ক্রনিক ফেটিগ ছিনড্রম

ডাঃ ৰাজীৱ কাশ্যপ

ক্রনিক ফেটিগ ছিনড্রম হৈছে এনেধৰণৰ কিছুমান সমস্যা, যিটো ব্যক্তিজনে প্রধানতঃ বহুত ভাগৰ তথা দুর্বল অনুভৱ কৰে, যিটো জিৰণি ললেও কমি নাযায় ৷ এই ভাগৰ কি শাৰীৰিক সমস্যাৰ বাবে হয় তাক ব্যাখ্যা কৰা কঠিন ৷ কিছুমান ভাইৰাছৰ সংক্রমণ, মানসিক চাপৰ বাবে এনে সমস্যা হব পাৰে বুলি কিছুমানে ধাৰণা কৰে ৷ বিভিন্ন শাৰীৰিক আৰু মানসিক সমস্যাৰ সংমিশ্রণ হৈ ক্রনিক ফেটিগ ছিনড্রম হয় বুলিও বহুতো বিশেষজ্ঞই মত পোষণ কৰে৷ এই সমস্যা হলে লোকজনে দিনৰ দিনটো শুলে বা জিৰণি লৈ থাকিব বিচাৰে ৷ কিন্তু তেওঁৰ ভাগৰ নকমে ৷ এই সমস্যাটো দীঘলীয়া সময়ৰ হয় ৷ কোনো বিশেষ পৰীক্ষাৰ দ্বাৰা এই সমস্যাটো চিনাক্ত কৰিব নোৱাৰি ৷ চিকিৎসাৰ দ্বাৰা এই সমস্যাসমূহ কিছু পৰিমাণে নিয়ন্ত্রণ কৰিব পাৰি যদিও সম্পূর্ণকৈ আৰোগ্য লাভ কৰা দেখা নাযায় ৷ চিকিৎসাৰ ক্ষেত্রত প্রধান অসুবিধাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰা হয় ৷ মহিলাসকলে বেছিকৈ এই সমস্যাত ভোগা দেখা যায় ৷

প্রধান লক্ষণসমূহ হৈছেঃ

১.  জিৰণি ললেও ভাগৰ কমি নাযায় ৷

২. পুৱা শুই উঠাৰ পিছতো সতেজ অনুভৱ নকৰা ৷

৩. স্মৃতিশক্তি হ্রাস পায়, কোনো কামত মনোযোগ নবহে ৷

৪. টোপনি কমি যোৱা বা নিদ্রাহীনতাত ভোগা ৷

৫. ডিঙিৰ চৰচৰণি হয় আৰু ডিঙিৰ আশে–পাশে থকা লসিকা গ্রন্থি ( Lymph nodes) ফুলি উঠিব পাৰে ৷

৬. সঘনাই মূৰৰ বিষ হোৱা ৷

৭.  মূৰ ঘূৰণি হয় ৷ অৱস্থান সলনি কৰিলে বেছিকৈ মূৰঘূৰণি হয় ৷ অর্থাৎ শুলে, বহিলে বা থিয় হোৱাৰ লগে লগে বেছিকৈ মূৰঘূৰণি অনুভৱ হয় ৷

৮.  কোনো বিশেষ কাৰণ নোহোৱাকৈ গাঁঠি আৰু মাংসপেশীৰ বিষ অনুভৱ কৰে ৷

৯. শাৰীৰিক বা মানসিক পৰিশ্রম কৰিলে সমস্যাসমূহ অধিক পৰিমাণে বাঢ়ি যায় ৷

ভাগৰ লগাটো যিকোনো শাৰীৰিক অসুস্থতাৰ লক্ষণ হব পাৰে৷ যেতিয়া ইয়াৰ মাত্রা অধিক হয়, কোনো বিশেষ কাৰণ নোহোৱা কৈ হয় আৰু ছয় মাহতকৈ অধিক সময় ধৰি হৈ থাকে, তেন্তে ডাক্তৰৰ পৰামর্শ লোৱা উচিত ৷

ক্রনিক ফেটিগ ছিনড্রমৰ কোনো কাৰণ নিষ্চিত কৰিব পৰা নাই, সেয়েহে ইয়াক চিনাক্ত কৰিবলৈ অসুবিধা হয় ৷ ইয়াৰ লক্ষণসমূহ অন্য কিছুমান ৰোগতো দেখা যায় ৷ সেয়েহে লক্ষণসমূহ চাই এই বেমাৰবিধ চিনাক্ত কৰিবলৈ অসুবিধা হয় ৷ ক্রনিক ফেটিগ ছিনড্রম হোৱাৰ কিছুমান কাৰক চিকিৎসা বিজ্ঞানীসকলে চিনাক্ত কৰা হৈছে ৷

সেইবোৰ হৈছেঃ

১. কিছুমান ভাইৰাছৰ দ্বাৰা সংক্রমিত হোৱাৰ পিছত কোনো কোনো লোকৰ ক্রনিক ফেটিগ ছিনড্রমৰ উপসর্গত ভুগিব পাৰে ৷   ইপষ্টেনিন বাৰ ভাইৰাছ, হাৰপিছ–ছ ভাইৰাছ, ৰুবেলা ভাইৰাছ আদিৰ সংক্রমণৰ পিছত এই সমস্যা হোৱা দেখা যায় ৷ কেতিয়াবা কিছুমান বেক্টেৰিয়াৰ সংক্রমণৰ পিছতো এই সমস্যাই দেখা দিয়ে ৷

২. ক্রনিক ফেটিগ ছিনড্রমত ভোগা লোকসকলৰ ৰোগ প্রতিৰোধ তন্ত্রটো প্রায়ে দুর্বল হোৱা দেখা যায় ৷ ৰোগ প্রতিৰোধ ক্ষমতা কম হোৱাটো এই সমস্যাৰ এটা কাৰক হব পাৰে ৷

৩. ক্রনিক ফেটিগ ছিনড্রমত ভোগা কিছুমান লোকৰ তেজত হৰমনৰ পৰিমাণৰ তাৰতম্য হোৱা দেখা পোৱা যায় ৷ পিটুইটেৰী আৰু এড্রিনেল গ্রন্থিৰ হৰমনৰ পৰিমাণ সলনি হোৱা দেখা যায়৷ এহটো কি কাৰণে হয় সেহটো এতিয়ালৈকে জনা হোৱা নাই ৷

৪. কেতিয়াবা অনাকাংক্ষিত কিছুমান ঘটনাৰ বাবে শাৰীৰিক বা মানসিক আঘাত পালে তাৰ পিছৰ পৰাই এই ক্রনিক ফেটিগ ছিনড্রম হোৱা দেখা যায়৷

৫. সাধাৰণতে ৪০-৫০ বয়সৰ লোকসকলে এই সমস্যাত বেছিকৈ ভোগা দেখা যায় ৷ পুৰুষৰ তুলনাত মহিলাসকল ২-৪ গুণ অধিক আক্রান্ত হয় ৷

৬. বংশগত কাৰক আৰু পৰিৱেশজনিত কাৰকেও এই  সমস্যাবিধ সৃষ্টি কৰাত সহায় কৰিব পাৰে ৷

চিকিৎসা ক্রনিক ফেটিগ ছিনড্রম চিনাক্ত কৰা আৰু তাৰ চিকিৎসা কৰাটো কিছু জটিল ৷ ইয়াৰ চিকিৎসা পদ্ধতি লক্ষণ অনুসৰি কৰা হয় ৷ মানসিক চাপ আৰু হতাশাত ভোগাসকলৰ ক্রনিক ফেটিগ ছিনড্রম বাঢ়ি যায় ৷ এইক্ষেত্রত এণ্টিডিপ্রেচেণ্ট দৰব আৰু কাউঞ্চিলিঙৰ প্রয়োজন হয় ৷ নিদ্রাহীনতা বাঢ়ি গলে টোপনি ধৰা দৰব দিয়া হয় আৰু গাঁঠি আৰু পেশীৰ বিষৰ বাবে বিষৰ দৰব ব্যৱহাৰ কৰিবলৈ দিয়া হয় ৷ যিহেতু এই সমস্যাটোৰ প্রকৃত কাৰণ গম পোৱা হোৱা নাই, সেয়েহে আৰোগ্যৰ হাৰো বহুত কম হয় ৷ দৰবৰ লগতে এই ৰোগীসকলক খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ কিছুমান পৰিৱর্তন কৰিবলৈ দিয়া হয় ৷ খাদ্যৰ ক্ষেত্রত সুষম আহাৰ খোৱাটো অতি প্রয়োজনীয়৷ খাদ্যৰ লগত শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা পোনপটীয়াকৈ নির্ভৰশীল ৷ ফল–মূল, শাক–পাচলি যথেষ্ট পৰিমাণে খাব লাগে ৷  পানী আৰু পানীয় যথেষ্ট পৰিমাণে খোৱা উচিত ৷ কেফেইন থকা পানীয়, চাহ, কফী কমকৈ খোৱা উচিত৷ অধিক কেলৰিযুক্ত খাদ্য খাব নালাগে ৷ তেজত চেনিৰ পৰিমাণ বাঢ়িবলৈ দিব নালাগে ৷ কম পৰিমাণে কিন্তু সঘনাই খাদ্য খাব লাগে ৷ মদ্যপানৰ অভ্যাস বাদ দিব লাগে ৷

জীৱনশৈলীৰ পৰিৱর্তন কৰাটো অতি প্রয়োজনীয়৷ বেছিকৈ শুই থকাটো উচিত নহয় ৷ ভাগৰ লগা অনুভৱ হলেও বিছনাত পৰি থকা উচিত নহয় ৷ সৰু সৰু দুই–এটা কাম কৰি নিজকে ব্যস্ত কৰি ৰাখিব লাগে ৷ যোগাসন আৰু পাতলীয়া ধৰণৰ ব্যায়াম কৰিব লাগে ৷  খোজ কা, সাঁতোৰা, চাইকেল চলোৱা আদি ব্যায়াম কৰা অভ্যাস কৰিব পাৰে ৷ ব্যায়াম সদায় কম প্রাবল্যৰ পৰা আৰম্ভ কৰিব লাগে৷ লাহে লাহে ইয়াৰ পৰিমাণ আৰু সময় ববাব লাগে ৷ ঔষধ আৰু অন্যান্য চিকিৎসাৰ লগতে খাদ্য আৰু জীৱনশৈলীৰ উচিত পৰিৱর্তনৰ দ্বাৰা এই বেমাৰবিধৰ পৰা হোৱা সমস্যাসমূহ নিৰাময় কৰিব পাৰি ৷

ফোনঃ  ৮৬৩৮২-৭২৮৬৩

You might also like
Leave A Reply

Your email address will not be published.