ফ্রান্সিছ বেকনে গ্রন্থ অধ্যয়ন সম্পর্কে এষাৰ সুন্দৰ মন্তব্য কৰি থৈ গৈছে, “Some books are to be tested others to be swallowed and some others to be chewed and digested.” অর্থাৎ কিছুমান কিতাপ মাথোন চাখি চাব লাগে, আন কিছুমান কিতাপ গিলি থ’ব লাগে আৰু মাথোন অলপসংখ্যক কিতাপহে চোবাই পাগুলিয়াই হজম কৰি পেলাব লাগে। বিশ্ববিখ্যাত বুৰঞ্জীবিদ ৰামচন্দ্ৰ গুহাৰ বৃহৎ গ্রন্থ ‘India After Gandhi’ হ’ল চোবাই পাগুলিয়াই হজম কৰিবলগীয়া এখন ব্যতিক্রমী গ্রন্থ। গ্রন্থখনিত পাতনি আৰু সামৰণিকে ধৰি মুঠ ৩০টা অধ্যায় আছে। ৯০০ পৃষ্ঠাৰ ইতিহাসৰ তথ্য সম্বলিত এই সমাজ বৈজ্ঞানিক বিশ্লেষণধর্মী গ্ৰন্থখনত সাম্ৰাজ্যবাদী ব্ৰিটিছৰ শোষণ, স্বাধীনতাৰ জন্ম যন্ত্ৰণা, সাম্প্রদায়িক হিংসা, হত্যা, দেশ বিভাজনৰ কৰুণ কাহিনী, জাতিৰ পিতা মহাত্মা গান্ধীৰ হত্যা, কাশ্মীৰ সমস্যা, দেশীয় ৰাজ্য চামিলকৰণ, শৰণাৰ্থী সমস্যা, ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধ, ভাৰত-পাকিস্তানৰ যুদ্ধ, বাংলাদেশৰ জন্ম, ১৯৭৫-৭৭ চনৰ জৰুৰীকালীন অৱস্থাই ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি কঢ়িয়াই অনা ডাঙৰ ভাবুকি য’ত মানুহৰ মৌলিক অধিকাৰ খৰ্ব হৈছিল এই সকলো কথা সন্নিৱিষ্ট হৈছে।
গ্রন্থখনত আঞ্চলিক আন্দোলন যেনে- অসম আন্দোলন, পঞ্জাবৰ বিদ্ৰোহ আদিৰ বিষয়েও বর্ণনা কৰা হৈছে। দেশৰ চৌদিশে সুকীয়া ৰাজ্যৰ দাবী, ইন্দিৰা গান্ধীৰ হত্যা, শাসকীয় কংগ্ৰেছ দলৰ নেতৃবৰ্গৰ ভাবমূৰ্তিৰ অৱক্ষয়, ১৯৯১ চনত ভাৰতে অর্থনৈতিক সংকটৰ পৰা হাত সাৰিবলৈ গ্ৰহণ কৰা উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণৰ (LPG) নীতি যিয়ে ভাৰতীয় অৰ্থনীতিত মধ্যবিত্ত শ্ৰেণীৰ উত্থান আৰু অৰ্থনীতিৰ দ্ৰুত বিকাশ ঘটাইছিল এই সকলোবোৰ কথা গ্রন্থখনত সন্নিৱিষ্ট হৈছে। স্বৰাজোত্তৰ কালৰ বিশ্বৰ বৃহত্তম গণতান্ত্রিক দেশ ভাৰতবৰ্ষৰ সকলো সফলতা-বিফলতা গ্ৰন্থখনত প্ৰতিবিম্বিত হৈছে। এই বৃহৎ আকাৰৰ গ্ৰন্থখনৰ ভাষা সৰল আৰু স্পষ্ট। পৰিৱেশন প্রাঞ্জল, বর্ণনা তথ্য প্রযুক্তিসম্বলিত। গ্রন্থখনিত প্ৰাক্-স্বৰাজ আৰু স্বৰাজোত্তৰ কালৰ প্ৰাসং গিক ঘটনা, পৰিঘটনা বর্ণিত হৈছে য’ত মানুহে নতুনত্ব আৰু পূৰ্ণতাৰ উপলব্ধি কৰিব পাৰে। স্বাধীনতা আন্দোলন আৰু স্বাধীন ভাৰতৰ ৰাজনৈতিক ইতিহাস তথা ভাৰতৰ আৰ্থ-সামাজিক অগ্রগতি আদিৰ বৰ্ণনাৰ দৰে ব্যতিক্ৰমধৰ্মী গুণৰাজিয়ে গ্ৰন্থখনক এখন দলিলৰূপে প্রতিষ্ঠা কৰিছে। এই গ্ৰন্থখনিৰে ভাৰতীয় সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা ড° ৰামচন্দ্ৰ গুহালৈ ২০১১ চনত সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হৈছিল।
ড° গুহাই গ্ৰন্থখনত কৈছে ঔপনিৱেশিক ইংৰাজে বিশ্বাস কৰিছিল যে ভাৰতবৰ্ষত তেওঁলোকে বহু যুগলৈ কোনো ধৰণৰ সমস্যা নোহোৱাকৈ তেওঁলোকৰ সাম্ৰাজ্যবাদ বৰ্তাই ৰাখিব পাৰিব। শোষণকাৰী তথা সাম্ৰাজ্যবাদী ব্ৰিটিছে ভাষা, জাতি, ধৰ্ম, বৰ্ণৰ বিভাজনত জৰ্জৰিত ভাৰতীয়সকলক সভ্যতাৰ পোহৰে ঢুকি নোপোৱা মানুহ বুলি গণ্য কৰিছিল আৰু এই লোকসকল স্বাধীনতা লাভৰ বাবে অযোগ্য বুলি বিবেচনা কৰিছিল। তেওঁলোকক স্বাধীনতা দিয়াটো একপ্ৰকাৰৰ মূৰ্খামি হ’ব বুলি তেওঁলোকে ভাবিছিল। কিন্তু মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতাপিয়াসী ভাৰতীয় জনগণ আৰু কংগ্ৰেছ দলৰ সুদীৰ্ঘ স্বাধীনতা আন্দোলনৰ হেঁচাত নতমস্তক হৈ সৰ্বশক্তিমান ব্ৰিটিছৰাজে ভাৰতবাসীক স্বাধীনতা দিবলৈ বাধ্য হৈ তেওঁলোকে ভাৰত ত্যাগ কৰিলে। কিন্তু ব্ৰিটিছে ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰি ভাৰত আৰু পাকিস্তান দুখন সুকীয়া ৰাষ্ট্ৰৰ সৃষ্টি কৰিলে। এই দুখন সুকীয়া ৰাষ্ট্ৰৰ জন্মৰ ফলত স্বাভাৱিকতে সাম্প্রদায়িক হিংসা, হত্যা, শৰণাৰ্থীৰ সংস্থাপন, হিংসাজৰ্জৰ দেশত শান্তি-শৃংখলা স্থাপন, গণতন্ত্ৰৰ ভেটি সুদৃঢ় কৰা ইত্যাদি এশ এবুৰি সমস্যাই দেশৰ নেতৃত্বক অসুবিধাত পেলাইছিল। কিন্তু তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু উপ-প্রধানমন্ত্রী বল্লভভাই পেটেল আদি কংগ্ৰেছৰ নেতৃবৰ্গই অতি বিচক্ষণতা, ৰাজনৈতিক দূৰদৰ্শিতা তথা প্রত্যুৎপন্নমতিতাৰে সকলো জ্বলন্ত সমস্যা চম্ভালি লৈছিল।
স্বাধীনতাৰ প্ৰথম পৰ্যায়ত জৱাহৰলাল নেহৰুৰ নেতৃত্বই ভাৰতক একতা আৰু স্থিৰতা প্ৰদান কৰিছিল ৷ ড° গুহাৰ মতে নেহৰুৱে চৰকাৰ আৰু জনসাধাৰণৰ মাজত এক শক্তিশালী সংযোগ সৃষ্টি কৰিছিল। তেওঁ অবিহনে হয়তো ভাৰতত অস্থিৰতা আহিলহেঁতেন (পৃঃ ১১৮)। তেওঁৰ ধৰ্মনিৰপেক্ষতা, পৰিকল্পিত বিকাশৰ নীতিয়ে ভাৰতৰ আধুনিক গঠন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু এইটোও সত্য যে একক নেতৃত্বৰ ওপৰত অধিক নিৰ্ভৰশীলতাই গণতান্ত্ৰিক ব্যৱস্থাৰ কিছু দুৰ্বলতা প্রকাশ কৰে। দেশৰ সুৰক্ষা আৰু একতা ৰক্ষা কৰাৰ ক্ষেত্ৰত কাশ্মীৰ সমস্যা, দক্ষিণাঞ্চলৰ আঞ্চলিক দাবী আৰু মেকমোহন লাইনৰ দৰে সীমান্ত সংঘাত (পৃঃ ২০৯) অত্যন্ত জটিল আছিল। তিব্বতী ধৰ্মগুৰু দালাই লামাৰ টাৱাঙলৈ আগমন আৰু তাৰ পিছত চীনৰ সৈতে হোৱা সংঘাতে ভাৰতৰ বৈদেশিক নীতি আৰু সামৰিক প্ৰস্তুতিৰ সীমাবদ্ধতা প্রকাশ কৰে। এই ঘটনাবোৰে দেখুৱায় যে ভাৰতে সদায় ঔপনিৱেশিক সীমাৰেখা আৰু নতুন জাতীয় স্বাৰ্থৰ মাজত সমন্বয় ৰাখি আগবাঢ়িব লগা হৈছিল।
পৰৱৰ্তী কালত ভাৰতীয় গণতন্ত্ৰত সংকট আৰু পৰিৱৰ্তন দুয়োটাই দেখা যায়। ১৯৭৫ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জাৰি কৰা জৰুৰীকালীন পৰিস্থিতিয়ে গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত এক ডাঙৰ প্ৰহাৰ কৰে, য’ত ব্যক্তিগত স্বাধীনতা আৰু অধিকাৰ সীমিত কৰা হৈছিল । তথাপিও জৰুৰী অৱস্থাৰ অৱসান আৰু গণতন্ত্ৰৰ পুনঃপ্রতিষ্ঠাই ভাৰতীয় সমাজৰ শক্তি আৰু সচেতনতা প্ৰমাণ কৰে ।
কংগ্ৰেছ দলৰ প্ৰভাৱ হ্ৰাস পোৱাৰ পিছত আঞ্চলিক দলসমূহৰ উত্থান আৰু ৰাজনৈতিক বহুত্ববাদৰ বিকাশ দেখা যায়, যি গণতন্ত্রক অধিক প্রতিনিধিত্বমূলক কৰে যদিও একেলগে শাসনতান্ত্রিক অস্থিৰতাৰো সৃষ্টি কৰে । শেষত “Why India Survives” (ভাৰতবৰ্ষ কিয় জীয়াই আছে) (পৃঃ ৫২৯) ত গুহাই স্পষ্টকৈ দেখুৱাইছে যে ভাৰতৰ অস্তিত্বৰ মূল শক্তি হৈছে ইয়াৰ বহুত্বক গ্ৰহণ কৰাৰ ক্ষমতা আৰু সংঘাতসমূহক গণতান্ত্রিক পদ্ধতিত নিয়ন্ত্রণ কৰাৰ দক্ষতা।
যি ৰাজনৈতিক বিচক্ষণতা, দূৰদৰ্শিতা আৰু দৃঢ়তাৰে সাম্প্ৰদায়িক সংঘৰ্ষ, কঠিন শৰণাৰ্থীৰ সমস্যা, স্বতন্ত্ৰ দেশীয় ৰাজ্যসমূহৰ চামিলকৰণ আদি সমস্যাৰ সমাধান সেই সময়ৰ স্বাধীন ভাৰতৰ নেতৃবৃন্দই কৰিলে সি ইতিহাসত এক মাইলৰ খুঁটি হৈ ৰৈ যাব ৷
‘ইণ্ডিয়া আফটাৰ গান্ধী’ গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ প্ৰকাশিত হৈছিল ২০০৭ চনত, য’ত ১৯৪৭ চনৰ পৰা অৰ্থাৎ ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ৰ পৰা আৰম্ভ কৰি ইতিহাস আৱৰ্তিত হৈছে।
২০১৬-১৭ চনত গ্ৰন্থখনৰ সংশোধিত দ্বিতীয় সংস্কৰণ প্ৰকাশ হৈছিল। ২০১৪ চনৰ পৰা নৰেন্দ্ৰ মোদীৰ কাৰ্যকালক এই সংস্কৰণত অন্তৰ্ভুক্ত কৰা হৈছে।
গ্ৰন্থখনৰ তৃতীয় সংস্কৰণ ২০২৩ চনৰ আৰম্ভণিতে মুকলি কৰা হৈছিল য’ত ২০১৬ চনৰ পৰা ২০২২ চনলৈ ভাৰতবৰ্ষত ঘটা গুৰুত্বপূৰ্ণ ঘটনাসমূহ সামৰি লোৱা হৈছে। ২০১৬ চনৰ নোটবন্দী, ক’ভিড-১৯ মহামাৰী, ২০১৯ চনত মোদীৰ পুনৰ নিৰ্বাচন, কাশ্মীৰৰ স্বায়ত্তশাসনৰ সৈতে জড়িত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ কথাও গ্ৰন্থখনত আলোচনা কৰা হৈছে। এই গ্ৰন্থখন ডাঙৰ ৰাজনৈতিক পৰিৱৰ্তন আৰু সাম্প্ৰতিক ইতিহাস অন্তর্ভুক্ত কৰিবলৈ সময়ে সময়ে নবীকৰণ কৰা হয় ৷
নৱপ্ৰজন্মৰ বাবে এই গ্ৰন্থখন বিশেষভাৱে গুৰুত্বপূৰ্ণ। এই গ্ৰন্থখন কেৱল ইতিহাসৰ বিৱৰণ নহয় বৰং এক শিক্ষা যে দেশ গঢ়া মানে কেৱল স্বাধীনতা লাভ নহয়, বৰং একতা, সহনশীলতা আৰু দায়িত্ববোধেৰে আগবঢ়া। এই গ্রন্থই নৱপ্ৰজন্মক শিকায় যে গণতন্ত্র সদায় স্বয়ংসম্পূৰ্ণ নহয় ইয়াক সংৰক্ষণ কৰিব লাগিব সচেতনতা, অংশগ্ৰহণ আৰু নৈতিক দৃষ্টিভংগীৰে। ভাষা, ধর্ম, অঞ্চলভেদে মতভেদ থকাৰ পাছতো একেলগে বাস কৰা এইটোৱে ভাৰতৰ আচল শক্তি। সেয়েহে নৱ প্ৰজন্মই এই গ্ৰন্থৰ পৰা অনুপ্ৰেৰণা লৈ নিজৰ জীৱনত দায়িত্ববোধ, যুক্তিবাদিতা আৰু সামাজিক সম্প্ৰীতিৰ মূল্যবোধ গঢ়ি তুলিব লাগে। এইদৰে ‘ইণ্ডিয়া আফটাৰ গান্ধী’ মাত্ৰ অতীত বুজিবলৈ সহায়ক নহয় বৰং ভৱিষ্যৎ গঢ়িবলৈও পথপ্ৰদৰ্শক হিচাপে কাম কৰে । ৰামচন্দ্ৰ গুহাই এই গ্ৰন্থখনত দেখুৱাইছে যে বৈচিত্র্যই ভাৰতবৰ্ষৰ শক্তি। জাতিভেদ, সাম্প্ৰদায়িকতাবাদ আৰু দৰিদ্ৰতাৰ দৰে ডাঙৰ ডাঙৰ প্ৰত্যাহ্বান থকাৰ পাছতো ভাৰতবৰ্ষই এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে নিজৰ যাত্ৰা অব্যাহত ৰাখিছে।
ড° ৰুমী কলিতা
Comments are closed, but trackbacks and pingbacks are open.