰি এবাৰ গাউটৰ পৰা আৰোগ্য হোৱাৰ পিছত পুনৰ এই ৰোগ নহবলৈ ওপৰত উল্লেখ কৰা নিয়মখিনি মানি চলাটো নিতান্তই প্রয়োজনীয় ৷

ফোনঃ  ৮৬৩৮২-৭২৮৬৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.