বতৰৰ পাচলিৰে পুডিঙৰ জুতি

8

ক্রীমযুক্ত ভেনিলাৰ সোৱাদেই হওক বা ৰসাল চকলেটৰ ভালপোৱাই হওক, পুডিঙে সদায় আমাৰ ৰুচিবোধক আৰু অধিক তৃপ্তি দিয়ে। এইবাৰ জুতি জীৱনৰ শিতানত পুডিঙৰ কেইটামান ৰেচিপি আগবঢ়ালোঁ—

১. পালেঙৰ পুডিং

কি কি লাগিবঃ পালেংপাত এমুঠি, কর্ণফ্লৰ চাৰিচামুচ, বাটাৰ আধা চামুচ, ইলাচী পাউডাৰ আধা চামুচ, মিল্কমেইড চাৰি চামুচ, নাৰিকলৰ গুড়ি দুচামুচ আৰু পৰিৱেশনৰ বাবে অকণমান নাৰিকলৰ গুড়ি আৰু পাৰ্ল দুটা (খাব পৰা পাৰ্ল)।

তৈয়াৰ কৰা প্ৰণালীঃ পালেং পাতখিনি ভালকৈ কেইবাবাৰো ধুই ল’ব। এটা চচপেনত পানী দি উতলাই লৈ পালেংপাতখিনি দি (পানী পালেং পাত ডুব যোৱাকৈ দিব চচপেনত) ২ মিনিট ৰাখি এটা বাটিত ফ্ৰীজৰ ঠাণ্ডা পানী থৈ তাত ভালকৈ ডুবাই দি লগে লগে পানীৰ পৰা তুলি মিক্সি জাৰত দি আধাকাপ পানী মালাই পেষ্ট বনাই ল’ব, পেষ্টখিনি ভালকৈ চেকী লৈ এটা ননষ্টীক পেনত ঢালি তাত কর্ণফ্লৰ মিলাই লৈ গেছত বহুৱাই কম জুইত ৰাখি মিশ্রণখিনি লৰাই থাকিব। যেতিয়া ডাঠ হৈ আহিব তাত নাৰিকলৰ গুড়ি, বাটাৰ মিল্কমেইড আৰু ইলাচী গুড়ি দি ভালকৈ মিলাই ডাঠ কৰি গৰমে গৰমে এটা বাটাত ঢালি ঠাণ্ডা হ’বলৈ দিব এক ঘণ্টাৰ বাবে। ভালকৈ ঠাণ্ডা হোৱাৰ পিছত বাটিৰ পৰা উলিয়াই পৰিৱেশন কৰিব নাৰিকলৰ গুড়ি দি। খাবলৈ ইমান যে সোৱাদ হয় আৰু সৰু ল’ৰা-ছোৱালীক এনেকৈ খাবলৈ দিলে গমেই নাপাব পালেং পাত বুলি ।

২. গাজৰৰ পুডিং

কি কি লাগিবঃ গাজৰ ৫টা, গাখীৰ ৩০০ মিলিলিটাৰ, নাৰিকলৰ গুড়ি তিনি চামুচ (সতেজ নাৰিকলৰ বা বজাৰত পোৱা গুড়ি দিব পাৰিব), বাদাম কেইটামান (ভাজি গুড়ি কৰি ল’ব), চেনি তিনি চামুচ, কর্ণফ্লৰ তিনি চামুচ, বাটাৰ আধা চামুচ (নিদিলেও হয় দিলে সুন্দৰ সুগন্ধি হয়)। পৰিৱেশনৰ বাবে শুকান নাৰিকলৰ গুড়ি আৰু চেৰী এটা।

তৈয়াৰ কৰা প্ৰণালীঃ প্ৰথমতে গাজৰকেইটাৰ বাকলি চুঁচি ধুই লৈ টুকুৰা টুকুৰ কৰি ল’ব । কেৰাহীত গাখীৰ দি উতলাই তাত গাজৰখিনি দি ভালকৈ সিজালৈকে লৰাই থাকিব । যেতিয়া গাজৰ সিজিব তাত বাদামৰ গুড়ি আৰু চেনি মিলাই চেনি গলালৈকে লৰাই নমাই ঠাণ্ডা হ’বলৈ দিব। ঠাণ্ডা হোৱাৰ পিছত মিক্সি জাৰত দি খুব মিহি পেষ্ট বনাই চেকনিৰে চেকী ল’ব। এতিয়া চেকী লোৱা গাজৰৰ পেষ্টখিনি এটা ননষ্টীক পেনত দি তাত আৰু অলপ গাখীৰ যোগ কৰি লৈ কৰ্ণফ্লৰ দি ভালকৈ লৰাই থাকিব, যাতে কোনো ধৰণৰ গুটি নাথাকে এতিয়া মিশ্রণখিনি গেছত বহুৱাই জুই কমাই লৰাই থাকিব । লগতে তাত নাৰিকলৰ গুড়ি আৰু বাটাৰ দি ডাঠ কৰি নমাই গৰমে গৰমে যিকোনো আপোনাৰ পছন্দৰ পাত্ৰত ঢালি দি এক ঘণ্টাৰ বাবে ৰাখিব বাহিৰতে (ফ্ৰীজত থ’ব নালাগে)। এক ঘণ্টাৰ পিছত পৰিৱেশন কৰিব। ওপৰত নাৰিকলৰ গুড়ি আৰু চেৰী দি সৰু ল’ৰা-ছোৱালীয়ে খাই বৰ ভাল পাব আৰু লগতে স্বাস্থ্যৰ বাবে অতি উত্তম এই গাজৰৰ পুডিং।

৩. ৰঙালাউৰ পুডিং

কি কি লাগিবঃ সৰু ৰঙালাউ এটাৰ চাৰিভাগৰ এভাগ, নাৰিকলৰ গাখীৰ ৫০০ মিলিলিটাৰ (বটলত পোৱা বা সতেজ নাৰিকলৰ গাখীৰ ল’ব পাৰে), মিল্কমেইড চাৰি চামুচ (কম-বেছি কৰিব পাৰিব), ইলাচী পাউডাৰ আধা চামুচ।

তৈয়াৰ কৰা প্ৰণালীঃ ৰঙালাউ টুকুৰাটো বাকলি গুচাই লৈ পাতলকৈ দীঘল দীঘলকৈ চকলিয়াই লৈ ভাপত দিব। যেতিয়া কোমল হ’ব ৰঙালাউৰ টুকুৰাখিনি আৰু সিজি যাব তেতিয়া নমাই থ’ব। ৰঙালাউখিনি ঠাণ্ডা হ’লে এটা মিক্সি জাৰত দি লগতে গাখীৰ আধা দি মিহি পেষ্ট বনাই ল’ব। এটা ননষ্টীক কেৰাহী বা চচপেনত মিশ্রণখিনি ঢালি দি তাত বাকী থকা গাখীৰখিনি মিলাই লগতে তিনি চামুচ কর্ণফ্লৰ আৰু মিল্কমেইড মিলায় এখন চামুচেৰে ভালকৈ লৰাই থাকিব। যেতিয়ালৈকে কৰ্ণক্ষৰৰ গোটাখিনি আঁতৰি যায় । এতিয়া কম জুইত চচপেনটো বহোৱাই লৰাই থাকিব। লাহে লাহে যেতিয়া ডাঠ হৈ আহিব তেতিয়া আধা চামুচ ইলাচী পাউডাৰ মিলাই নমাই থৈ গৰমে গৰমে যিকোনো বাটি বা চিলিকনৰ বাচনত ঢালি থ’ব এঘণ্টামানৰ বাবে । তাৰ পিছত বাটিৰ পৰা উলিয়াই নিজৰ পছন্দৰ মতে পৰিৱেশন কৰিব ।

৪. বীটৰ পুডিং

কি কি লাগিবঃ বীট দুটা, গাখীৰ ২৫০ মিলিলিটাৰ, চেনি চাৰি চামুচ (চাহ চামুচেৰে) বাটাৰ আধা চামুচ, ইলাচী পাউডাৰ আধা চামুচ, কর্ণফ্লৰ তিনি চামুচ। পৰিৱেশনৰ বাবে চকলেট আধা টুকুৰা (ৰুকি লোৱা)।

তৈয়াৰ কৰা প্ৰণালীঃ প্ৰথমতে বীট দুটা ধুই লৈ বাকলি গুচাই ৰুকি ল’ব। এখন কেৰাহীত আধা চামুচ বাটাৰ দি ৰুকি লোৱা বীটখিনি আৰু চেনি মিলাই ২ মিনিট মান কম জুই দি ভাজিব চেনি গলি যোৱাকৈ । তাৰ পিছত নমাই থ’ব। ঠাণ্ডা হ’লে তাত ৫০ মিলিলিটাৰ গাখীৰ মিলাই মিক্সি জাৰত দি খুব মিহি পিউৰী বনাই ল’ব। আনহাতে এখন ননষ্টীক কেৰাহীত বাকী থকা গাখীৰ (২০০ মিলিলিটাৰ)খিনি দি তাত কৰ্ণয়ৰ মিলাই ভালকৈ গুলি লৈ গাখীৰখিনি কম জুইত দি গৰম কৰি তাত বীটৰ পিউৰীখিনি দি ঘনাই লৰাই থাকিব। যেতিয়া পিউৰীখিনি ডাঠ হৈ আহিব, তাত ইলাচী পাউডাৰ মিলাই লৈ নমাই গৰমে গৰমে নিজৰ পছন্দৰ বাটিত ঢালি এঘণ্টামান ৰাখি বাটিৰ পৰা ওলোটাই প্লেটত ঢালি দি নিজৰ পছন্দৰ মতে পৰিৱেশন কৰিব। মই দেখিবলৈ ভাল লাগিবৰ বাবে অকণমান চকলেট ৰুকি দিছোঁ।

নীলাক্ষী বৰা

You might also like

Comments are closed, but trackbacks and pingbacks are open.