ড° পৰাগ কুমাৰ ভট্টাচার্য
দুই ভায়েক। উদয় আৰু নিলয়। বয়সৰ বৰ বেছি পার্থক্য নাই। সেই গুণে দুয়ো বন্ধুৱৎ।
পিতৃ ৰামচৰণ। মানুহে ৰামে মাষ্টৰ বুলি জানে। আগতে প্ৰাইমাৰী স্কুলৰ মাষ্টৰ আছিল । দৰমহা পায় পাঁচ টকা। সেয়ে ঘৰৰ কাষতে থকা খেতিৰ মাটিখিনিত দেহা পানী কৰি খেতি কৰে। বস্তি আৰু খেতি মাটি ওচৰা-উচৰি হোৱা কাৰণে ৰামে মাষ্টৰৰ বহুত সুবিধা। স্কুলখনো ওচৰতে। স্কুলত বেল মাৰিলেই ঘৰৰ পৰা ধীৰ খোজেৰে গৈয়ো স্কুল পায়। পিছে খেতিৰ কামত ব্যস্ত হৈ থাকোঁতে স্কুল পাওঁতে পলম হয়। হেড পণ্ডিত দেৱী পণ্ডিতে পেন্দোৱাকৈ চায়। মুখেৰে একো নকয় । ৰামে মাষ্টৰে হঁহাৰ চেষ্টা কৰি বিফল হয়।
এনেকৈ আৰু চলাটো ক্ৰমে টান হৈ পৰিছে। ইপিনে, দংদংকৈ উঠি আহিছে গাভৰু হ’ব ধৰা ছোৱালীজনী। আজি বাইজে কাইলৈ তাইক বিয়া দিব লাগিব ৷ ল’ৰা দুটাও কলেজ পাবৰ হ’ল। এনেকৈ আৰু কেনেকৈ চলিব। কিবা এটা কৰিব লাগিব। তেওঁৰ ঘৰৰ ওচৰতে কাৰ্তিক ঠিকাদাৰৰ ঘৰ। ঘৰ মানে ৰাজহাউলী। ঘৰৰ চৌহদতে দুই-তিনিখন ইটা-বালি-শিল কঢ়িওৱা গাড়ী থিয় দি থাকে। তেওঁক এদিন কথা প্ৰসংগত ৰগৰ কৰাৰ সুৰেৰে ক’লে— মোকো ঠিকাদাৰ কৰি লোৱাহে কাৰ্তিক। তোমাৰ লগতে একেলগে কাম কৰো ।
কাৰ্তিক ঠিকাদাৰ জাঁপ মাৰি উঠিল— কি কোৱাহে মাষ্টৰ । তোমাৰ ইমান মান-সন্মান। তাকে পুৰি খাব খুজিছা নেকি? তোমাৰ কত সন্মান। তোমাৰ ছাত্ৰ আমাৰ ইঞ্জিনীয়াৰ ছাৰ। তোমাৰ কথা কৈ আমিয়ে সুবিধা লওঁ।
-এ নক’বাহে ছাত্ৰৰ কথা। ছাত্ৰৰ গৌৰৱ কৰি থাকিলে মোৰ কি হ’ব ? সি মোৰ ল’ৰা-ছোৱালীক চাব নেকি? ছাত্র ছাত্রই। এবাৰ দেখিলে দূৰতে নমস্কাৰ কৰি আঁতৰি যাব। সিহঁতৰ মনৰ পৰা এই ধাৰণা কেতিয়াও আঁতৰি নাযায় যে মই অভাৱী নহয়, মই সর্বসুখী। মই সন্মানী। বাদ দিয়াহে কার্তিক। কোনো ছাত্ৰৰ কথাই মোৰ আগত নক’বা ।
-হ’লেও দিয়াচোন মাষ্টৰ, টকা নাথাকিলেও তুমি গাঁৱৰ আটাইতকৈ সন্মানী মানুহ। মানুহে তোমাৰ আগত মুখ তুলি কথা ক’বলৈ সাহস নকৰে। টকা থাকিলেও আমাক মানুহে মানুহ যেন নেদেখে ৷
-মোকো মানুহ যেন দেখিব নালাগে। টকা হ’লে মই অমানুহ হৈয়ো থাকিব পাৰিম। তোমাৰ উপদেশ শুনি মই মোৰ সিদ্ধান্তত বেছি দৃঢ়হে হ’লো।
ৰামে মাষ্টৰে নিজৰ সিদ্ধান্তক কাৰ্যকৰী কৰিবলৈ সাজু হ’ল। এদিন তেওঁৰ ছাত্ৰ এগ্জিকিউটিভ ইঞ্জিনীয়াৰ বলীন শৰ্মাৰ টেবুলৰ কাষত থিয় দিলে। শিক্ষাগুৰুক দেখি বলীন শৰ্মা বহাৰ পৰা উঠিল ৷ ৰামে মাষ্টৰে কান্ধত ধৰি বহুৱাই দি ক’লে— বহু বহু, উঠিব নালাগে। মই তোক এটা অনুৰোধ কৰিবলৈ আহিছো। দলঙৰ নিবিদা যে আহ্বান কৰিছ, ময়ো তাতে নিবিদা পেলাইছো । মোক চাবি ।
· কি কৈছে ছাৰ আপুনি? হতবাক হৈ বলীন শৰ্মাই ক’লে।
-ঠিকেই শুনিছ দে। মই চাকৰি বাদ দি ঠিকাত নামিছো ।
তাৰ পাছত আকৌ এদিন ৰামে মাষ্টৰ বলীন শৰ্মাৰ টেবুলৰ কাষত থিয় দি ক’লে—
ছাৰ, মোৰ বিলখন?
বলীন শৰ্মাই পিছমুখ দি দেখিলে ৰামে ছাৰক। ইঞ্জিনীয়াৰ ছাৰে কোনো বাক্য ব্যয় নকৰাকৈ বিল পাছ কৰি দি অচিনাকি মানুহৰ দৰে ছাৰৰ পিনে পিঠি দিলে।
এই গ’ল ৰামে মাষ্টৰ ধনী হোৱাৰ কাহিনী।
ৰামে মাষ্টৰ এতিয়া গজ্জীয়া ঠিকাদাৰ । মাষ্টৰৰ ঠাইত বহিল ঠিকাদাৰ। ৰামে ঠিকাদাৰ ৷ গাঁৱত দুমহলীয়া বিল্ডিং থকা প্রথম কীর্তিমান কৰবাত ছিটিকি গ’ল কাৰ্তিক ঠিকাদাৰ। মানুহৰ মুখে মুখে এতিয়া ৰামে ঠিকাদাৰ। গাঁৱৰ পাছত এইবাৰ নগৰত সম্পত্তিৰ সম্প্ৰসাৰণ। পুৰুষত্বৰ নতুন প্রতিষ্ঠা। স্থানীয় কলেজৰ অধ্যক্ষ পানীন্দ্ৰ গোস্বামী, ডি আই জগদীশ বায়নৰ স’তে নগৰত নতুনকৈ বন্ধা বিল্ডিং ঘৰটোৰ সন্মুখত কথা পাতি থকা সময়ত নৃপেন দাৰোগাই কোহিকৈ অধ্যক্ষ ছাৰক চালাম জনায়। ৰামে ঠিকাদাৰকো ছাৰ সম্বোধন কৰি কথা কয়। কাৰ্তিক ঠিকাদাৰ কৰবাত পৰি ৰয় । তাৰ উপদেশ অসাৰ আছিল বুলি ৰামে ঠিকাদাৰে এতিয়া মনে মনে হাঁহে।
এতিয়া আহোঁ তেওঁৰ উত্তৰ পুৰুষৰ যুগলৈ। দুই পুত্র উদয় আৰু নিলয় দুয়ো পঢ়া ক্ষেত্ৰত বিশেষ উন্নতি কৰিব নোৱাৰিলে । অৱশ্যে ডাঙৰ পুতেক উদয়ে কিবাকৈ এম এ ক্লাছ পাইছিল টকাৰ জোৰত, কিন্তু এম এ পাছ কৰা নহ’ল৷ সৰু পুতেক নিলয়ো পঢ়া-শুনাত ভাল নহয়, কাৰণ সি অত্যন্ত বিলাসী। পুৱাৰ পৰা সাজোন- কাচোনতে ব্যস্ত। ৰামে ঠিকাদাৰে দুই পুতেকক কিবা এটা সংস্থান দিয়াৰ চিন্তা কৰি দুয়োকে ব্যৱসায়ত নমালে। সমুখৰ বিল্ডিং ঘৰটোৰ সমুখত থকা খালী ঠাইখিনিত বিজনেছ পাৰপাছত ঘৰ এটা কৰি দুভাগ কৰি এটা ভাগত এটা প্ৰেছ বহুৱালে । ঘৈণীয়েকৰ নামত প্ৰেছৰ নাম হ’ল ‘তৰা প্ৰেছ’। লগতে ষ্টেচনাৰী দোকান ‘কিউট ষ্টেচনাৰী’। সৰু পুতেকৰ পছন্দৰ নাম ।
ষ্টেচনাৰী আৰু প্ৰেছৰ সন্মুখত বহিল বাৰাণ্ডা। এতিয়া তাত আত্মপ্ৰসন্ন ৰামে ঠিকাদাৰ অধ্যক্ষ আৰু ডি আইৰ স’তে বহে। মাজে মাজে আনে নুশুনাকৈ কথা পাতে। তাৰ পাছত খুক খুক হাঁহি।
-উদয়ে নিলয়ক কয়। ডেকা কালৰ কথা পাতিছে। নুশুনিবি মোৰ প্ৰেছলৈ আহ। প্ৰেছৰ মেচিনৰ শব্দত একো শুনা নাপাবি। দুয়ো গৈ প্ৰেছত বহে।
ৰামে ঠিকাদাৰ মাজে মাজে প্ৰেছ আৰু দোকানৰ খা-খবৰ ল’বলৈ আহে। তেতিয়া দুই ভায়েকে ব্যৱসায়ৰ পৰা মূৰ নোতোলে। উদয়ে কেতিয়াবা নিজেই মেচিনমেন হৈ ভৰিৰে পেডেল মাৰি লেটাৰ প্ৰেছটো চলায়। কম্পোজিটৰ হৰিন্দ্ৰ দাস নাহিলে নিজে আখৰ বাছে। ইপিনে, নিলয়ে দোকানৰ ষ্টক মিলাব ধৰে। ঠিকাদাৰে নীৰৱে দুই পুতেকক লক্ষ্য কৰি আঁতৰি যায় ৷
পিতাক যোৱাৰ পিছত দুই ভায়েকে স্বস্তিৰ নিশ্বাস এৰে। উদয়ে কথা পাতি বৰ ভাল পায়। আনহাতে, নিলয়ে বৰ বেছি কথা নাপাতে। ককায়েকক শলাগ লৈ থাকে। সি জানে ককায়েকৰ কথাবোৰ গুৰুত্বহীন তথাপি সি কোনো প্রতিবাদ নকৰাকৈ শুনি যায়।
উদয়ে নিলয়ৰ দোকানত সোমাই কোনো বাক্য ব্যয় নকৰাকৈ নিলয়ৰ শ্ব’কেছটোৰ সন্মুখতে চিয়াৰখন টানি আনি বহে। নিলয়ে শ্ব’কেছটো বাহিৰৰ পৰা দেখাকৈ অলপ ফালৰি কাটি বহিবলৈ কয়। উদয়ে কোনো বাক্য ব্যয় নকৰাকৈ চিয়াৰখন আনি ভায়েকৰ একেবাৰে কাষতে বহে।
-পিছে ভাইস্তা কি খবৰ ? উদয়ে নিলয়ক ভাইস্তা বুলি মাতে।
নিলয়ে একো নামাতে। উদয়ে শ্ব’কেছত সজাই থোৱা শাখাবোৰলৈ চাই থাকে একেথৰে। তোৰে ভাল দে ভাইস্তা । এই শাখাবোৰ ছোৱালীৰ হাতত পিন্ধাই দিব পাৰ । তোৰ তেতিয়া বৰ ভাল লাগে চাগে।
নিলয় এই বাৰো নিমাত। সি জানে ককায়েকে এইবোৰ আবোল-তাবোল বকি তাৰ মূৰটো গৰম কৰি দিব। ককায়েকে বিয়া কৰোৱাৰ বেছি দিন হোৱা নাই। নবৌৱেকজনী অতি সুন্দৰী । তথাপি ছোৱালীৰ মেল। বাটেৰে ধুনীয়া ছোৱালী গ’লে ভায়েকক মাতি আনে। ছোৱালীজনীক দেখুৱাই সোধে— কেনে লাগিল তোৰ?
নিলয়ে একো নকয়। ককায়েকৰ সন্মুখত সি ধীৰ-স্থিৰ হৈয়ে থাকে ।
কেতিয়াবা আকৌ তাৰ আগত নবৌৱেকৰ প্ৰশংসা কৰে।
-তই ভাইস্তা দেখিছনে নবৌৱেৰা কেনে লাজকুৰীয়া হৈ থাকে আমি দুয়োৰে আগত । তই কেনে দেখ নবৌৱেৰক।
নিলয় সাৱধান হয়, উদয় যি মানুহ এতিয়া তাৰ আগত ঘৈণীয়েকৰ গোপন কথাবোৰ কৈ দিব। সেয়ে সি অন্য প্রসংগ উলিয়ায়।
-যা যা তোৰ গ্ৰাহক আহিছে। প্ৰেছত বহগৈ ।
সঁচাই এজন গ্রাহক আহি উদয়ক বিচাৰিছে।
উদয়ে সাউৎকৈ প্ৰেছত সোমায় ।
উদয়ৰ আৰু এটা ৰূপ আছে। সি কেতিয়াবা দাৰ্শনিক হৈ পৰে। ভাবুক। কেতিয়াবা সাহিত্যৰ কথা পাতে। উদয়ে অসমীয়াত এম এ পঢ়িছিল। পঢ়া পাঠ্যক্ৰমত ‘টেছ’ নামৰ উপন্যাস এখন আছিল বোলে । তাৰ কাহিনীটো সি আঁৰ নলগাকৈ ভায়েকৰ আগত কৈ যায়। তেতিয়া টেছৰ দুখত সি একেবাৰে পমি যায়। ভায়েকে বৰ বেছি পঢ়া নাই যদিও ককায়েকৰ কথাত সি মুগ্ধ হৈ যায়। একান্ত মনে কথাবোৰ শুনি থাকে।
এনেতে ঘৈণীয়েক যামিনী আহে হাতত চাহ লৈ। উদয়ে বেয়া পায়, নিজে নাহি যামিনীয়ে আন মানুহৰ হাতত চাহ দি পঠালে।
তাই নিলয়লৈ চাই মিচিকীয়া হাঁহি এটা মাৰি কয়— বাপু, চাহ খোৱা ৷
তাকহে ক’লি, মোক কিন্তু নক’লি। তোৰ তাৰ লগত লাইন মৰাই নহয়।
যামিনীয়ে লাজতে নাকে-মুখে কাপোৰ সোপা দি দৌৰ মাৰে ৷
নিলয়ে ধীৰ-স্থিৰভাৱে কয়— বিয়া হোৱাৰ কেইদিননো হ’ল, এনেদৰে যে জোকাই তই তেওঁৰ মনটো নষ্ট কৰি দিয়। কিমান স্ফূৰ্তিৰে আহিছিল। তই স্ফূৰ্তিটো মাটি কৰি দিলি। তিৰোতা মানুহৰ চাইক’লজি তই একোৱে নুবুজ।
ভায়েকে শাসন কৰিলে উদয়ে একো নামাতে। দোষী দোষী ভাব লৈ ভায়েকলৈ চাই থাকে। বেয়া লাগে নিলয়ৰ। ককায়েকক সহজ কৰি দিবলৈ কয় দে দে সেইবোৰ বাদ দে। বিজনেছৰ কথা পাত । কেনেকৈ বিজনেছটো ভাল কৰিব পাৰি তাৰ চিন্তা কৰ। পিতাক কৈ-মেলি অফছেট এটা অনাৰ ব্যৱস্থা কৰিব লাগে। ভাল মানুহ বিচাৰ-খোঁচাৰ কৰি আনিব লাগে।
পিতাই দেখোন মন-কানেই নকৰে। উদয়ে ক’লে।
পিতাক এতিয়া ভৰসা কৰিলে নহ’ব। পথাৰতো যাবৰ হ’ল। আমিও সকলো ঠিক কৰিব লাগিব। পিতাৰ ওচৰ পালেই ভয়ত পেঁপুৱা লাগ । মুখৰ আগত কথা ক’বলৈ সাহস নকৰ। তয়োতো তেনেকৈ থাক।
মই থাকো পিতাৰ সন্মানৰ বাবে। পিতা বাঘ নহয় যে তোক খাই পেলাব । অলপ বুকু ডাঠ কৰি চল। কথা কথা কেৱল কথা। সাৰগৰ্ভহীন কথা।
সৰু ল’ৰাৰ দৰে অভিমান কৰি ভায়েকৰ কাষৰ পৰা আঁতৰি যায় উদয়৷
নিলয় কামৰ মানুহ। পিতাকৰ অৱস্থা ভাল নহয়। বিছনাতে পৰি থাকে। নিলয়ৰ কথাটো পিতাকে বিবেচনা কৰি অফছেট কিনাৰ বাবে সন্মতি দিলে। পিছে পিতাকৰ অফছেট চোৱা নহ’ল। অফছেট আনিবৰ দিনাই পিতাক স্বৰ্গগামী হ’ল।
কিন্তু নিলয় দমি নগ’ল। অফছেট আৰম্ভ কৰিলে। তাৰ ষ্টেচনাৰীৰ ওচৰৰে ৰুম এটা খালী হৈছিল। তাতে এখন কিতাপৰ দোকানো দিলে । প্ৰকাশনৰ দায়িত্ব ল’লে নিজে। উদয়ে ভায়েকৰ পাছে পাছে ঘূৰি ফুৰে। ভায়েকে যি কয় তাকে শুনে। নিলয় যেন তাৰ ককায়েকহে আৰু সি অবুজন ভায়েক। মন্দবশ প্রার্থী সাহিত্যিকসকলৰ সমাগম ঘটিল। হাতে হাতে পাণ্ডুলিপি লৈ সাহিত্যিকসকলে ভিৰ কৰিলে তেওঁলোকৰ কিতাপ ছপাব লাগে।
নিলয়ে ককায়েকক বুজালে কিতাপ যদি উলিয়াবই লাগে ভাল লেখকৰ কিতাপ উলিয়াম। পাঠ্যপুথি, প্ৰসংগ পুথি এইবোৰত মাথা মাৰ। তইতো পঢ়া-শুনা কৰা মানুহ। কিন্তু কাকো কথা নিদিবি। মই চাই-চিতিহে তোৰ লগত আলোচনা কৰি উলিয়াম।
নিলয়ৰ তৎপৰতাত প্রকাশন প্রতিষ্ঠান এটাও গঢ় লৈ উঠিল। দুই ভায়েকে আলোচনা- বিলোচনাৰে এইবোৰ গঢ়ি তুলিলে। স্বচ্ছন্দে জীৱন চলিবলৈ ধৰিলে। দুয়ো ভায়েকে পুৱা সাজি-কাচি দোকান পায়। উদয়ে অসুবিধা পালে নিলয়ো প্ৰেছত বহে। প্ৰেছত কৰ্মচাৰীৰ সংখ্যা বাঢ়ি যায়। আগৰ দৰেই চলে সিহঁতৰ ব্যক্তিগত জীৱন। উদয়ে নিলয়ক বাটৰ ছোৱালী দেখুৱায় । নবৌৱেকৰ কথা পাতে নিলয়ৰ লগত। নবৌৱেক যামিনীয়ে চাহ লৈ আহে। উদয়ে নিলয়ৰ লগত জোকায়। তাই নাকে-মুখে কাপোৰ সোপা দি দোকানৰ পৰা পলায়ন কৰে। সংসাৰবৃত্ত এনেদৰেই চলিব ধৰিলে।
কিন্তু জীৱনৰ গৰু-গাড়ীৰ চকা সদায় সমতলেৰে গতি নকৰে। ওখোৰা-মোখোৰা পথো অতিক্ৰম কৰিব লগা হয়। উদয়ৰ গাড়ীৰ চকা মসৃণ পথৰ পৰা পিছলি পৰিল।
সম্পূর্ণ দুটা দিন নিলয়ে উদয়ক দোকানলৈ আনিব নোৱাৰিলে। ভীষণ জ্বৰ আৰু অসহ্য পেটৰ বিষ। নিলয়ে উপায়হীন হৈ ডাক্তৰৰ ওচৰলৈ লৈ গ’ল। ডাক্তৰে বুজি পালে ই সাধাৰণ জ্বৰ আৰু পেটৰ বিষ নহয়। লগে লগে গুৱাহাটীৰ মেডিকেল কলেজলৈ পঠালে । নিলয়ে ককায়েকক হাস্পতালত ভৰ্তি কৰাৰ দুদিন পাছত খবৰ আহিল উদয়ৰ অন্তিম অৱস্থা। কলন কেঞ্চাৰ শেষ পর্যায়। ক’তো নি লাভ নাই। নিলয়ক ডাক্তৰে ক’লে এই অৱস্থা পোৱাৰ আগতে আপুনি কি কৰি আছিল, ডাক্তৰক দেখুওৱা নাছিল কিয় ?
নিলয়ৰ হঠাৎ মনত পৰিল উদয় প্রায় ডাক্তৰৰ ওচৰলৈ গৈছিল। কিন্তু কিয় গৈছিল কি হৈছিল একো কোৱা নাছিল। ককায়েকক সাবটি ধৰি সি হুকহুকাই কান্দিব ধৰিলে। তাৰ পাছত ক’বলৈ ধৰিলে— তই কথাটো মোৰ আগত কিয় লুকুৱালি। তই এই কাৰণেহে ডাক্তৰৰ তাত মাজে মাজে গৈছিলি?
-এইবোৰ বহু কথা ভাইস্তা। মই আৰু ইয়াত এখন্তেকো নাথাকো। মই যিখিনি সময় থাকো তোৰ নবৌৱেৰাৰ ওচৰতে থাকিম। মোক লৈ ব’ল।
নাই নাই সি ককায়েকক বচাই তুলিবই লাগিব। উদয় নহ’লে তাৰ জীৱন অসম্পূর্ণ। য’তেই ভাল ডাক্তৰ আছে তালৈ ককায়েকক লৈ যাব। দেউতাকে কৰি থৈ যোৱা অজস্র ধন- সম্পত্তি সি ককায়েকৰ কাৰণে খৰচ কৰিব। সি নহ’লে এই সম্পদ অর্থহীন।
উদয়ে নিলয়ক ধৈর্য ধৰিব ক’লে। ক্ষণিক উল্লাসত কাম কৰিবলৈ নাযাবি নিলয়ক উদয়ে ক’লে।
জীৱনত প্ৰথমবাৰ ভায়েকক নাম ধৰি মাতিলে উদয়ে। নিলয় উদয়ৰ কাষত বহি তাৰ হাতখন লিৰিকি বিদাৰি থাকিল। উদয়ে বহুত কিবা ক’ব খোজে। কিন্তু কথা কওঁতে কষ্ট পায় । চকুলোৰে উপচি পৰা চকুহাল দুহাতেৰে ঢাকি ধৰিব খোজে। ভায়েকে চুলিত মাজে মাজে হাত বুলায় ।
উদয়ৰ যেন বহু কথা ক’বলৈ আছে। কিন্তু ভালদৰে কথাবোৰ ক’ব নোৱাৰে। অস্পষ্ট হৈ পৰে।
-তোক মই এটা শেষ অনুৰোধ কৰিব খোজো নিলয় । তই নাৰাখিলেও মই তোৰ ওপৰত কোনো ক্ষোভ লৈ নাযাওঁ ।
-ক দাদা কি ক’বি কৱ মোক । মই তোৰ প্ৰতিটো আদেশ পালন কৰিবলৈ সাজু। নিলয়ে কোনো মতে কান্দোন ৰোধ কৰি ৰাখিলে ।
তই নবৌৱেৰৰ হাঁহিটো এবাৰ মনত কৰচোন, কি নিৰ্মল পৱিত্ৰ হাঁহি ।
নিলয়ে বিস্ময় নেত্রে ককায়েকলৈ চাই থাকিল।
-তই সেই হাঁহিটো বচাই ৰাখিব পাৰিবিনে নিলয়।
-তই এইবোৰ কি কৈছ দাদা ।
-যামিনী এপাহ পৱিত্ৰ কুসুম । তাই ফুলৰ দৰেই আলসুৱা। তই তাইৰ ফুলৰ হাঁহিটো মৰহি যাবলৈ নিদিবি। তাইৰ কপালৰ সেন্দূৰখিনি সদায় জ্বলাই ৰাখিবি। তই তাইক গ্ৰহণ কৰিবি, মোৰ অভাৱখিনি পূৰণ কৰি দিবি। মই তোক আগতে বহুতো শাস্ত্ৰৰ কথা কৈছিলো। তই হয়তো মন দি শুনা নাছিলি। আকৌ কৈছো শুন— আমাৰ শাস্ত্ৰই এই মিলনক স্বীকৃতি দি গৈছে।
-আৰু একো নক’বি দাদা। তোৰ কথা মই কোনো দিনে পেলোৱা নাই, এইবাৰো নেপেলাওঁ ।
তেন্তে আৰু এটা ৰহস্য কওঁ শুন। তোৰ নবৌৱেৰ অসূর্যস্পর্শা। তই নবৌৱেৰাক মাত। মই তেওঁৰ আগতে মোৰ জীৱনৰ এই ৰহস্য কৈ যাওঁ ।
নিলয়ে নবৌৱেকক লৈ আহিল। কান্দি কান্দি যামিনী লেবেজান হৈ পৰিছিল। নিলয়ে নবৌৱেকক পৰি নোযোৱাকৈ দুহাতেৰে ধৰি ৰাখিছিল।
উদয়ে ক’লে— নিলয় তোৰ নবৌৱেৰা আটাইতকৈ অসুখী তিৰোতা হৈয়ো মোৰ লগত হাঁহি হাঁহি সংসাৰ কৰিছিল । আচলতে মই তেওঁৰ উপহাসৰহে পাত্ৰ হ’ব লাগিছিল। মই পুৰুষত্বহীন নিলয়। মই এক অক্ষম পুৰুষ। মই মোৰ ক্লীৱত্বৰ কথা জানিছিলো আৰু পিতাক বিয়া নকৰাওঁ বুলি কৈছিলো। কিন্তু তইতো পিতাক জানই কেনে আঁকোৰগোজ। বিয়াৰ পাছত বহুবাৰ মই বহু ডাক্তৰৰ ওচৰলৈ গৈছে৷ ইয়াৰ নিৰাময় বিচাৰি। কিন্তু কোনেও মোক পুৰুষত্ব ঘূৰাই দিব নোৱাৰিলে । তই যামিনীক সুখ দিব পাৰিলে মই সিপুৰীতো শান্তিত থাকিব পাৰিম ।
কথাখিনি কৈ উদয় দুয়োৰে ফালে পিঠি দি বেৰৰ মুৱাকৈ শুলে। নিলয়ে দাদা দাদা বুলি মতা সত্ত্বেও উদয়ে নামাতিলে। নিলয়ে ককায়েকক বাগৰ সলাই দি দেখিলে মৰা মাছৰ চকুৰ দৰে উদয়ৰ দুচকু স্থিৰ।
যামিনীয়ে উদয়ৰ বুকুত পৰি কান্দিব ধৰিলে, কিন্তু নিলয়ৰ কণ্ঠ স্তব্ধ, ৰুদ্ধ। সকলো ভাষা সকলো সান্ত্বনা হেৰাই গৈছে। কাক আশ্রয় কৰিব নিলয়ে।
ফোনঃ ৯১০১৬-৪৮০৫৯
Comments are closed, but trackbacks and pingbacks are open.