এখন অৰণ্যৰ বন্ধন মুক্তিৰ অনুনাদ— “সম্ভৱম অধ্যায়ম অনু”

13

বিশ্বায়নৰ সমান্তৰালকৈ বৰ্তমান চলচ্চিত্ৰ জগতখনেও সময়ৰ লগত পৰিৱৰ্তন সাধি আগবাঢ়িছে। ‘কৃত্রিম বুদ্ধিমত্তা’ৰ ব্যাপকতা ইমানেই বেছি আৰু শক্তিশালী যে AIৰ জৰিয়তেও কোনো এজন নির্মাতাই নিজৰ কল্পনাৰ দৃশ্যটো ছবি নিৰ্মাণৰ বাবে ‘ফ্ল’ৰ’ত নমাৰ আগেয়ে ই সজাই-পৰাই এবাৰ চাব পাৰে। বৰ্তমান AI-ৰ বিভিন্ন সঁজুলি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা বহুতো চুটি ভাল লগা কাহিনী চিত্ৰ ‘ৰীলছ’ আকাৰে আমি দেখিবলৈ পাওঁ। কিন্তু ছবি এখনৰ কাহিনীৰ গভীৰতা আৰু আৱেগ প্ৰকাশ কৰাৰ ক্ষমতা, নিৰ্মাণ শৈলী পৰিচালক ব নির্মাতাৰ মৌলিক চিন্তাৰ পৰাই আহে। তেওঁলোকৰ সৃষ্টিশীল দৃষ্টিভংগী আৰু অভিজ্ঞতাই ছবিখনক জীৱন্ত কৰি তোলে। পৰিচালকৰ কল্পনাপ্রসূত দৃষ্টি আৰু দক্ষতাই ছবি এখনক এক অনন্য ৰূপ দিয়ে, যিটো AI-এ কৰিব নোৱাৰে। কাহিনীৰ কথনে এখন ছবিক এক বেলেগ মাত্ৰালৈ লৈ যাব পাৰে ৷ ভাৰতীয় ছবি জগততো বহু নির্মাতাই ব্যতিক্রমী উপস্থাপনেৰে কাহিনী কোৱাৰ পৰীক্ষা-নিৰীক্ষা চলাই থাকে। তাৰেই এক ফচল ‘সম্ভৱম অধ্যায়ম অনু’। মালয়ালম ছবিখনৰ নামটোৰ অসমীয়া ভাঙনি – ঘটনাৰ প্ৰথম অধ্যায় (Incident Chapter One)। মুক্তিৰ খুব কম সময়ৰ ভিতৰতে মালয়ালম ছবিখন বিষয়বস্তু আৰু নিৰ্মাণ শৈলীৰ বাবে চিনেৰসিকৰ মাজত চৰ্চালৈ আহিছে। ছবিখনৰ লেখক আৰু পৰিচালক জিথু সথিছন মংগলথু। ছবিখন তেওঁৰ ২০২৪ চনত মুক্তি পোৱা চুটি ছবি ‘সম্ভৱম’ৰ পৰিৱৰ্ধিত ৰূপ ৷

ছবিখন প্ৰথমে এটা ফ্লেচবেক যেন লগা দৃশ্যৰে আৰম্ভ হয়। এখন ঘন অৰণ্যৰ মাজত দোভাগ নিশা জুমুঠিৰ পোহৰত এগৰাকী বিদেশী মহিলাৰ নেতৃত্বত এদল থলুৱা লোকে দুটা মৃতদেহ কাপোৰেৰে মেৰিয়াই কঢ়িয়াই আনি থাকে। অৰণ্যৰ মাজভাগ পোৱাৰ পিছতে মৃতদেহ দুটা মাটিত ৰাখে মৃতদেহৰ মুখকেইখন মোকলাই চোৱাত এগৰাকী তাৰে থলুৱা মহিলাৰ মুখাৱয়ব দেখিবলৈ পোৱা যায়। আনটো দেহ বিদেশী মহিলাগৰাকীৰ স্বামীৰ । হয়তো মহিলাগৰাকীয়ে নিজ স্বামী আৰু বনকৰা মহিলাগৰাকীৰ সৈতে সন্দেহবশতঃ দুয়োকে হত্যা কৰি হাবিত তেওঁলোকৰ শেষ ঠিকনা লিখিবলৈ আনিছে। তেওঁলোকে মহিলাগৰাকীৰ মৃতদেহটো এটা জলাশয়ত পেলাই আহি দেখে যে তেওঁলোকে অনা আনটো মৃতদেহ নাই। কিন্তু পিছমুহূৰ্ততে তেওঁৰ স্বামী মহিলাগৰাকীৰ আগত আহি উপস্থিত হয়। হয়তো তেওঁ প্ৰাণত্যাগ কৰা নাছিল। তেওঁ নিজক বচাবৰ বাবে মহিলাগৰাকীক আঘাত হানে । তেওঁৰ ৰক্তক্ষৰণ হৈ অৰণ্যৰ ভূমিত পৰে। অস্বাভাৱিকভাৱে অৰণ্যখনত বিভিন্ন শব্দৰ অনুৰণন ভাহি উঠে। সেউজীয়া অৰণ্যৰ বুকুলৈ লাহেকৈ আঁউসী নামি আহে ৷

২০২৪ চন। য’ৰ পৰা ছবিখনৰ কাহিনী আৰম্ভ হয়। আনন্দ নামৰ এজন পুলিচ বিষয়াই তেওঁৰ সন্তানসম্ভৱা পত্নীৰ পৰা বিদায় লৈ কৰ্মৰ তাড়নাত চাকৰিৰ বদলিৰ সূত্ৰে কেৰেলাৰ বিশ্লোৰ গাৰো নামৰ অন্য এখন পুলিচ ষ্টেচনলৈ যায় । কেৰেলাৰ কোনোবা এখন অৰণ্যৰ সেউজীয়াৰ মাজেৰে গন্তব্য স্থানলৈ তেওঁ গৈ থকা লাইন গাড়ীখনে এক দুর্ঘটনা কৰে। গাড়ীত যোৱা আটাইকেইজনে নামি গৈ দেখে যে গাড়ীখনৰ সৈতে হোৱা ঘটনাটোত এজন পুলিচৰ লোক আহত হৈছে। আনন্দই নিজেও এজন পুলিচ বিষয়া বুলি নিজৰ পৰিচয় দি লোকজনক সহায় কৰাৰ বাবে তৎপৰতা দেখুৱায় আৰু তেওঁক হাস্পতাললৈ লৈ যায়। ইয়াতেই তেওঁ যোগদানৰ বাবে অহা নতুন থানাখনৰ বিষয়াসকলক লগ পায়। দুৰ্ঘটনাত পতিত হোৱা লোকজনৰ নাম পিটাৰ। তেওঁৰ জেপৰ পৰা এটা ৱাকি-টকি পায় । তেওঁৰ ৱাকি-টকিৰ বিপৰীত দিশৰ পৰা এক বিপদকাতৰ মাত ভাহি আহে। তেওঁক সহায়ৰ বাবে সিদ্ধান্ত লৈ তেওঁলোকে ৱাকি-টকিৰ মাত অনুসৰণ কৰি সহায় বিচাৰি থকা লোকজনক বিচাৰি ছবিৰ মূল বিন্দু সেই বিশেষ অৰণ্যখনত প্ৰৱেশ কৰে। তেওঁলোকে লগ নোপোৱা সেই ব্যক্তিজনৰ পৰিচয় বৰ্ণনাৰ পিছত তেওঁ কাম কৰা থানাখনৰ বিষয়াৰ লগত কথা পাতি গম পায় যে এতিয়া তেনে নামৰ কোনো লোক সেই আৰক্ষী নিৱেশত নাই। অৰণ্যত প্ৰৱেশ কৰা তিনিওৰে উৎসুকতা বাঢ়ে। তেওঁক বিচাৰি তেওঁ বৰ্ণোৱা মানী প্লেন্টেৰে আৱৰা সেই বিশাল গছজোপাৰ তল পাই তেওঁলোকে এটা উৱলি যোৱা মৃতদেহ প্রত্যক্ষ কৰে, তাৰ কাষতে এটা ৱাকি- টকি পৰি থাকে। আচলতে সেইটো ১৯৯৪ চনত নিখোজ হোৱা ষ্টিফেনৰ কংকাল, যি বৰ্তমানৰ অফিচাৰ মিঃ অশোকান। ইফালে অশোকান আৰু আনন্দই কথাটোৰ উৱাদিহ ল’বলৈ নাপাওঁতেই ৰেজী নামৰ পুলিচ বিষয়াজনে হাবিৰ মাজলৈ যাবলৈ সংশয় কৰি হাবিখনৰ পৰা ওলাই আহি থাকোঁতেই এটা জলাশয়ত সোমাই চিঞৰত গগন ফালে ৷ তেওঁক বিচাৰি আনন্দ আৰু অশোকানে জলাশয়ত সোমাই থকা ৰেজীক উদ্ধাৰৰ চেষ্টা কৰে । তাৰ মাজতে ৰেজীৰ হাতত আঁচোৰ লাগে আৰু তেজ মাটিত পৰে। তেতিয়াই অৰণ্যখনত পুনৰ সময় চক্ৰ সক্ৰিয় হৈ উঠে আৰু অৰণ্যখনৰ লগতে চৰিত্ৰসমূহ বেলেগ এটা সময়ত উপৱিষ্ট হয়। এইদৰেই ছবিখন সময় চক্ৰৰ পাকত সোমাই ছবিৰ কাহিনী ঘূর্ণীয়মান হৈ উঠে।

ছবিখনত দেখিবলৈ পোৱা মৃত বা জীৱিত প্ৰতিটো চৰিত্ৰই এক সময়চক্ৰৰ মাজত আবদ্ধ হৈ আছে। যেতিয়া হাবিখনত কোনো লোকৰ প্ৰৱেশ হয় আৰু যদি তেওঁলোকৰ দ্বাৰা উচ্চ স্বৰত কথা বা কোনো শব্দ হয় আৰু তেওঁলোকৰ তেজ কেনেবাকৈ অৰণ্যখনৰ মাটিত পৰে তেতিয়া সেই সময় চক্ৰৰ পুনৰাবৃত্তি ঘটে। ছবিখনত সংগীতে এক বিশেষ ভূমিকা লৈছে। নবীন নাজোছৰ সংগীত পৰিচালনাই ছবিখনৰ প্ৰতি এক ৰহস্যময় আবেদন আনি দিছে। ছবিৰ চিত্ৰগ্ৰহণকাৰী গডউইন থমাছৰ কেমেৰাই চৰিত্ৰসমূহৰ অস্থিৰতা আৰু অন্তর্দ্বন্দ্বক সূক্ষ্মভাৱে জিলিকাই তুলিছে। পৰিচালকে যেন ছবিখনত প্ৰাকৃতি জগতখনকো অভিনয় কৰোৱাইছে। ছবিখনত দেখিবলৈ পোৱা অটব্য অৰণ্যখনৰ গছপাতবোৰেও কথা কৈছে। সাপ, কেৰেলুৱা, কুমজেলেকুৱা আৰু আকাশত উৰি থকা চৰাইকেইটাই যেন মুক্তিৰ ক্ষণ গণিছে। পৰিচালকে অতি কৌশলেৰে অৰণ্যখনৰ ধূলি- বালি, আকাশ-বায়ুৰ পুণ্য মুকুতিৰ অৰণ্যৰোদন জীৱন্ত কৰি তুলি ধৰিছে।

অতীজত যেতিয়া পর্তুগালসকল কেৰেলাৰ সেই ঠাইখিনিলৈ আহিছিল। তেতিয়া সেই অৰণ্যখনত এক বিশেষ জনজাতীয় লোকে বসবাস কৰিছিল। তেওঁলোকে সম্পূৰ্ণ ৰীতি- নীতিৰে নিজৰ স্বাধীন জীৱন যাপন কৰিছিল। তেওঁলোকে বনদেৱতা ৰূপেৰে কাউৰীক পূজা আগবঢ়াইছিল। পূজা-অৰ্চনাৰ বাবে কাউৰীৰ এক বিশাল মূৰ্তি অৰণ্যখনৰ মাজত স্থাপন কৰিছিল। কিন্তু পর্তুগালীয় ৰজা লৰ্ড গেব্ৰেল এণ্টনীয়ে ঘোষণা কৰিছিল যে এতিয়া কেৱল তাত ৰজাৰ শাসন চলিব আৰু তেওঁৰ নামতহে পূজা হ’ব। তেওঁ থলুৱা লোকসকলৰ মান্যতাক অৱমাননা কৰি তেওঁলোকৰ উপাস্য দেৱতাৰ প্রতীক হাবিখনত থকা সকলো কাউৰীক নষ্ট কৰি পেলাবলৈ নিৰ্দেশ দিয়ে। তাৰ পিছত সেই বিশেষ কাউৰীৰ মূৰ্তিটো নষ্ট কৰাৰ চেষ্টা চলায় ৷ কিন্তু মূৰ্তিৰ্ভাগৰ কোনো লৰচৰ কৰিব নোৱাৰি তাত থকা সাধাৰণ লোকসকলক অত্যাচাৰ উৎপীড়ন চলাই সংহাৰ কৰে। এই ঘটনাৰ পিছতেই অৰণ্যখনৰ সমৃদ্ধিৰ বাবে আশীর্বাদ প্রদান কৰি অহা দেৱতা ৰুষ্ট হৈ পৰে। ক্ষুব্ধ হৈ তেওঁ সময়ক নিয়ন্ত্ৰণ কৰা আৰম্ভ কৰে। এই সকলো ঘটনা তাৰেই এজন গুপ্তচৰৰ বাবেই সংঘটিত হৈছিল যি পর্তুগালী ৰজাক হাবিখনলৈ আনিছিল। তেওঁ নিজেও এতিয়া সেই সময় চক্ৰৰ বন্ধনত আবদ্ধ। কিন্তু ছবিখনৰ মূল চৰিত্ৰ আনন্দক তেওঁ মুক্তিপথৰ কিছু আভাস দিয়াৰ চেষ্টা কৰে ৷

অৰণ্যবাসীৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ নিৰ্ধাৰণ কৰা অৰণ্যৰ মাজত থকা সেই বিশাল কাউৰীৰ মূৰ্তিটো পৰিচালকে যেন মহাকাব্যত উল্লেখিত ‘কাকভুশুন্দি’ চৰিত্ৰটোৰ পৰা প্ৰতীকী অৰ্থত উপস্থাপন কৰিছে। সংস্কৃতত কাকভুশুন্দিৰ অনুবাদ হৈছে ‘সোণৰ পাখি থকা কাউৰী’। যি অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিস্তৃত জ্ঞানৰ বাবে পৰিচিত (time traveller)। তেওঁ ঐশ্বৰিক শক্তিৰে সময় আৰু স্থানৰ পৰা নিজকে একাষৰীয়া কৰি আগলৈ বা পিছলৈ চাব পৰিছিল । ৰামায়ণ ৰচনাৰ পূৰ্বেই ১১বাৰ আৰু মহাভাৰত ১৬বাৰ তেওঁ চাব পৰিছিল। ছবিখনৰ পৰিচালকেও অতি কৌশলেৰে মহাকাব্যিক এই চৰিত্ৰটি বুটলি আনি ছবিখনৰ লগত সামঞ্জস্য ৰাখি অলৌকিক মাত্ৰা প্ৰদান কৰিছে। টম ক্রুজ অভিনীত ‘এজ অৱ টুমৰো’ (Edge of Tomorrow, 2014) ছবিখনো সময় চক্ৰৰ মাজত চলি থাকে। পৰিচালক জিথু সথিছনৰ ছবিখনো সেই ছবিখনৰ মূল আত্মাৰ পৰা মুক্ত নহয় যেন লাগিল। ছবিখনত দেখুওৱা সময় চক্ৰৰ আৰম্ভণিৰ মূল উপাদান তেজ। টম ক্রুজৰ ছবিখনত দেখুওৱা অপাৰেচন ডাউন ফলৰ যুদ্ধৰ দৃশ্যত এলিয়েনৰ তেজ লাগি মূল নায়কৰ মৃত্যু হয় যদিও তেওঁ পুনৰ এক সময়ত প্ৰৱেশ কৰে। যিখিনিৰ পৰা আকৌ ছবিৰ কাহিনী আৰম্ভ হয় আৰু নিজক শুধৰাই মুক্তি পোৱাৰ সুযোগ লাভ কৰে। সম্ভৱম অধ্যায়ম অন্নু ছবিখনতো অৰণ্যখনৰ দেৱতাই যেন পূৰ্বে হৈ যোৱা অমানিশাৰ অৱসান ঘটাই সেই সাধাৰণ নিৰীহ জনজাতীয় লোকসকলক সময় চক্ৰৰ জৰিয়তে উদ্ধাৰ কৰি সকলোকে বন্ধনৰ পৰা মুক্তি কৰিব বিচাৰিছে, তাৰ এক বাট পৰিচালকে ছবিখনৰ দ্বিতীয় অধ্যায়লৈ মোকলাই ৰাখিছে। কিছু ক্ষেত্ৰত প্ৰভাৱ থাকিলেও সম্ভৱম অধ্যায়ম অনু ছবিখন ভাৰতীয় মহাকাব্যিক চেতনাৰে উজ্জীৱিত হৈ চৰিত্ৰ আৰু পটভূমিৰ সুকীয়া ব্যঞ্জনেৰে এখন ৰুচিশীল মৌলিক ছবিলৈ পৰিণত হৈছে।

প্ৰজ্ঞানভ বৰা

You might also like

Comments are closed, but trackbacks and pingbacks are open.