আৱেগৰ ভ্রাম্যমাণ

যোগেশ কলিতা

ভ্রাম্যমাণ অসমীয়াৰ আৱেগ ৷ ভ্রাম্যমাণ অবিহনে অসমীয়া জনজীৱন একপ্রকাৰ বৃথা বুলিয়েই কব পাৰি ৷ ভ্রাম্যমাণৰ নাটক চোৱাৰ অভিজ্ঞতাৰে পুষ্ট প্রতিগৰাকী অসমীয়াই প্রতিবছৰে এই অৱস্থানটো সুন্দৰ ৰূপেৰে উপস্থাপিত হৈ থকাটো বিচাৰে ৷ যোৱা দুটা বছৰৰ বন্ধৰ পিছত এই বর্ষত নৰূপেৰে দর্শকৰ মাজলৈ আহিছে ভ্রাম্যমাণৰ সোণোৱালী দিন ৷ উভতি আহিছে গাঁৱেভূঞে বাজি থকা সেই বিশেষ ঘোষণাটো  আজি প্রথম নিশাৰ নিবেদন৷ যাৰ বাবে অধীৰ আগ্রহেৰে অপেক্ষা কৰে সকলোৱে৷ চিনাকি অভিনেতাভিনেত্রীক মঞ্চত এক নতুন ৰূপত চোৱাৰ তীব্র হাবিয়াসক কোনোৱে নিয়ন্ত্রিত কৰি ৰাখিব নোৱাৰে ৷ এৰাতিতে দুখনতিনিখন নাটক চোৱাৰ ভ্রাম্যমাণপ্রেমী ব্যক্তিও আমাৰ সমাজত আছে ৷ অসমীয়া চিনেমাই দিব নোৱাৰা বিনোদন ৰিয়েল লাইফত দি আহিছে ভ্রাম্যমাণৰ মঞ্চত ৷

অপেছাদাৰী মঞ্চৰ পৰা পেছাদাৰী ৰূপ পোৱা নাটকৰ এই বহল পৰিসৰ ভ্রাম্যমাণ আজিৰ তাৰিখত এক শক্তিশালী গণমাধ্যম৷  ভ্রাম্যমাণ আজি এক মঞ্চ, যিয়ে সমাজত ঘটি থকা বিভিন্ন অন্যায়নিয়মদুর্নী, সত্যসঁচা ঘটনা, শাশ্বত প্রেম কাহিনীক সুন্দৰ ৰূপে সমাজৰ বার্তাবাহক হিচাপে কাম কৰে৷ সংবাদ মাধ্যম, ছচিয়েল নেটৱর্কিং ছাইট আদিবোৰে যিদৰে সমাজৰ ভালবেয়াবোৰ দেখুৱাই দিয়ে, ঠিক তেনেদৰে ভ্রাম্যমাণ থিয়েটাৰেও এক বৃহৎ ভূমিকা পালন কৰি আহিছে ৷ আজিৰ পৰা প্রায় ৪০৫০ বছৰ আগতে নাট্যনগৰী পাঠশালাত ভ্রাম্যমাণৰ দুই মহীৰূহ অচ্যুৎ লহকৰ আৰু ৰতন লহকৰৰ অহোপুৰুষার্থত জন্ম লভিছিল ক্রমে আৱাহন থিয়েটাৰ আৰু কহিনুৰ থিয়েটাৰে৷ কালক্রমত এই দুই দলক অনুসৰণ কৰি ৰাজ্যৰ চুকেকোণে আন কেইবাটাও নতুন ভ্রাম্যমাণ দলৰ সৃষ্টি হল ৷ তাৰ ভিতৰত ভাগ্যদেৱী, বৰদৈচিলা, হেঙুল, ৰাজতিলক, শংকৰদেৱ, আশীর্বাদ, বৃন্দাবন, ৰাজমুকুট, সূর্য আদি অন্যতম ৷ আজিৰ তাৰিখত অতি কমেও ৩০টাৰো অধিক নাট্য দলে নাট মঞ্চস্থ কৰি দর্শক সমাজৰ বিপুল সমাদৰ লাভ কৰি আহিছে ৷

আশীর্বাদ থিয়েটাৰৰ জৰিয়তে ভ্রাম্যমাণত আৰম্ভ হোৱা গ্লেমাৰ জগতখন আজি ব্যয়বহুল ৰূপত আহি উপস্থিত হৈছে ৷ যি সময়ত লাখ টকাৰ ঘৰত এটা প্রযোজনা গোষ্ঠীয়ে নাট নিবেদন কৰিম বুলি পৰিকল্পনা কৰিছিল আজিৰ তাৰিখত সেই সংখ্যাই কেইবালাখৰো ঘৰ চুইছে ৷ তাৰকাবিহীন নাট্য দলৰ সমাদৰ যেন আজিৰ থিয়েটাৰৰ প্রচাৰত কম হোৱা পৰিলক্ষিত হৈছে৷ তাৰ লগতে আছে ছচিয়েল মিডিয়া, সংবাদ মাধ্যম তথা অন্য বহু প্রচাৰ মাধ্যমৰ মেগা প্রচাৰ ৷

চলি থকা ভ্রাম্যমাণৰ নাট্য দলসমূহৰ মাজত অতি গুৰুত্বপূর্ণভাৱে দেখা দিয়া সমস্যাটোৱেই হল নাট্যকাৰৰ অভাৱ ৷ কেইগৰাকীমান নাট্যকাৰৰ ওপৰতেই বর্তমান এই অনুষ্ঠানটো চলি আছে ৷ প্রায় ত্রিশৰো অধিক নাট্যদলত আঠদহগৰাকী নাট্যকাৰেই নাটক ৰচনা কৰি দলকেইটা চলাই আছে ৷ কিন্তু কথা হল প্রতিটো দলকে কমেও তিনিখন নাটকৰ প্রয়োজন হয় ৷ সেই হিচাপত কমেও ৯০ৰ পৰা ১০০খন নাটকৰ প্রয়োজন৷ গতিকে এগৰাকী নাট্যকাৰৰ ভাগত ২০২৫খন নাটকো পৰা দেখা যায়৷ অনাগত দিনত নতুন নাট্যকাৰ সৃষ্টিৰে এই অনুষ্ঠানটো দীঘলীয়া কৰাৰ প্রাসংগিকতা থাকিব৷ সেৱাব্রত বৰুৱা, ধ্রুৱজ্যোতি শর্মা, অৱতাৰ সিং, হেমন্ত দত্ত আদি নাট্যকাৰৰ পিছতেই ভ্রাম্যমাণক এক নতুন ৰূপ দিছিল নাট্যকাৰ অভিজিৎ ভট্টাচার্যই ৷ আশীর্বাদ থিয়েটাৰৰ জৰিয়তে শুভাৰম্ভ হোৱা গ্লেমাৰ ভ্রাম্যমাণৰ মূল গুৰি ধৰোঁতাজনেই অভিজিৎ ভট্টাচার্য ৷ তেওঁৰ পিছতেই ভ্রাম্যমাণত এক নতুন ৰূপত আৰু নতুন শৈলীৰে নাট ৰচনাত ব্রতী হল ৰাজদীপ ৷ এক ব্যতিক্রমী ৰূপেৰে ৰাজদীপে ভ্রাম্যমাণক দিলে কেইবাখনো উল্লেখযোগ্য নাট৷ তাৰ পিছতেই পল্লৱ প্লাবন, হিমাংশু প্রসাদ দাসকে ধৰি নতুন কেইবাগৰাকীও নাট্যকাৰৰ নাটকে ভ্রাম্যমাণৰ মঞ্চক দিছে এক নৱৰূপ ৷

ভ্রাম্যমাণত অতি গুৰুত্বপূর্ণ অংগটোৱেই হৈছে অভিনেতাভিনেত্রী ৷ এটা দল চলিবলৈ ৩০ৰ পৰা ৪০গৰাকী অভিনেতাভিনেত্রীৰ প্রয়োজন ৷ সেইফালৰ পৰা চাবলৈ গলে কমেও এবছৰৰ কাৰণে হাজাৰৰ পৰা পোন্ধৰশ অভিনেতাভিনেত্রীয়ে ভ্রাম্যমাণৰ মঞ্চত অভিনয় কৰি আছে ৷ কিন্তু কথা হল, তাৰকা অভিনেতাভিনেত্রীৰ নতুনকৈ আগমন ভ্রাম্যমাণে সদায় কামনা কৰে ৷ কিয়নো, তাৰকা অভিনেতাভিনেত্রীক লৈয়েই দল এটা এবছৰৰ বাবে ৰাইজৰ মাজলৈ নাট প্রদর্শনৰ বাবে আগবাঢ়ে ৷

এখন অঘোষিত যুদ্ধৰে মঞ্চৰ পিছফালে কাম কৰি থকা কলাকুশলীসকলৰ অৱদানো ভ্রাম্যমাণত কম নহয় ৷ যিকোনো মুহূর্তত মঞ্চ সলনি, যিকোনোধৰণৰ একচনৰ দৃশ্য, গানৰ ছেটআপ, বৰষুণৰ দৃশ্যই হওক বা ফুলনি বাগিচাৰেই দৃশ্য হওক, ৰাজপ্রাসাদেই হওক বা কোনো পঁজা ঘৰেই হওক, বাছ ষ্টেণ্ডেই হওক বা ৰেল ষ্টেচনেই হওক, মুহূর্ততে সজাই দর্শকক আমোদ দিয়াৰ কৃতিত্ব কেৱল সেই বেক ষ্টেজৰ কলাকুশলীসকলৰহ্ ৷ লগতে ছাউণ্ড বক্স, যাক ভ্রাম্যমাণৰ একপ্রকাৰ হার্ট বুলি কব পাৰি ৷ এই বক্সটোৰ পৰাই নিয়ন্ত্রিত হয় এখন নাটকৰ সকলোধৰণৰ কার্যবিৱৰণী৷ মঞ্চত অভিনয় কৰি থকা প্রতিগৰাকী অভিনেতাভিনেত্রীৰ প্রতি সূক্ষ্ম দৃষ্টি নিক্ষেপেৰে এই বক্সৰ পৰাই নিয়ন্ত্রিত হয় পোহৰ, শব্দ আদি ৷ গতিকে এই বক্সত বহি যাৰ নাটক চোৱাৰ অভিজ্ঞতা হয় বা অভিজ্ঞতা আছে, তেওঁলোকেহে বুজি পাব ভ্রাম্যমাণৰ এই বিশেষ বক্সটোৰ দায়িত্ব আৰু ব্যস্ততা কিমান

ভ্রাম্যমাণ থিয়েটাৰতো চলে এক অঘোষিত যুদ্ধ ৷ এয়া কোনো দৈহিক বা শাৰীৰিক যুদ্ধ নহয় ৷ ইয়াত চলে নাটক প্রদর্শনৰ যুদ্ধ ৷ ভ্রাম্যমাণ থিয়েটাৰ বুলি কলেই সততে মনলৈ অহা কেইটামান বিশেষ ঠাই হল নলবাৰী ৰাস মহোৎসৱ, শাৰদীয় দুর্গোৎসৱ বেলশৰচামতাসাহ, গণেশগুৰি আদি৷ যদি শাৰদীয় দুর্গোৎসৱক ভ্রাম্যমাণ থিয়েটাৰৰ ছেমিফাইনেল বুলি ধৰা হয়, তেন্তে নলবাৰী ৰাস মহোৎসৱ  হৈ পৰে ইয়াৰ বাবে ফাইনেলসদৃশ ৷

চিনাকি সুৰেৰে সকলোৰে আপোন অনুষ্ঠান ভ্রাম্যমাণ থিয়েটাৰ এইদৰেই চলি থাকক সুদীর্ঘ কাললৈ ৷ কোনো অসমীয়াই কামনা নকৰে ইয়াৰ ৰাস্তা চুটি হওক বা থমকি ৰওক৷ অনাগত দিনত অসমৰ গাঁৱেভূঞে সীমা অতিক্রমি ৰাষ্ট্রীয় পর্যায়তো জিলিকি উঠক আমাৰ আৱেগৰ ভ্রাম্যমাণ ৷ সকলোতে বাজি উঠক সেই চিনাকি আৰু বাৰে বাৰে কাণত বাজি থাকিব খোজা বিশেষ ঘোষণাটি আমাৰ হাতত মাত্র কেইটিমানহে টিকট বাকী আছে ৷

ফোনঃ  ৬০০১৫২১৭৮০

You might also like
Leave A Reply

Your email address will not be published.