শিপা খামুচি আকাশ ধিয়াই…

26

বিৰিণা গোস্বামী

সাংস্কৃতিক পৰম্পৰাগত আৰু নীতিগত উদ্যমিতা

সাম্প্রতিক পৃথিৱীত নামী-দামী বহুজাতিক কোম্পানী, কাঁচৰ বৃহৎ অফিচ, স্কাই স্ক্রেপাৰৰ সুদৃশ্য, সুসজ্জিত জগতখনৰ পৰা আওহতীয়াকৈ, নীৰৱে ষ্টাৰ্ট আপ, এনট্ৰেপ্ৰেনেয়ৰশ্বিপ আদি নৱ কিছু ধাৰণাৰে এক আন্দোলনৰ সূচনা হৈছে। এই আন্দোলনত আন্দোলিত হৈছে ভাৰত তথা পৃথিৱীৰ কোটি কোটি মানুহ। নব্য নতুন চিন্তাৰে, ভাবেৰে মুকলি কৰিছে নতুন অথচ সৰু পৰিসৰৰ ব্যৱসায়ৰ। বহুজাতিক কোম্পানীৰ তীব্ৰগতিৰ ধামখুমীয়াৰ পৰিৱৰ্তে এই ব্যৱসায়সমূহ সৰুকৈ অনাড়ম্বৰভাৱে আৰম্ভ হৈ কালক্ৰমত লাহে লাহে হৈ পৰিছে সুবৃহৎ। তথাকথিত চুট টাই পৰিহিত ‘বিজনেছ মেন’ বুলিলে যি ছবি আমাৰ ধাৰণা হয়, এই বিজনেছ মেন, উইমেনসকলৰ পৰিসৰ তাতকৈ বহুত বহল। কৃষক, গৃহিণী, ছাত্র-ছাত্ৰীৰ পৰা আদি কৰি কাহিনী কওঁতা, লিখোঁতাজনো হ’ব পাৰে এনট্রেপেনেউৰ । কালচাৰেল এনট্রেপেনেউৰ বুলিলে আমি সেইসকলক বুজিব লাগিব, যিসকলে নিজৰ কৃষ্টি-সংস্কৃতিক খামুচি ধৰি, নৱদৃষ্টিৰে পুৰণিক সজাই, গ্ৰাহকৰ মনোগ্ৰাহীকৈ উপস্থাপন কৰিবলৈ সক্ষম হৈছে। সেই হ’ব পাৰে আমাৰ বুকুৰ আপোন গামোচা, অসমীয়া বা অসমৰ জনজাতীয় বিভিন্ন বুটাৰ ফুলতোলা পিন্ধা কাপোৰৰ উপৰি কুচন কভাৰ, পৰ্দা ইত্যাদিৰ ব্যৱসায়, থলুৱা খাদ্য সামগ্ৰীৰ ব্যৱসায়, বাঁহ-বেতৰ সুদৃশ্য বাচন-বৰ্তন- আচবাবৰ ব্যৱসায় ইত্যাদি।

কালচাৰেল এনট্রেপ্লেনেয়ৰ বুলিলে কেৱল এজন ক্ষুদ্র ব্যৱসায়ী নহয়। এই ক্ষুদ্ৰ ব্যৱসায়ীসকল হৈছে ঐতিহ্যৰ ৰক্ষক, তেওঁলোক হৈছে অতীত আৰু বৰ্তমানৰ মাজৰ এখন সেতু, পুৰণিক নতুনকৈ সজাব পৰা পৰিৱৰ্তনকাৰী ধাৰণাৰ স্ৰজক। এইসকল ব্যক্তিয়ে নিজৰ শিপাক খামুচি ধৰি সংস্কৃতিক দিয়ে নতুন পৰিচয়। এওঁলোকে পৰাম্পৰাগত জ্ঞান আৰু নৈতিক মূল্যবোধক আধাৰ কৰি উদ্যোগসমূহ গঢ়ি তোলে। অৱশ্যে তেওঁলোকক পুৰণিৰ পুনৰুদ্ধাৰকাৰী বুলিলে ভুল হ’ব। এইসকল ব্যৱসায়ীয়ে আধুনিক সময়ৰ প্ৰাসংগিককৈ পুৰণিক পুনৰ পৰিকল্পনা কৰি একো একোটা উদ্যোগ গঢ়ি তোলে।

সাধাৰণতে এটা ব্যৱসায়ৰ মূল উদ্দেশ্য হ’ল কোনো এবিধ বস্তু বজাৰত বিক্ৰী কৰি লাভ উপাৰ্জন কৰা। ব্যৱসায়ীসকলে সেই লাভ উপাৰ্জনৰ বাবে যাৱতীয় যি যি বিষয় বস্তু, আচবাব, মেচিনৰ প্ৰয়োজন সেই সকলোখিনি গোটাই কেনেদৰে এটা ব্যৱসায় লাভদায়ক হ’ব পাৰে, সেই কথাত গুৰুত্ব আৰোপ কৰে। কালচাৰোল এনট্রেপ্লেনেয়ৰসকলে লাভৰ কথা চিন্তা কৰাৰ লগতে তেওঁলোকৰ ব্যৱসায়ৰ আচবাবৰ পৰা আৰম্ভ কৰি ফচললৈকে ক’ত কেনেদৰে পৰম্পৰাগত, থলুৱা সংস্কৃতিৰ বিকাশ কৰিব পাৰি, সেই কথাটোত গুৰুত্ব আৰোপ কৰে। থলুৱা শিপিনীৰ পৰা আৰম্ভ কৰি আন আন শিল্পীসকলৰ, শিক্ষিত স্থানীয় যুৱক-যুৱতীসকলকো এইসকল ব্যৱসায়ীয়ে উপাৰ্জনৰ বাট মুকলি কৰি দিয়াৰ অলেখ উদাহৰণ আছে। এইখিনিতে আহি পৰে নীতিগত দিশতো অর্থাৎ লাভান্বেষী হ’লেও এইসকল ব্যৱসায়ী সমাজৰ প্ৰতি অধিক দায়বদ্ধ। কালচালে এনট্রেপ্লেনেয়ৰসকলে বজাৰত যি সামগ্ৰী বা সেৱা বিক্ৰী কৰে তাত থাকে ঐতিহ্যৰ ৰহণ, একো একোটা কৃষ্টিক ধৰি ৰাখিব পৰা সৃষ্টিশীলতা আৰু সমাজহিতৈষী উদ্দেশ্য।

বর্তমান ভাৰতত তথা সমগ্ৰ পৃথিৱীৰ মানুহবোৰৰে জৈৱিক, পৰিৱেশ বহনক্ষম সামগ্ৰীৰ প্রতি ধাউতি বাঢ়ি অহা দেখা গৈছে। ভেজাল সামগ্ৰীৰে ভৰা বজাৰখনত এবিধ হ’লেও জৈৱিক বস্তু হাতত লৈ, মুখত দি আমি স্বাস্থ্যসন্মত সামান্য কিবা হ’লেও খাইছো বুলি বা অধিক মূল্য পৰিশোধ কৰিও পৰিৱেশসন্মত, বহনক্ষম জীৱন প্ৰণালী গঢ়ি তোলাৰ প্ৰচেষ্টাত হাতউজান দিছো বুলি নিজকে প্রবোধ দিওঁ। সকলোৰে বিশ্বাস এই বস্তুবোৰ সততাৰে, অনুকূল পৰিৱেশত সম্পূৰ্ণ জৈৱিকভাৱে প্ৰস্তুত কৰা হয়। এই বিশ্বাসকে আধাৰ হিচাপে লৈ, ত্রুটি নকৰাকৈ এথিকেল এনট্রেপ্রেনেয়ৰসকলে ব্যৱসায় কৰে। হাতেবোৱা কাপোৰ, বিভিন্ন জৈৱিক সামগ্রী ইত্যাদিয়ে বর্তমান সময়ত যথেষ্ট সমাদৰ লাভ কৰিছে। উদাহৰণস্বৰূপে যদি ভাৰতৰ জৈৱিক সামগ্ৰীৰ বজাৰখনৰ কথা কওঁ, ভাৰতত পৰিৱেশ অনুকূলভাৱে প্ৰস্তুত কৰা আমাৰ ঘৰবোৰৰ দৈনন্দিন ব্যৱহার্য ক্লিনিং প্রডাক্টৰ বজাৰখনৰ ২০২৪ বৰ্ষত মূল্য আছিল ১৪.২৫ বিলিয়ন ডলাৰ আৰু ২০৩০ চনৰ ভিতৰত ইয়াৰ মূল্য তাৰ প্ৰায় দুগুণ অর্থাত ২৮.৪৪ বিলিয়ন ডলাৰ হ’ব বুলি আশা কৰা হৈছে।

ভাৰতৰ পৰিপ্ৰেক্ষিতত সময়ে কৰা এই পৰিৱৰ্তনত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে গাঁও আৰু সৰু চহৰবোৰে। এই গাঁও, সৰু চহৰবোৰ, এলেকাবোৰত গঢ়ি উঠা আত্মসহায়ক গোটবোৰে কৰিবলৈ লৈছে সৰু সৰু বিভিন্ন ব্যৱসায়। এই গোটসমূহে মৌ, হাতে বনোৱা বেগ, কাপোৰ, পৰম্পৰাগত থলুৱা খাদ্য সম্ভাৰৰ বিভিন্ন ব্যৱসায়েৰে মহিলাসকলক স্বাৱলম্বী কৰি তুলিছে। এক সমীক্ষাত প্ৰকাশ হৈছে যে এনে গোটসমূহৰ জৰিয়তে ওড়িশাত প্রায় ১৭ লাখ মহিলাই বছৰি এক লাখতকৈ বেছি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। চৰকাৰেও এইক্ষেত্ৰত এম এছ এম ই অর্থাৎ এই সৰু সৰু উদ্যোগসমূহৰ উন্নয়নত প্রশিক্ষণ আৰু যথেষ্ট সমৰ্থন আগবঢ়াই আহিছে। এনে সমর্থনে সাংস্কৃতিক পৰম্পৰাগত বিদ্যাসমূহক সফল উদ্যোগলৈ ৰূপান্তৰ কৰাত সহায় কৰিছে।

ভাৰততে গঢ়ি উঠা ভালেকেইটামান উদ্যোগে ইতিমধ্যে প্ৰমাণ কৰি দেখুৱাইছে যে ব্যৱসায়ত মানৱ, সংস্কৃতি, পৰিৱেশ এই সকলো দিশতে উন্নতি সাধিও লাভালাভ অর্জন কৰিব পাৰি। আজি ঘৰে ঘৰে উপলব্ধ আমূল এনে এক উদ্যোগৰ উদাহৰণ। আমূলৰ জৰিয়তে ভার্গিজ কুৰিয়ানে দেখুৱালে কেনেদৰে গাঁৱত গঢ়ি উঠা এক উদ্যোগে সমগ্ৰ দেশৰ অৰ্থনীতি সলনি কৰিব পাৰে। ইয়াৰ উপৰি বিবা, পতঞ্জলি, খাদী, জউক, চুম্বক ইত্যাদি উল্লেখনীয় উদাহৰণ।

আজিৰ ভাৰতীয় বজাৰখন বিভিন্ন জাতি- জনগোষ্ঠীৰ পৰম্পৰাগত নানান সামগ্ৰীৰে ভৰি পৰিছে। বিভিন্ন সামগ্ৰীত নব্য ধাৰণা সংপৃক্ত কৰি সৃষ্টি হৈছে চিত্তাকর্ষক দৈনন্দিন জীৱনত প্রয়োজনীয় বিভিন্ন সামগ্ৰীৰ। যেতিয়া কোনো ব্ৰেণ্ডে আয়ুর্বেদিক দ্রব্য এবিধৰ পেকেজিঙত বিহাৰৰ মধুবনী চিত্ৰকলাৰ ব্যৱহাৰ কৰে সেই পেকেটটোৱে ব্যক্ত কৰে অতীতৰ পৰা প্ৰজন্মৰ পাছত প্ৰজন্মই বুকুত কঢ়িয়াই অনা সংস্কৃতিৰ কাহিনী। যি কিনোতাকো অনুধাৱন কৰাই নিজৰ শিপাৰ সৈতে সুদৃঢ় সম্পর্ক। লোককলা, সংস্কৃতিক নিজৰ ব্যৱসায়ৰ অংগৰূপে প্রয়োগ কৰাটো নিশ্চিতভাৱে প্ৰশংসনীয় কার্য যদিও উদ্যোগসমূহে কলা-কুশলীসকলক তেওঁলোকৰ প্ৰাপ্য মান আৰু চিনাকি পৃথিৱীৰ আগত তুলি ধৰাটো অতিকৈ প্ৰয়োজনীয় আৰু নীতিগত।
সংস্কৃতি ভিত্তিক নীতিগত এক উদ্যোগ গঢ়ি তোলা মুখৰ কথা নহয়। এই উদ্যোগসকল প্ৰায়ে সন্মুখীন হ’বলগীয়া হয় বিভিন্ন প্রতিবন্ধকৰ । এনে উদ্যোগ এটাৰ বৃদ্ধি তথা প্ৰসাৰৰ ক্ষেত্ৰত হেঙাৰ হৈ পৰে সময়। হাতে বনোৱা বস্তুত প্রয়োজন হয় অধিক সময়ৰ আৰু শ্ৰমৰ। কেতিয়াবা উদ্যোগীসকলৰ উদ্যমিতাত সময় হৈ পৰে এক বাধাস্বৰূপ । তদুপৰি এনে সামগ্ৰীসমূহৰ মূল্য স্বাভাৱিকতে অধিক হোৱাত মানুহে প্ৰায়ে সস্তীয়া সহজতে উপলব্ধ বস্তুৰ প্ৰতি আকর্ষিত হোৱা দেখা যায়।

এই এনট্রেপ্রেনেয়ৰসকলে ব্যৱসায় যে সংস্কৃতি, প্রকৃতি সবলীকৰণৰ এক মাধ্যম হ’ব পাৰে, তাৰ এক সুন্দৰ চানেকি দাঙি ধৰে। ই কেৱল এক ট্রেণ্ড নহয়। এই অভিনৱত্বক বুলিব লাগিব এক আন্দোলন। ভৱিষ্যতৰ দিশে আগুৱাই যোৱা মানে যে অতীতক পাহৰি যোৱা নহয় এই আন্দোলনে সেই কথাকে কৈ যায়।

ফোনঃ ৯১০১০-১৮৭০৬

You might also like

Comments are closed, but trackbacks and pingbacks are open.