আল্পাইন পর্বতমালাৰ মাজেৰে ইনছৰুক হৈ জুৰিখত

16

ড° হৰিশংকৰ কাকতী
অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক
দক্ষিণ কামৰূপ মহাবিদ্যালয়, মির্জা

২৩ মে’, ২০২৪ চন । আমাৰ ইউৰোপ ভ্ৰমণৰ ৪র্থ দিন। আজি আমি ইটালীৰ পৰা পৰা অষ্ট্ৰিয়াৰ মাজেৰে যাত্ৰা কৰিম সুদূৰ ছুইজাৰলেণ্ডৰ জুৰিখ চহৰলৈ। মুঠ দূৰত্ব ৬৮০ কিঃমিঃ। এক দীঘলীয়া ভ্রমণেই। অৱশ্যে পৰিষ্কাৰ-পৰিচ্ছন্ন মসৃণ পথ, আৰামদায়ক শীত-তাপ নিয়ন্ত্রিত বাছত এই ভ্রমণবিলাক মুঠেই আমনিদায়ক নহয় ৷ পুৱা ভেনিছৰ Smart Hotel Holiday ত পুৱাৰ আহাৰ খাই আমাৰ দলৰ আটায়ে সাজু হ’লোঁ। লগত আছিল ইউৰোপামণ্ডৰ আন পর্যটকসকল। মনটো উগুল-থুগুল লাগি আছে, পৃথিৱীৰ ভূস্বৰ্গ খ্যাত ছুইজাৰলেণ্ডত পদার্পণ কৰিম বুলি । ইউৰোপ ভ্ৰমণত এই দেশখন যেন পর্যটকসকলৰ এক অপৰিহাৰ্য অংগ। নহ’লে ইউৰোপ ভ্রমণেই অসম্পূৰ্ণ হৈ ৰয়। অৱশ্যে পূব ইউৰোপ ভ্ৰমণত ছুইজাৰলেণ্ড সাধাৰণতে নাথাকে ৷

আমাৰ যাত্ৰা প্ৰায় ৭.৪৫ বজাত আৰম্ভ হ’ল। হোটেল এৰাৰ সময়ত বতৰ আছিল বেছ ফৰকাল, এটি ৰৌদ্রোজ্জ্বল পুৱা। যাত্ৰা আৰম্ভ কৰাৰ আগতে আমাৰ দলৰ টুৰ অপাৰেটৰ সঞ্জয়ে আমাৰ আজিৰ ভ্ৰমণৰ এটি বিশেষ বৈশিষ্ট্যৰ বিষয়ে কলে, যিটো হ’ল- “Breakfast in Italy, Lunch in Austria and Dinner in Switzerland”.

আমাৰ প্ৰথম গন্তব্যস্থল আছিল অষ্ট্ৰিয়াৰ ইনছব্রুক চহৰ। আল্পাইন পর্বতমালাৰ মাজে মাজে অকোৱা পকোৱা ৰাস্তাৰে আমাৰ বাছখন গৈ থাকিল। মাজে মাজে গাইড ইভাৰ ঠাইবোৰৰ বিষয়ে মুখৰোচক বর্ণনা। ৰাংঢালী ইভা ছুইজাৰলেণ্ডলৈকে গাইড হিচাপে আমাৰ লগত আছিল।

‘আল্পাইন’ শব্দটো আল্পছৰ পৰা উদ্ভৱ হৈছে। আল্পাইন পৰ্বত বুলিলে ইউৰোপৰ আটাইতকৈ ডাঙৰ আৰু উচ্চতম আল্পছ বা সাধাৰণভাৱে যিকোনো উচ্চতৰ পর্বতমালাক বুজোৱা হয়। এই পর্বতমালা ইউৰোপৰ আঠখন দেশ ফ্রান্স, ছুইজাৰলেণ্ড, ইটালী, মনাকো, লিচেনষ্টাইন, অষ্ট্ৰিয়া, জাৰ্মানী আৰু শ্লোভেনিয়াৰ মাজেৰে পশ্চিমৰ পৰা পূবলৈ প্ৰায় ১২০০ কিঃমিঃ বিস্তৃত হৈ আছে। ই আফ্ৰিকা আৰু ইউৰেচিয়ান প্লেটৰ মাজত হোৱা টেকটনিক সংঘৰ্ষৰ ফল বুলি ভূতত্ত্ববিদসকলে ক’ব খোজে। যিকোনো উচ্চ উচ্চতাৰ পৰিৱেশতন্ত্ৰক বৰ্ণনা কৰিবলৈ ‘আল্পাইন’ শব্দটো অধিক বহুলভাৱে ব্যৱহাৰ কৰা হয়। এই পর্বতমালাৰ আকাৰ আৰু উচ্চতাই ইউৰোপ মহাদেশৰ জলবায়ুত যথেষ্ট প্রভাৱ পেলায়।

ভূতত্ত্ববিদসকলে ঠাৱৰ কৰিছে যে আজিৰ পৰা প্ৰায় ৭ কোটি বছৰ আগতে আল্পছ পৰ্বতমালাৰ সৃষ্টি হৈছিল। আল্পছৰ সৰ্বোচ্চ শৃংগ হৈছে মণ্ট ব্লাংক, ইয়াৰ উচ্চতা প্রায় ৪,৮১০ মিটাৰ (১৫,৭৮২ ফুট)। ইফ্ৰান্স আৰু ইটালীৰ সীমান্তত অৱস্থিত আৰু পশ্চিম ইউৰোপৰ সৰ্বোচ্চ শৃংগও । এই পর্বতমালাত প্রায় ৫০টা গিৰিপথ আছে। ইয়াৰে কেইবাটাও গিৰিপথ কেইবা হেজাৰ বছৰৰ পুৰণি। এই পর্বতমালাৰ বিভিন্ন স্থানত সুৰংগৰ সহায়েৰে ইউৰোপৰ কেইবাখনো দেশৰ লগত সং যোগ স্থাপন কৰা হৈছে। পৃথিৱীৰ দীৰ্ঘতম ৰে’লৱে সুৰংগটো যাৰ দৈৰ্ঘ্য ৫৭.১ কিলোমিটাৰ (৩৫.৫ মাইল) এই পর্বতমালাৰ মাজেৰে পাৰ হৈছে। ২০১৬ চনত মুকলি হোৱা ই চুইছ আল্পছৰ তলেদি পাৰ হৈ উত্তৰ আৰু দক্ষিণ ইউৰোপক যাত্রীবাহী আৰু মালবাহী ৰে’ল উভয়ৰে বাবে সংযোগ কৰে । এই পর্বতমালাত বর্তমান ১০ মিলিয়ন লোকে বসবাস কৰি আহিছে। প্ৰতিবছৰে ইয়ালৈ ১২০ মিলিয়ন পৰ্যটকৰ আগমন হয় ৷

গাইড ইভাই আমাক এইবোৰ কথা সুন্দৰকৈ কৈ গৈছিল। এই আল্পছ পর্বতমালাৰ মাজেৰে বৈ গৈছে ৰাইন, ৰ’ন, পো আৰু ডানিউব নৈ, যিয়ে ইউৰোপৰ ইতিহাস, সংস্কৃতি আৰু বাণিজ্যিক পথসমূহক ব্যাপকভাৱে গঢ় দিয়ে। খিৰিকীৰে আল্পছ পৰ্বতমালাৰ মনোমোহা প্রাকৃতিক দৃশ্যৰাজি উপভোগ কৰি গৈ থাকিলোঁ ৷ পৰ্বতৰ শিখৰবোৰ মেঘেৰে ঢকা, কিছুমান বৰফাবৃত। পৰ্বতৰ তলৰ সমভূমি অঞ্চলত দেখিলো কিছুমান সৰু সৰু গাঁও। আমাৰ ইয়াৰ দৰে ইউৰোপৰ দূৰণিবটীয়া বাছবোৰ য’তে-ত’তে নৰয়। বাটৰ কাষত বাছ ৰখাই প্ৰস্ৰাৱ কৰা বা থু পেলোৱাটো একপ্ৰকাৰ নিষেধ। আনকি সৰু কাকতৰ টুকুৰা এটাও পেলাব নোৱাৰি। যাত্ৰীৰ সুবিধাৰ বাবে ২-৩ ঘণ্টা যাত্ৰা কৰাৰ পিছত কিছুমান আহল-বহল ঠাইত বাছখন ৰখায়, য’ত থাকে টয়লেট সুবিধা। লগতে সৰু একোখন পাৰ্ক, শ্বপিং মল আৰু তাৰ ভিতৰতেই ৰেষ্টুৰেণ্ট, য’ত পর্যটকে চাহ, কফি আৰু বিভিন্ন স্নেকচৰ সোৱাদ ল’ব পাৰে ।

প্রায় ১১ মান বজাত তেনেকুৱা ঠাই এখনতেই আমাৰ বাছখন ৰখালে। ঠাই টুকুৰাৰ নাম নগাৰেডো (Nogaredo)। গাইডে আমাক সময় দিলে ২০ মিনিট। আটায়ে বাছৰ পৰা নামি গৈ চাহ-কফিৰ সোৱাদ ল’লোঁ। টয়লেটলৈ যোৱাৰ বাবদ ০.৫০ ইউৰো ভৰিব লগা হ’ল। বাছত যাওঁতে ৰাস্তাত খাবলৈ দুই এপদ স্নেকছজাতীয় বস্তুও ক্রয় কৰিলে বহুতে।

আধা ঘণ্টা পিছত প্রায় ১১.৩০ বজাত আমাৰ যাত্ৰা আৰম্ভ হ’ল অষ্ট্রিয়া অভিমুখে। প্রায় ২ বজাত আমি উপস্থিত হ’লো অষ্ট্ৰিয়াৰ সীমান্ত অঞ্চল ব্ৰেনাৰ পাছ (Brennere Pass) ত। আমাৰ দলৰ হৈ গাইডে সকলোৰে পাছপ’ৰ্ট, ভিছা আদি লৈ বাছৰ পৰা নামি গ’ল ৷ অলপ পিছত সকলোৰে সেইবোৰ পৰীক্ষা কৰি চাই সীমান্ত পাৰ হ’বলৈ অনুমতি দিলে। লগে লগে আমি প্ৰৱেশ কৰিলোঁ ইউৰোপ মহাদেশৰ এখন উন্নত দেশ অষ্ট্ৰিয়াত ।

মধ্য ইউৰোপৰ স্থলপথত আবদ্ধ পূব আল্পছ পৰ্বতমালাত অৱস্থিত এই দেশখন ৯খন ৰাজ্যৰ ফেডাৰ্চেন। ইয়াৰ ৰাজধানী ভিয়েনা। আটাইতকৈ জনবহুল চহৰ আৰু ৰাজ্য। দেশখনৰ উত্তৰে চেক গণৰাজ্য, পূবে হাংগেৰী, উত্তৰ- পূবে শ্লোভেকিয়া, দক্ষিণে শ্লোভেনিয়া আৰু ইটালী, পশ্চিমে ছুইজাৰলেণ্ড আৰু লিচেনষ্টাইন আৰু উত্তৰ পশ্চিমে জার্মানী। দেশখনৰ আয়তন ৮৩,৭৭৯ বর্গকিঃমিঃ আৰু জনসংখ্যা প্রায় ৯০ লাখ। অষ্ট্ৰিয়াৰ প্ৰায় ৪৫ শতাংশ অঞ্চল পর্বত- পাহাৰেৰে ভৰপূৰ । ছুইজাৰলেণ্ডৰ দৰেই প্ৰাকৃতিক পৰিৱেশ। আল্পছ পৰ্বতমালা, যি ইউৰোপৰ মেৰুদণ্ড হৈ থিয় হৈ আছে, অষ্ট্ৰিয়াৰো সম্পদ সেই আল্পছ পর্বত। ইয়াৰ সৌন্দৰ্যই মন্ত্রমুগ্ধ কৰে বিভিন্ন দেশৰ পৰা অহা পৰ্যটকসকলক । অনুকূল ভৌগোলিক পৰিৱেশ আৰু যাতায়াত সুবিধাৰ বাবে এই দেশখন কৃষি আৰু শিল্পত যথেষ্ট আগবাঢ়িছে। অত্যধিক পৰিশ্ৰমী অষ্ট্ৰিয়াৰ লোকসকল। ১৯৪৫ চনত ২য় মহাযুদ্ধত ধ্বংসস্তূপত পৰিণত হোৱা অষ্ট্ৰিয়া কেনেকৈ ইমান উন্নতিৰ শিখৰলৈ আগবাঢ়ি গ’ল — ভাবিলেই আচৰিত লাগে। ইউৰোপীয় নৱজাগৰণৰ প্ৰভাৱে এই দেশখনক বহু শতিকা আগবঢ়াই লৈ গ’ল। তাৰ তুলনাত আমিবোৰ যে কিমান পিছপৰি আছে ভাবিলেই দুখ লাগে ।

ইউৰোপৰ কেন্দ্ৰস্থল অষ্ট্ৰিয়াই এসময়ত ইউৰোপৰ ৰাজনৈতিক বুৰঞ্জীত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। পৱিত্ৰ ৰোমান সাম্ৰাজ্যৰ সম্রাট আছিল এসময়ত ইয়াৰ ৰজা, যিয়ে ‘পৱিত্ৰ সম্রাট’ হিচাপে সকলো দেশৰে আগশাৰীত স্থান পাইছিল। ১৮০৬ চনত ফ্ৰান্সৰ সম্ৰাট ২য় ফ্ৰান্সিছে নেপোলিয়নৰ হাতত পৰাস্ত হৈ পৱিত্ৰ ৰোমান সাম্ৰাজ্য ভংগ কৰাৰ সময়ত অষ্ট্ৰিয়া অষ্ট্ৰিয়ান সাম্ৰাজ্যত পৰিণত হয়। অস্ট্রিয়া এখন বহুজাতিক সংমিশ্ৰণৰ দেশ। এই সংমিশ্রিত জাতিবোৰে কালক্ৰমত অষ্ট্ৰিয়াৰ শাসনৰ বিৰোধিতা কৰে । ১৮৬৬ চনৰ অষ্ট্ৰিয়া-প্রুছিয়ান যুদ্ধলৈকে জার্মান সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত অষ্ট্ৰিয়াক বিছমাৰ্কৰ একত্রিত জার্মান নীতিয়ে জাৰ্মানীৰ পৰা বিদায় দিয়ে। কিছুবছৰ পিছত ইটালীৰ পৰাও বিদায় ল’বলগীয়া হয় অষ্ট্রিয়াই।

প্রথম মহাযুদ্ধৰ আগেয়ে অষ্ট্রিয়াই জাৰ্মানীৰ সৈতে দ্বি-ৰাষ্ট্ৰীয় মৈত্ৰীত আবদ্ধ হয়। পিছত ইটালীও যোগ দিয়াত ই ত্ৰি-ৰাষ্ট্ৰীয় মৈত্রীত পৰিণত হয়। ১৮৯৪ চনৰ পৰা ১৯০৭ চনৰ ভিতৰত গ্রেট ব্রিটেইন, ফ্ৰান্স আৰু ৰাছিয়াই এই মৈত্ৰীৰ বিৰুদ্ধে এক কূটনৈতিক সংহতি গঠন কৰে, যাৰ নাম দিয়া হয় ট্রিপল এণ্টেণ্ট (Triple Entente)। ১৯১৯ চনৰ ১০ ছেপ্টেম্বৰত স্বাক্ষৰিত ছেণ্ট জার্মেইন চুক্তিয়ে অষ্ট্ৰিয়া হাংগেৰীৰ পৰা পৃথক, হৈ ছয় নিযুত মানুহৰ এখন সৰু দেশত পৰিণত হয়। লগে লগে ৰাজতন্ত্ৰৰ ঠাইত প্ৰজাতন্ত্ৰই গা কৰি উঠে।

প্রথম মহাযুদ্ধত জার্মানী গোষ্ঠীৰ পৰাজয় হয়। ইয়াৰ পিছতেই জাৰ্মানীত হিটলাৰৰ আৱিৰ্ভাৱ ঘটে। প্ৰথম আৰু দ্বিতীয় মহাযুদ্ধৰ কাৰকো আছিল এই অষ্টিয়া। হিটলাৰৰ প্ৰচণ্ড আক্ৰমণত অষ্ট্ৰিয়া ভয়ংকৰ ক্ষতিৰ সন্মুখীন হয়। মিত্রশক্তিয়ে হিটলাৰৰ নাজী বাহিনীৰ পৰা অষ্ট্ৰিয়াক মুক্ত কৰিবৰ বাবে ধাৰাসাৰ বোমাবর্ষণত বহু নিৰপৰাধী মানুহে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়। পিছত হিটলাৰৰ পতনৰ পিছত অষ্ট্ৰিয়া আকৌ স্বাধীন ৰাজ্যত পৰিণত হয়। আগৰ কলেৱৰ হেৰুৱাই ইউৰোপৰ আধুনিক বুৰঞ্জীত অষ্ট্ৰিয়াৰ ভূমিকা তেনেই নিষ্প্রভ হৈ পৰে৷

The once proud Austria, which had ruled over twenty million subjects and fifteen different races, became miserably poor dragged and a pathetic existence.

১৯৪৫ চনত নৱেম্বৰ মাহত অষ্ট্ৰিয়াৰ প্ৰথম ‘প্ৰভিজনেল’ চৰকাৰ গঠন হয়। ১৯৫৫ চনৰ ১৫ মে’ত ভিয়েনাত ‘অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰ চুক্তি’ স্বাক্ষৰ কৰাৰ লগে লগে অষ্ট্ৰিয়াই পুনৰ সাৰ্বভৌমত্ব লাভ কৰি স্বাধীন ৰাষ্ট্ৰত পৰিগণিত হয়। সেই বছৰতে ডিচেম্বৰ মাহত অষ্ট্ৰিয়াই ইউৰোপীয় সংঘত যোগদান কৰে। ১৯৯৯ চনৰ ১ জানুৱাৰীত অষ্ট্ৰিয়াই বাণিজ্যিক আৰু বিত্তীয় লেনদেনৰ বাবে ইউৰো গ্ৰহণ কৰা প্ৰথম দেশসমূহৰ ভিতৰত অন্যতম হয়।

গাইড ইভাই অষ্ট্ৰিয়াৰ বৰ্ণিল ইতিহাসৰ বিষয়ে বৰ্ণনা কৰি আহি থাকোঁতে আমি অষ্ট্ৰিয়াৰ ইনছব্রুক চহৰত প্ৰৱেশ কৰিলোঁ। আমাৰ বাছখন গৈ নগৰখনৰ মাজৰ এটি লেণ্ডমার্ক ফোঁৱাৰা ‘লিঅ’প’ল্ড ফাউণ্টেইন’ৰ ওচৰত ৰখিলেগৈ, য’ত টাইৰলৰ ৰাজকুমাৰ (১৬২৩-১৬৩০) আকৰ্ডযুক লিঅ’প’ল্ডৰ অশ্বাৰোহী মূর্তি এটি আছে। ই টাইৰ’লিয়ান ষ্টেট থিয়েটাৰৰ সন্মুখত আৰু হফবার্গ ইম্পেৰিয়েল পেলেচৰ ওচৰত অৱস্থিত। এই বিখ্যাত ফোঁৱাৰাটো এটি স্মৃতিসৌধ আৰু পৰ্যটকৰ এটি জনপ্রিয় স্থান। ইয়াত ব্ৰঞ্জৰ বিস্তৃত ভাস্কর্য আছে, যিয়ে ধ্রুপদী আৰু বেৰক (Baroque) (১৭ শতিকাৰ আৰম্ভণিতে ইউৰোপত উৎপত্তি হোৱা আৰু ১৮ শতিকাৰ মাজভাগলৈকে চলি থকা শিল্প, স্থাপত্য, সংগীত আৰু নৃত্যৰ এক অলংকৃত শৈলী) শৈলী প্রদর্শন কৰে। অৱশ্যে মূল ব্ৰঞ্জৰ মূৰ্তিবোৰ এটা সংগ্ৰহালয়ত ৰাখি খোৱা আছে। ফোঁৱাৰাটোৰ ওপৰত থকা মূৰ্ত্তিবোৰ প্ৰতিৰূপহে। ফোঁৱাৰাৰ ওপৰত থকা জটিল ব্ৰঞ্জৰ ঘোঁৰাৰ মূৰ্তিটো এক কাৰিকৰী আশ্চৰ্যৰ বহিঃপ্রকাশ। ফোঁৱাৰাটোৰ চাৰিওফালে ফটো উঠি আমি অন্য এটি স্থানলৈ খোজকাঢ়িয়ে আগবাঢ়িলোঁ।

এইখিনিতে উল্লেখ কৰিব খুজিছোঁ যে অষ্ট্ৰিয়াত আমাৰ ৰাতি থকাৰ বন্দোৱস্ত নাছিল। মাত্র ভ্রমণসূচীত ইনছব্রুক চহৰখনত দুঘণ্টামান ৰৈ নগৰখন চোৱাৰহে পৰিকল্পনা কৰা আছিল।

সি যি কি নহওক টুৰ অপাৰ্টেৰ সঞ্জয়ে আমাক দুপৰীয়াৰ আহাৰৰ বাবে নগৰখনৰ ব্যস্ত অঞ্চল এটিত থকা ৰেষ্টুৰেণ্টলৈ লৈ গ’ল। যাওঁতে আমি হফগার্টেন পার্ক (Hofgarten Park)ৰ মাজেদিয়েই খোজকাঢ়ি গ’লোঁ। পাকখনৰ পৰিৱেশ খুব সুন্দৰ, মোহময়ী সেউজীয়া ঘাঁহনিৰে পূৰ্ণ-দেখিয়ে গা-মন জুৰ পৰি গ’ল। এই পার্কখনতে আছিল ১৬ শতিকাত নির্মিত এটি কাঠৰ দুৰ্গ শ্বলছ ৰুহেলাষ্ট (Schloss Ruhelust), যিটো ১৫৬২ চনৰ পৰা ১৫৮২ চনৰ ভিতৰত আকৰ্ডযুক ২য় ফার্ডিনাণ্ড আৰু তেওঁৰ পত্নী ফিলিপাইন ৱেলছাৰৰ বাবে নিৰ্মাণ কৰা হৈছিল। অৱশ্যে ১৭২৮ চনত এটি অগ্নিকাণ্ডত বৃহৎ ক্ষতি হোৱাত ইয়াক ভাঙি পেলোৱা হয়।

পার্কখনৰ আশে-পাশে সকলোৱে ফটো উঠি এইবাৰ আমি লাহে লাহে খোজকাঢ়ি ইনছব্ৰুকৰ পুৰণি ঠাই Altstadt ত প্ৰৱেশ কৰিলোঁ। এই চহৰখনৰ মনোমোহা মধ্যযুগীয় স্থাপত্য, সাংস্কৃতিক সমৃদ্ধি আৰু সুন্দৰ পৰিৱেশে পৰ্যটকক অতিশয় মুগ্ধ কৰি তোলে। ঐতিহাসিক চহৰখনৰ মাজমজিয়াত আছে সুন্দৰ শিলৰ ৰাস্তা, সংৰক্ষিত বিশেষ স্থানসমূহ যেনে- আইকনিক সোণালী ছাদ আৰু ৰঙীন অট্টালিকাবোৰ। মধ্যযুগীয় গথিক স্থাপত্যৰ অট্টালিকাটোৰ ছাদখন সোণ চৰোৱা। এই অট্টালিকাটো ১৫০০ খ্রীঃতে নির্মিত। ইয়াৰ ওচৰে-পাজৰে আছে ইতিহাসপ্রসিদ্ধ সৌধ। ঐতিহাসিক স্মৃতিচিহ্নৰে ভৰা এই চহৰখন কিন্তু সময়ৰ অভাৱত আটাইবোৰ চোৱাৰ পৰা বঞ্চিত হ’লোঁ। ব্যৱসায়িক কেন্দ্ৰৰূপে পৰিচিত এই ঠাইখিনি স্থানীয় কাৰুকাৰ্যখচিত কেফে, বুটিক দোকান আৰু কাৰুশিল্পীৰ ষ্টুডিঅ’ৰে ভৰা সৰু সৰু ঠেক ৰাস্তাবোৰ, পৰ্যটকৰ এক বিশেষ আকর্ষণ। ইয়াত থকা টাউন টাৱাৰটোৰ পৰা অঞ্চলটো আৰু আল্পছ পৰ্বতমালাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিব পাৰি। পৰম্পৰাগত খাদ্যৰ বাবে ইয়াত কেইবাখনো ৰেষ্টুৰেণ্ট দেখিলোঁ।

কিছু সময় ঠাইখিনিতে ঘূৰাফিৰা কৰি এখন ৰেষ্টুৰেণ্টত দুপৰীয়াৰ আহাৰ খাই ইনছব্রুক চহৰৰ কেন্দ্ৰীয় ঠাইখিনিলৈ আগবাঢ়িলোঁ।

ইনছব্রুক। পশ্চিম অষ্ট্ৰিয়াৰ টাইৰল প্ৰদেশৰ ৰাজধানী। কল-কাৰখানা, বৃহৎ বৃহৎ শিক্ষানুষ্ঠানেৰে পৰিপূৰ্ণ এখন অত্যাধুনিক চহৰ। সিদিনা বতৰ বেছ ফৰকাল আছিল। আল্পছ পর্বতমালাৰ নামনিৰ এই চহৰখন শীতকালীন অলিম্পিকৰ বাবে নিৰ্ভৰযোগ্য ক্রীড়াভূমি। ইতিমধ্যে ইনছব্রুকে দুবাৰকৈ, ১৯৬৪ চনত নৱম আৰু ১৯৭৬ চনত দ্বাদশ শীতকালীন অলিম্পিক আয়োজন কৰিছে।

২০১২ চনত প্ৰথম শীতকালীন যুৱ অলিম্পিক গেমছো আয়োজন কৰিছে, যাৰ ফলত ই তিনিবাৰকৈ অলিম্পিক গেমছ আয়োজন কৰা চহৰ হিচাপে পৰিগণিত হৈছে। চহৰখনৰ মাজেৰে বৈ গৈছে ইন (Inn) নদী। চহৰখনৰ নামটোৰ অৰ্থ হ’ল- “Bridge Over The Inn”- অর্থাৎ ইন নদীৰ ওপৰত দলং’। জার্মান ভাষাত ‘Brucke’ শব্দৰ অৰ্থ হ’ল- Bridge অর্থাৎ দলং। বুৰঞ্জীপ্ৰসিদ্ধ এই দলংখন ইনছব্রুকত ইন নদীৰ ওপৰত থকা ১৫খনমান দলঙৰ অন্যতম। ১১৭১ চনত নিৰ্মিত এই দলংখন ১৫৮১ চনত নির্মিত Muhlau দলং নিৰ্মাণ নোহোৱালৈকে চহৰখনৰ একমাত্ৰ ক্ৰছিং তথা অর্থনৈতিকভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। দলংখনৰ ওপৰতেই আমিবোৰ থিয় হৈ আল্পছ পৰ্বতমালাৰ বৰফে আবৃত অংশবোৰৰ নৈসৰ্গিক দৃশ্যৰাজি উপভোগ কৰিলোঁ। ডানিয়ুব নদীৰ উপনৈ, এই ইন নদীখন চহৰখনৰ উত্তৰ অংশৰ মাজেৰে বৈ গৈছে আৰু ই ইনছব্ৰুকৰ প্ৰাকৃতিক ভূ-দৃশ্যৰ এক কেন্দ্ৰীয় বৈশিষ্ট্য।

নদীখনৰ ওপৰেদি যোৱা দলংখনত আমি আটায়ে ফটো উঠিলোঁ। নদীৰ সিপাৰে থকা অট্টালিকাবোৰৰ এটি বিশেষ বৈশিষ্ট্য দেখিলো অট্টালিকাবোৰ প্ৰায় একে ডিজাইনৰ প্ৰায় একে উচ্চতাৰ অট্টালিকাবোৰ বিভিন্ন ৰঙৰ। এইদৰে ভিন্ন ৰং কৰাৰ কাৰণ হ’ল, চিত্রময় পৰিৱেশৰ সৃষ্টি কৰি চহৰখনৰ আকৰ্ষণ বৃদ্ধি কৰা, ইয়াৰ চহকী ইতিহাসক প্রতিফলিত কৰা, নাবিক আৰু নিৰক্ষৰ বাসিন্দাসকলক অট্টালিকা চিনাক্ত কৰাত সহায় কৰা। ঘৰৰ সজীৱ সন্মুখভাগ তেওঁলোকৰ দীৰ্ঘদিনীয়া পৰম্পৰাৰে গঠিত, যিটো মধ্যযুগীয় কালত সঘনাই হোৱা জুই ৰোধ কৰিবলৈ কাঠৰ অট্টালিকাৰ পৰা কংক্রিট অট্টালিকালৈ ৰূপান্তৰিত কৰা হৈছিল। প্ৰায়বোৰ ঘৰৰ চালিবোৰ খাপৰি (মাটি আৰু কংক্ৰিট দুয়োটাৰে) সজা। দহ, বাৰ মহলীয়া ঘৰবোৰৰো শেষৰখন চালি খাপৰিৰ দ্বিতীয় মহাযুদ্ধৰ পিছতে অট্টালিকাবোৰত ঠায়ে ঠায়ে আধুনিক স্থাপত্যৰ প্ৰলেপ সনা হৈছে। অবিভক্ত অষ্ট্ৰিয়াৰ ইতিহাসে স্মৰণ কৰিব সম্পদবোৰ লৈ ক্ষুদ্র অষ্ট্রিয়াই আজিও গৌৰৱ অনুভৱ কৰে। জার্মান ভাষাৰ আধিপত্য আছে যদিও অষ্ট্ৰিয়াৰ নিজা ভাষাও আছে। কিন্তু ইংৰাজী কোৱা মানুহৰ সংখ্যাও কম নহয়। ইউৰোপৰ আন দেশসমূহৰ দৰে পৰ্যটনো অষ্ট্ৰিয়াৰ এক প্রধান শিল্প।

ইনছব্রুক চহৰখন তথা ইয়াৰ মনোমোহা নৈসর্গিক প্রাকৃতিক দৃশ্য উপভোগ কৰি দুঘণ্টা সময় তাত কটাই প্রায় ৪-৩০ মান বজাত আমাৰ যাত্ৰা আৰম্ভ হ’ল ছুইজাৰলেণ্ডৰ জুৰিখ চহৰ অভিমুখে। অষ্ট্ৰিয়াত দূৰাতিমান থাকি বিশেষ কিছুমান পর্যটনস্থলী চাব নোপোৱাৰ দুখ ৰৈ গ’ল। আকৌ এবাৰ আশা মনতে পুহি ৰাখিলোঁ । ভৱিষ্য তে পূব ইউৰোপৰ দেশসমূহলৈ আহিলে অষ্ট্ৰিয়াত দুৰাতি মান থাকি ইয়াৰ বিশেষ পর্যটনস্থলীসমূহ চোৱাৰ ইচ্ছা আছে।

আমাৰ গাড়ী আগবাঢ়িল আল্পছ পর্বতমালাৰ মনোমোহা টাইৰলিয়ান দৃশ্যপট মাজেৰে। ৩০০০ মিটাৰৰ ওপৰৰ ওখ কেইবাটাও শৃংগকে ধৰি ৰাজকীয় আল্পাইন পর্বতমালা, য’ত হিমবাহ, মেঘে আৱৰা পৰ্বতবোৰ আৰু বিচিত্ৰ শিলৰ গঠন বিদ্যমান। নামনিত দেখিলো সেউজীয়া উপত্যকা, পৰম্পৰা স্থাপত্যৰ সৈতে চিত্ৰময় গাঁও আৰু স্ফটিকৰ নিচিনা স্বচ্ছ পানীৰ হৃদ আৰু নদী। যাত্ৰাত কেইবাটাও চুটি দীঘল সুৰংগ অতিক্ৰম কৰিলো। এইদৰে প্ৰায় ৪ ঘণ্টামান যাত্ৰাৰ অন্তত ছুইজাৰলেণ্ডৰ সীমাত উপস্থিত হ’লোঁ। প্রয়োজন হ’লে পাছপৰ্ট চাব পাৰে বুলি কৈ গাইড নামি গ’ল। কিছু সময় পিছত সীমা পাৰ হৈ যোৱাৰ অনুমতি আনিলে৷ আমাৰ পাছপ’ৰ্ট পৰীক্ষা কৰা নহ’ল। এইদৰে কিছুদূৰ যাত্ৰা কৰাৰ পিছত ছুইজাৰলেণ্ডৰ অন্যতম বৃহৎ তথা বেহা-বেপাৰ আৰু উদ্যোগ-কাৰখানাৰ কেন্দ্ৰ জুৰিখ চহৰত উপস্থিত হ’লো আবেলি প্রায় ৮ মান বজাত। ইয়াত সন্ধিয়া প্রায় ১০ বজাতহে হয়। চহৰখনৰ মাজেৰে বৈ যোৱা নদী লিম্মাট (Limmat) ৰ ওচৰত বাছখন ৰ’ল। জুৰিখ চহৰৰ দক্ষিণ অংশত জুৰিখ হৃদৰ পৰা এই নদীখন আৰম্ভ হৈ জুৰিখৰ উত্তৰ-পশ্চিম দিশেৰে প্ৰায় ৩৫ কিঃমিঃ বৈ আৰে (Aare) নদীত মিলিছেগৈ।

নদীখনৰ পাৰে পাৰে কিছুদূৰ খোজকাঢ়ি গৈ ওচৰৰ মল এখনত কিছু বজাৰ কৰি আমি ৰাওনা হ’লো হোটেল ৰেডিচনলৈ।

ছুইজাৰলেণ্ড- নামটোতেই সোমাই আছে এক ৰোমাঞ্চকৰ মাদকতা। পৃথিৱীৰ ভূস্বৰ্গ বুলি জনাজাত প্ৰকৃতিৰ ৰম্যভূমি ছুইজাৰলেণ্ড হাজাৰ হাজাৰ সৰু-বৰ নিৰ্মল পানীৰ হৃদৰে পৰিপূৰ্ণ। ওখ-চাপৰ ভূমিখণ্ড, যিফালে চোৱা যায় সেইফালেই সুন্দৰতা। চুইছ ঘড়ী আৰু চকলেটৰ বাবেও বিখ্যাত। ইয়াৰ চুইছ বেংক বিশ্ববিখ্যাত। দেশৰ প্ৰশাসনৰ ওপৰত থকা বিশ্বাসযোগ্যতাৰ বাবে বিশ্বৰ আন দেশবোৰে তথা বিশ্বৰ ধনী, ব্য ৱসায়ী, ৰাজনৈতিক নেতা আৰু কিছুমান মাফিয়া শ্ৰেণীৰ মানুহে চুইছ বেংকত ধন জমা ৰাখে। শুনা মতে বহুতো ভাৰতীয়ৰ ধনো এই চুইছ বেংকত জমা আছে।

হোটেলত কিছু সময় জিৰণি লোৱাৰ পিছত ৰুমৰ পৰা হোটেলৰ বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰৰ উষ্ণতা প্রায় ৮-৯°চেলচিয়াছ। ওচৰতে থকা পাহাৰখনৰ পৰা ফিৰফিৰীয়া ঠাণ্ডা বতাহ এজাক আহি আছিল । হোটেলৰ পৰা খোজকাঢ়িয়ে ওলাই গ’লো এপাক ফুৰিবলৈ। ৰাস্তাবোৰ মসৃণ, চাফ-চিকুণ, ক’তো কাগজৰ টুকুৰা এটাও পৰি থকা দেখা নেপালো। আমি থকা হোটেলখনৰ আশে-পাশে বিশেষ হাই-উৰুমি নাই। নির্জন পৰিৱেশ। ৰাস্তা-ঘাটত জনসমাগম খুবেই কম। দুই এখন গাড়ী অহা-যোৱা কৰি আছে। মন কৰিলোঁ ইউৰোপৰ দেশসমূহত সন্ধিয়া ৭ বজাত অর্থাৎ দিনৰ পোহৰতেই মানুহে ৰাতিৰ আহাৰ খাই শেষ কৰে, হয়তো দিনটোৰ কৰ্মব্যস্ততাৰ বাবে। কিছু দূৰ ফুৰি আছি হোটেলত সোমোৱাৰ পিছতে দেখিলোঁ ইতিমধ্যে গাইডে পিছদিনাৰ আমাৰ গ্রিণ্ডেলৱাৰ্ল্ড যাত্ৰাৰ বিষয়ে কৈ আছিল। কথাখিনি শুনাৰ পিছত আবেলি জুৰিখ চহৰৰ পৰা কিনি অনা ৰেডিমেড ডীনাৰ খাই পিছদিনাৰ ৰোমাঞ্চকৰ যাত্ৰাৰ কথা ভাবি ভাবি বিছনাত শুই পৰিলোঁ ।

You might also like

Comments are closed, but trackbacks and pingbacks are open.