অংগীভূতবোধ তাৎপর্য আৰু সবলীকৰণ

ডঃ  প্রদীপ নেওগ

The most terrible poverty is loneliness and the feeling of being unloved – Mother Theresa.

কোনো গোট, ব্যক্তি, পৰিয়াল, সমাজ, দল, সংস্থা, প্রতিষ্ঠান, সংগঠন, জাতি নাইবা দেশৰ অংগৰূপে স্বীকৃত বুলি তথা অন্তৰংগ বুলি হোৱা বোধ আৰু বিশ্বাসক অংগীভূতবোধ Sense of belongingness বুলি বুজোৱা হৈছে ৷ ধৰণী, প্রকৃতি আৰু তাৰ বিভিন্ন উপাদানো মনুষ্যৰ অংগীভূতবোধৰ  উৎস ৷

 ব্যক্তি এগৰাকীয়ে উল্লিখিত কোনো এক উৎসৰ পৰা যিমানে অধিক আত্মীয়তা, আদৰণি, আকর্ষণ, সহযোগ, সমর্থন আদি লাভ কৰে সিমানে তেওঁৰ সেই উৎসৰ প্রতি অংগীভূতবোধ অধিক হয় ৷ আনহাতে কেৱল এক সদস্য হিচাপে পৰিচয় বা স্বীকৃতি থাকিলেই প্রকৃতার্থত অংগীভূতবোধ গগ লৈ নুঠে ৷ উৎস একোটাৰ প্রতি যিমানে অন্তৰংগতা, স্নেহ, শ্রদ্ধা, গৌৰৱবোধ আদি অধিক হয় সিমানে অংগীভূতবোধ সবল হয় ৷

মানুহ স্বভাৱতঃ সমাজপ্রিয় প্রাণী ৷ সেয়ে অংগীভূতবোধ বিশেষ গুৰুত্বপূর্ণ আৱশ্যকতা ৷ বৰেণ্য মনোবৈজ্ঞানিক আব্রাহাম মেছলৰ কালজয়ী উপাপাদ্য আৱশ্যকতাৰ স্তৰ Hierachy of Needs ত অংগীভূতবোধক এক নির্দিষ্ট প্রকাৰৰ আৱশ্যকতা হিচাপে উপস্থাপন কৰিছে ৷ মেছলৰ এই উপাপাদ্য অনুসৰি মানুহৰ আৱশ্যকতা প্রধানতঃ পাঁচ প্রকাৰ তথা স্তৰৰ৷ ক্রমান্বয়ে দৈহিক আৱশ্যকতা Physiological Needs, সুৰক্ষাৰ আৱশ্যকতা Safety Needs, অংগীভূতবোধ আৰু প্রেমৰ আৱশ্যকতা Belonginess and Love  Needs, মর্যাদাৰ আৱশ্যকতা Esteem Needs আৰু স্ব–উৎকর্ষ সাধনৰ আৱশ্যকতা Self-actualization Needs ৷

দৈহিক আৱশ্যকতা হিচাপে উশাহ–নিশাহ, ভোক, পিয়াহ, যৌনস্পৃহা আদিক বুজোৱা হৈছে৷ স্বতঃসিদ্ধ যে দৈহিক আৱশ্যকতাখিনি পর্যাপ্ত পৰিমাণে পূৰণ হোৱাটো সর্বপ্রাথমিক আৱশ্যকতা ৷ দৈহিক আৱশ্যকতাখিনি পর্যাপ্ত পৰিমাণে পূৰণ হলেহে সাধাৰণতঃ ব্যক্তিয়ে আনকেইটা স্তৰৰ  আৱশ্যকতা পূৰণ কৰিবলৈ স্বাভাৱিক তথা স্বতঃস্ফূর্তভাৱে উৎসাহী আৰু সক্রিয় হয় ৷ এইখিনি পূৰণ হোৱাৰ পিছতে ব্যক্তি স্বাভাৱিকতে অভীপ্সু হয় সুৰক্ষাৰ আৱশ্যকতা পূৰণার্থে ৷ আন কথাত দৈহিক আৱশ্যকতাখিনি পর্যাপ্ত পৰিমাণে পূৰণ হৈ থাকিলে ব্যক্তি স্বাভাৱিক তথা স্বতঃস্ফূর্তভাৱে উৎসাহী আৰু সক্রিয় হয় নিজৰ আৰু নিকট আত্মীয়ৰ অস্তিত্ব, স্বাস্থ্য, জীৱন নির্বাহ আদি সুৰক্ষিত কৰাৰ আৱশ্যকতা পূৰণার্থে ৷

উপর্যুক্ত দুয়োবিধ আৱশ্যকতাৰ পিছৰ স্তৰৰ আৱশ্যকতা হৈছে অংগীভূতবোধ আৰু প্রেমৰ আৱশ্যকতা ৷ মানুহৰ জীৱনত প্রেম সুধা সঞ্জীৱনী৷ জীৱনযাত্রাত প্রেমৰ পয়োভৰ যিমানে অধিক হয় সিমানে জীৱন সুখী আৰু সফল বুলি উপলব্ধি হয় ৷ আনহাতে ইবিলাকৰ অভাৱত জীৱন হৈ পৰে নীৰস–নিষ্প্রাণ, অসুখী, অশান্তিকৰ ৷ সেয়েহে মেছলৰ উপপাদ্যত প্রথম দুবিধ প্রাথমিক আৱশ্যকতাৰ পিছতে স্থান দিয়া হৈছে অংগীভূতবোধ আৰু প্রেমৰ আৱশ্যকতাক ৷ প্রেম শব্দটোৱে মেছলৰ উপপাদ্যত মৰম, স্নেহ, আত্মীয়তা, আদৰ–সাদৰ, শ্রদ্ধা, ভক্তি, সহযোগ, সমর্থন আদি সকলোখিনি সামৰি লৈছে ৷ প্রত্যেক ব্যক্তিয়েই এই উপাদানবিলাক যিমান পাৰি লাভ কৰিবলৈ স্বাভাৱিক আৰু স্বতঃস্ফূর্তভাৱে অভীপ্সু আৰু সক্রিয়  হয় ৷

অংগীভূতবোধৰ তাৎপর্য আৰু বৈশিষ্ট্যঃ

অংগীভূতবোধ আৰু প্রেম মুদ্রাৰ ইপিঠি–সিপিঠি হেন ৷ কোনো উৎস অর্থাৎ ব্যক্তি, পৰিয়াল, সমাজ, দল, সংস্থা, প্রতিষ্ঠান, সংগঠন, জাতি, দেশ বা কোনো প্রাকৃতিক উপাদানৰ প্রতি অংগীভূতবোধ যিমানে সবল হয় সিমানে তাৰ যোগেদি মৰম, স্নেহ, আত্মীয়তা, আদৰ–সাদৰ, শ্রদ্ধা, ভক্তি, সহযোগ, সমর্থন আদি লাভ হয় ৷ আধ্যাত্মিক দর্শনত ঈশ্বৰৰ লগত অংগীভূত হোৱাতো গুৰুত্ব আৰোপ কৰা হৈছে, আৰু সেই উদ্দেশ্যে দিহা দিয়া হৈছে ৷ ঈশ্বৰ প্রেম সর্বোকৃষ্ট আৰু সকলো প্রকাৰৰ প্রেমৰ মূল উৎস ৷ সেয়েহে জীৱন উৎকৃষ্ট আৰু যথার্থভাৱে প্রেমময় হবৰ বাবে ঈশ্বৰ প্রেম তথা ঈশ্বৰৰ প্রতি অংগীভূতবোধ সবল কৰাটো পৰম উপাদেয় ৷

আনহাতে উপর্যুক্ত উৎসবিলাকৰ প্রতি অংগীভূতবোধৰ অভাৱ হলে ব্যক্তিৰ জীৱন নীৰস তথা মৰুময় হোৱাটো তেনেই স্বাভাৱিক ৷ আত্মবিশ্বাস, ধৈর্য, সহনশীলতা, উৎসাহ–উদ্দীপনা আৰু ধনাত্মক মনোবৃত্তিৰো স্খলন ঘটে ৷ অংগীভূতবোধৰ অভাৱৰ এক বিশেষ কুফল হৈছে নিঃসংগতাবোধ ৷ চিগনা নামৰ আন্তর্জাতিক সংস্থাৰ ২০২০ চনৰ এক প্রতিবেদনত প্রকাশিত নিঃসংগতাৰ মাপকাঠী Loneliness index অনুসৰি আমেৰিকাৰ ৬০ শতাংশ ব্যক্তিয়ে নিজকে নিঃসংগ বুলি বোধ কৰে, আৰু এইসকল ব্যক্তিয়ে কোনো সামাজিক গোটৰ প্রতি বিশেষ অংগীভূতবোধ উপলব্ধি নকৰে ৷

আপাতঃ দৃষ্টিত বিভিন্ন সামাজিক সম্বন্ধৰে পৰিৱেষ্টিত আৰু সামাজিক কর্মত বেচ সক্রিয় ব্যক্তিও অংগীভূতবোধৰ অভাৱত ভুগিব পাৰে,  নিঃসংগতাবোধৰ দংশনত বেয়াকৈ ভাৰাক্রান্ত হব পাৰে ৷ আনকি নিজৰ পৰিয়ালতো সদস্য এজনে অংগীভূতবোধৰ অভাৱত ভুগিব পাৰে ৷ সেইদৰে কোনো দল, সংগঠন, সংস্থা নাইবা প্রতিষ্ঠানৰ সদস্য হৈয়ো অংগীভূতবোধৰ অভাৱত ভুগিব পাৰে ৷

বন্ধু–বান্ধৱ বেছি থকাটো সবল অংগীভূতবোধৰ লক্ষণ নহবও পাৰে ৷  কিমান বন্ধুৱে আপোনাক নিজৰ বুলি বা বুকুৰ আপোন বুলি ভাবে বুলি আপুনি অন্তৰেৰে বিশ্বাস কৰে, আৰু কিমান বন্ধুৱে আপোনাক প্রয়োজনত অকৃপণ সহায়–সহযোগ আৰু উদাৰচিত্তে সমর্থন কৰিব বুলি আপুনি বিশ্বাসী সেই ভিত্তিতহে আপোনাৰ অংগীভূতবোধৰ সবলতা নির্ভৰশীল ৷ ব্যক্তিৰ জীৱনত এনে অন্তৰংগ বন্ধু নোহোৱাটো নাইবা তেনেই কম হোৱাটো দুর্বল অংগীভূতবোধৰ পৰিচায়ক ৷ অৱশ্যে অন্য উৎসৰ অংগীভূতবোধে এই দুর্বলতা নস্যাৎ কৰিব পাৰে ৷

এলিজাবেথ চু নামৰ এগৰাকী লেখিকাই বন্ধু–বান্ধৱৰ মাজত বেচ জনপ্রিয় হৈ জীৱন কটায়ো দৰাচলতে অংগীভূতবোধৰ অভাৱত ভোগাৰ সন্দর্ভত স্ব–ভিজ্ঞতা এনেকৈ ব্যক্ত কৰিছেঃ মোৰ বন্ধু বহুসংখ্যক ৷ আজিৰ পৰা কিছুদিন আগলৈকে মোৰ কর্ম জীৱনত মই সকলোৰে প্রিয় ব্যক্তি হিচাপে পৰিগণিত বুলি বোধ কৰি আহিছিলোঁ ৷ বন্ধু–বান্ধৱৰ যিকোনো নিমন্ত্রণ মই যেন–তেন ৰক্ষা কৰিবলৈ যত্ন কৰি আহিছিলোঁ ৷ তাৰ বাবে মই মোৰ আয়ৰ তুলনাত অধিক অর্থ ব্যয় কৰিবলগীয়া হৈছিল ৷ বহুখিনি সময়ো খৰচ হৈছিল ৷ পিছে কিছুদিনৰ আগতে মই উপলব্ধি কৰিব পাৰিলোঁ যে যদিও মই সামাজিক পখিলাসদৃশ, দৰাচলতে আন্তৰিকভাৱে বহু পৰিমাণে নিঃসংগ ৷ এই সুপ্ত নিঃসংগতাবোধৰ বাবেই মই নিজৰ বাবে জীৱন যাপন নকৰি বন্ধু–বান্ধৱৰ মাজত নিজকে হেৰুৱাই পেলোৱাৰ এক তাড়নাত ভুগি আহিছিলোঁ ৷ সৌভাগ্য যে এই উপলব্ধি হোৱাৰ পিছত প্রামাণিক সূত্র আৰু তত্ত্বৰ আধাৰত মই মোৰ অংগীভূতবোধ প্রকৃতার্থত সবল কৰি তুলিবলৈ সক্ষম হৈছোঁ, আৰু নিঃসংগতাৰ দংশনৰ পৰা বেচ মুক্ত হব পাৰিছোঁ ৷

অংগীভূতবোধ সবলীকৰণৰ সঁচাৰ–কাঠী

বিভিন্ন সামাজিক গোট, সংস্থাদিত অন্তর্ভুক্তিঃ স্বতঃসিদ্ধ যে ব্যক্তি এজন যিমানে বিভিন্ন প্রকাৰৰ গোট, সংস্থা, সংগঠন আদিৰ সদস্য হয় সিমানে জীৱনযাত্রাত অংগীভূতবোধ লাভ হোৱাৰ পৰিসৰ অধিক হয় ৷ পিছে এইক্ষেত্রত মন কৰিবলগীয়া এই যে কেৱল সদস্য অন্তর্ভুক্ত হলেই অংগীভূতবোধ লাভ নহয় ৷ গোট, সংস্থা বা সংগঠনটোক আৰু তাৰ সদস্যসকলক আপোন বুলি গণ্য কৰিব পাৰিব লাগিব ৷ গোট, সংস্থা বা সংগঠনটোৰ উদ্দেশ্য, ৰীতি–নীতিত প্রকৃতপক্ষে বিশ্বাসী হৈ বিভিন্ন কার্যসূচীত আন্তৰিকতাৰে সক্রিয় অংশগ্রহণ কৰিব লাগিব ৷ তদুপৰি নিম্নলিখিত সূত্রকেইটাত গুৰুত্ব দিসিবিলাক কার্যকৰী কৰিব পাৰিব লাগিব ৷ ইবিলাকৰ অভাৱ ঘটিলে এনে অন্তর্ভুক্তিয়ে হিতে বিপৰীত ফলহে দিয়ে ৷

স্বর্তহীন স্ব–গ্রহণযোগ্যতাঃ স্বর্তহীন স্ব–গ্রহণযোগ্যতাৰ অর্থ হৈছে আনৰ স্বীকৃতিৰ ওপৰত নির্ভৰ নকৰি নিজৰ স্থিতাৱস্থা, স্বাভিমান, স্থান, মান আদিত আস্থা আৰু বিশ্বাস অটুট ৰখা৷ আনৰ প্রশংসা, আদৰ–সাদৰ, মান–সন্মান আদিৰ প্রতি অত্যধিক স্পৃহা পৰিহাৰ কৰা৷ আনৰ মতামতকৈ নিজৰ পর্যালোচনা, নিজৰ বিচাৰ–বিবেচনাত গুৰুত্ব দিয়া৷ আন কথাত আত্মমর্যাদাবোধ সবল কৰা ৷

সাদৃশ্যতাত গুৰুত্ব আৰোপঃ  আপুনি জড়িত থকা গোট, সংস্থা, সমাজ, প্রতিষ্ঠান আদিৰ সদস্যসকলৰ লগত নিজৰ ব্যক্তিত্বৰ যিবিলাক দিশৰ মিল থাকে সিবিলাকত মনোনিৱেশ কৰিব আৰু গুৰুত্ব দিব লাগে ৷ এনে সাদৃশ্যতাৰ উপলব্ধিয়ে তেওঁলোকৰ প্রতি আৰু গোট তথা সংস্থাৰ প্রতি অংগীভূতবোধ সবল হোৱাত প্রত্যক্ষ অৰিহণা যোগায় ৷  নিজকে আনসকলৰ পৰা পৃথক তথা বিশিষ্ট বুলি ভবাটো অংগীভূতবোধৰ অভাৱ ঘটাৰ অন্যতম কাৰণ ৷ এনে ব্যক্তিয়ে গোট, সংস্থা, সমাজ আদিৰ সক্রিয় সদস্য হলেও অংগীভূতবোধৰ অভাৱত ভুগিব পাৰে ৷

আনৰ মত, মতামত তথা দৃষ্টিভংগীক সন্মান কৰাঃ  আনৰ মত, মতামত তথা দৃষ্টিভংগীক স্বভাৱতঃ সন্মান দিব নোখোজা ব্যক্তি জীৱনযাত্রাত অংগীভূতবোধৰ অভাৱত ভোগাটো নিষ্চিত ৷ কোনো গোট, সংস্থা, সমাজ, প্রতিষ্ঠান আদিৰ শীর্যস্থানীয় কার্যবাহী হৈয়ো আনকি এনে ব্যক্তিয়ে অংগীভূতবোধৰ অভাৱত ভোগে ৷ কাৰণ তেওঁ স্বভাৱতঃ নিজৰ বাদে আনৰ কথা চিন্তা কৰিব নোৱাৰে৷ আনৰ প্রকৃত স্নেহ, শ্রদ্ধাদি লাভ কৰিব নোৱাৰে ৷  আনৰ মত, মতামত তথা দৃষ্টিভংগীক গুৰুত্ব দি সকলোৰে লগত একেটি হৈ চলিলেহে গোট, সংস্থাদি আৰু সদস্যসকলৰ প্রতি অংগীভূতবোধ সবল হয় ৷

দায়িত্বশীলতা আৰু উৎপাদনশীলতাঃ  ব্যক্তি যিমানে দায়িত্বশীল আৰু উৎপাদনশীল হয় সিমানে সংশ্লিষ্টসকলৰ মৰম, স্নেহ, আত্মীয়তা, আদৰ–সাদৰ, শ্রদ্ধা, ভক্তি, সহযোগ, সমর্থন আদি লাভ হয় ৷ জীৱনলৈ স্বতঃস্ফূর্তভাৱে ইবিলাকৰ সোঁত বয়৷ ফলস্বৰূপে অংগীভূতবোধ অধিক হয় ৷ এই কথা সর্বত্র প্রযোজ্য৷ আনকি পৰিয়ালৰ ক্ষেত্রতো প্রযোজ্য ৷ পৰিয়ালৰ সদস্য হিচাপে পালনীয় দায়িত্ব যথাপৰিমাণে পালন কৰিলেহে আৰু উৎপাদনশীল সদস্য হিচাপে অৰিহণা যোগাব পাৰিলেহে আন সদস্যৰ মৰম, স্নেহ আদি পর্যাপ্ত পৰিমাণে প্রাপ্ত হয় ৷ একে কথা যিকোনো গোট, সংস্থা, প্রতিষ্ঠানৰ ক্ষেত্রতো অৱশ্যে প্রযোজ্য ৷

তথ্য উৎসঃ

1.  Kayn Hall (2014) Create a Sense of Belonging. Psychology Today. March 24, 2014

2. Elizabeth Su (2020) 4 Steps to Achieve Sense of Belonging. Try Talksspace. Feb. 2020

3. Loneliness and its impact on the American Workplace. Cigna Newsroom, March, 2020

4. Stuart Duff (2019) Three ways to develop a sense of belonging in the workplace. hrzone.com April, 2019.

You might also like
Leave A Reply

Your email address will not be published.